The development of Delhi is linked to the image of the entire country: PM Modi
March 08th, 03:54 pm
PM Modi launched multiple development projects worth ₹33,500 crore in Delhi, ranging from the expansion of the Metro network to the construction of modern residential complexes for government employees. He highlighted the landmark achievement of creating 3 crore “Lakhpati Didis” and expressed concern over the disrespect shown by the West Bengal government toward the President of India. He called upon everyone to work towards fulfilling national resolutions.PM Modi inaugurates, lays the foundation stone of multiple development projects worth around ₹33,500 crore in Delhi
March 08th, 10:26 am
PM Modi launched multiple development projects worth ₹33,500 crore in Delhi, ranging from the expansion of the Metro network to the construction of modern residential complexes for government employees. He highlighted the landmark achievement of creating 3 crore “Lakhpati Didis” and expressed concern over the disrespect shown by the West Bengal government toward the President of India. He called upon everyone to work towards fulfilling national resolutions.সেৱা তীৰ্থ আৰু কৰ্তব্য ভৱন-১ আৰু ২ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
February 13th, 06:55 pm
আজি আমি সকলোৱে ইতিহাস ৰচনাৰ সাক্ষী হৈছো। আজি বিক্ৰম সংবাত ২০৮২, ফাগুন কৃষ্ণ পক্ষ, বিজয়া একাদশী, ২৪ মাঘৰ শুভ ক্ষণ, শকাব্দ ১৯৪৭ আৰু আজিৰ ভাষাত ১৩ ফেব্ৰুৱাৰীৰ এই দিনটোৱে ভাৰতৰ উন্নয়ন যাত্ৰাৰ এক নতুন আৰম্ভণিৰ সাক্ষী হৈছে। আমাৰ শাস্ত্ৰত বিজয়া একাদশীৰ অতি তাৎপৰ্য আছে; এই দিনটোত আমি যি সংকল্প লওঁ, সেই সংকল্পই জয়ৰ দিশত আগুৱাই নিয়াটো নিশ্চিত। আজি আমিও এখন বিকশিত ভাৰতৰ সংকল্প লৈ সেৱা তীৰ্থ, কৰ্তব্য ভৱনত প্ৰৱেশ কৰিছো। আমাৰ লক্ষ্যত জয়লাভ কৰিবলৈ আমাৰ ওচৰত ঐশ্বৰিক আশীৰ্বাদ আছে। সেৱা তীৰ্থ আৰু নতুন অট্টালিকাসমূহৰ বাবে আপোনালোক সকলোকে, পিএমঅ’ৰ সমগ্ৰ দল, কেবিনেট সচিবালয় আৰু বিভিন্ন বিভাগৰ সকলো কৰ্মচাৰীক অভিনন্দন জনাইছো। তেওঁলোকৰ নিৰ্মাণৰ লগত জড়িত সকলো অভিযন্তা আৰু সহকৰ্মীলৈ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত সেৱা তীৰ্থ আৰু কৰ্তব্য ভৱন-১ আৰু ২ৰ উদ্বোধনী অনুষ্ঠান সম্বোধন কৰে
