জন্মদিনত মহাত্মা আয়াংকলীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰধানমন্ত্ৰীৰ

August 28th, 01:35 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাত্মা আয়াংকলীক তেওঁৰ জয়ন্তী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। শ্ৰী মোদীয়ে মহাত্মা আয়াংকলীক সামাজিক ন্যায়ৰ এগৰাকী মহান পথ প্ৰদৰ্শক হিচাপে স্মৰণ কৰে, যিয়ে নিজৰ জীৱন প্রান্তীয় লোকসকলৰ সবলীকৰণ আৰু কল্যাণৰ বাবে উৎসৰ্গা কৰিছিল। প্ৰধানমন্ত্ৰীয়ে প্রান্তীয় লোকসকলৰ বাবে শিক্ষাৰ সুবিধা সুৰক্ষিত কৰা, কৃষি শ্ৰমিকসকলৰ জীৱনৰ মান উন্নত কৰা আৰু দৰিদ্ৰ লোকসকলক সেৱা আগবঢ়োৱাৰ বাবে তেওঁৰ প্ৰচেষ্টাৰ ওপৰত আলোকপাত কৰে।

ছেচেলছৰ ৰাষ্ট্ৰীয় সদনত প্ৰধানমন্ত্ৰীৰ ভাষণ

June 28th, 05:00 pm

প্ৰধানমন্ত্ৰী হিচাপে ভাৰত মহাসাগৰ অঞ্চললৈ মোৰ প্ৰথমটো ভ্ৰমণ আছিল ২০১৫ চনত ছেচেলছলৈ।প্ৰধানমন্ত্ৰী হিচাপেও মই প্ৰথমবাৰৰ বাবে আফ্ৰিকা ভ্ৰমণ কৰিছিলো। মই ইয়ালৈ আহিছোঁ কাৰণ মই বিশ্বাস কৰোঁ যে ভাৰত মহাসাগৰৰ প্ৰতি ভাৰতৰ দৃষ্টিভংগীত ছেচেলছৰ এক বিশেষ স্থান আছে। আজি এটা দশকৰ পাছত ইয়ালৈ উভতি অহাৰ লগে লগে মোৰ বিশ্বাস আগতকৈ অধিক সুদৃঢ় হৈ পৰিছে।

প্ৰধানমন্ত্ৰীয়ে হজৰত ইমাম হুছেইনলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে

June 26th, 12:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হজৰত ইমাম হুছেইন (আঃ)লৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেওঁৰ কালজয়ী ত্যাগ, সত্য আৰু ন্যায়ৰ প্ৰতি থকা অটল দায়বদ্ধতাক স্মৰণ কৰে। শ্ৰী মোদীয়ে কয় যে ইমাম হুছেইনৰ জীৱন আৰু তেওঁ শ্বহীদ হোৱাটো সাহস আৰু দৃঢ়তাৰ চিৰস্থায়ী নিদৰ্শন।

জৰুৰীকালীন সময়ত গণতন্ত্ৰ ৰক্ষাকাৰীসকললৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

June 25th, 10:53 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জৰুৰীকালীন সময়ত গণতান্ত্ৰিক মূল্যবোধসমূহক দৃঢ়তাৰে ৰক্ষা কৰা সকলোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি ইয়াক ভাৰতৰ ইতিহাসৰ অন্যতম ক’লা অধ্যায় বুলি অভিহিত কৰে। তেওঁ কয় যে এই সময়ছোৱাত অগণন নাগৰিকৰ অসাধাৰণ সাহস আৰু সহনশীলতা প্ৰদৰ্শিত হৈছিল, যিসকলে নীৰৱ হৈ থাকিবলৈ অস্বীকাৰ কৰাৰ লগতে সংবিধানৰ আদৰ্শসমূহৰ সমৰ্থন কৰিছিল।

নতুন দিল্লীত অনুষ্ঠিত হোৱা ৰিপাব্লিক ছামিট ২০২৬ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ ইংৰাজী তৰ্জমা

June 22nd, 10:24 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰিপাব্লিক ছামিটত ভাষণ প্ৰদান কৰে। সন্মিলনৰ অংশগ্ৰহণকাৰীসকলক শুভেচ্ছা জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে বিশ্বজুৰি দ্ৰুত তথা গুৰুত্বপূৰ্ণ পৰিৱৰ্তন ঘটি থকাৰ এই সময়ছোৱাত মহান শক্তি ভাৰত: ৰাষ্ট্ৰ প্ৰথম বিষয়বস্তুৰ ওপৰত আলোচনাৰ আয়োজন কৰাৰ বাবে উদ্যোক্তাসকলক অভিনন্দন জনায়।

