১৬ ফেব্ৰুৱাৰীত ইণ্ডিয়া এ আই ইমপেক্ট এক্সপ’ ২০২৬ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে
February 15th, 02:21 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ বৰ্ষৰ ১৬ ফেব্ৰুৱাৰীৰ সন্ধিয়া ৫ বজাত নতুন দিল্লীৰ ভাৰত মণ্ডপমত ভাৰত এ আই ইমপেক্ট এক্সপ’ ২০২৬ উদ্বোধন কৰিব।জাপানৰ হাউছ অব্ ৰিপ্ৰেজেণ্টেটিভৰ নিৰ্বাচনত ঐতিহাসিক জয়লাভৰ বাবে ছানাই তাকাইচিক প্ৰধানমন্ত্ৰীৰ অভিনন্দন
February 08th, 09:34 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জাপানৰ হাউছ অব্ ৰিপ্ৰেজেণ্টেটিভৰ নিৰ্বাচনত ঐতিহাসিক জয়লাভৰ বাবে মাননীয় ছানাই তাকাইচিক অভিনন্দন জ্ঞাপন কৰে।ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ওপৰত ধন্যবাদসূচক প্ৰস্তাৱৰ প্ৰধানমন্ত্ৰীৰ উত্তৰৰ অসমীয়া অনুবাদ
February 05th, 05:35 pm
এই ধন্যবাদ প্ৰস্তাৱৰ সমৰ্থনত এই সদনত মোৰ আবেগ প্ৰকাশ কৰিব পৰাটো মই এক সৌভাগ্যৰ কথা বুলি বিবেচনা কৰিছো।ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱৰ উত্তৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
February 05th, 05:00 pm
আজি ৰাজ্যসভাত প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱৰ উত্তৰ দিয়ে। সদনত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতিৰ ভাষণৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি কয় যে ধন্যবাদৰ প্ৰস্তাৱৰ সমৰ্থনত তেওঁৰ আবেগ ভাগ-বতৰা কৰিব পৰাটো তেওঁৰ বাবে সৌভাগ্যৰ কথা। তেওঁ মন্তব্য কৰে যে বিগত বছৰটো উন্নত ভাৰতৰ যাত্ৰাত দ্ৰুত অগ্ৰগতিৰ বছৰ, প্ৰতিটো খণ্ডতে আৰু সমাজৰ সকলো শ্ৰেণীৰ মাজত ৰূপান্তৰ দৃশ্যমান হৈছে, কিয়নো দেশখনে সঠিক দিশত অতি দ্ৰুতগতিত আগবাঢ়িছে। শ্ৰী মোদীয়ে আলোকপাত কৰে যে ৰাষ্ট্ৰপতিয়ে এই বিষয়সমূহ সংবেদনশীলতা আৰু স্পষ্টতাৰে উপস্থাপন কৰিছিল।ভগৱান বুদ্ধৰ সৈতে জড়িত পৱিত্ৰ পিপ্ৰহৱা ধ্বংসাৱশেষৰ বিশাল আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনীৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
January 03rd, 12:00 pm
কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা মোৰ সহযোগী গজেন্দ্ৰ সিং শ্বেখাৱটজী, কিৰেণ ৰিজিজুজী, ৰামদাস আথাৱালেজী, ৰাও ইন্দৰজিৎজী, দিল্লীৰ মুখ্যমন্ত্ৰীৰ পূৰ্বৰ এটা অনুষ্ঠান আছিল আৰু তেওঁ যাবলগীয়া হৈছে, দিল্লীৰ অন্যান্য সকলো সতীৰ্থ মন্ত্ৰী, দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰ শ্ৰী ছাক্সেনাজী, মহামহিমসকল, কূটনৈতিক সম্প্ৰদায়ৰ সন্মানীয় সদস্যসকল, বৌদ্ধ পণ্ডিতগণ, ধৰ্ম অনুগামী ভদ্ৰ পুৰুষ আৰু মহিলাসকল।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত ভগৱান বুদ্ধৰ সৈতে জড়িত পৱিত্ৰ পিপ্ৰহৱা ধ্বংসাৱশেষৰ বিশাল আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনী উদ্বোধন কৰে
