২ আগষ্টত বাৰাণসী ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে

July 31st, 06:59 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২ আগষ্টৰ পুৱা ১১ বজাত উত্তৰ প্ৰদেশৰ বাৰাণসীত প্ৰায় ২২০০ কোটি টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰীয়ে লগতে এই উপলক্ষে সভাত ভাষণ দিব।প্ৰকল্পসমূহে আন্তঃগাঁথনি, শিক্ষা, স্বাস্থ্যসেৱা, পৰ্যটন, নগৰ উন্নয়ন আৰু সাংস্কৃতিক ঐতিহ্যকে ধৰি একাধিক খণ্ডক সামৰি ল'ব , যাৰ লক্ষ্য হৈছে বাৰাণসীৰ সামগ্ৰিক নগৰ পৰিৱৰ্তন, সাংস্কৃতিক সজীৱতা, উন্নত সংযোগ, আৰু জীৱনৰ মান বৃদ্ধি কৰা।