ৰিপাব্লিক চামিট ২০২৬ত ভাষণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

June 22nd, 08:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰিপাব্লিক ছামিটত ভাষণ প্ৰদান কৰে। সন্মিলনৰ অংশগ্ৰহণকাৰীসকলক শুভেচ্ছা জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে বিশ্বজুৰি দ্ৰুত তথা গুৰুত্বপূৰ্ণ পৰিৱৰ্তন ঘটি থকাৰ এই সময়ছোৱাত মহান শক্তি ভাৰত: ৰাষ্ট্ৰ প্ৰথম বিষয়বস্তুৰ ওপৰত আলোচনাৰ আয়োজন কৰাৰ বাবে উদ্যোক্তাসকলক অভিনন্দন জনায়।

লোকমাতা অহিল্যাবাই হোলকাৰৰ জন্মবাৰ্ষিকীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

May 31st, 11:15 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লোকমাতা অহিল্যাবাই হোলকাৰৰ জন্মবাৰ্ষিকীত তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

নেদাৰলেণ্ডত অনুষ্ঠিত ভাৰতীয় সম্প্ৰদায়ৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ

May 16th, 01:30 pm

ইমান মৰম। ইমান উৎসাহ। সঁচা কথা ক’বলৈ গ’লে ক্ষন্তেক সময়ৰ বাবে মই প্ৰায় পাহৰি গৈছিলো যে মই নেদাৰলেণ্ডত আছো। এনে লাগে যেন ভাৰতৰেই ক’ৰবাত কিবা এটা উৎসৱ চলি আছে!

নেদাৰলেণ্ডত প্ৰবাসী ভাৰতীয়সমাজ'ক সম্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

May 16th, 01:20 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হেগত ভাৰতীয় সম্প্ৰদায়ৰ অভ্যৰ্থনা অনুষ্ঠানত অংশগ্ৰহণ কৰে। নেদাৰলেণ্ডত উপস্থিত হোৱাৰ পিছতে প্ৰবাসী ভাৰতীয়সমাজ আৰু ভাৰতৰ বন্ধুসকলৰ এক বৃহৎ সমাৱেশে তেওঁক উষ্ম আদৰণি জনায়।

Bengal’s strength is known worldwide, but TMC has trapped it in corruption: PM Modi in Mathurapur

April 23rd, 01:00 pm

Addressing a Vijay Sankalp rally in Mathurapur, West Bengal, PM Modi contrasted BJP’s 11 years of development with TMC’s 15 years of “lies and betrayal.” Targeting the TMC's syndicate culture, he described widespread “cut money” in jobs, land, rations and mandis. He concluded by asserting that a strong wave of change is visible across Bengal, driven by women and youth.

Today, against TMC’s jungle raj, people across Bengal are blowing the conch of change: PM Modi in Krishnanagar

April 23rd, 12:45 pm

PM Modi addressed a massive public rally in Krishnanagar, delivering a sharp critique of TMC’s misgovernance while presenting BJP’s vision of development, security and women-led growth in West Bengal. He highlighted 15 years of “scams and broken promises” under TMC, contrasting it with BJP’s vision of “Sabka Saath, Sabka Vikas”. Reaffirming Modi's guarantee, he announced 10 guarantees for women.

PM Modi’s high-energy rallies in Krishnanagar and Mathurapur, West Bengal

April 23rd, 12:30 pm

PM Modi addressed massive public gatherings in Krishnanagar and Mathurapur, delivering a sharp critique of TMC’s misgovernance while presenting BJP’s vision of development, security and women-led growth in West Bengal.

জালিয়ানৱালা বাগৰ শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰধানমন্ত্ৰীৰ

April 13th, 09:39 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জালিয়ানৱালা বাগৰ সাহসী শ্বহীদসকললৈ আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে মন্তব্য কৰে যে তেওঁলোকৰ ত্যাগ আমাৰ জনসাধাৰণৰ অদম্য মনোভাৱৰ এক শক্তিশালী স্মাৰক হিচাপে থিয় দি আছে।

শ্বহীদ দিৱসত ভগত সিং, ৰাজগুৰু আৰু সুখদেৱক প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

March 23rd, 08:29 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্বহীদ দিৱস উপলক্ষে মহান স্বাধীনতা সংগ্ৰামী ভগত সিং, ৰাজগুৰু আৰু সুখদেৱৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

