আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতি জেভিয়াৰ মিলেইক সাক্ষাৎ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে
July 06th, 01:48 am
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতি মহামহিম জেভিয়াৰ মিলেইক সাক্ষাৎ কৰে। কাছা ৰোজাডাত উপস্থিত হোৱাৰ সময়ত ৰাষ্ট্ৰপতি মিলেই প্ৰধানমন্ত্ৰী শ্ৰী মোদীক উষ্ম আদৰণি জনায়। কালি বুয়েনছ আয়াৰ্ছত উপস্থিত হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰীক আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হৈছিল। প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণে বিশেষ তাৎপৰ্য্য বহন কৰিছে । কাৰণ ৫৭ বছৰৰ পিছত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ এয়া প্ৰথমটো আৰ্জেণ্টিনা ভ্ৰমণ। ভাৰত-আৰ্জেণ্টিনাৰ সম্পৰ্কৰ এয়া এক গুৰুত্বপূৰ্ণ বছৰ, কাৰণ দুয়োখন দেশে কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৭৫ বছৰ উদযাপন কৰিছে। প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে ৰাষ্ট্ৰপতি মিলেইৰ লগতে তেওঁৰ প্ৰতিনিধি দলৰ প্ৰতি তেওঁক আগবঢ়োৱা আতিথ্যৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।আৰ্জেণ্টিনাৰ বুয়েনছ আয়াৰ্ছত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
July 05th, 07:23 am
কিছু সময়ৰ পূৰ্বে আৰ্জেণ্টিনাত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। তেওঁ ৰাষ্ট্ৰপতি মিলেইৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব।ঘানা, ত্ৰিনিদাদ আৰু টোবাগো, আৰ্জেন্টিনা, ব্ৰাজিল আৰু নামিবিয়া ভ্ৰমণৰ প্ৰাকক্ষণত প্ৰধানমন্ত্ৰীৰ প্ৰস্থান বিবৃতি
July 02nd, 07:34 am
মই ৰাষ্ট্ৰপতি মহামহিম জন ড্ৰামানী মহামাৰ নিমন্ত্ৰণমৰ্মে ২-৩ জুলাইত ঘানা ভ্ৰমণ কৰিম। ঘানা হৈছে গ্ল’বেল চাউথৰ এক গুৰুত্বপূৰ্ণ অংশীদাৰ আৰু দেশখনে আফ্ৰিকান ইউনিয়ন আৰু পশ্চিম আফ্ৰিকাৰ দেশসমূহৰ অৰ্থনৈতিক সমাজত এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। আমাৰ ঐতিহাসিক সম্পৰ্কক অধিক গভীৰ কৰি তোলা আৰু বিনিয়োগ, শক্তি, স্বাস্থ্য, নিৰাপত্তা, সামৰ্থ্য গঠন তথা উন্নয়ন অংশীদাৰিত্বকে প্ৰমুখ্য কৰি সহযোগিতাৰ নতুন পথ মুকলিৰ লক্ষ্যৰে আলোচনাৰ বাবে মই আগ্ৰহী হৈ উঠিছোঁ। ঘানাৰ সংসদত ভাষণ প্ৰদান কাৰ্য্য সন্মানৰ কথা হ’ব।প্ৰধানমন্ত্ৰীৰ ঘানা, ট্ৰিনিদাদ আৰু ট'বাগো, আৰ্জেণ্টিনা, ব্ৰাজিল তথা নামিবিয়া ভ্ৰমণ (২ৰ পৰা ৯জুলাইলৈ)
June 27th, 10:03 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৫ চনৰ ০২-০৩ জুলাইত ঘানা ভ্ৰমণ কৰিব।এয়া হ’ব প্ৰধানমন্ত্ৰীৰ প্ৰথম ঘানা ভ্ৰমণ। তিনি দশকৰ অন্তত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ঘানালৈ ভ্ৰমণ কৰিব । এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ঘানাৰ ৰাষ্ট্ৰপতিৰ সৈতে বৈঠকত মিলিত হ'ব আৰু দুয়ো খন দেশৰ মাজত শক্তিশালী দ্বিপাক্ষিক অংশীদাৰিত্বৰ বিষয়ে পৰ্যালোচনা কৰিব । বৈঠকত অৰ্থনৈতিক, শক্তি, আৰু প্ৰতিৰক্ষা সহযোগিতা, আৰু উন্নয়ন সহযোগিতা অংশীদাৰিত্বৰ জৰিয়তে দুয়ো খন দেশৰ সম্পৰ্কক অধিক উল্লত কৰাৰ বিষয়ে আলোচনা কৰা হ'ব। এই ভ্ৰমণে দ্বিপাক্ষিক সম্পৰ্ক গভীৰ কৰাৰ লগতে ইকোৱাছ [পশ্চিম আফ্ৰিকান ৰাষ্ট্ৰৰ অৰ্থনৈতিক সম্প্ৰদায়] আৰু আফ্ৰিকান ইউনিয়নৰ সৈতে ভাৰতৰ সংযোগ শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতিক পুনৰ সুদৃঢ় কৰিব।PM Modi meets with the President of Argentina
November 20th, 08:09 pm
PM Modi met Argentine President Javier Milei at the G20 Summit in Rio. They discussed governance, celebrated the growth of the India-Argentina Strategic Partnership, and highlighted expanding cooperation in trade, critical minerals, defence, energy, and technology. It marked their first bilateral meeting.Prime Minister congratulates Javier Milei for winning Argentina’s presidential election
November 20th, 05:00 pm
The Prime Minister, Shri Narendra Modi congratulated Javier Milei for winning Argentina’s presidential election.