January 03rd, 11:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ৰায় পিথোৰা সাংস্কৃতিক কমপ্লেক্সত “দ্য লাইট এণ্ড দ্য লোটাছ ঃ ৰেলিছ অব্ দ্য এৱেকেনড ৱান” শীৰ্ষক ভগৱান বুদ্ধৰ সৈতে জড়িত পৱিত্ৰ পিপ্ৰহৱা ধ্বংসাৱশেষৰ বিশাল আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনী উদ্বোধন কৰে। এই উপলক্ষে সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে এশ পঁচিশ বছৰ অপেক্ষাৰ অন্তত ভাৰতৰ ঐতিহ্য ঘূৰি আহিছে, ভাৰতৰ উত্তৰাধিকাৰ পুনৰ উভতি আহিছে। তেওঁ আলোকপাত কৰে যে আজিৰ পৰা ভাৰতৰ জনসাধাৰণে ভগৱান বুদ্ধৰ এই পৱিত্ৰ ধ্বংসাৱশেষসমূহ প্ৰত্যক্ষ কৰি তেওঁৰ আশীৰ্বাদ লাভ কৰিব পাৰিব। এই শুভ অনুষ্ঠানত উপস্থিত থকা সকলো অতিথিক শ্ৰী মোদীয়ে আদৰণি জনাই শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ বৌদ্ধ পৰম্পৰাৰ লগত জড়িত সন্ন্যাসী আৰু ধৰ্মাচাৰ্যও উপস্থিত থকা বুলি উল্লেখ কৰি তেওঁলোকৰ প্ৰতি তেওঁৰ শ্ৰদ্ধা ব্যক্ত কৰে। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে তেওঁলোকৰ উপস্থিতিয়ে এই অনুষ্ঠানটোক নতুন শক্তি প্ৰদান কৰিছে। প্ৰধানমন্ত্ৰীয়ে এই কথাতো আলোকপাত কৰে যে ২০২৬ চনৰ একেবাৰে আৰম্ভণিতে এই শুভ উদযাপন অতি প্ৰেৰণাদায়ক। ভগৱান বুদ্ধৰ আশীৰ্বাদত ২০২৬ বৰ্ষই বিশ্বৰ বাবে শান্তি, সমৃদ্ধি, সম্প্ৰীতিৰ এক নতুন যুগৰ সূচনা কৰক তাকেই কামনা কৰে।জোহান্সবাৰ্গত জি-২০ নেতাৰ সন্মিলনত জাপানৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে
November 23rd, 09:46 pm
প্ৰধানমন্ত্ৰী মাননীয় শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গত অনুষ্ঠিত হোৱা জি-২০ নেতা সন্মিলনৰ সময়ত জাপানৰ প্ৰধানমন্ত্ৰী ছানাই টাকাইচিৰ সৈতে মত বিনিময় কৰে। ২০২৫ চনৰ ২৯ অক্টোবৰত প্ৰধানমন্ত্ৰী তাকাইচিৰ সৈতে তেওঁলোকৰ টেলিফোন কলৰ পিছত এয়া হৈছে প্ৰধানমন্ত্ৰীৰ প্ৰথম সাক্ষাৎ।প্ৰধানমন্ত্ৰীয়ে জাপানৰ প্ৰধানমন্ত্ৰী মাননীয় ছানে তাকাইচিক অভিনন্দন জনায়; ভাৰত-জাপান বিশেষ কৌশলগত আৰু গোলকীয় অংশীদাৰিত্বৰ অগ্ৰগতি সন্দৰ্ভত আলোচনা
October 29th, 01:14 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জাপানৰ প্ৰধানমন্ত্ৰী মাননীয় ছানে তাকাইচিৰ সৈতে বাৰ্তালাপ কৰে।জাপানৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ বাবে শ্ৰীমতী ছানে তাকাইচিক প্ৰধানমন্ত্ৰীৰ অভিনন্দন
