দিল্লীত একাধিক উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদদিল্লীত একাধিক উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

March 08th, 03:54 pm

দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা জী, দিল্লীৰ লেফটেনেন্ট গৱৰ্ণৰ বিনয় ছাক্সেনা জী, কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ মনোহৰ লাল জী, হৰ্ষ মালহোত্ৰ জী, টোখান চাহু জী, ৰাজ্য চৰকাৰৰ সকলো মন্ত্ৰী, সকলো সন্মানীয় সাংসদ, সন্মানীয় বিধায়ক আৰু দিল্লীৰ মোৰ মৰমৰ ভাই-ভনীসকল।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীত প্ৰায় ৩৩,৫০০ কোটি টকা মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন, আধাৰশিলা স্থাপন কৰে

March 08th, 10:26 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীত প্ৰায় ৩৩,৫০০ কোটি টকা মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। ইয়াত সমবেতসকলক সম্বোধন কৰি শ্ৰী মোদীয়ে “আজি আমি সকলো ইয়াত একত্ৰিত হৈ দিল্লীৰ উন্নয়নক এক নতুন গতি প্ৰদান কৰিছো” বুলি কয়।

নিউজ১৮ ৰাইজিং ভাৰত ছামিটত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

February 27th, 08:30 pm

আপোনালোক সকলোৱে ৰাইজিং ইণ্ডিয়া সম্পৰ্কে আলোচনা কৰি আছে। আৰু ইয়াত আপোনাসৱৰ গুৰুত্ব অভ্যন্তৰীণ শক্তিৰ ওপৰত-সৰল ভাষাত ক’বলৈ গ’লে আপোনালোকৰ গুৰুত্ব ৰাষ্ট্ৰৰ নিজৰ অন্তৰ্নিহিত সামৰ্থ্যৰ ওপৰত। আমাৰ শাস্ত্ৰত কোৱা হৈছে- ত ত্বম অসী!-যি আমি ব্ৰহ্মত বিচাৰো, সেয়া আমাৰ ভিতৰতে আছে, সেয়া আমি নিজেই। শক্তি আমাৰ ভিতৰতে নিহিত হৈ আছে আৰু আমি ইয়াক চিনি পাব লাগিব। বিগত ১১ বছৰত ভাৰতে সেই শক্তিকে স্বীকাৰ কৰিছে আৰু আজি ৰাষ্ট্ৰই ইয়াক সবলীকৰণৰ বাবে অহৰহ প্ৰচেষ্টা গ্ৰহণ কৰি আছে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নেটৱৰ্ক১৮ ৰাইজিং ভাৰত ছামিট সম্বোধন কৰে

February 27th, 08:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাইজিং ভাৰত সন্মিলন সম্বোধনেৰে অভ্যন্তৰীণ শক্তি বিষয়ক কেন্দ্ৰ কৰি নিজৰ বক্তব্য আগবঢ়ায়। ভাৰতৰ বিগত ১১ বছৰৰ যাত্ৰাত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় সম্ভাৱনাৰ পুনৰ উদ্ধাৰ, অৰ্থনৈতিক আত্ম-নিৰ্ভৰতা আৰু ২০৪৭-ৰ ভিতৰত এখনি উন্নত ভাৰতৰ বাবে ৰূপৰেখা সন্দৰ্ভত বিস্তৃত ভাষণ প্ৰদান কৰে।

সেৱা তীৰ্থ আৰু কৰ্তব্য ভৱন-১ আৰু ২ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ

February 13th, 06:55 pm

আজি আমি সকলোৱে ইতিহাস ৰচনাৰ সাক্ষী হৈছো। আজি বিক্ৰম সংবাত ২০৮২, ফাগুন কৃষ্ণ পক্ষ, বিজয়া একাদশী, ২৪ মাঘৰ শুভ ক্ষণ, শকাব্দ ১৯৪৭ আৰু আজিৰ ভাষাত ১৩ ফেব্ৰুৱাৰীৰ এই দিনটোৱে ভাৰতৰ উন্নয়ন যাত্ৰাৰ এক নতুন আৰম্ভণিৰ সাক্ষী হৈছে। আমাৰ শাস্ত্ৰত বিজয়া একাদশীৰ অতি তাৎপৰ্য আছে; এই দিনটোত আমি যি সংকল্প লওঁ, সেই সংকল্পই জয়ৰ দিশত আগুৱাই নিয়াটো নিশ্চিত। আজি আমিও এখন বিকশিত ভাৰতৰ সংকল্প লৈ সেৱা তীৰ্থ, কৰ্তব্য ভৱনত প্ৰৱেশ কৰিছো। আমাৰ লক্ষ্যত জয়লাভ কৰিবলৈ আমাৰ ওচৰত ঐশ্বৰিক আশীৰ্বাদ আছে। সেৱা তীৰ্থ আৰু নতুন অট্টালিকাসমূহৰ বাবে আপোনালোক সকলোকে, পিএমঅ’ৰ সমগ্ৰ দল, কেবিনেট সচিবালয় আৰু বিভিন্ন বিভাগৰ সকলো কৰ্মচাৰীক অভিনন্দন জনাইছো। তেওঁলোকৰ নিৰ্মাণৰ লগত জড়িত সকলো অভিযন্তা আৰু সহকৰ্মীলৈ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত সেৱা তীৰ্থ আৰু কৰ্তব্য ভৱন-১ আৰু ২ৰ উদ্বোধনী অনুষ্ঠান সম্বোধন কৰে

February 13th, 06:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত সেৱা তীৰ্থ আৰু কৰ্তব্য ভৱন-১ আৰু ২ৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দিয়ে। এই উপলক্ষে প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে যে আজি সকলোৱে এক নতুন ইতিহাস ৰচনাৰ সাক্ষী হৈ পৰিছে। তেওঁ এই কথা আলোকপাত কৰে যে ২০৮২ চনৰ বিক্ৰম শকাব্দত, ফাগুন কৃষ্ণ পক্ষৰ সময়ত, বিজয় একাদশীৰ শুভ উপলক্ষত ২৪ মাহৰ দিনা আৰু ১৯৪৭ চনৰ শকাব্দত, যিটো বৰ্তমানৰ কেলেণ্ডাৰত ১৩ ফেব্ৰুৱাৰী, ২০২৬ তাৰিখে, ভাৰতৰ উন্নয়ন যাত্ৰাৰ নতুন আৰম্ভণিৰ সাক্ষী হৈ পৰিছে। তেওঁ আলোকপাত কৰে যে শাস্ত্ৰত বিজয় একাদশীৰ তাৎপৰ্য অতিশয় বেছি, কিয়নো এই দিনটোত লোৱা সংকল্পই সদায় জয়ৰ দিশত আগুৱাই লৈ যায়। শ্ৰী মোদীয়ে উল্লেখ কৰে যে আজি এখন বিকশিত ভাৰতৰ সংকল্পৰে সকলোৱে সেৱা তীৰ্থ আৰু কৰ্তব্য ভৱনত প্ৰৱেশ কৰিছে। এই লক্ষ্যত জয়ৰ বাবে ঐশ্বৰিক আশীৰ্বাদ তেওঁলোকৰ লগত আছে বুলি তেওঁ আঙুলিয়াই দিয়ে। তেওঁ পিএমঅ’ৰ দল, কেবিনেট সচিবালয় আৰু বিভিন্ন বিভাগৰ কৰ্মচাৰীকে ধৰি সকলোকে সমৰি লোৱাৰ লগতে সেৱা তীৰ্থ আৰু নতুন অট্টালিকাসমূহৰ বাবে অভিনন্দন জ্ঞাপন কৰে। নিৰ্মাণৰ সৈতে জড়িত সকলো অভিযন্তা আৰু শ্ৰমিক সহকৰ্মীক তেওঁ কৃতজ্ঞতা প্ৰকাশ কৰে।

১৩ ফেব্ৰুৱাৰীত সেৱা তীৰ্থ, কৰ্তব্য ভৱন-১ আৰু ২ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে

February 12th, 12:02 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ১৩ ফেব্ৰুৱাৰীৰ দিনৰ প্ৰায় ১.৩০ বজাত ভৱন চৌহদ সেৱা তীৰ্থ নামকৰণেৰে উন্মোচন কৰিব। ইয়াৰ পিছত প্ৰধানমন্ত্ৰীয়ে সেৱা তীৰ্থ, কৰ্তব্য ভৱন-১ আৰু ২ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব আৰু সন্ধিয়া প্ৰায় ৬ বজাত সেৱা তীৰ্থত এটা ৰাজহুৱা কাৰ্যসূচীত ভাষণ দিব।

Cabinet approves three new corridors as part of Delhi Metro’s Phase V (A) Project

December 24th, 03:25 pm

The Union Cabinet approved three new corridors - 1. R.K Ashram Marg to Indraprastha (9.913 Kms), 2. Aerocity to IGD Airport T-1 (2.263 kms) 3. Tughlakabad to Kalindi Kunj (3.9 kms) as part of Delhi Metro’s Phase – V(A) project consisting of 16.076 kms which will further enhance connectivity within the national capital. Total project cost of Delhi Metro’s Phase – V(A) project is Rs.12014.91 crore, which will be sourced from Government of India, Government of Delhi, and international funding agencies.

ইউইআৰ-II আৰু দ্বাৰকা এক্সপ্ৰেছৱেৰ দিল্লী অংশৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

August 17th, 12:45 pm

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সহযোগী নীতিন গাডকাৰী জি, হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়ব সিং ছাইনীজী, দিল্লীৰ উপ-ৰাজ্যপাল বিনয় ছাক্সেনাজী, দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাজী, কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ মোৰ সহযোগী অজয় তামতাজী, হৰ্ষ মালহোত্ৰা জী, দিল্লী আৰু হাৰিয়ানাৰ সাংসদ, উপস্থিত মন্ত্ৰীসকল, অন্যান্য জনপ্ৰতিনিধি আৰু মোৰ মৰমৰ ভাই-ভনীসকল,

১১,০০০ কোটি টকা ব্যয়সাপেক্ষ দুটা বৃহৎ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প উদ্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

August 17th, 12:39 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীৰ ৰোহিনীত প্ৰায় ১১,০০০ কোটি টকাৰ মুঠ ব্যয় সাপেক্ষ দুটা বৃহৎ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প উদ্বোধন কৰে। এই উপলক্ষে সভাত আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে স্থানৰ তাৎপৰ্য্যৰ ওপৰত মন্তব্য কৰি কয় যে এক্সপ্ৰেছৱেৰ নাম “দ্বাৰকা,” আৰু কাৰ্যসূচী “ৰোহিনী”ত অনুষ্ঠিত হৈছে। জন্মাষ্টমীৰ উৎসৱমুখৰ পৰিৱেশৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে নিজেই দ্বাৰকাধীশ দেশৰ বুলি কাকতলীয়া কথাটো উনুকিয়ায়। প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ সমগ্ৰ পৰিৱেশটো ভগৱান শ্ৰীকৃষ্ণৰ সত্তাৰে গভীৰভাৱে সংপৃক্ত হৈছে।

নতুন দিল্লীত সংসদৰ সদস্যসকলৰ বাবে নৱনিৰ্মিত ফ্লেটৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত ৰূপ

August 11th, 11:00 am

অনুষ্ঠানত উপস্থিত শ্ৰী ওম বিৰলা মহাশয়, মনোহৰ লাল মহাশয়, কিৰেন ৰিজিজু মহাশয়, মহেশ শৰ্মা মহাশয়, সংসদৰ সন্মানীয় সদস্যসকল, লোকসভাৰ মহাসচিব তথা ভদ্ৰ লোক আৰু ভদ্ৰ মহিলাসকল!