February 13th, 06:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত সেৱা তীৰ্থ আৰু কৰ্তব্য ভৱন-১ আৰু ২ৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দিয়ে। এই উপলক্ষে প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে যে আজি সকলোৱে এক নতুন ইতিহাস ৰচনাৰ সাক্ষী হৈ পৰিছে। তেওঁ এই কথা আলোকপাত কৰে যে ২০৮২ চনৰ বিক্ৰম শকাব্দত, ফাগুন কৃষ্ণ পক্ষৰ সময়ত, বিজয় একাদশীৰ শুভ উপলক্ষত ২৪ মাহৰ দিনা আৰু ১৯৪৭ চনৰ শকাব্দত, যিটো বৰ্তমানৰ কেলেণ্ডাৰত ১৩ ফেব্ৰুৱাৰী, ২০২৬ তাৰিখে, ভাৰতৰ উন্নয়ন যাত্ৰাৰ নতুন আৰম্ভণিৰ সাক্ষী হৈ পৰিছে। তেওঁ আলোকপাত কৰে যে শাস্ত্ৰত বিজয় একাদশীৰ তাৎপৰ্য অতিশয় বেছি, কিয়নো এই দিনটোত লোৱা সংকল্পই সদায় জয়ৰ দিশত আগুৱাই লৈ যায়। শ্ৰী মোদীয়ে উল্লেখ কৰে যে আজি এখন বিকশিত ভাৰতৰ সংকল্পৰে সকলোৱে সেৱা তীৰ্থ আৰু কৰ্তব্য ভৱনত প্ৰৱেশ কৰিছে। এই লক্ষ্যত জয়ৰ বাবে ঐশ্বৰিক আশীৰ্বাদ তেওঁলোকৰ লগত আছে বুলি তেওঁ আঙুলিয়াই দিয়ে। তেওঁ পিএমঅ’ৰ দল, কেবিনেট সচিবালয় আৰু বিভিন্ন বিভাগৰ কৰ্মচাৰীকে ধৰি সকলোকে সমৰি লোৱাৰ লগতে সেৱা তীৰ্থ আৰু নতুন অট্টালিকাসমূহৰ বাবে অভিনন্দন জ্ঞাপন কৰে। নিৰ্মাণৰ সৈতে জড়িত সকলো অভিযন্তা আৰু শ্ৰমিক সহকৰ্মীক তেওঁ কৃতজ্ঞতা প্ৰকাশ কৰে।উৎসাহ আৰু ৰাষ্ট্ৰীয় গৌৰৱেৰে গণৰাজ্য দিৱস উদযাপন কৰাক লৈ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
January 26th, 04:50 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰতে অতি উৎসাহ আৰু গৌৰৱেৰে গণৰাজ্য দিৱস উদযাপন কৰে।ছবিত: নতুন দিল্লীৰ ‘কৰ্তব্য পথ’ত ৭৭ সংখ্যক গণৰাজ্য দিৱস উদযাপন
January 26th, 08:12 am
‘কৰ্তব্য পথ’ত ৭৭ সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ জৰিয়তে ভাৰতৰ ঐক্য, সামৰ্থ্য আৰু ঐতিহ্যৰ প্ৰদৰ্শন কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘ৰাষ্ট্ৰীয় সমৰ স্মাৰক’ত শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনাই দিৱসৰ আৰম্ভণি কৰে আৰু বীৰসকলৰ প্ৰতি ৰাষ্ট্ৰৰ কৃতজ্ঞতা পুনৰ দৃঢ় কৰেEnding TMC’s Maha Jungle Raj and bringing BJP’s good governance is essential: PM Modi in Singur, West Bengal
January 18th, 03:35 pm
PM Modi addressed a massive public rally in Singur, Hooghly, where he said the overwhelming public enthusiasm reflected Bengal’s resolve for real poriborton and an end to 15 years of what he termed as Maha Jungle Raj. Calling upon the people to take a pledge for change, he led the crowd in the slogan, “Paltaano Dorkar… Chai BJP Shorkar.”PM Modi addresses a massive public rally in Singur, Hooghly, West Bengal