October 21st, 11:24 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জাপানৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ বাবে শ্ৰীমতী ছানে তাকাইচিক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। এক্সত এটা বাৰ্তাত প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰত-জাপান বিশেষ কৌশলগত আৰু গোলকীয় অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি প্ৰকাশ কৰে।৮ অক্টোবৰত ইণ্ডিয়া মোবাইল কংগ্ৰেছৰ নৱম সংস্কৰণ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে
October 07th, 10:27 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৫ চনৰ ৮ অক্টোবৰৰ পুৱা প্ৰায় ৯:৪৫ বজাত নতুন দিল্লীৰ যশোভূমিত এছিয়াৰ সৰ্ববৃহৎ টেলিকম, মিডিয়া আৰু প্ৰযুক্তিবিদ্যা অনুষ্ঠান ইণ্ডিয়া মোবাইল কংগ্ৰেছ (আই এম চি) ২০২৫ৰ নৱম সংস্কৰণ উদ্বোধন কৰিব।নতুন দিল্লীত জ্ঞান ভাৰতম আন্তঃৰাষ্ট্ৰীয় সন্মিলনত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
September 12th, 04:54 pm
বিজ্ঞান ভৱন আজি ভাৰতৰ সোণালী অতীতৰ পুনৰ উত্থানৰ সাক্ষী হৈ পৰিছে। মই মাত্ৰ কেইদিনমান পূৰ্বে জ্ঞান ভাৰতম অভিযানৰ কথা ঘোষণা কৰিছিলোঁ আৰু ইমান কম সময়ৰ ভিতৰতে এইদৰে জ্ঞান ভাৰতম আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজন কৰা হৈছে। আজি এই মিছনৰে জড়িত পৰ্টেলটোও মুকলি কৰা হৈছে। এয়া কোনো চৰকাৰী বা শৈক্ষিক অনুষ্ঠান নহয়। বৰঞ্চ জ্ঞান ভাৰতম অভিযান ভাৰতৰ সংস্কৃতি, সাহিত্য, চেতনাৰ মূৰ্ত প্ৰকাশ হিচাপে পৰিগণিত হ’ব। আমাৰ হাজাৰ-হাজাৰ প্ৰজন্মৰ চিন্তাশীল উত্তৰাধিকাৰ, ভাৰতৰ জ্ঞান, পৰম্পৰা আৰু বৈজ্ঞানিক ঐতিহ্য, ভাৰতৰ মহান ঋষি, আচাৰ্য্য, পণ্ডিতসকলৰ প্ৰজ্ঞা আৰু গৱেষণাৰাজি - জ্ঞান ভাৰতম অভিযানৰ জৰিয়তে এই উত্তৰাধিকাৰসমূহ ডিজিটাইজ কৰা হৈছে। এই অভিযানৰ বাবে মই সকলো নাগৰিককে অভিনন্দন জ্ঞাপনৰ লগতে সমগ্ৰ জ্ঞান ভাৰতম টীম আৰু সাংস্কৃতিক মন্ত্ৰালয়লৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত জ্ঞান ভাৰতম আন্তঃৰাষ্ট্ৰীয় সন্মিলন সম্বোধন কৰে
September 12th, 04:45 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত জ্ঞান ভাৰতম আন্তঃৰাষ্ট্ৰীয় সন্মিলন সম্বোধন কৰে। এই উপলক্ষে সমবেতসকলক সম্বোধনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে বিজ্ঞান ভৱন আজি ভাৰতৰ সোণালী অতীতৰ পুনৰ উত্থানৰ সাক্ষী হৈ পৰিছে। তেখেতে কয় যে মাত্ৰ কেইদিনমান পূৰ্বে তেখেতে জ্ঞান ভাৰতম অভিযানৰ কথা ঘোষণা কৰিছিল আৰু ইমান কম সময়ৰ ভিতৰতে এইদৰে জ্ঞান ভাৰতম আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজন কৰা হৈছে। শ্ৰী মোদীয়ে অৱগত কৰে যে আজি এই মিছনৰে জড়িত পৰ্টেলটোও মুকলি কৰা হৈছে। এয়া কোনো চৰকাৰী বা