আইটিবিপিৰ প্ৰতিষ্ঠা দিৱসত প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

October 24th, 10:05 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আইটিবিপিৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ভাৰত-তীব্বত সীমান্ত আৰক্ষীৰ সমূহ হিমবীৰ আৰু তেওঁলোকৰ পৰিয়াললৈ উষ্ম শুভেচ্ছা জ্ঞাপন কৰে। দেশৰ প্ৰতি বাহিনীটোৰ আদৰ্শ সেৱাক স্বীকাৰ কৰি প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ সাহস, অনুশাসন আৰু কৰ্তব্যৰ প্ৰতি অটল দায়বদ্ধতাক প্ৰশংসা কৰে। তেওঁ দুৰ্যোগ সাহায্য আৰু উদ্ধাৰ অভিযানৰ সময়ত তেওঁলোকৰ মমতা আৰু প্ৰস্তুতিৰ প্ৰশংসা কৰে, যিয়ে তেওঁলোকৰ সেৱা আৰু মানৱতাৰ উত্তম পৰম্পৰাক প্ৰতিফলিত কৰে।

আইটিবিপিৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে আইটিবিপি হিমবীৰসকলক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

October 24th, 10:41 am

আইটিবিপিৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে আইটিবিপি হিমবীৰ আৰু তেওঁলোকৰ পৰিয়ালক শুভেচ্ছা জনাই প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আইটিবিপিক বীৰত্ব আৰু সমৰ্পণৰ প্ৰতীক হিচাপে অভিবাদন জনায়। তেওঁ প্ৰাকৃতিক দুৰ্যোগ আৰু উদ্ধাৰ অভিযানৰ সময়ত তেওঁলোকৰ প্ৰচেষ্টাক প্ৰশংসা কৰে, যিয়ে জনসাধাৰণৰ মাজত অপৰিসীম গৌৰৱৰ অনুভৱ জাগৃত কৰে।