We are making UP a state of industrial possibilities: PM Modi in Kanpur Nagar, Uttar Pradesh
May 30th, 03:29 pm
PM Modi laid the foundation stone, inaugurated various projects worth around Rs 47,600 crore at Kanpur. He expressed pride in UP's major contributions to achieving defence self-sufficiency. He highlighted the launch of Mission Manufacturing in this year’s budget, designed to bolster Make in India by promoting local industries and production.প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ কানপুৰত প্ৰায় ৪৭,৬০০ কোটি টকা ব্যয়সাপেক্ষ এলানি প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন কৰে
May 30th, 03:08 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ কানপুৰত প্ৰায় ৪৭,৬০০ কোটি টকাৰ এলানি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ উপৰি একাংশ প্ৰকল্প উদ্বোধন কৰে। এই উপলক্ষে আয়োজিত এখন সভাত ভাষণ দি তেওঁ কয় যে, প্ৰথমে ২০২৫ চনৰ ২৪ এপ্ৰিলত নিৰ্ধাৰিত কানপুৰ ভ্ৰমণ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ বাবে বাতিল কৰিবলগীয়া হৈছিল। এই বৰ্বৰ কাণ্ডৰ বলি হোৱা কানপুৰৰ সন্তান শ্ৰী শুভম দ্বিবেদীলৈ তেওঁ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে সমগ্ৰ দেশৰ ভগ্নী-কন্যাসকলৰ যন্ত্ৰণা, দুখ-কষ্ট, ক্ষোভ আৰু সামূহিক যন্ত্ৰণা তেওঁ গভীৰভাৱে হৃদয়ংগম কৰিছে। তেওঁ কয় যে এই সামূহিক ক্ৰোধ ‘অপাৰেশ্যন সিন্দূৰ’ৰ সূচনা হোৱাৰ লগে লগে বিশ্বজুৰি দেখিবলৈ পোৱা গৈছিল। তেওঁ ‘অপাৰেশ্যন সিন্দূৰ’ৰ সফলতাত গুৰুত্ব আৰোপ কৰে, যিটো অভিযানত পাকিস্তানত সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰি থকা ঘাটিসমূহ ধ্বংস কৰা হয় আৰু পৰৱৰ্তি সময়ত পাকিস্তানী সেনাই সংঘাতৰ অন্ত পেলাবলৈ অনুৰোধ কৰিবলৈ বাধ্য হয়। প্ৰধানমন্ত্ৰীয়ে স্বাধীনতা সংগ্ৰামৰ ভূমিৰ পৰা দেশৰ সশস্ত্ৰ বাহিনীৰ সাহসক শ্ৰদ্ধাঞ্জলি জনোৱাত গুৰুত্ব আৰোপ কৰি তেওঁলোকৰ বীৰত্বক প্ৰণাম জনায়। তেওঁ পুনৰ দৃঢ়তাৰে কয় যে ‘অপাৰেশ্যন সিন্দূৰ’ৰ সময়ত দয়া ভিক্ষা কৰা শত্ৰুহঁত কোনো ভ্ৰমৰ মাজত থাকিব নালাগে, কাৰণ ‘অপাৰেশ্যন সিন্দূৰ’ এতিয়াও শেষ হোৱা নাই। প্ৰধানমন্ত্ৰীয়ে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত ভাৰতৰ তিনিটা স্পষ্ট নীতিৰ ৰূপৰেখা দাঙি ধৰে। প্ৰথমতে, প্ৰতিটো সন্ত্ৰাসবাদী আক্ৰমণৰ বিৰুদ্ধে ভাৰতে নিৰ্ণায়ক প্ৰতিক্ৰিয়া আগবঢ়াব। এই প্ৰতিক্ৰিয়াৰ সময়, পদ্ধতি আৰু চৰ্ত কেৱল ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে নিৰ্ধাৰণ কৰিব। দ্বিতীয়তে, ভাৰতক আৰু পাৰমাণৱিক ভাবুকিৰে ভয় খুৱাব নোৱাৰিব, এনে সতৰ্কবাণীৰ ভিত্তিত সিদ্ধান্তও ল’ব নোৱাৰিব। তৃতীয়তে, ভাৰতে সন্ত্ৰাসবাদৰ ‘মাষ্টাৰমাইণ্ড’ আৰু সিহঁতক আশ্ৰয় দিয়া চৰকাৰ দুয়োটাকে একে দৃষ্টিৰেহে চাব। পাকিস্তানৰ ৰাষ্ট্ৰ আৰু ‘অনা-ৰাষ্ট্ৰীয় অভিনেতা’হঁতৰ মাজত থকা পাৰ্থক্য আৰু মানি লোৱা নহ’ব। প্ৰধানমন্ত্ৰীয়ে নিৰ্দ্বিধাই দৃঢ়তাৰে কয় যে শত্ৰু য’তেই নাথাকক কিয়, ইয়াক নিৰ্মূল কৰাই হ’ব।