গুজৰাটৰ ভাব-থাৰাদত বিভিন্ন উন্নয়নমূলক কামৰ শুভাৰম্ভ অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ ইংৰাজী অনুবাদ

March 31st, 05:00 pm

মাত্ৰ কেইদিনমান পূৰ্বে পবিত্ৰ নৱৰাত্ৰি উৎসৱ সমাপ্ত হৈছে। এইটো মা অম্বাজীৰ অনুগ্ৰহ যে মই আজি তেওঁৰ চৰণলৈ অহাৰ সৌভাগ্য লাভ কৰিলো। আজি তেওঁৰ অনুগ্ৰহৰ দ্বাৰা মই আপোনালোক সকলোকে মোৰ নিজৰ পৰিয়ালৰ সদস্যসকলক দেখাৰ সুবিধা পাইছো। মই মা অম্বাজীৰ চৰণত প্ৰণিপাত জনাইছো। ভগৱান শ্ৰী ধৰণীধৰজী, ‘মুখড়া কৃষ্ণ’ৰ ওচৰতো আজি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। এইটোও এক আনন্দদায়ক কাকতালীয় ঘটনা যে আজি আমি ভগৱান মহাবীৰ জয়ন্তীও উদযাপন কৰিছো। আমাৰ এই অঞ্চলটো বহু জৈন তীৰ্থযাত্ৰাৰ ভূমি। মই ভগৱান মহাবীৰৰ প্ৰতি প্ৰণাম জনাইছো আৰু লগতে পবিত্ৰ মহাবীৰ জন্ম কল্যাণক দিৱস, মহাবীৰ জয়ন্তীত আপোনালোক সকলোকে অভিনন্দন জনাইছো।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ গুজৰাটৰ ভাৱ-থাৰাদত ২০,০০০কোটি টকাতকৈও অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গা

March 31st, 04:32 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বানাচকাণ্ঠা জিলাৰ ভাৱ-থাৰাদত এখন ৰাজহুৱা সভাত ভাষণ দিয়ে, য’ত তেওঁ উত্তৰ গুজৰাটৰ বাবে প্ৰায় ২০,০০০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। পবিত্ৰ নৱৰাত্ৰি উৎসৱ অলপতে সমাপ্ত হয় আৰু সেই দিনটোত ভগৱান মহাবীৰ জয়ন্তীও আছিল, প্ৰধানমন্ত্ৰীয়ে মা আম্বাজী আৰু ভগৱান শ্ৰী ধৰণীধৰজীলৈ শ্ৰদ্ধা নিবেদন কৰে।

ভগৱান মহাবীৰৰ বাৰ্তাত এক আচৰিত প্ৰেৰণা নিহিত হৈ আছে বুলি এক সংস্কৃত হিতোপ্ৰদেশ শ্বেয়াৰ কৰে প্ৰধানমন্ত্ৰীয়ে

March 31st, 10:41 am

প্ৰধানমন্ত্ৰীয়ে কয় যে সত্য, সম্প্ৰীতি, সদ্ভাৱ আৰু সমতাৰ ওপৰত আধাৰিত ভগৱান মহাবীৰৰ বাৰ্তাসমূহত এক সুন্দৰ প্ৰেৰণা আছে। তেওঁৰ মহান চিন্তাধাৰা সদায়েই মানৱতাৰ পথ প্ৰদৰ্শক হৈ থাকিব, শ্ৰী মোদীয়ে কয়।

গুজৰাটৰ গান্ধীনগৰত সম্ৰাট সম্প্ৰাতি সংগ্ৰহালয় উদ্বোধন কৰি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

March 31st, 10:25 am

আচাৰ্য ভগৱন্তশ্ৰী পদ্মসাগৰ সুৰীশ্বৰ মহাৰাজ চাহেব, গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰত জী, মুখ্যমন্ত্ৰী শ্ৰী ভুপেন্দ্ৰ ভাই, উপ-মুখ্যমন্ত্ৰী ভাই হৰ্ষ সংঘৱী জী, পৰম পূজ্য আচাৰ্য ভগৱন্ত, পূজ্য সাধু ভগৱন্ত, সাধুজী ভগৱন্তৰ লগতে এই পবিত্ৰ সভাত উপস্থিত সকলো আচাৰ্যগণ আৰু মুনি ভগৱন্ত, মাননীয় দানবীৰ, পণ্ডিত, পুৰুষ-মহিলাসকল!

