জৰ্দানৰ ৰজাৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰীৰ

March 19th, 07:16 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জৰ্দানৰ মহামহিম ৰজা দ্বিতীয় আব্দুল্লাৰ সৈতে এক টেলিফোনিক বাৰ্তালাপত মিলিত হয়। এই বাৰ্তালাপত তেওঁলোকে পৰস্পৰে পৰস্পৰৰ মাজত উৎসৱ উপলক্ষে শুভেচ্ছা বিনিময় কৰে আৰু অঞ্চলটোৰ নিৰাপত্তা পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে।

জৰ্ডানৰ ৰজাৰ সৈতে বাৰ্তালাপ কৰিলে প্ৰধানমন্ত্ৰীয়ে

March 02nd, 09:45 pm

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জৰ্ডানৰ ৰজা মহামহিম ৰজা দ্বিতীয় আব্দুল্লাৰ সৈতে বাৰ্তালাপ কৰে।

ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ জৰ্ডানৰ হাশ্বেমাইত সাম্ৰাজ্য ভ্ৰমণ সন্দৰ্ভত যুটীয়া বিবৃতি

December 16th, 03:56 pm

জৰ্ডানৰ হাশ্বেমাইত সাম্ৰাজ্যৰ মহামহিম ৰজা দ্বিতীয় আব্দুল্লাহ ইবনে আল হুছেইনৰ আমন্ত্ৰণক্ৰমে ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৫-১৬ ডিচেম্বৰ, ২০২৫ত জৰ্ডানৰ হাশ্বেমাইত সাম্ৰাজ্য ভ্ৰমণ কৰে।

Today, new doors of opportunity are opening for every Jordanian business and investor in India: PM Modi during the India-Jordan Business Forum

December 16th, 12:24 pm

PM Modi and HM King Abdullah II addressed the India-Jordan Business Forum in Amman, calling upon industry leaders from both countries to convert potential and opportunities into growth and prosperity. Highlighting India’s 8% economic growth, the PM proposed doubling bilateral trade with Jordan to US $5 billion over the next five years.

প্ৰধানমন্ত্ৰী আৰু মহামহিম ৰজা দ্বিতীয় আব্দুল্লাৰ ভাৰত-জৰ্ডান ব্যৱসায়িক মঞ্চক সম্বোধন

December 16th, 12:23 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু মহামহিম ৰজা দ্বিতীয় আব্দুল্লাই আজি আম্মানত ভাৰত-জৰ্ডান ব্যৱসায়িক মঞ্চক সম্বোধন কৰে। এই অনুষ্ঠানত মহামহিম ৰাজকুমাৰ হুচেইন আৰু জৰ্ডানৰ বাণিজ্য তথা উদ্যোগ মন্ত্ৰী আৰু বিনিয়োগ মন্ত্ৰীয়েও অংশগ্ৰহণ কৰে। মহামহিম ৰজা আৰু প্ৰধানমন্ত্ৰীগৰাকীয়ে দুয়োখন দেশৰ মাজত ব্যৱসায়-বাণিজ্যৰ সম্পৰ্ক বৃদ্ধিৰ গুৰুত্ব স্বীকাৰ কৰাৰ লগতে উভয় পক্ষৰ উদ্যোগ খণ্ডৰ কৰ্ণধাৰসকলক সম্ভাৱনা আৰু সুযোগসমূহক বিকাশ তথা সমৃদ্ধিলৈ ৰূপান্তৰিত কৰিবলৈ আহ্বান জনায়। মহামহিম ৰজাই উল্লেখ কৰে যে জৰ্ডানৰ মুক্ত বাণিজ্য চুক্তি আৰু ভাৰতৰ অৰ্থনৈতিক শক্তিক একত্ৰিত কৰি দক্ষিণ এছিয়া তথা পশ্চিম এছিয়া আৰু ইয়াৰ বহিৰাঞ্চলৰ মাজত এক অৰ্থনৈতিক কৰিডৰ সৃষ্টি কৰিব পাৰি।

List of Outcomes Visit of Prime Minister to Jordan

December 15th, 11:52 pm

During the meeting between PM Modi and HM King Abdullah II of Jordan, several MoUs were signed. These include agreements on New and Renewable Energy, Water Resources Management & Development, Cultural Exchange and Digital Technology.