January 18th, 03:32 pm
PM Modi addressed a massive public rally in Singur, Hooghly, where he said the overwhelming public enthusiasm reflected Bengal’s resolve for real poriborton and an end to 15 years of what he termed as Maha Jungle Raj. Calling upon the people to take a pledge for change, he led the crowd in the slogan, “Paltaano Dorkar… Chai BJP Shorkar.”নতুন দিল্লীত আয়োজিত আন্তঃৰাষ্ট্ৰীয় আৰ্য্য মহাসন্মিলন, ২০২৫-ৰ কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
October 31st, 07:00 pm
মই প্ৰথমেই পলমকৈ আহি পোৱাৰ বাবে ক্ষমা বিচাৰিছোঁ। আজি চৰ্দাৰ চাহাবৰ ১৫০ বছৰীয়া জয়ন্তী উপলক্ষে একতা নগৰৰ ষ্টেচু অৱ ইউনিটিত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছিল আৰু সেয়েহে ইয়াত উপস্থিত হোৱাত পলম হ’ল। মই ইয়াত সময়মতে উপস্থিত হ’ব নোৱাৰাৰ বাবে অনুতপ্ত হৈছোঁ আৰু ইয়াৰ বাবে আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ। ক্ষন্তেক পূৰ্বে শুনা মন্ত্ৰধ্বনিসমূহৰ শক্তি এতিয়াও সকলোৱে অনুভৱ কৰি আছে। যেতিয়াই মই এনে সমাৱেশৰ মাজলৈ আহোঁ, তেতিয়াই ঐশ্বৰিক আৰু অসাধাৰণ অভিজ্ঞতা লাভ কৰোঁ। এই অনুভূতিৰ কাৰণ হৈছে স্বামী দয়ানন্দ জীৰ আশীৰ্বাদ। মই স্বামী দয়ানন্দ জীৰ আদৰ্শৰ প্ৰতি গভীৰ শ্ৰদ্ধা জনাইছোঁ। ইয়াত উপস্থিত আপোনালোক সকলো চিন্তকৰ সৈতে মোৰ দশক-দশক পুৰণি আত্মীয়তাৰ বান্ধোন আছে। আপোনালোকে মোক বাৰে-বাৰে আপোনালোকৰ মাজত থকাৰ সুযোগ দিছে। যেতিয়াই মই আপোনালোকক লগ পাওঁ আৰু আপোনালোকৰ সৈতে যোগাযোগ কৰোঁ, তেতিয়াই মোৰ মন এক সুকীয়া শক্তি আৰু এক অনন্য প্ৰেৰণাৰে ভৰি পৰে।কেবডিয়াত ৰাষ্ট্ৰীয় একতা দিৱসৰ কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
October 31st, 09:00 am
আজি চৰ্দাৰ পেটেলৰ ১৫০ সংখ্যক জয়ন্তী পালন কাৰ্য্য হৈছে এক ঐতিহাসিক উপলক্ষ। একতা নগৰৰ পুৱাটো ঐশ্বৰিক আৰু নান্দনিক। চৰ্দাৰ পেটেলৰ চৰণত সামূহিক উপস্থিতি উল্লেখযোগ্য। ৰাষ্ট্ৰখন এক বৃহৎ তাৎপৰ্য্যপূৰ্ণ মুহূৰ্তৰ সাক্ষী হৈছে। দেশজোৰা ৰান ফৰ ইউনিটিত কোটি-কোটি ভাৰতীয়ই উৎসাহেৰে অংশগ্ৰহণ কৰিছে। ইয়াত নৱ্য ভাৰতৰ সংকল্প স্পষ্টভাৱে অনুৰণিত হৈছে। পূৰ্বে অনুষ্ঠিত হোৱা অনুষ্ঠান আৰু পূৰ্বৰ সন্ধিয়াৰ উপস্থাপন উল্লেখযোগ্য আছিল। ইয়াত অতীতৰ পৰম্পৰা, বৰ্তমানৰ শ্ৰম আৰু সাহস তথা ভৱিষ্যতৰ সাফল্যৰ আভাস প্ৰতিফলিত হৈছে। চৰ্দাৰ পেটেলৰ ১৫০ বছৰীয়া জয়ন্তী উপলক্ষে এটি স্মাৰক মুদ্ৰা আৰু এটা বিশেষ ডাক টিকট মুকলি কৰা হৈছে। চৰ্দাৰ পেটেলৰ জন্ম বাৰ্ষিকী আৰু ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে মই দেশৰ ১৪০ কোটি নাগৰিকলৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ কেবডিয়াত ৰাষ্ট্ৰীয় একতা দিৱসৰ কাৰ্য্যসূচী সম্বোধন কৰে