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নতুন দিল্লীত সংসদ ভৱনৰ সদস্যসকলৰ বাবে নৱনিৰ্মিত ফ্লেট উদ্বোধন

August 11th, 10:30 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ বাবা খড়ক সিং মাৰ্গত সংসদৰ সদস্যসকলৰ বাবে ১৮৪টা নৱনিৰ্মিত টাইপ-সেভেন কেইবা মহলীয়া ফ্লেট উদ্বোধন কৰে। এই উপলক্ষে সমবেত ৰাইজক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে শেহতীয়াকৈ তেওঁ কৰ্তব্য পথত কৰ্তব্য ভৱন নামেৰে জনাজাত সাধাৰণ কেন্দ্ৰীয় সচিবালয় উদ্বোধন কৰাৰ পাছত আজি তেওঁ সংসদৰ সদস্যসকলৰ বাবে নৱনিৰ্মিত আৱাসিক কমপ্লেক্স উদ্বোধন কৰাৰ সুযোগ লাভ কৰে। তেওঁ ভাৰতৰ চাৰিখন মহান নদী-কৃষ্ণা, গোদাবৰী, কোচি আৰু হুগলীৰ নামেৰে নামকৰণ কৰা চৌহদটোৰ চাৰিটা স্তম্ভৰ বিষয়ে উল্লেখ কৰি কয় যে লাখ লাখ লোকক জীৱন দিয়া এই নদীসমূহে এতিয়া জনপ্ৰতিনিধিসকলৰ জীৱনত এক নতুন আনন্দৰ ধাৰা অনুপ্ৰাণিত কৰিব। তেওঁ লগতে কয় যে নদীসমূহৰ নামকৰণৰ পৰম্পৰাই দেশক একতাৰ এনাজৰীৰে বান্ধি ৰাখিছে। শ্ৰী মোদীয়ে কয় যে নতুন ভৱনটোৱে দিল্লীত সাংসদসকলৰ জীৱন ধাৰণৰ সূচলতা বৃদ্ধি কৰিব। তেওঁ উল্লেখ কৰে যে দিল্লীত সাংসদসকলৰ বাবে চৰকাৰী আৱাসৰ উপলব্ধতা এতিয়া বৃদ্ধি পাব। প্ৰধানমন্ত্ৰীয়ে সংসদৰ সকলো সদস্যলৈ অভিনন্দন জ্ঞাপন কৰাৰ লগতে নিষ্ঠা আৰু পৰিশ্ৰমেৰে প্ৰকল্পটো সম্পূৰ্ণ কৰাৰ বাবে অভিযন্তা আৰু শ্ৰমজীৱিসকলক অভিনন্দন জ্ঞাপন কৰে।

নতুন দিল্লীৰ কৰ্তব্য পথত কৰ্তব্য ভৱনৰ উদ্বোধনী কাৰ্যসূচীত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

August 06th, 07:00 pm

বিপ্লৱৰ মাহ আগষ্ট মাহত, আৰু ১৫ আগষ্টৰ আগৰ এই ঐতিহাসিক উপলক্ষে, আমি ইটোৰ পিছত সিটো আধুনিক ভাৰতৰ নিৰ্মাণৰ সৈতে জড়িত কৃতিত্বৰ সাক্ষী হৈ আছোঁ। ইয়াত ৰাজধানী দিল্লীতে কাৰ্তব্য পথ, দেশৰ নতুন সংসদ ভৱন, নতুন প্ৰতিৰক্ষা ভৱন, ভাৰত মণ্ডপম, যশোভূমী, শ্বহীদসকলৰ প্ৰতি উৎসৰ্গিত ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক, নেতাজী সুভাষ বাবুৰ প্ৰতিমূৰ্তি আৰু এতিয়া এই কাৰ্তব্য ভৱন। এইবোৰ কেৱল কিছুমান নতুন অট্টালিকা আৰু সাধাৰণ আন্তঃগাঁথনি নহয়, অমৃতকালত এই অট্টালিকাসমূহত বিকশিত ভাৰতৰ নীতি নিৰ্ধাৰণ কৰা হ’ব, বিকশিত ভাৰতৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হ’ব, আগন্তুক দশকত ইয়াৰ পৰাই ৰাষ্ট্ৰৰ দিশ নিৰ্ণয় হ’ব। মই আপোনালোক সকলোকে আৰু সকলো দেশবাসীক কৰ্তব্য ভৱনৰ বাবে অভিনন্দন জনাইছোঁ। মই ইয়াৰ নিৰ্মাণৰ সৈতে জড়িত সকলো অভিযন্তা আৰু সকলো শ্ৰমিক সহকৰ্মীকো আজি এই মঞ্চৰ পৰা ধন্যবাদ জনাইছোঁ।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীৰ কৰ্তব্য পথত কৰ্তব্য ভৱনৰ উদ্বোধনী কাৰ্য্যসূচী সম্বোধন কৰে

