‘কৰ্মযোগী সাধনা সপ্তাহ’ৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূল পাঠ
April 02nd, 10:40 am
কৰ্মযোগী সাধনা সপ্তাহৰ আয়োজন কৰাৰ বাবে আপোনালোক সকলোকে শুভেচ্ছা জনাইছো। একবিংশ শতিকাৰ এই সময়ছোৱাত, দ্ৰুতগতিত সলনি হোৱা ব্যৱস্থা, দ্ৰুতগতিত সলনি হোৱা বিশ্ব আৰু আমাৰ ভাৰত তেওঁলোকৰ মাজত একে গতিৰে আগবাঢ়ি থকাৰ বাবে, সময় অনুসৰি ৰাজহুৱা সেৱাক নিৰন্তৰ আপডেট কৰাটো প্ৰয়োজনীয়। কৰ্মযোগী সাধনা সপ্তাহ সেই প্ৰচেষ্টাৰ এক গুৰুত্বপূৰ্ণ যোগসূত্ৰ। আপোনালোক সকলোৱে জানে যে আজি আমি যি শাসন নীতিৰ সৈতে আগবাঢ়িছো সেয়া হৈছে মূল মন্ত্ৰ-নাগৰিক দেৱ ভৱ। এই মন্ত্ৰত সন্নিবিষ্ট মনোভাৱৰ সৈতে, আজি ৰাজহুৱা সেৱাক অধিক সক্ষম, নাগৰিকৰ প্ৰতি অধিক সংবেদনশীল কৰাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। এতিয়া শাসনক নাগৰিককেন্দ্ৰিক কৰি এক নতুন পৰিচয় প্ৰদান কৰা হৈছে।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ কৰ্মযোগী সাধনা সপ্তাহ সম্বোধন
April 02nd, 10:31 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ক্ষমতা নিৰ্মাণ আয়োগ (চি বি চি)ৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে এক ভিডিঅ’ বাৰ্তাৰ জৰিয়তে কৰ্মযোগী সাধনা সপ্তাহ সম্বোধন কৰে।‘কৰ্মযোগী সপ্তাহ’ - ৰাষ্ট্ৰীয় শিক্ষণ সপ্তাহৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰীৰ
October 19th, 06:57 pm
সভাত আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে মিছন কৰ্মযোগীৰ জৰিয়তে আমাৰ লক্ষ্য হৈছে মানৱ সম্পদ সৃষ্টি কৰা যিয়ে আমাৰ দেশৰ উন্নয়নৰ চালিকা শক্তি হিচাপে পৰিগণিত হ’ব। ইয়াৰ অগ্ৰগতিত সন্তুষ্টি প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে যদি আমি এই আবেগেৰে কাম কৰি যাওঁ তেন্তে দেশৰ প্ৰগতিত কোনেও বাধা দিব নোৱাৰে। তেওঁ উল্লেখ কৰে যে ৰাষ্ট্ৰীয় শিক্ষণ সপ্তাহত নতুন শিক্ষণ আৰু অভিজ্ঞতাই কৰ্ম ব্যৱস্থাৰ উন্নতিৰ ক্ষেত্ৰত শক্তি আৰু সহায় আগবঢ়াব যিয়ে ২০৪৭ চনৰ ভিতৰত আমাৰ লক্ষ্য বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰিব।প্ৰধানমন্ত্ৰীয়ে ১৯ অক্টোবৰত 'কৰ্মযোগী সপ্তাহ' - ৰাষ্ট্ৰীয় শিক্ষণ সপ্তাহ শুভাৰম্ভ কৰিব
October 18th, 11:42 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৯ অক্টোবৰৰ পুৱা প্ৰায় ১০.৩০ বজাত নতুন দিল্লীৰ ড০ আম্বেদকাৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰত 'কৰ্মযোগী সপ্তাহ' শীৰ্ষক ৰাষ্ট্ৰীয় শিক্ষণ সপ্তাহৰ শুভাৰম্ভ কৰিব।