October 31st, 08:44 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ কেবদিয়াত ৰাষ্ট্ৰীয় একতা দিৱসৰ কাৰ্য্যসূচী সম্বোধন কৰে। ইয়াত প্ৰধানমন্ত্ৰীয়ে কয় যে আজি চৰ্দাৰ পেটেলৰ ১৫০ সংখ্যক জয়ন্তী পালন কাৰ্য্য হৈছে এক ঐতিহাসিক উপলক্ষ। একতা নগৰৰ পুৱাটো ঐশ্বৰিক আৰু নান্দনিক বুলি অভিহিতকৰণেৰে শ্ৰী মোদীয়ে চৰ্দাৰ পেটেলৰ চৰণত সামূহিক উপস্থিতি লক্ষ্য কৰি কয় যে ৰাষ্ট্ৰখন এক বৃহৎ তাৎপৰ্য্যপূৰ্ণ মুহূৰ্তৰ সাক্ষী হৈছে। তেখেতে দেশজোৰা ৰান ফৰ ইউনিটি আৰু ইয়াত কোটি-কোটি ভাৰতীয়ৰ উৎসাহপূৰ্ণ অংশগ্ৰহণৰ কথা উল্লেখেৰে ইয়াত নৱ্য ভাৰতৰ সংকল্প স্পষ্টভাৱে অনুৰণিত হৈছে বুলি কয়। পূৰ্বে অনুষ্ঠিত হোৱা অনুষ্ঠান আৰু পূৰ্বৰ সন্ধিয়াৰ উল্লেখযোগ্য উপস্থাপনৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াত অতীতৰ পৰম্পৰা, বৰ্তমানৰ শ্ৰম আৰু সাহস তথা ভৱিষ্যতৰ সাফল্যৰ আভাস প্ৰতিফলিত হৈছে। তেখেতে অৱগতে কৰে যে চৰ্দাৰ পেটেলৰ ১৫০ বছৰীয়া জয়ন্তী উপলক্ষে এটি স্মাৰক মুদ্ৰা আৰু এটা বিশেষ ডাক টিকট মুকলি কৰা হৈছে। চৰ্দাৰ পেটেলৰ জন্ম বাৰ্ষিকী আৰু ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীয়ে দেশৰ ১৪০ কোটি নাগৰিকলৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে।ইউইআৰ-II আৰু দ্বাৰকা এক্সপ্ৰেছৱেৰ দিল্লী অংশৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
August 17th, 12:45 pm
কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সহযোগী নীতিন গাডকাৰী জি, হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়ব সিং ছাইনীজী, দিল্লীৰ উপ-ৰাজ্যপাল বিনয় ছাক্সেনাজী, দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাজী, কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ মোৰ সহযোগী অজয় তামতাজী, হৰ্ষ মালহোত্ৰা জী, দিল্লী আৰু হাৰিয়ানাৰ সাংসদ, উপস্থিত মন্ত্ৰীসকল, অন্যান্য জনপ্ৰতিনিধি আৰু মোৰ মৰমৰ ভাই-ভনীসকল,১১,০০০ কোটি টকা ব্যয়সাপেক্ষ দুটা বৃহৎ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প উদ্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
