প্ৰধানমন্ত্ৰীয়ে ২ ছেপ্টেম্বৰত বিহাৰ ৰাজ্য জীৱিকা নিধি সাখ সহকাৰী সংঘ লিমিটেডৰ শুভাৰম্ভ কৰিব

September 01st, 03:30 pm

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২ ছেপ্টেম্বৰৰ দিনৰ ১২:৩০ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে বিহাৰ ৰাজ্য জীৱিকা নিধি সাখ সহকাৰী সংঘ লিমিটেডৰ শুভাৰম্ভ কৰিব। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে প্ৰতিষ্ঠানটোৰ বেংক একাউন্টলৈ ১০৫ কোটি টকা হস্তান্তৰো কৰিব।