ভাৰতৰ প্ৰধানমন্ত্ৰীৰ ভূটান ভ্ৰমণ সন্দৰ্ভত যুটীয়া বিবৃতি
November 12th, 10:00 am
এই ভ্ৰমণৰ সময়ত, প্ৰধানমন্ত্ৰী মোদীয়ে ২০২৫ চনৰ ১১ নৱেম্বৰত চাংলিমিথাঙত মহামান্য চতুৰ্থ ড্ৰুক গ্যালপোৰ ৭০ সংখ্যক জন্মদিন উপলক্ষে ভূটানৰ জনসাধাৰণৰ সৈতে সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে থিম্ফুত চলি থকা বিশ্ব শান্তি প্ৰাৰ্থনা উৎসৱতো অংশগ্ৰহণ কৰে। ভূটানৰ মহামান্য ৰজাই এই উৎসৱৰ সময়ত ৰাজহুৱা পূজাৰ বাবে থিম্ফুলৈ ভাৰতৰ পৰা অহা ভগৱান বুদ্ধৰ পবিত্ৰ পিপৰাহৱা অৱশিষ্টসমূহৰ প্ৰশংসা কৰে।প্ৰধানমন্ত্ৰীয়ে ভূটানৰ ৰজাৰ সৈতে দৰ্শকক সম্ভাষণ জনায়
November 11th, 06:14 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি থিম্ফুত ভূটানৰ মহামহিম ৰজা জিগমে খেচাৰ নামগৱেল ৱাংচুকৰ সৈতে দৰ্শক ৰাইজক সম্ভাষণ জনায়। দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পৰ্কৰ অধিক বৰ্ধন আৰু সুদৃঢ়কৰণৰ উপায় সম্পৰ্কে মত-বিনিময় কৰে। তেওঁলোকে পাৰস্পৰিক স্বাৰ্থজনিত আঞ্চলিক আৰু বিশ্বব্যাপী বিষয়সমূহতো আলোচনাত মিলিত হয়। মহামহিমে দিল্লীত সংঘটিত শোকাৱহ ঘটনাত প্ৰাণহানি হোৱা লোকসকলৰ আত্মাৰ সদগতি কামনা কৰে।২০২৫ চনৰ ১১ আৰু ১২ নৱেম্বৰত চৰকাৰী ভ্ৰমণসূচী লৈ ভূটানলৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
November 09th, 09:59 am
দুয়োখন দেশৰ মাজৰ সম্পৰ্ক সুদৃঢ় কৰাৰ লক্ষ্যৰে ২০২৫ চনৰ ১১ আৰু ১২ নৱেম্বৰত চৰকাৰী ভ্ৰমণসূচী লৈ ভূটানলৈ যাব প্ৰধানমন্ত্ৰী মোদী। এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ভূটানৰ ৰজা মহামহিম জিগমে খেছাৰ নামগিয়েল ৱাংচুক আৰু ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টবগেক সাক্ষাৎ কৰিব। ভূটানৰ চতুৰ্থ ৰজা মহামহিম জিগমে চিংগ্যে ৱাংচুকৰ ৭০ সংখ্যক জয়ন্তী উদযাপন আৰু ‘বিশ্ব শান্তি প্ৰাৰ্থনা উৎসৱ’তো অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে।নতুন দিল্লীত ছ’ল লিডাৰশ্বিপ সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
February 21st, 11:30 am
ভূটানৰ প্ৰধানমন্ত্ৰী, মোৰ ভাই দাশো শ্বেৰিং টবগে জী, ছ’ল ব’ৰ্ডৰ অধ্যক্ষ সুধিৰ মেহতা, উপাধ্যক্ষ হান্সমুখ আধিয়া, উদ্যোগ জগতৰ পৰা অহা বিশিষ্ট ব্যক্তি, যিসকলে নিজৰ জীৱনত নেতৃত্ব প্ৰদান কৰাত সফল হৈছে, তেওঁলোকৰ নিজৰ নিজৰ ক্ষেত্ৰখনতো মোৰ ডেকা বন্ধুসকলক দেখিছোঁ যিসকলে ভৱিষ্যতৰ বাবে অপেক্ষা কৰি আছে, সকলোকে নমস্কাৰ।ছউল লিডাৰশ্বিপ কনক্লেভৰ প্ৰথম সংস্কৰণ উদ্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
February 21st, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত স্কুল অৱ আলটিমেট লিডাৰশ্বিপ (ছউল) সন্মিলন ২০২৫ৰ প্ৰথম সংস্কৰণ উদ্বোধন কৰে। ইয়াত উপস্থিত থকা বিশিষ্ট নেতা আৰু ভৱিষ্যতৰ উদীয়মান যুৱ নেতাসকলক আদৰণি জনাই শ্ৰী মোদীয়ে মন্তব্য কৰে যে কিছুমান অনুষ্ঠান অতি ভাল লগা আৰু আজি এনে এক অনুষ্ঠান আছিল। ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে সুনাগৰিকৰ বিকাশ প্ৰয়োজনীয়, প্ৰতিখন ক্ষেত্ৰতে উৎকৃষ্ট নেতাৰ বিকাশ প্ৰয়োজনীয়, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। তেওঁ মন্তব্য কৰে যে প্ৰতিটো খণ্ডত উৎকৃষ্ট নেতাক গঢ় দিয়াটো জৰুৰী, যিটো সময়ৰ প্ৰয়োজন। সেয়েহে, তেওঁ এই কথাত আলোকপাত কৰি কয় যে স্কুল অৱ আলটিমেট লিডাৰশ্বিপ বিকশিত ভাৰতৰ উন্নয়ন যাত্ৰাৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি। ছউল কেৱল সংস্থাটোৰ নামত নহয় বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে যে ছউল হব ভাৰতৰ সামাজিক জীৱনৰ আত্মা। তেওঁ লগতে কয় যে আন এক অৰ্থত, ছউলে আধ্যাত্মিক অভিজ্ঞতাৰ গুৰুত্বও সুন্দৰভাৱে দাঙি ধৰে। ছউলৰ সকলো অংশীদাৰক শুভেচ্ছা জনাই শ্ৰী মোদীয়ে ঘোষণা কৰে যে অদূৰ ভৱিষ্যতে গুজৰাটৰ জি আই এফ টি চিটিৰ ওচৰত ছউলৰ এক নতুন, বিশাল চৌহদ সাজু হব।ভূটানৰ ‘মহামান্য’ ৰজা আৰু ৰাণীক প্ৰধানমন্ত্ৰীয়ে আদৰণি জনায়
December 05th, 03:42 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ভূটানৰ ‘মহামান্য’ ৰজা জিগমে খেছাৰ নামগ্যেইল ৱাংচুক আৰু ভূটানৰ মহাৰাণী জেটচুন পেমা ৱাংচুকক আদৰণি জনায়। প্ৰধানমন্ত্ৰীয়ে তেওঁলোকলৈ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে ২০২৪ চনৰ মাৰ্চ মাহত তেওঁৰ চৰকাৰী ভ্ৰমণৰ সময়ত ভূটান চৰকাৰ আৰু ভূটানৰ জনসাধাৰণে আগবঢ়োৱা ব্যতিক্ৰমী উষ্ণ আতিথ্যৰ কথা সন্তোষৰে স্মৰণ কৰে।প্ৰধানমন্ত্ৰীক অভিনন্দন জনাই ভূটানৰ ৰজাৰ ফোন
June 05th, 08:05 pm
ভূটানৰ ৰজা মহামহিম জিগমে খেছাৰ নামগ্যায়াল ৱাংচুকে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক ফোন কৰি অষ্টাদশ লোকসভা নিৰ্বাচনত এনডিএৰ বিজয়ৰ বাবে অভিনন্দন জনায়। মহামহিম ৰজা ৱাংচুকে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত ভাৰতবাসীৰ ধাৰাবাহিক প্ৰগতি আৰু সমৃদ্ধিৰ বাবে উষ্ম শুভেচ্ছা আৰু অভিনন্দন জনায়।ভূটানৰ ৰজাক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
March 22nd, 06:32 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি থিম্ফুত ভূটানৰ মহামহিম ৰজা জিগমে খেছাৰ নামগিয়েল ৱাংচুকক সাক্ষাৎ কৰে। পাৰোৰ পৰা থিম্ফুলৈ যাত্ৰাৰ সময়ত ভূটানৰ জনতাই প্ৰধানমন্ত্ৰীগৰাকীক জনোৱা উষ্ম আদৰণিৰ বাবে ভূটানৰ মহামহিম ৰজাক প্ৰধানমন্ত্ৰীয়ে ধন্যবাদ জ্ঞাপন কৰে।ভূটানত উপস্থিত প্ৰধানমন্ত্ৰী
March 22nd, 09:53 am
২২-২৩ মাৰ্চ, ২০২৪লৈ দুদিনীয়া ভূটান ভ্ৰমণসূচীৰে আজি পাৰোত উপস্থিত হয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী। ভাৰত আৰু ভূটানৰ মাজত নিয়মীয়াকৈ উচ্চ পৰ্যায়ৰ আদান-প্ৰদানৰ পৰম্পৰা আৰু চৰকাৰে প্ৰতিৱেশী প্ৰথম নীতিৰ ওপৰত গুৰুত্ব দিয়া পৰম্পৰাত আধাৰিত এই ভ্ৰমণসূচী।প্ৰধানমন্ত্ৰীৰ ভূটান ভ্ৰমণ (২১-২২ মাৰ্চ, ২০২৪)
March 22nd, 08:06 am
এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীগৰাকীয়ে ভূটানৰ ৰজা মহামহিম জিগমে খেছাৰ নামগয়েল ৱাংচুক আৰু ভূটানৰ চতুৰ্থগৰাকী ৰজা মহামহিম জিগমে চিংগে ৱাংচুকৰে মিলিত হ’ব। ভূটানৰ প্ৰধানমন্ত্ৰী মহামহিম শ্বেৰিং টবগেৰ সৈতেও আলোচনাত মিলিত হ’ব প্ৰধানমন্ত্ৰীগৰাকী।ভূটানৰ ৰজা মহামহিম জিগমে খেচাৰ নামগৱেল ৱাংচুকৰে মিলিত প্ৰধানমন্ত্ৰী
April 04th, 06:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীস্থিত তেখেতৰ বাসগৃহত ভূটানৰ ৰজা মহামহিম জিগমে খেচাৰ নামগৱেল ৱাংচুকৰ সৈতে মিলিত হয়।