August 17th, 12:39 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীৰ ৰোহিনীত প্ৰায় ১১,০০০ কোটি টকাৰ মুঠ ব্যয় সাপেক্ষ দুটা বৃহৎ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প উদ্বোধন কৰে। এই উপলক্ষে সভাত আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে স্থানৰ তাৎপৰ্য্যৰ ওপৰত মন্তব্য কৰি কয় যে এক্সপ্ৰেছৱেৰ নাম “দ্বাৰকা,” আৰু কাৰ্যসূচী “ৰোহিনী”ত অনুষ্ঠিত হৈছে। জন্মাষ্টমীৰ উৎসৱমুখৰ পৰিৱেশৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে নিজেই দ্বাৰকাধীশ দেশৰ বুলি কাকতলীয়া কথাটো উনুকিয়ায়। প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ সমগ্ৰ পৰিৱেশটো ভগৱান শ্ৰীকৃষ্ণৰ সত্তাৰে গভীৰভাৱে সংপৃক্ত হৈছে।নতুন দিল্লীত সংসদৰ সদস্যসকলৰ বাবে নৱনিৰ্মিত ফ্লেটৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত ৰূপ
August 11th, 11:00 am
অনুষ্ঠানত উপস্থিত শ্ৰী ওম বিৰলা মহাশয়, মনোহৰ লাল মহাশয়, কিৰেন ৰিজিজু মহাশয়, মহেশ শৰ্মা মহাশয়, সংসদৰ সন্মানীয় সদস্যসকল, লোকসভাৰ মহাসচিব তথা ভদ্ৰ লোক আৰু ভদ্ৰ মহিলাসকল!প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নতুন দিল্লীত সংসদ ভৱনৰ সদস্যসকলৰ বাবে নৱনিৰ্মিত ফ্লেট উদ্বোধন
August 11th, 10:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ বাবা খড়ক সিং মাৰ্গত সংসদৰ সদস্যসকলৰ বাবে ১৮৪টা নৱনিৰ্মিত টাইপ-সেভেন কেইবা মহলীয়া ফ্লেট উদ্বোধন কৰে। এই উপলক্ষে সমবেত ৰাইজক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে শেহতীয়াকৈ তেওঁ কৰ্তব্য পথত কৰ্তব্য ভৱন নামেৰে জনাজাত সাধাৰণ কেন্দ্ৰীয় সচিবালয় উদ্বোধন কৰাৰ পাছত আজি তেওঁ সংসদৰ সদস্যসকলৰ বাবে নৱনিৰ্মিত আৱাসিক কমপ্লেক্স উদ্বোধন কৰাৰ সুযোগ লাভ কৰে। তেওঁ ভাৰতৰ চাৰিখন মহান নদী-কৃষ্ণা, গোদাবৰী, কোচি আৰু হুগলীৰ নামেৰে নামকৰণ কৰা চৌহদটোৰ চাৰিটা স্তম্ভৰ বিষয়ে উল্লেখ কৰি কয় যে লাখ লাখ লোকক জীৱন দিয়া এই নদীসমূহে এতিয়া জনপ্ৰতিনিধিসকলৰ জীৱনত এক নতুন আনন্দৰ ধাৰা অনুপ্ৰাণিত কৰিব। তেওঁ লগতে কয় যে নদীসমূহৰ নামকৰণৰ পৰম্পৰাই দেশক একতাৰ এনাজৰীৰে বান্ধি ৰাখিছে। শ্ৰী মোদীয়ে কয় যে নতুন ভৱনটোৱে দিল্লীত সাংসদসকলৰ জীৱন ধাৰণৰ সূচলতা বৃদ্ধি কৰিব। তেওঁ উল্লেখ কৰে যে দিল্লীত সাংসদসকলৰ বাবে চৰকাৰী আৱাসৰ উপলব্ধতা এতিয়া বৃদ্ধি পাব। প্ৰধানমন্ত্ৰীয়ে সংসদৰ সকলো সদস্যলৈ অভিনন্দন জ্ঞাপন কৰাৰ লগতে নিষ্ঠা আৰু পৰিশ্ৰমেৰে প্ৰকল্পটো সম্পূৰ্ণ কৰাৰ বাবে অভিযন্তা আৰু শ্ৰমজীৱিসকলক অভিনন্দন জ্ঞাপন কৰে।নতুন দিল্লীৰ কৰ্তব্য পথত কৰ্তব্য ভৱনৰ উদ্বোধনী কাৰ্যসূচীত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
August 06th, 07:00 pm