শৈক্ষিক অনুষ্ঠান নহয় বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে জ্ঞান ভাৰতম অভিযান ভাৰতৰ সংস্কৃতি, সাহিত্য, চেতনাৰ মূৰ্ত প্ৰকাশ হিচাপে পৰিগণিত হ’ব। তেখেতে হাজাৰ-হাজাৰ প্ৰজন্মৰ চিন্তাশীল উত্তৰাধিকাৰ সন্দৰ্ভত চিন্তা-চৰ্চা কৰে। ভাৰতৰ জ্ঞান, পৰম্পৰা আৰু বৈজ্ঞানিক ঐতিহ্যত আলোকপাতেৰে তেখেতে ভাৰতৰ মহান ঋষি, আচাৰ্য্য, পণ্ডিতসকলৰ প্ৰজ্ঞা আৰু গৱেষণাৰাজিৰ কথা স্মৰণ কৰে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে জ্ঞান ভাৰতম অভিযানৰ জৰিয়তে এই উত্তৰাধিকাৰসমূহ ডিজিটাইজ কৰা হৈছে। এই অভিযানৰ বাবে তেখেতে সকলো নাগৰিককে অভিনন্দন জ্ঞাপনৰ লগতে সমগ্ৰ জ্ঞান ভাৰতম টীম আৰু সাংস্কৃতিক মন্ত্ৰালয়লৈ শুভেচ্ছা জ্ঞাপন কৰে।দিল্লীৰ যশোভূমিত আয়োজিত ছেমিকন ইণ্ডিয়া, ২০২৫-ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পূৰ্ণপাঠ
September 02nd, 10:40 am
কেন্দ্ৰীয় মন্ত্ৰীসভাত মোৰ সতীৰ্থ অশ্বিনী বৈষ্ণৱ জী, দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা জী, ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝি জী, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী জিতিন প্ৰসাদ জী, ছেমিৰ অধ্যক্ষ অজিত মনোচা জী, ভাৰত আৰু বিদেশৰ অৰ্ধপৰিবাহী উদ্যোগৰ চিইঅ’ আৰু তেওঁলোকৰ সহযোগী, ভিন্ন দেশৰ পৰা ইয়াত উপস্থিত হোৱা আমাৰ অতিথিসকল, ষ্টাৰ্ট-আপৰ সৈতে জড়িত উদ্যোগীসকল, ভিন্ন ৰাজ্যৰ পৰা অহা মোৰ যুৱ-ছাত্ৰ বন্ধুসকল, ভদ্ৰলোক আৰু মহিলাসকল!নতুন দিল্লীত ছেমিকন ইণ্ডিয়া, ২০২৫ উদ্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
September 02nd, 10:15 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ যশোভূমিত ভাৰতৰ অৰ্ধপৰিবাহী পৰিস্থিতিতন্ত্ৰক অনুঘটক হিচাপে কাম কৰাৰ লক্ষ্যৰে ‘ছেমিকন ইণ্ডিয়া-২০২৫’ উদ্বোধন কৰে। সভাত আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে ভাৰত আৰু বিদেশৰ অৰ্ধপৰিবাহী উদ্যোগৰ চিইঅ’ আৰু তেওঁলোকৰ সহযোগীসকলৰ উপস্থিতি আদৰণি জনায়। তেওঁ বিভিন্ন দেশৰ বিশিষ্ট অতিথি, ষ্টাৰ্ট-আপৰ সৈতে জড়িত উদ্যোগী আৰু দেশৰ বিভিন্ন ৰাজ্যৰ পৰা অহা যুৱ ছাত্ৰ-ছাত্ৰীসকলকো আদৰণি জনায়।মিয়াগি প্ৰিফেকচাৰৰ চেণ্ডাইস্থিত এটা অৰ্ধপৰিবাহী প্ৰকল্প পৰিদৰ্শন কৰিলে প্ৰধানমন্ত্ৰীয়ে
