জাপান অ’পেন ২০২৬ত খিতাপ জয় কৰাৰ বাবে পি ভি সিন্ধুক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
July 19th, 07:13 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতৰ বেডমিণ্টন খেলুৱৈ পি ভি সিন্ধুক জাপান অ’পেন ২০২৬ত খিতাপ দখল কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰে। এই ঐতিহাসিক কৃতিত্ব অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হৈছে সিন্ধু। শ্ৰী মোদীয়ে কয় যে পি ভি সিন্ধুৰ দৃঢ়তা আৰু ব্যতিক্ৰমী দক্ষতা সমগ্ৰ প্ৰতিযোগিতাখনতে প্ৰতিফলিত হৈছিল আৰু তেওঁ সমগ্ৰ দেশৰ অগণন যুৱ খেলুৱৈক দৃঢ়তাৰে খেলিবলৈ আৰু প্ৰদৰ্শন আগবঢ়াবলৈ অনুপ্ৰাণিত কৰিলে।