বিপ্লৱৰ মাহ আগষ্ট মাহত, আৰু ১৫ আগষ্টৰ আগৰ এই ঐতিহাসিক উপলক্ষে, আমি ইটোৰ পিছত সিটো আধুনিক ভাৰতৰ নিৰ্মাণৰ সৈতে জড়িত কৃতিত্বৰ সাক্ষী হৈ আছোঁ। ইয়াত ৰাজধানী দিল্লীতে কাৰ্তব্য পথ, দেশৰ নতুন সংসদ ভৱন, নতুন প্ৰতিৰক্ষা ভৱন, ভাৰত মণ্ডপম, যশোভূমী, শ্বহীদসকলৰ প্ৰতি উৎসৰ্গিত ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক, নেতাজী সুভাষ বাবুৰ প্ৰতিমূৰ্তি আৰু এতিয়া এই কাৰ্তব্য ভৱন। এইবোৰ কেৱল কিছুমান নতুন অট্টালিকা আৰু সাধাৰণ আন্তঃগাঁথনি নহয়, অমৃতকালত এই অট্টালিকাসমূহত বিকশিত ভাৰতৰ নীতি নিৰ্ধাৰণ কৰা হ’ব, বিকশিত ভাৰতৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হ’ব, আগন্তুক দশকত ইয়াৰ পৰাই ৰাষ্ট্ৰৰ দিশ নিৰ্ণয় হ’ব। মই আপোনালোক সকলোকে আৰু সকলো দেশবাসীক কৰ্তব্য ভৱনৰ বাবে অভিনন্দন জনাইছোঁ। মই ইয়াৰ নিৰ্মাণৰ সৈতে জড়িত সকলো অভিযন্তা আৰু সকলো শ্ৰমিক সহকৰ্মীকো আজি এই মঞ্চৰ পৰা ধন্যবাদ জনাইছোঁ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীৰ কৰ্তব্য পথত কৰ্তব্য ভৱনৰ উদ্বোধনী কাৰ্য্যসূচী সম্বোধন কৰে
August 06th, 06:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ কৰ্তব্য পথত কৰ্তব্য ভৱন-৩ ৰ উদ্বোধনী কাৰ্য্যসূচী সম্বোধন কৰে। তেখেতে কয় যে বিপ্লৱৰ মাহ আগষ্টত ১৫ আগষ্টৰ পূৰ্বেই আন এক ঐতিহাসিক মাইলৰ খুঁটি স্থাপন হৈছে। তেখেতে কয় যে ভাৰতে এটাৰ পিছত আনটো আধুনিক ভাৰত নিৰ্মাণৰে জড়িত মূল কৃতিত্ব প্ৰত্যক্ষ কৰিছে। নতুন দিল্লীৰ কথা উল্লেখেৰে শ্ৰী মোদীয়ে শেহতীয়া আন্তঃগাঁথনিগত মাইলৰ খুঁটি স্থাপন কাৰ্য্যৰ কথা কয়, যথাঃ কৰ্তব্য পথ, নতুন সংসদ ভৱন, নতুন প্ৰতিৰক্ষা কাৰ্য্যালয় কমপ্লেক্স, ভাৰত মণ্ডপম, যশোভূমি, শ্বহীদসকলৰ বাবে উৎসৰ্গিত ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক আৰু নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্ৰতিমূৰ্তি তথা বৰ্তমানৰ কৰ্তব্য ভৱন। এইসমূহ কেৱল নতুন অট্টালিকা বা সাধাৰণ আন্তঃগাঁথনি নহয় বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে অমৃত কালত উন্নত ভাৰত গঢ়া নীতিসমূহ এইসমূহ গাঁথনিতে প্ৰণয়ন কৰা হ’ব আৰু অনাগত দশক সমূহত এই প্ৰতিষ্ঠানসমূহৰ পৰাই ৰাষ্ট্ৰখনৰ পৰিক্ৰমা নিৰ্ধাৰণ কৰা হ’ব। তেখেতে কৰ্তব্য ভৱনৰ উদ্বোধনী অনুষ্ঠান উপলক্ষে সকলো নাগৰিককে অভিনন্দন জ্ঞাপনৰ লগতে ইয়াৰ নিৰ্মাণৰে জড়িত অভিযন্তা আৰু শ্ৰমজীৱীসকলৰ প্ৰতিও কৃতজ্ঞতা জ্ঞাপন কৰে।৬ আগষ্টত প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব কৰ্তব্য ভৱন
