জগতগুৰু পুজ্যশ্ৰী জয়েন্দ্ৰ সৰস্বতী শংকৰাচাৰ্যৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
February 28th, 11:16 am
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জগতগুৰু পুজ্যশ্ৰী জয়েন্দ্ৰ সৰস্বতী শংকৰাচাৰ্যৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। তেওঁ কয়, “শ্ৰী কাঞ্চি কমাকতি প্ৰীতমৰ আচাৰ্য জগতগুৰু পুজ্যশ্ৰী জয়েন্দ্ৰ সৰস্বতী শংকৰাচাৰ্যৰ মৃত্যুত মৰ্মাহত হৈছো। তেওঁৰ উল্লেখযোগ্য সেৱা আৰু বিনম্ৰ চিন্তাধাৰাৰ বাবে লাখ লাখ ভক্তৰ হৃদয়ত সদায় সজীৱ হৈ থাকিব। তেওঁৰ বিদেহ আত্মাৰ বাবে ওম শান্তি জনাইছো।”