ওড়িশা চৰকাৰৰ দুবছৰ সম্পূৰ্ণ হোৱা উপলক্ষ্যে প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
June 20th, 01:10 pm
সন্মানীয় ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু জী, ৰাজ্যপাল শ্ৰীযুত হৰি বাবু জী, জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰীযুত মোহন চৰণ মাঝি জী, উপ-মুখ্যমন্ত্ৰী শ্ৰী কনক বৰ্ধন সিং দেও জী, শ্ৰীমতী প্ৰৱতী পৰিদা জী, ওড়িশাৰ মন্ত্ৰী শ্ৰী গণেশ সিং খুন্তিয়া জী, শ্ৰী কৃষ্ণ চন্দ্ৰ মহাপাত্ৰ জী, সংসদ সদস্য শ্ৰী নৱ চৰণ মাঝি জী, শ্ৰী মনমোহন সমল জী, শ্ৰী বৈজয়ন্ত পাণ্ডা জী, অন্যান্য বিশিষ্ট ব্যক্তিসকল, ভাই-ভনীসকল।ওড়িশা চৰকাৰৰ দুবছৰ সম্পূৰ্ণ হোৱা উপলক্ষে ময়ূৰভঞ্জ জিলাৰ ৰায়ৰংগপুৰত ৪৭,৬০০ কোটি টকাৰো অধিক ব্যয়ৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
June 20th, 01:00 pm
ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ময়ূৰভঞ্জ জিলাৰ পাহাড়পুৰ গাঁও ভ্ৰমণ কৰে। ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে পবিত্ৰ উপবন চাওতালী জাহেৰা আৰু হো জাহেৰা, দক্ষতা কেন্দ্ৰ আৰু পাহাড়পুৰ বিদ্যালয়ত প্ৰাৰ্থনা জনায়। ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে ওড়িশা চৰকাৰৰ দুবছৰ সম্পূৰ্ণ হোৱা উপলক্ষে ময়ূৰভঞ্জ জিলাৰ ৰায়ৰংগপুৰত অনুষ্ঠিত এক কাৰ্যসূচীত অংশগ্ৰহণ কৰে। কাৰ্যসূচীৰ বিষয় হৈছে ‘বিকাশ ৰা ধাৰা, ওড়িশা সাৰা’। শ্ৰী মোদীয়ে ৪৭,৬০০ কোটি টকাৰো অধিক ব্যয়ৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে।উৰিষ্যাৰ নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ
June 12th, 09:46 pm
প্ৰধানমন্ত্ৰী, শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উৰিষ্যাৰ নতুন চৰকাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা শ্ৰী মোহন চৰণ মাঝীক অভিনন্দন জ্ঞাপন কৰে। ইফালে উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা শ্ৰী কনক বৰ্ধন সিং দেও আৰু প্ৰভাতী পৰিদালৈও শুভেচ্ছা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীয়ে।