কেবিনেটে ঝাৰিয়া ক’লফিল্ডত অগ্নিকাণ্ড, মাটি তললৈ বহি যোৱাৰে মোকাবিলা আৰু প্ৰভাৱিত পৰিয়ালসমূহৰ পুনৰ্বাসনৰ অৰ্থে সংশোধিত ঝাৰিয়া মাষ্টাৰ প্লেনত অনুমোদন জনায়

June 25th, 03:14 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অৰ্থনৈতিক পৰিক্ৰমা কেবিনেট কমিটিয়ে ঝাৰিয়া ক’লফিল্ডত অগ্নিকাণ্ড, মাটি তললৈ বহি যোৱাৰে সম্পৰ্কীয় উদ্বেগৰে মোকাবিলা আৰু প্ৰভাৱিত পৰিয়ালসমূহৰ পুনৰ্বাসনৰ অৰ্থে সংশোধিত ঝাৰিয়া মাষ্টাৰ প্লেনত (JMP) অনুমোদন জনাইছে। মুঠ ৫,৯৪০.৪৭ কোটি টকা বিত্তীয় ব্যয় সাপেক্ষে এই সংশোধিত পৰিকল্পনা ৰূপায়ণ কৰা হ’ব। ইয়াৰ অধীনত পৰ্য্যায়ভিত্তিক পদ্ধতিয়ে অগ্নিকাণ্ড আৰু তললৈ বহি যোৱা ঘটনাৰে মোকাবিলা তথা অগ্ৰাধিকাৰ ভিত্তিত অতিশয় বিপদসংকূল স্থানৰ প্ৰভাৱিত পৰিয়ালসমূহৰ পুনৰ্বাসন নিশ্চিত কৰা হ’ব।