কুৰুক্ষেত্ৰত শ্ৰী গুৰু টেগ বাহাদুৰ জীৰ ৩৫০ সংখ্যক শ্বহীদ দিৱসৰ কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

November 25th, 04:40 pm

আজি ভাৰতৰ ঐতিহ্যৰ এক উল্লেখযোগ্য দিন। ৰাতিপুৱা মই ৰামায়ণৰ নগৰ অযোধ্যাত আছিলো আৰু এতিয়া মই গীতাৰ নগৰ কুৰুক্ষেত্ৰত আছো। শ্ৰী গুৰু টেগ বাহাদুৰ জীৰ ৩৫০ সংখ্যক শ্বহীদ দিৱস উপলক্ষে আমি সকলোৱে শ্ৰদ্ধাঞ্জলি জনাইছো। মই এই কাৰ্য্যসূচীত অংশগ্ৰহণ কৰা সন্ত আৰু সন্মানীয় মণ্ডলীক সম্ভাষণ জনাইছো।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হাৰিয়ানাৰ কুৰুক্ষেত্ৰত শ্ৰী গুৰু টেগ বাহাদুৰ জীৰ ৩৫০ সংখ্যক শ্বহীদ দিৱসৰ কাৰ্য্যসূচী সম্বোধন কৰে

November 25th, 04:38 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হাৰিয়ানাৰ কুৰুক্ষেত্ৰত শ্ৰী গুৰু টেগ বাহাদুৰ জীৰ ৩৫০ সংখ্যক শ্বহীদ দিৱসৰ কাৰ্য্যসূচী সম্বোধন কৰে। এই উপলক্ষে ভাষণ প্ৰদানেৰে প্ৰধানমন্ত্ৰীয়ে কয় যে আজি ভাৰতৰ ঐতিহ্যৰ এক উল্লেখযোগ্য দিন। তেওঁ কয় যে ৰাতিপুৱা তেওঁ ৰামায়ণৰ নগৰ অযোধ্যাত আছিল আৰু এতিয়া তেওঁ গীতাৰ নগৰ কুৰুক্ষেত্ৰত আছে। তেওঁ উল্লেখ কৰে যে শ্ৰী গুৰু টেগ বাহাদুৰ জীৰ ৩৫০ সংখ্যক শ্বহীদ দিৱস উপলক্ষে সকলোৱে শ্ৰদ্ধাঞ্জলি জনাইছে। প্ৰধানমন্ত্ৰীয়ে এই কাৰ্য্যসূচীত অংশগ্ৰহণ কৰা সন্ত আৰু সন্মানীয় মণ্ডলীক সম্ভাষণ জনায়।

গুৰু চৰণ যাত্ৰাৰ সৈতে সংযোগ স্থাপন কৰি পবিত্ৰ ‘জোৰ চাহাব’ৰ দৰ্শন কৰিবলৈ ৰাইজক আহ্বান প্ৰধানমন্ত্ৰীৰ

October 22nd, 06:41 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুৰু চৰণ যাত্ৰা উপলক্ষে শ্ৰী গুৰু গোবিন্দ সিং জী আৰু মাতা চাহিব কৌৰ জীৰ কালজয়ী শিক্ষা আৰু আধ্যাত্মিক উত্তৰাধিকাৰৰ আহ্বান জনাই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।

শ্ৰী গুৰু গোবিন্দ সিং জী আৰু মাতা চাহিব কৌৰ জীৰ পবিত্ৰ ‘জ’ৰ চাহিব’ৰ সুৰক্ষিত আৰু যথোচিত প্ৰদৰ্শন সন্দৰ্ভত বিশিষ্ট আৰু নিপুণ শিখ প্ৰতিনিধি দলৰে মিলিত হয় প্ৰধানমন্ত্ৰী

September 19th, 04:28 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আজি শ্ৰী গুৰু গোবিন্দ সিং জী আৰু মাতা চাহিব কৌৰ জীৰ পবিত্ৰ ‘জ’ৰ চাহিব’ৰ সুৰক্ষিত আৰু যথোচিত প্ৰদৰ্শন সন্দৰ্ভত বিশিষ্ট আৰু নিপুণ শিখ প্ৰতিনিধি দলৰে মিলিত হয়। তেওঁলোকে প্ৰধানমন্ত্ৰীগৰাকীৰ হাতত এই সন্দৰ্ভত পৰামৰ্শৰাজি অৰ্পণ কৰে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে পবিত্ৰ অৱশেষসমূহ যিমানেই তাৎপৰ্য্যপূৰ্ণ আৰু আধ্যাত্মিকভাৱে গুৰুত্বপূৰ্ণ, সিমানেই ‘জ’ৰ চাহিব’ গৌৰৱময় শিখ ইতিহাসৰো অংশ, একেদৰেই আমাৰ ৰাষ্ট্ৰৰ সাংস্কৃতিক ৰীতি-নীতিৰো অংশ। শ্ৰী মোদীয়ে লগতে কয়, পবিত্ৰ অৱশেষসমূহে ভৱিষ্যৎ প্ৰজন্মক শ্ৰীগুৰু গোবিন্দ সিং জীয়ে দেখুৱাই থৈ যোৱা সাহস, সদাচাৰ, ন্যায় আৰু সামাজিক সম্প্ৰীতিৰ পথ অনুসৰণ কৰিবলৈ অনুপ্ৰাণিত কৰিব।