ড০ ৰাম মনোহৰ লোহিয়াৰ জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

March 23rd, 08:01 am

ড০ লোহিয়াক এগৰাকী বহুমুখী ব্যক্তিত্ব হিচাপে অভিহিত কৰি শ্ৰী মোদীয়ে ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে জনসাধাৰণক একত্ৰিত কৰাত তেওঁৰ গুৰুত্বপূৰ্ণ ভূমিকা আৰু ১৯৪৭ চনৰ পিছত দেশৰ প্ৰগতিত তেওঁৰ পৰৱৰ্তী অৱদান সন্দৰ্ভত আলোকপাত কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে ড০ লোহিয়া এগৰাকী উৎকৃষ্ট চিন্তাবিদ আৰু দেশৰ সামাজিক ন্যায়ৰ অন্যতম অগ্ৰণী কণ্ঠস্বৰ আছিল। শ্ৰী মোদীয়ে দৃঢ়তাৰে কয় যে দৰিদ্ৰ আৰু প্রান্তীয় লোকসকলৰ সবলীকৰণৰ প্ৰতি ড০ লোহিয়াৰ অটল প্ৰতিশ্ৰুতি সমূহে সকলোকে অনুপ্ৰাণিত কৰি আহিছে আৰু লিংগ সমতা আৰু অংশগ্ৰহণমূলক শাসনৰ ওপৰত তেওঁৰ চিন্তাধাৰা আজিও সমানে প্ৰাসংগিক হৈ আছে।

PM Modi addresses an enthusiastic public rally in Madurai, Tamil Nadu

March 01st, 04:30 pm

PM Modi addressed a massive public rally in Madurai, beginning his speech with deep reverence for Tamil Nadu’s spiritual heritage. He said he had just visited Tirupparankundram and received the darshan of Bhagwan Murugan, describing it as a truly pine experience. He said he prayed for the prosperity of Tamil Nadu and the entire nation.

ছত্ৰপতি শিৱাজী মহাৰাজৰ জয়ন্তীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

February 19th, 08:48 am

ছত্ৰপতি শিৱাজী মহাৰাজৰ জয়ন্তীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দূৰদৰ্শী নেতা, ব্যতিক্ৰমী প্ৰশাসক, কৌশলগত চিন্তাবিদ আৰু স্বৰাজ্যৰ বিজয়ী গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে ৰাজঘাটত জাতিৰ পিতা মহাত্মা গান্ধীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে

January 30th, 01:54 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জাতিৰ পিতা মহাত্মা গান্ধীৰ মৃত্যু বাৰ্ষিকী উপলক্ষে ৰাজঘাটত তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয় যে বাপুৰ কালজয়ী আদৰ্শই আমাৰ ৰাষ্ট্ৰৰ যাত্ৰাক পথ-প্ৰদৰ্শন কৰি আহিছে। আমি তেওঁৰ নীতিৰাজি আৰু ন্যায়, সম্প্ৰীতি তথা মানৱতাৰ সেৱাৰে বদ্ধমূল এখনি ভাৰত গঢ়ি তোলাৰ প্ৰতি আমাৰ অংগীকাৰৰ কথা দোহাৰিছো, শ্ৰী মোদীয়ে কয়।

সাবিত্ৰীবাই ফুলেৰ জন্ম বাৰ্ষিকীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

January 03rd, 08:07 am

আজি সাবিত্ৰীবাই ফুলেৰ জন্ম বাৰ্ষিকী উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সেৱা আৰু শিক্ষাৰ জৰিয়তে সমাজত পৰিৱৰ্তন আনিবলৈ নিজৰ জীৱন উৎসৰ্গা কৰা অগ্ৰণী সমাজ সংস্কাৰকগৰাকীক স্মৰণ কৰে।

কুৰুক্ষেত্ৰত শ্ৰী গুৰু টেগ বাহাদুৰ জীৰ ৩৫০ সংখ্যক শ্বহীদ দিৱসৰ কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

November 25th, 04:40 pm

আজি ভাৰতৰ ঐতিহ্যৰ এক উল্লেখযোগ্য দিন। ৰাতিপুৱা মই ৰামায়ণৰ নগৰ অযোধ্যাত আছিলো আৰু এতিয়া মই গীতাৰ নগৰ কুৰুক্ষেত্ৰত আছো। শ্ৰী গুৰু টেগ বাহাদুৰ জীৰ ৩৫০ সংখ্যক শ্বহীদ দিৱস উপলক্ষে আমি সকলোৱে শ্ৰদ্ধাঞ্জলি জনাইছো। মই এই কাৰ্য্যসূচীত অংশগ্ৰহণ কৰা সন্ত আৰু সন্মানীয় মণ্ডলীক সম্ভাষণ জনাইছো।