ভাৰত-জাপান মানৱ সম্পদ বিনিময় আৰু সহযোগিতাৰ বাবে কাৰ্য্য পৰিকল্পনা

August 29th, 06:54 pm

ভাৰত-জাপান বাৰ্ষিক সন্মিলন ২০২৫ৰ সময়ত ভাৰত আৰু জাপানৰ প্ৰধানমন্ত্ৰীয়ে ভ্ৰমণ আৰু বিনিময়ৰ জৰিয়তে তেওঁলোকৰ নাগৰিকসকলৰ মাজত গভীৰ বুজাবুজি গঢ়ি তোলাৰ লগতে তেওঁলোকৰ মানৱ সম্পদৰ বাবে সহযোগিতামূলক পথ বিচাৰি উলিওৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত সহমত প্ৰকাশ কৰে আৰু নিজ নিজ ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰ অনুসৰি কাম কৰে।

ভাৰত আৰু জাপানৰ মাজত অৰ্থনৈতিক সহযোগিতা গভীৰ কৰাৰ প্ৰসংগ আলোচনা কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে ‘কেইজাই ডয়ুকাই’ৰ উচ্চ ক্ষমতাসম্পন্ন প্ৰতিনিধিদলক সাক্ষাৎ কৰে

March 27th, 08:17 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৱাৰ ভাগত ‘৭, লোক কল্যাণ মাৰ্গ’ত ভাৰত আৰু জাপানৰ মাজত অৰ্থনৈতিক সহযোগিতা গভীৰ কৰাৰ প্ৰসংগত কেইজাই ডয়ুকাই (জাপান এছ'চিয়েশ্যন অব কৰ্পোৰেট এক্সিকিউটিভছ)ৰ মতামত আৰু অৱধাৰণাসমূহ শুনিবলৈ সংগঠনটোৰ অধ্যক্ষ শ্ৰীযুত তাকেশ্বি নিনামিৰ নেতৃত্বত অহা এটা কুৰিজনীয়া উচ্চ ক্ষমতাসম্পন্ন প্ৰতিনিধি দলৰ সৈতে মিলিত হয়।