August 06th, 06:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ কৰ্তব্য পথত কৰ্তব্য ভৱন-৩ ৰ উদ্বোধনী কাৰ্য্যসূচী সম্বোধন কৰে। তেখেতে কয় যে বিপ্লৱৰ মাহ আগষ্টত ১৫ আগষ্টৰ পূৰ্বেই আন এক ঐতিহাসিক মাইলৰ খুঁটি স্থাপন হৈছে। তেখেতে কয় যে ভাৰতে এটাৰ পিছত আনটো আধুনিক ভাৰত নিৰ্মাণৰে জড়িত মূল কৃতিত্ব প্ৰত্যক্ষ কৰিছে। নতুন দিল্লীৰ কথা উল্লেখেৰে শ্ৰী মোদীয়ে শেহতীয়া আন্তঃগাঁথনিগত মাইলৰ খুঁটি স্থাপন কাৰ্য্যৰ কথা কয়, যথাঃ কৰ্তব্য পথ, নতুন সংসদ ভৱন, নতুন প্ৰতিৰক্ষা কাৰ্য্যালয় কমপ্লেক্স, ভাৰত মণ্ডপম, যশোভূমি, শ্বহীদসকলৰ বাবে উৎসৰ্গিত ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক আৰু নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্ৰতিমূৰ্তি তথা বৰ্তমানৰ কৰ্তব্য ভৱন। এইসমূহ কেৱল নতুন অট্টালিকা বা সাধাৰণ আন্তঃগাঁথনি নহয় বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে অমৃত কালত উন্নত ভাৰত গঢ়া নীতিসমূহ এইসমূহ গাঁথনিতে প্ৰণয়ন কৰা হ’ব আৰু অনাগত দশক সমূহত এই প্ৰতিষ্ঠানসমূহৰ পৰাই ৰাষ্ট্ৰখনৰ পৰিক্ৰমা নিৰ্ধাৰণ কৰা হ’ব। তেখেতে কৰ্তব্য ভৱনৰ উদ্বোধনী অনুষ্ঠান উপলক্ষে সকলো নাগৰিককে অভিনন্দন জ্ঞাপনৰ লগতে ইয়াৰ নিৰ্মাণৰে জড়িত অভিযন্তা আৰু শ্ৰমজীৱীসকলৰ প্ৰতিও কৃতজ্ঞতা জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে কৰ্তব্য ভৱন ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে

August 06th, 12:15 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ্তব্য ভৱন ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰি ইয়াক ৰাজহুৱা সেৱাৰ দিশত অটল সংকল্প আৰু নিৰন্তৰ প্ৰচেষ্টাৰ প্ৰতীক বুলি অভিহিত কৰে।

৬ আগষ্টত প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব কৰ্তব্য ভৱন

August 04th, 05:44 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৬ আগষ্টৰ দিনা দিনৰ ১২:১৫ বজাত দিল্লীৰ কৰ্তব্য পথত কৰ্তব্য ভৱন পৰিদৰ্শন কৰিব আৰু ভৱনটো আনুষ্ঠানিকভাবে উদ্বোধন কৰিব। ইয়াৰ পিছত প্ৰধানমন্ত্ৰীয়ে সন্ধিয়া প্ৰায় ৬:৩০ বজাত কৰ্তব্য পথৰ ৰাজহুৱা কাৰ্যসূচীত ভাষণ আগবঢ়াব।