জৰ্ডানৰ মহামহিম ৰজা দ্বিতীয় আব্দুল্লাৰ সৈতে বৈঠকত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ অসমীয়া অনুবাদ

December 15th, 11:00 pm

১৪০ কোটি ভাৰতীয়ৰ হৈ মোক আৰু মোৰ প্ৰতিনিধি দলটোক উষ্ম আদৰণি জনোৱাৰ বাবে আপোনাক আন্তৰিকতাৰে ধন্যবাদ জনাইছো। ভাৰত আৰু জৰ্ডানৰ সম্পৰ্কক এক নতুন পৰ্য্যায়লৈ লৈ যোৱাৰ ক্ষেত্ৰত আপুনি অতিশয় ইতিবাচক ধাৰণা আগবঢ়াইছে। আপোনাৰ বন্ধুত্ব আৰু ভাৰতৰ প্ৰতি থকা গভীৰ দায়বদ্ধতাৰ বাবে আপোনালৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো।

জৰ্ডানৰ মহামহিম ৰজা দ্বিতীয় আব্দুল্লাৰ সৈতে মিলিত প্ৰধানমন্ত্ৰী

December 15th, 10:58 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আজি জৰ্ডানৰ মহামহিম ৰজা দ্বিতীয় আব্দুল্লাৰ সৈতে মিলিত হয়। আল হুছেইনিয়া পেলেছত উপস্থিত হোৱাৰ লগে-লগে তেওঁক মহামহিম ৰজা দ্বিতীয় আব্দুল্লাই উষ্ম আদৰণি জনায়।

জৰ্ডানৰ আম্মানত উপস্থিত প্ৰধানমন্ত্ৰীক উষ্ম আদৰণি

December 15th, 04:48 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আজি আম্মানত উপস্থিত হয়। দুয়োখন দেশৰ ঘনিষ্ঠ সম্পৰ্কৰ প্ৰতিফলন ঘটাই আম্মান বিমানবন্দৰত উপস্থিত হোৱাৰ লগে-লগে প্ৰধানমন্ত্ৰীক জৰ্ডানৰ প্ৰধানমন্ত্ৰী মহামহিম ডঃ জাফৰ হাছানে আনুষ্ঠানিক আদৰণি জনায়।

জৰ্ডান, ইথিঅ’পিয়া আৰু ওমানলৈ যাত্ৰাৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ বিবৃতি

December 15th, 08:15 am

আজি মই জৰ্ডান, ইথিঅ’পিয়া গণৰাজ্য আৰু ওমান এই তিনিখন দেশ ভ্ৰমণ আৰম্ভ কৰিছো, এই দেশবোৰৰ সৈতে ভাৰতৰ যুগ যুগৰ পুৰণি সভ্যতাৰ সম্পৰ্কৰ লগতে ব্যাপক সমসাময়িক দ্বিপাক্ষিক সম্পৰ্ক আছে।