মহাবীৰ জয়ন্তী উপলক্ষে গান্ধীনগৰৰ কোবা তীৰ্থত সম্ৰাট সম্প্ৰাতি সংগ্ৰহালয় উদ্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

March 31st, 10:15 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ গান্ধীনগৰৰ কোবা তীৰ্থত ভগৱান মহাবীৰ জয়ন্তীৰ শুভক্ষণত সম্ৰাট সম্প্ৰাতি সংগ্ৰহালয়, জৈন ঐতিহ্য সংগ্ৰহালয় উদ্বোধন কৰে। শ্ৰী মোদীয়ে কয়, কোবা তীৰ্থ আধ্যাত্মিক শান্তিৰে পৰিপূৰ্ণ, বহু জৈন মুনি আৰু সাধুসকলৰ তপস্যাৰ প্ৰকাশ আৰু সৃষ্টি আৰু সেৱাৰ প্ৰাকৃতিক বিকাশৰ স্থান।

৩১ মাৰ্চত প্ৰধানমন্ত্ৰীৰ গুজৰাট ভ্ৰমণ

March 30th, 11:05 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬চনৰ ৩১ মাৰ্চত গুজৰাট ভ্ৰমণ কৰিব। পুৱা প্ৰায় ১০বজাত প্ৰধানমন্ত্ৰীয়ে গান্ধীনগৰত সম্ৰাট সম্প্ৰতি সংগ্ৰহালয় উদ্বোধন কৰিব। এই উপলক্ষে তেওঁ সমাৱেশকো সম্বোধন কৰিব। প্ৰায় ১বজাত প্ৰধানমন্ত্ৰীয়ে আহমেদাবাদৰ সানন্দত কেইন্স ছেমিকন প্ৰকল্প উদ্বোধন কৰিব আৰু লগতে এখন ৰাজহুৱা সমাৱেশকো সম্বোধন কৰিব। ইয়াৰ পিছতে প্ৰধানমন্ত্ৰীয়ে ভাভ-থাৰাডলৈ যাত্ৰা কৰিব য’ত সন্ধিয়া প্ৰায় ৪বজাত তেওঁ ২০,০০০ কোটি টকাতকৈও অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব। এই উপলক্ষে তেওঁ সমাৱেশকো সম্বোধন কৰিব।

মন কি বাতত পশ্চিম এছিয়াৰ সংকট দূৰ কৰিবলৈ ১৪০ কোটি ভাৰতীয়ৰ ঐক্যৰ ওপৰত আস্থা প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে

March 29th, 11:30 am

চলিত মাহৰ মান কি বাত কাৰ্যসূচীত প্ৰধানমন্ত্ৰী মোদীয়ে পশ্চিম এছিয়াৰ সংঘাতৰ বিষয়ে কয় আৰু সংকট দূৰ কৰিবলৈ একত্ৰিত হৈ থকাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ নাগৰিকসকলক উৰাবাতৰিৰ দ্বাৰা বিপথে পৰিচালিত নহ’বলৈ আৰু কেৱল চৰকাৰে প্ৰদান কৰা তথ্যৰ ওপৰত নিৰ্ভৰ কৰিবলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰীগৰাকীয়ে জ্ঞান ভাৰতম জৰীপ, ক্ৰীড়া আৰু ফিটনেছ, জল সংৰক্ষণ, মীন পালন আৰু সৌৰশক্তিৰ দৰে মূল বিষয়বস্তুৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।

শ্ৰীমদ্ বিজয়ৰত্ন সুন্দৰ সুৰিশ্বৰজী মহাৰাজৰ ৫০০ সংখ্যক গ্ৰন্থ উন্মোচনৰ সময়ত প্ৰধানমন্ত্ৰীৰ বাৰ্তাৰ অনুবাদ

January 11th, 01:00 pm

এই শুভ ক্ষণত প্ৰথমে আমাৰ প্ৰেৰণাৰ উৎস, শ্ৰদ্ধাৰ ভূৱনভানুসুৰিশ্বৰ জী মহাৰাজৰ চৰণত প্ৰণাম জনাইছো। লগতে প্ৰসন্তমূৰ্তি সুবিশাল গচ্চাধিপতি পূজ্য শ্ৰীমদ বিজয় ৰাজেন্দ্ৰসুৰিশ্বৰ জী মহাৰাজ, পূজ্য গচ্চাধিপতি শ্ৰী কল্পতৰুসুৰিশ্বৰ জী মহাৰাজ, সৰস্বতী কৃপাপত্ৰ পৰম পূজ্য আচাৰ্য ভাগৱত শ্ৰীমদ বিজয়ৰত্নসুন্দৰসুৰিশ্বৰ জী মহাৰাজ আৰু এই অনুষ্ঠানত উপস্থিত থকা সকলো সাধু আৰু সাধ্বীলৈ শ্ৰদ্ধা যাচিছো।

