জন্মদিনৰ অগণন শুভেচ্ছা আৰু আশীৰ্বাদৰ বাবে সকলোৰে প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিলে প্ৰধানমন্ত্ৰীয়ে

September 17th, 08:27 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ ৭৫ সংখ্যক জন্মদিনত সমগ্ৰ দেশৰ লগতে বিদেশৰ পৰা জনোৱা অগণন শুভেচ্ছা, আশীৰ্বাদ আৰু মৰমৰ বাৰ্তাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে এই স্নেহে তেওঁক শক্তিশালী আৰু অনুপ্ৰাণিত কৰিছে।