প্ৰধানমন্ত্ৰীৰ জৰ্ডান, ইথিওপিয়া, ওমান ভ্ৰমণ

December 11th, 08:43 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহামহিম ৰজা দ্বিতীয় আব্দুল্লাহ-II বিন আল হুছেইনৰ আমন্ত্ৰণক্ৰমে ২০২৫ৰ ১৫–১৬ ডিচেম্বৰত জৰ্ডানৰ হাশ্বিমিত সাম্ৰাজ্য ভ্ৰমণ কৰিব।এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰীয়ে মহামহিম ৰজা আব্দুল্লাহ দ্বিতীয় বিন আল হুছেইনক সাক্ষাৎ কৰি ভাৰত আৰু জৰ্ডানৰ মাজৰ সম্পৰ্কৰ সমগ্ৰ দিশ পৰ্যালোচনা কৰাৰ লগতে আঞ্চলিক বিষয়সমূহৰ সন্দৰ্ভত দুয়ো মত বিনিময় কৰিব। দুয়োখন দেশৰ মাজত কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৭৫সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে এই ভ্ৰমণে ভাৰত-জৰ্ডানৰ দ্বিপাক্ষিক সংযোগ আৰু অধিক শক্তিশালী কৰিব। তদুপৰি, এই ভ্ৰমণে পাৰস্পৰিক বিকাশ আৰু সমৃদ্ধিৰ বাবে সহযোগিতাৰ নতুন পথ অন্বেষণ কৰাৰ লগতে আঞ্চলিক শান্তি, সমৃদ্ধি, নিৰাপত্তা আৰু সুস্থিৰতা প্ৰসাৰৰ বাবে আমাৰ দায়বদ্ধতাক দোঁহাৰে।

জৰ্ডানৰ মহামহিম বাদশ্বাহ দ্বিতীয় আবদুল্লাৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰীৰ

October 23rd, 07:12 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জৰ্ডানৰ মহামহিম বাদশ্বাহ দ্বিতীয় আবদুল্লাৰ সৈতে বাৰ্তালাপ কৰে। তেওঁলোকে পশ্চিম-এছিয়া অঞ্চলৰ শেহতীয়া ঘটনাৰাজি সন্দৰ্ভত মত-বিনিময় কৰে। শ্ৰী মোদীয়ে সন্ত্ৰাসবাদ, হিংসা আৰু সাধাৰণ নাগৰিকৰৰ প্ৰাণহানিৰ ঘটনা সন্দৰ্ভতো উদ্বেগ প্ৰকাশেৰে নিৰাপত্তা আৰু মানৱীয় পৰিস্থিতিৰ আগতীয়া সমাধানৰ বাবে একত্ৰিত প্ৰচেষ্টাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে।

জৰ্ডান ৰাজ্য প্ৰতিষ্ঠাৰ ১০০ সংখ্যক বাৰ্ষিকী উপলক্ষে হাছিমীয় জৰ্ডান ৰাজ্যৰ বাদশ্বাহ মহামহিম দ্বিতীয় আবদুল্লাহ আৰু জনসাধাৰণক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

April 14th, 08:58 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এটি ভিডিঅ’ বাৰ্তাৰ জৰিয়তে জৰ্ডান ৰাজ্য প্ৰতিষ্ঠাৰ ১০০ সংখ্যক বাৰ্ষিকী উপলক্ষে হাছিমীয় জৰ্ডান ৰাজ্যৰ বাদশ্বাহ মহামহিম দ্বিতীয় আবদুল্লাহ আৰু জনসাধাৰণক অভিনন্দন জনাইছে।

জর্ডানৰ প্রতিষ্ঠাৰ শতবার্ষিকী উপলক্ষে প্রধানমন্ত্রীৰ বক্তব্য

April 14th, 08:53 am

জর্ডানৰ প্রতিষ্ঠাৰ শতবার্ষিকী উপলক্ষে মই আন্তৰিক শুভেচ্ছা জনাইছো।

Telephone Conversation between PM and King of Hashemite Kingdom of Jordan

April 16th, 07:54 pm

Prime Minister Shri Narendra Modi had a telephone conversation today with His Majesty King Abdullah II of the Hashemite Kingdom of Jordan.