শ্ৰীমদ্ বিজয়ৰত্ন সুন্দৰ সুৰিশ্বৰজী মহাৰাজৰ ৫০০ সংখ্যক গ্ৰন্থ উন্মোচন অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বক্তব্য

January 11th, 12:44 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ বাৰ্তাৰ জৰিয়তে শ্ৰীমদ্ বিজয়ৰত্ন সুন্দৰ সুৰিশ্বৰজী মহাৰাজৰ ৫০০ সংখ্যক গ্ৰন্থ উন্মোচনৰ সময়ত ভাষণ দিয়ে। সভাত শ্ৰী মোদীয়ে মন্তব্য কৰে যে এই পবিত্ৰ অনুষ্ঠানত তেওঁ প্ৰথমে পূজনীয় ভূৱনভনুসুৰিশ্বৰ জী মহাৰাজৰ চৰণত প্ৰণাম কৰিছে, আৰু প্ৰসন্তমূৰ্তি সুবিশাল গচ্ছাধিপতি পূজ্য শ্ৰীমদ বিজয় ৰাজেন্দ্ৰসুৰিশ্বৰ জী মহাৰাজ, পূজ্য গচ্চাধিপতি শ্ৰী কল্পতৰুসুৰিশ্বৰ জি মহাৰাজ, সৰস্বতীক কৃপাপত্ৰ পৰম পূজ্য আচাৰ্য ভাগৱত শ্ৰীমদ্ বিজয়ৰত্নসুন্দৰসুৰিশ্বৰ জী মহাৰাজ আৰু অনুষ্ঠানত উপস্থিত থকা সকলো সাধু-সাধৱীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ উৰ্জা মহোৎসৱ সমিতিৰ সকলো সদস্যক সম্ভাষণ আৰু অভিনন্দন জনায়।

নতুন দিল্লীত জ্ঞান ভাৰতম আন্তঃৰাষ্ট্ৰীয় সন্মিলনত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

September 12th, 04:54 pm

বিজ্ঞান ভৱন আজি ভাৰতৰ সোণালী অতীতৰ পুনৰ উত্থানৰ সাক্ষী হৈ পৰিছে। মই মাত্ৰ কেইদিনমান পূৰ্বে জ্ঞান ভাৰতম অভিযানৰ কথা ঘোষণা কৰিছিলোঁ আৰু ইমান কম সময়ৰ ভিতৰতে এইদৰে জ্ঞান ভাৰতম আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজন কৰা হৈছে। আজি এই মিছনৰে জড়িত পৰ্টেলটোও মুকলি কৰা হৈছে। এয়া কোনো চৰকাৰী বা শৈক্ষিক অনুষ্ঠান নহয়। বৰঞ্চ জ্ঞান ভাৰতম অভিযান ভাৰতৰ সংস্কৃতি, সাহিত্য, চেতনাৰ মূৰ্ত প্ৰকাশ হিচাপে পৰিগণিত হ’ব। আমাৰ হাজাৰ-হাজাৰ প্ৰজন্মৰ চিন্তাশীল উত্তৰাধিকাৰ, ভাৰতৰ জ্ঞান, পৰম্পৰা আৰু বৈজ্ঞানিক ঐতিহ্য, ভাৰতৰ মহান ঋষি, আচাৰ্য্য, পণ্ডিতসকলৰ প্ৰজ্ঞা আৰু গৱেষণাৰাজি - জ্ঞান ভাৰতম অভিযানৰ জৰিয়তে এই উত্তৰাধিকাৰসমূহ ডিজিটাইজ কৰা হৈছে। এই অভিযানৰ বাবে মই সকলো নাগৰিককে অভিনন্দন জ্ঞাপনৰ লগতে সমগ্ৰ জ্ঞান ভাৰতম টীম আৰু সাংস্কৃতিক মন্ত্ৰালয়লৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত জ্ঞান ভাৰতম আন্তঃৰাষ্ট্ৰীয় সন্মিলন সম্বোধন কৰে