August 04th, 05:44 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৬ আগষ্টৰ দিনা দিনৰ ১২:১৫ বজাত দিল্লীৰ কৰ্তব্য পথত কৰ্তব্য ভৱন পৰিদৰ্শন কৰিব আৰু ভৱনটো আনুষ্ঠানিকভাবে উদ্বোধন কৰিব। ইয়াৰ পিছত প্ৰধানমন্ত্ৰীয়ে সন্ধিয়া প্ৰায় ৬:৩০ বজাত কৰ্তব্য পথৰ ৰাজহুৱা কাৰ্যসূচীত ভাষণ আগবঢ়াব।মহাৰাষ্ট্ৰৰ নাগপুৰত মাধৱ নেত্ৰালয় প্ৰিমিয়াম চেন্টাৰৰ আধাৰশিলা স্থাপনৰ সময়ত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
March 30th, 11:53 am
মই গুড়ি-পড়ৱা আৰু নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনালোঁ! শ্ৰদ্ধাৰ সৰ সংঘচালক ডঃ মোহন ভাগৱত ডাঙৰীয়া, স্বামী গোবিন্দ গিৰি জী মহাৰাজ, স্বামী অবধেশানন্দ গিৰি জী মহাৰাজ, মহাৰাষ্ট্ৰৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফডণবীছ জী, কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ নীতিন গাডকাৰী জী, ডঃ অবিনাশ চন্দ্ৰ অগ্নিহোত্ৰী জী, আন-আন বিশিষ্ট ব্যক্তিসকল আৰু ইয়াত উপস্থিত থকা সকলো জ্যেষ্ঠ সতীৰ্থ, আজি ৰাষ্ট্ৰযজ্ঞৰ এই পবিত্ৰ অনুষ্ঠানত ইয়াত উপস্থিত থকাৰ সৌভাগ্য লাভ কৰিছোঁ। আজি চৈত্ৰ শুক্ল প্ৰতিপদৰ এই দিনটো অতিশয় বিশেষ। আজিৰে পৰা আৰম্ভ হৈছে নৱৰাত্ৰিৰ পবিত্ৰ উৎসৱ। আজি দেশৰ ভিন্ন প্ৰান্তত গুড়ি-পড়ৱা, উগাড়ী আৰু নভৰেহ উৎসৱো উদযাপন কৰা হৈছে। আজি ভগৱান ঝুলেলাল জী আৰু গুৰু অংগদ দেৱ জীৰ জন্ম বাৰ্ষিকীও। আমাৰ প্ৰেৰণা, অতি শ্ৰদ্ধাৰ ডাঃ চাহেবৰ জন্ম বাৰ্ষিকীও। আৰু এই বছৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ গৌৰৱময় যাত্ৰাৰ ১০০ বছৰো পূৰ্ণ হৈছে। আজি এই উপলক্ষে স্মৃতি মন্দিৰ পৰিদৰ্শন কৰি শ্ৰদ্ধাৰ ডাঃ চাহেব আৰু শ্ৰদ্ধাৰ গুৰুজীক শ্ৰদ্ধাঞ্জলি জনোৱাৰ সৌভাগ্য লাভ কৰিছোঁ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰৰ নাগপুৰত ‘মাধৱ নেত্ৰালয় প্ৰিমিয়াম কেন্দ্ৰ’ৰ আধাৰশিলা স্থাপন কৰে
March 30th, 11:52 am
প্ৰধানমন্ত্ৰীয়ে আজি মহাৰাষ্ট্ৰৰ নাগপুৰত ‘মাধৱ নেত্ৰালয় প্ৰিমিয়াম কেন্দ্ৰ’ৰ আধাৰশিলা স্থাপন কৰে। সমবেত লোকসকলক সম্বোধন কৰি তেওঁ পৱিত্ৰ ‘নৱৰাত্ৰি উৎসৱ’ৰ আৰম্ভণি উপলক্ষে ‘চৈত্ৰ শুক্লা প্ৰতিপাদ’ৰ তাৎপৰ্য প্ৰসংগত আলোকপাত কৰে। তেওঁ উল্লেখ কৰে যে সমগ্ৰ দেশতে আজি ‘গুড়ি পড়ৱা’, ‘উগাড়ি’ আৰু ‘নৱৰেহ’ৰ দৰে উৎসৱ পালন কৰা হৈছে। তেওঁ দিনটোৰ গুৰুত্ব প্ৰসংগত মন্তব্য কৰি কয় যে এইটো দিৱসে ভগৱান ঝুলেলাল আৰু গুৰু অঙ্গদ দেৱৰ জয়ন্তীৰে সংগতি ৰাখে। তেওঁ এই অনুষ্ঠানক অনুপ্ৰেৰণাদায়ক ড০ কে বি হেডগেৱাৰৰ জন্ম জয়ন্তী আৰু ‘ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ’ (আৰ এছ এছ)ৰ সুন্দৰ যাত্ৰাৰ শতবাৰ্ষিকী বৰ্ষ হিচাপেও স্বীকাৰ কৰে। তেওঁ এই গুৰুত্বপূৰ্ণ দিনটোত ‘স্মৃতি মন্দিৰ’ ভ্ৰমণ কৰি ড০ হেডগেৱাৰ আৰু শ্ৰী গোলৱলকাৰ গুৰুজীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।