ৰিয়াধত প্ৰধানমন্ত্রীৰ সৈতে জর্ডানৰ ৰজাৰ বৈঠক

October 29th, 02:18 pm

ছৌদি আৰৱৰ ৰিয়াধত আজি ফিউচাৰ ইনভেষ্টমেণ্ট ইনিচিয়েটিভ ফ’ৰাম(আফআইই)ৰ সমান্তৰালভাৱে প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদী আৰু জর্ডানৰ হেশেমিটে সাম্ৰাজ্যৰ ৰজা দ্বিতীয় আব্দুল্লা বিন আল- হুছেইনৰ মাজত বৈঠক অনুষ্ঠিত হয়৷ দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পর্কক আৰু অধিক শক্তিশালী কৰাৰ পদ্ধতিসমূহৰ সন্দৰ্ভত আলোচনা কৰে৷ ২০১৮ৰ ২৭ ফেব্ৰূৱাৰীৰ পৰা ১ মার্চলৈকে জর্ডানৰ ৰজাৰ ভাৰত ভ্ৰমণৰ সময়ত স্বাক্ষৰিত বুজাবুজি চু্ক্তি তথা চুক্তিসমূহ কাৰ্যকৰী কৰাৰ অগ্ৰগতিক লৈও তেওঁলোকেৰ মাজত আলোচনা হয়। মধ্যপ্রাচ্যত শান্তি প্ৰক্রিয়া আৰু অন্যান্য আঞ্চলিক অগ্ৰগতিৰ বিষয়বোৰৰ সন্দৰ্ভতো দুয়োগৰাকী নেতাই আলোচনা কৰে৷ সন্ত্রাস দমনত সহযোগিতাৰ সন্দৰ্ভতো প্ৰধানমন্ত্ৰী আৰু জৰ্ডানৰ ৰজাই আলোচনা কৰে৷

জৰ্দান সম্ৰাটৰ ভাৰত ভ্ৰমণকালত (০১ মাৰ্চ, ২০১৮) স্বাক্ষৰিত বুজাবুজি চুক্তি / চুক্তিৰ তালিকা

March 01st, 05:07 pm

এই বুজাবুজি চুক্তিৰ উদ্দেশ্য হৈছে প্ৰশিক্ষণ, প্ৰতিৰক্ষা উদ্যোগ, সন্ত্ৰাসবাদ নিৰ্মূলকৰণ, সামৰিক অধ্যয়ন, ছাইবাৰ সুৰক্ষা, সামৰিক চিকিৎসা সেৱা, শান্তি ৰক্ষা ইত্যাদিৰ দৰে ক্ষেত্ৰত সহযোগিতা কাৰ্যকৰীকৰণৰ বাবে সহযোগিতাৰ সুযোগ আৰু ব্যৱস্থাৰ সৃষ্টিৰে প্ৰতিৰক্ষা ক্ষেত্ৰত ভাৰত আৰু জৰ্দানৰ মাজত সহযোগিতা প্ৰসাৰ কৰা৷৷

Every Indian is proud of the rich diversity the country has: PM Modi

March 01st, 11:56 am

Addressing the conference on Islamic Heritage, PM Narendra Modi said that religions across the world flourished in India and every Indian was proud of the rich persity of the country. He said that India believed in the philosophy of ‘Vasudhaiva Kutumbakam’ –the entire world is one family. Also, highlighting the mantra of ‘Sabka Saath, Sabka Vikas’, he added that India believed in taking everyone together in the journey towards development.

জৰ্দানৰ ৰজা আব্দুল্লা দ্বিতীয়ক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ

February 09th, 08:58 pm

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জৰ্দানৰ ৰজা আব্দুল্লা দ্বিতীয়ক সাক্ষাৎ কৰে আৰু তেওঁৰ সৈতে গঠনমূলক আলোচনাত মিলিত হয়৷

জৰ্দানৰ আম্মানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী

February 09th, 06:50 pm

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জৰ্দানৰ আম্মানত উপস্থিত হৈছে৷ প্ৰধানমন্ত্ৰীয়ে জৰ্দানৰ মহামান্য ৰজা আব্দুল্লা দ্বিতীয়ক সাক্ষাৎ কৰে৷