August 30th, 11:52 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জাপানৰ প্ৰধানমন্ত্ৰী মহামহিম শ্ৰী শ্বিগেৰু ইছিবাৰ সৈতে মিয়াগি প্ৰিফেকচাৰৰ অন্তৰ্গত চেণ্ডাইলৈ যাত্ৰা কৰে। চেণ্ডাইত দুয়োগৰাকী নেতাই অৰ্ধপৰিবাহী খণ্ডৰ আগশাৰীৰ জাপানী কোম্পানী টকিঅ’ ইলেক্ট্ৰন মিয়াগি লিমিটেড (টি ই এল মিয়াগি) পৰিদৰ্শন কৰে। পৰিদৰ্শনকালত প্ৰধানমন্ত্ৰী মোদীক বিশ্ব অৰ্ধপৰিবাহী মূল্য শৃংখলত টকিঅ’ ইলেক্ট্ৰন মিয়াগি লিমিটেডৰ ভূমিকা, ইয়াৰ উন্নত উৎপাদন ক্ষমতা তথা ভাৰতৰ সৈতে বৰ্তমান চলি থকা আৰু ভৱিষ্যতৰ বাবে পৰিকল্পনা কৰা সহযোগিতাৰ বিষয়ে অৱগত কৰা হয়। প্ৰকল্পটো ভ্ৰমণৰ জৰিয়তে নেতাদ্বয়ে অৰ্ধপৰিবাহী যোগান শৃংখল, নিৰ্মাণ আৰু পৰীক্ষণৰ ক্ষেত্ৰত সহযোগিতা গঢ়ি তোলাৰ বাবে দুয়োখন দেশৰ মাজত থকা সুযোগসমূহৰ অন্বেষণ কৰে।জাপানৰ প্ৰিফেকচাৰৰ গৱৰ্ণৰসকলৰ সৈতে মত বিনিময় অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীৰ বক্তব্য
August 30th, 08:00 am
আজি আপোনালোক সকলোৰে সৈতে মিলিত হৈ আনন্দিত হৈছো। আপোনালোক সকলোৱে জাপানৰ বৈচিত্ৰ্য আৰু শক্তিৰ এক জীৱন্ত উদাহৰণ।জাপানৰ প্ৰিফেকচাৰৰ গৱৰ্ণৰসকলৰ সৈতে মত বিনিময় প্ৰধানমন্ত্ৰী মোদীৰ
August 30th, 07:34 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জাপানৰ বিভিন্ন প্ৰিফেকচাৰৰ গৱৰ্ণৰসকলক সাক্ষাৎ কৰে। মোদীৰ সৈতে মত-বিনিময় অনুষ্ঠানত ষোল্লগৰাকী গৱৰ্ণৰে অংশগ্ৰহণ কৰে।ঘটনাক্ৰম : ভাৰত-জাপান অৰ্থনৈতিক সুৰক্ষা সহযোগিতা
August 29th, 08:12 pm
আমাৰ উমৈহতীয়া মূল্যবোধ আৰু পাৰস্পৰিক সন্মানৰ আঁত ধৰি ভাৰত-জাপান বিশেষ কৌশলগত আৰু বৈশ্বিক অংশীদাৰিত্ব দুয়োখন দেশৰ নিৰাপত্তা আৰু সমৃদ্ধি আগুৱাই নিয়াৰ বাবে অতি গুৰুত্বপূৰ্ণ। অৰ্থনৈতিক সুৰক্ষাৰ ক্ষেত্ৰত সহযোগিতা আমাৰ কৌশলগত দৃষ্টিভংগী আৰু অৰ্থনৈতিক আৱশ্যকতাৰ ক্ৰমবৰ্ধমান অভিসৰণৰ পৰা উদ্ভৱ হোৱা আমাৰ দ্বিপাক্ষিক সহযোগিতাৰ এক মূল আধাৰ।ভাৰত আৰু জাপানৰ মাজৰ সুৰক্ষা সহযোগিতা সন্দৰ্ভত যৌথ ঘোষণা
August 29th, 07:43 pm
ভাগ-বতৰা কৰা মূল্যবোধ আৰু উমৈহতীয়া স্বাৰ্থৰ ওপৰত আধাৰিত ভাৰত-জাপান বিশেষ ৰণনীতিগত আৰু বিশ্বব্যাপী অংশীদাৰিত্বৰ ৰাজনৈতিক দৃষ্টিভংগী আৰু উদ্দেশ্যক স্মৰণ কৰি,পৰৱৰ্তী দশকৰ বাবে ভাৰত - জাপানৰ যৌথ দৃষ্টিভংগী: বিশেষ কৌশলগত আৰু বিশ্বজোৰা অংশীদাৰিত্ব পৰিচালনাৰ বাবে আঠটা দিশ
August 29th, 07:11 pm
ভাৰত আৰু জাপানৰ মাজত আইনগত প্ৰশাসনৰ ভেটিত থকা মুক্ত, স্বতন্ত্ৰ, শান্তিপূৰ্ণ আৰু সমৃদ্ধিশালী ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ এক উমৈহতীয়া দৃষ্টিভংগী আছে। সম্পদ, প্ৰযুক্তি, আৰু প্ৰতিযোগিতামূলক ক্ষমতাৰ পৰিপূৰক শক্তি, আৰু বন্ধুত্ব তথা সদিচ্ছাৰ সুদীৰ্ঘ পৰম্পৰাৰে সৈতে, দুয়োখন ৰাষ্ট্ৰই অনাগত দশকত বিশ্বজোৰা উপলব্ধ পৰিৱৰ্তন আৰু সুযোগসমূহ যৌথভাৱে ব্যৱহাৰ কৰিবলৈ বিচাৰে। এই অংশীদাৰিত্বৰ লক্ষ্য হৈছে প্ৰতিখন দেশৰ ঘৰুৱা লক্ষ্যক সমৰ্থন কৰাৰ লগতে তেওঁলোকৰ জনগোষ্ঠী আৰু ভৱিষ্যত প্ৰজন্মক পূৰ্বতকৈ অধিক ওচৰ চপাই অনা।