September 12th, 04:45 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত জ্ঞান ভাৰতম আন্তঃৰাষ্ট্ৰীয় সন্মিলন সম্বোধন কৰে। এই উপলক্ষে সমবেতসকলক সম্বোধনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে বিজ্ঞান ভৱন আজি ভাৰতৰ সোণালী অতীতৰ পুনৰ উত্থানৰ সাক্ষী হৈ পৰিছে। তেখেতে কয় যে মাত্ৰ কেইদিনমান পূৰ্বে তেখেতে জ্ঞান ভাৰতম অভিযানৰ কথা ঘোষণা কৰিছিল আৰু ইমান কম সময়ৰ ভিতৰতে এইদৰে জ্ঞান ভাৰতম আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজন কৰা হৈছে। শ্ৰী মোদীয়ে অৱগত কৰে যে আজি এই মিছনৰে জড়িত পৰ্টেলটোও মুকলি কৰা হৈছে। এয়া কোনো চৰকাৰী বা শৈক্ষিক অনুষ্ঠান নহয় বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে জ্ঞান ভাৰতম অভিযান ভাৰতৰ সংস্কৃতি, সাহিত্য, চেতনাৰ মূৰ্ত প্ৰকাশ হিচাপে পৰিগণিত হ’ব। তেখেতে হাজাৰ-হাজাৰ প্ৰজন্মৰ চিন্তাশীল উত্তৰাধিকাৰ সন্দৰ্ভত চিন্তা-চৰ্চা কৰে। ভাৰতৰ জ্ঞান, পৰম্পৰা আৰু বৈজ্ঞানিক ঐতিহ্যত আলোকপাতেৰে তেখেতে ভাৰতৰ মহান ঋষি, আচাৰ্য্য, পণ্ডিতসকলৰ প্ৰজ্ঞা আৰু গৱেষণাৰাজিৰ কথা স্মৰণ কৰে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে জ্ঞান ভাৰতম অভিযানৰ জৰিয়তে এই উত্তৰাধিকাৰসমূহ ডিজিটাইজ কৰা হৈছে। এই অভিযানৰ বাবে তেখেতে সকলো নাগৰিককে অভিনন্দন জ্ঞাপনৰ লগতে সমগ্ৰ জ্ঞান ভাৰতম টীম আৰু সাংস্কৃতিক মন্ত্ৰালয়লৈ শুভেচ্ছা জ্ঞাপন কৰে।

সংবৎসৰীৰ শুভেচ্ছা জনাই ক্ষমা, মমতা আৰু নম্ৰতাৰ আহ্বান প্ৰধানমন্ত্ৰীৰ

August 27th, 06:20 pm

সংবৎসৰীৰ শুভক্ষণত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সকলো নাগৰিকক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে ক্ষমা, কৰুণা আৰু প্ৰকৃত মানৱীয় সংযোগৰ চিৰন্তন মূল্যবোধৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

নতুন দিল্লীৰ বিজ্ঞান ভৱনত আচাৰ্য শ্ৰী বিদ্যানন্দ জী মহাৰাজৰ জন্ম শতবৰ্ষ উদযাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

June 28th, 11:15 am

শ্ৰৱণ বেলাগোলা স্বামী চাৰুকীৰ্তি জীৰ মুৰব্বী পুৰোহিত আচাৰ্য প্ৰজ্ঞা সাগৰ মহাৰাজ জী, মোৰ সহকৰ্মী গজেন্দ্ৰ সিং শ্বেখাৱত জী, মোৰ সতীৰ্থ সাংসদ ভাই নবীন জৈন জী, ভগৱান মহাবীৰ অহিংসা ভাৰতী ট্ৰাষ্টৰ সভাপতি প্ৰিয়ংক জৈন জী, সচিব মমতা জৈনজী, ট্ৰাষ্টী পীয়ুষ জৈন জী, অন্যান্য বিশিষ্ট বিশিষ্ট ব্যক্তি, সন্ত, ভদ্ৰ পৰুষ-মহিলাসকল, জয় জিনেন্দ্ৰ!

আচাৰ্য শ্ৰী বিদ্যানন্দ জি মহাৰাজৰ জন্ম শতবৰ্ষ উদযাপনত ভাষণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

