ভূটানৰ চতুৰ্থ ৰজাৰ সৈতে প্ৰধানমন্ত্ৰীৰ জনতাক আদৰণি আৰু বিশ্ব শান্তি প্ৰাৰ্থনা উৎসৱত অংশগ্ৰহণ
November 12th, 09:54 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি থিম্ফুত ভূটানৰ চতুৰ্থ ৰজা মহামান্য জিগমে সিংগিয়ে ৱাংচুকৰ সৈতে জনতাক আদৰণি জনায়।ভূটানৰ ৰজাৰ জন্মদিন উদযাপন কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
November 11th, 12:00 pm
কিন্তু আজি মই এটা গধুৰ মনেৰে ইয়ালৈ আহিছোঁ। কালি সন্ধিয়া দিল্লীত সংঘটিত হোৱা ভয়ানক ঘটনাই আমাক সকলোকে গভীৰভাৱে বিচলিত কৰিছে। ইয়াত প্ৰাণহানি হোৱা লোকসকলৰ পৰিয়ালবৰ্গৰ মৰ্মবেদনা উপলব্ধি কৰিছোঁ। সমগ্ৰ ৰাষ্ট্ৰ আজি তেওঁলোকৰ শোকৰ সমভাগী হৈছে।ভূটানৰ চতুৰ্থ ৰজাৰ ৭০ সংখ্যক জন্মদিন উপলক্ষে আয়োজিত অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ
November 11th, 11:39 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভূটানৰ থিম্পুৰ চাংলিমেথাং উদযাপন খেলপথাৰত ভূটানৰ চতুৰ্থ ৰজাৰ ৭০ সংখ্যক জন্মদিন উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ প্ৰদান কৰে। প্ৰধানমন্ত্ৰীয়ে ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়েল ৱাংচুক আৰু চতুৰ্থ ৰজা জিগমে সিংগিয়ে ৱাংচুকলৈ উষ্ম শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ ৰাজপৰিয়ালৰ সন্মানীয় সদস্যসকল, ভূটানৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত শ্বেৰিং ট'বগে আৰু উপস্থিত অন্যান্য বিশিষ্ট ব্যক্তিসকলকো সন্মান জনায়।ভূটানত উপস্থিত প্ৰধানমন্ত্ৰী
March 22nd, 09:53 am
২২-২৩ মাৰ্চ, ২০২৪লৈ দুদিনীয়া ভূটান ভ্ৰমণসূচীৰে আজি পাৰোত উপস্থিত হয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী। ভাৰত আৰু ভূটানৰ মাজত নিয়মীয়াকৈ উচ্চ পৰ্যায়ৰ আদান-প্ৰদানৰ পৰম্পৰা আৰু চৰকাৰে প্ৰতিৱেশী প্ৰথম নীতিৰ ওপৰত গুৰুত্ব দিয়া পৰম্পৰাত আধাৰিত এই ভ্ৰমণসূচী।