জাৰ্মানীৰ বৈদেশিক মন্ত্ৰীক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ

September 03rd, 08:40 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জাৰ্মানীৰ বৈদেশিক মন্ত্ৰী জোহান ৱাডেফুলৰ সৈতে বৈঠকত মিলিত হয়। ভাৰত আৰু জাৰ্মানীয়ে কৌশলগত অংশীদাৰিত্বৰ ২৫ বছৰ উদযাপন কৰিছে। সজীৱ গণতন্ত্ৰ আৰু আগশাৰীৰ অৰ্থনীতি হিচাপে আমি বাণিজ্য, প্ৰযুক্তি, উদ্ভাৱন, বহনক্ষমতা, উৎপাদন আৰু গতিশীলতাৰ ক্ষেত্ৰত পাৰস্পৰিকভাৱে উপকাৰী সহযোগিতা বৃদ্ধি কৰাৰ অপৰিসীম সম্ভাৱনা দেখিছো, শ্ৰী মোদীয়ে কয়।