June 28th, 11:01 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীৰ বিজ্ঞান ভৱনত আজি আচাৰ্য শ্ৰী বিদ্যানন্দ জী মহাৰাজৰ জন্ম শতবৰ্ষ উদযাপনৰ অনুষ্ঠানত ভাষণ আগবঢ়ায়। এই উপলক্ষে সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে আচাৰ্য শ্ৰী বিদ্যানন্দ জী মুনিৰাজৰ শতবাৰ্ষিকী উদযাপনৰ পবিত্ৰতাক উজ্জ্বল কৰি তুলি ভাৰতৰ আধ্যাত্মিক পৰম্পৰাৰ এক গুৰুত্বপূৰ্ণ অনুষ্ঠানৰ সাক্ষী হৈ থকা বুলি মন্তব্য কৰে। তেওঁ উল্লেখ কৰে যে পূজনীয় আচাৰ্যৰ অমৰ প্ৰেৰণাৰে ৰঞ্জিত এই অনুষ্ঠানে এক অসাধাৰণ আৰু উত্থানশীল পৰিৱেশৰ সৃষ্টি কৰিছে। প্ৰধানমন্ত্ৰীয়ে উপস্থিত সকলোকে শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে অনুষ্ঠানত উপস্থিত থকাৰ সুযোগ পোৱাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে।

২৮ জুনত নতুন দিল্লীত আচাৰ্য বিদ্যানন্দ জী মহাৰাজৰ শতবাৰ্ষিকী উদযাপন অনুষ্ঠানৰ শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰীয়ে

June 27th, 05:06 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৮ জুনৰ পুৱা প্ৰায় ১১ বজাত নতুন দিল্লীৰ বিজ্ঞান ভৱনত আচাৰ্য বিদ্যানন্দ জী মহাৰাজৰ শতবাৰ্ষিকী অনুষ্ঠান উদযাপনৰ শুভাৰম্ভণি কৰিব। এই উপলক্ষে্য আয়োজিত সভাত প্ৰধানমন্ত্ৰীয়ে ভাষণো দিব।

মহাবীৰ জয়ন্তীত ভগৱান মহাবীৰৰ আদৰ্শৰ গভীৰ প্ৰভাৱৰ স্মৰণ প্ৰধানমন্ত্ৰীৰ

April 10th, 03:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাবীৰ জয়ন্তী উপলক্ষে ভগৱান মহাবীৰৰ কালজয়ী শিক্ষা স্মৰণ কৰি তেওঁৰ শিক্ষাৰ নিজৰ জীৱনত গভীৰ প্ৰভাৱৰ কথা মনত পেলাই দিয়ে।

‘মহাবীৰ জয়ন্তী’ত ‘ভগৱান’ মহাবীৰলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীয়ে

April 10th, 08:44 am

‘মহাবীৰ জয়ন্তী’ উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভগৱান’ মহাবীৰলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয় যে ‘ভগৱান’ মহাবীৰে সদায় অহিংসা, সত্য আৰু সহানুভূতিত গুৰুত্ব আৰোপ কৰিছিল আৰু তেওঁৰ আদৰ্শই সমগ্ৰ বিশ্বৰ অগণন লোকক শক্তি প্ৰদান কৰিছে। প্ৰধানমন্ত্ৰীয়ে লগতে উল্লেখ কৰে যে যোৱা বছৰ চৰকাৰে ‘প্ৰাকৃত ভাষা’ক ‘ধ্ৰুপদী ভাষা’ৰ মৰ্যাদা প্ৰদান কৰিছিল, যি সিদ্ধান্তই যথেষ্ট প্ৰশংসা লাভ কৰিছিল।

Navkar Mahamantra is not just a mantra, it is the core of our faith: PM Modi

April 09th, 08:15 am

PM Modi inaugurated Navkar Mahamantra Divas at Vigyan Bhawan, highlighting the spiritual depth and universal message of the Navkar Mantra. Calling it a path to peace, purity, and inner light, PM Modi urged all to embrace its teachings. He also proposed nine resolutions for a harmonious, sustainable, and united India rooted in faith and tradition.

PM Modi inaugurates the Navkar Mahamantra Divas

April 09th, 07:47 am

PM Modi inaugurated Navkar Mahamantra Divas at Vigyan Bhawan, highlighting the spiritual depth and universal message of the Navkar Mantra. Calling it a path to peace, purity, and inner light, PM Modi urged all to embrace its teachings. He also proposed nine resolutions for a harmonious, sustainable, and united India rooted in faith and tradition.

৯ এপ্ৰিলত নতুন দিল্লীত নৱকাৰ মহামন্ত্ৰ দিৱসত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে

April 07th, 05:23 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৯ এপ্ৰিলত, পুৱা প্ৰায় ৮ বজাত, নতুন দিল্লীৰ বিজ্ঞান ভৱনত নৱকাৰ মহামন্ত্ৰ দিৱসত অংশগ্ৰহণ কৰাৰ লগতে উপস্থিত ৰাইজক উদ্দেশ্যি ভাষণো প্ৰদান কৰিব।