প্ৰথম ভোটৰ পৰা ষ্টাৰ্টআপ ইণ্ডিয়া-লৈ মন কী বাত-ত ভাৰতৰ যুৱক-যুৱতীসকলৰ ভূমিকাক উদযাপন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে
January 25th, 11:30 am
‘ৰাষ্ট্ৰীয় ভোটাৰ দিৱস’ত চলিত বৰ্ষৰ প্ৰথমটো ‘মন কী বাত’-ত প্ৰধানমন্ত্ৰী মোদীয়ে ভোটদানৰ গুৰুত্ব সন্দৰ্ভত অভিমত ব্যক্ত কৰি নিৰ্বাচনী প্ৰক্ৰিয়াৰ লগত জড়িত সকলোৰে শলাগ লয়। তেওঁ ষ্টাৰ্টআপ, পানী সংৰক্ষণ, গুণগত মান, সংস্কৃতি আৰু উৎসৱ আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ দৰে মূল বিষয়বস্তুসমূহো স্পৰ্শ কৰে। অহা মাহত অনুষ্ঠিত হ’বলগীয়া আগন্তুক ইণ্ডিয়া এআই ইমপেক্ট ছামিট-ৰ প্ৰসংগত আলোকপাত কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে, য’ত সমগ্ৰ বিশ্বৰ বিশেষজ্ঞসকলে অংশগ্ৰহণ কৰিব।Prime Minister interacts with traders and entrepreneurs in Itanagar
September 22nd, 03:43 pm
PM Modi had an interaction with the traders and entrepreneurs in Itanagar, Arunachal Pradesh. Stating that they expressed their appreciation for the GST reforms and the launch of the GST Bachat Utsav, the PM highlighted how these initiatives will benefit key sectors. He emphasised quality standards and encouraged buying Made in India products.ইটানগৰত স্থানীয় ব্যৱসায়ী আৰু খুচুৰা বিক্ৰেতাক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
September 22nd, 03:39 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইটানগৰত স্থানীয় ব্যৱসায়ী আৰু খুচুৰা বিক্ৰেতাসকলক সাক্ষাৎ কৰে। বিক্ৰেতাসকলে তেওঁক সজীৱ সামগ্ৰী প্ৰদৰ্শন কৰে। তেওঁলোকে জিএছটি সংস্কাৰক লৈ আনন্দ প্ৰকাশ কৰে। লগতে তেওঁলোকক ‘গৰ্ব ছে কহো য়ে স্বদেশী হে’ৰ পোষ্টাৰ দিয়া হয়, যিসমূহ তেওঁলোকে নিজৰ বিপণীত উৎসাহেৰে প্ৰদৰ্শন কৰিব বুলি প্ৰকাশ কৰে, শ্ৰী মোদীয়ে কয়।অৰুণাচল প্ৰদেশৰ ইটানগৰত উন্নয়নমূলক কাম-কাজৰ শুভাৰম্ভ কৰি প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
September 22nd, 11:36 am
অৰুণাচল প্ৰদেশৰ মাননীয় ৰাজ্যপাল শ্ৰী কে. টি. পাৰ্নাইক ডাঙৰীয়া, ৰাজ্যখনৰ জনপ্ৰিয় আৰু সক্ৰিয় মুখ্যমন্ত্ৰী পেমা খাণ্ডু ডাঙৰীয়া, কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ কিৰেণ ৰিজিজু, ৰাজ্য চৰকাৰৰ মন্ত্ৰীসকল, মোৰ সতীৰ্থ সাংসদ নবাম ৰেবিয়া ডাঙৰীয়া আৰু তাপিৰ গাও ডাঙৰীয়া, সকলো বিধায়ক, আন-আন জনপ্ৰতিনিধিসকল তথা অৰুণাচল প্ৰদেশৰ মোৰ মৰমৰ ভ্ৰাতৃ-ভগ্নীসকল,প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অৰুণাচল প্ৰদেশৰ ইটানগৰত ৫,১০০ কোটিৰো অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক কামৰ উদ্বোধন তথা আধাৰশিলা স্থাপন
September 22nd, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অৰুণাচল প্ৰদেশৰ ইটানগৰত ৫,১০০ কোটিৰো অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন তথা উদ্বোধন কৰে। এই উপলক্ষে সভাত ভাষণ দি তেওঁ সৰ্বশক্তিমান দঃঞি প’লোক শ্ৰদ্ধা জনাই সকলোৰে বাবে আশীৰ্বাদ বিচাৰি প্ৰাৰ্থনা কৰে।২২ ছেপ্টেম্বৰত অৰুণাচল প্ৰদেশ আৰু ত্ৰিপুৰা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
September 21st, 09:54 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২২ ছেপ্টেম্বৰত অৰুণাচল প্ৰদেশ আৰু ত্ৰিপুৰা ভ্ৰমণ কৰিব। তেওঁ ইটানগৰত ৫১০০ কোটিৰো অধিক টকা মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। লগতে ৰাজহুৱা অনুষ্ঠানত ভাষণ দিব।গুৱাহাটীত বিভিন্ন প্ৰকল্পৰ উদ্বোধন, উৎসৰ্গা তথা আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
February 04th, 12:00 pm
অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া জী, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাজী, মন্ত্ৰীসভাত থকা মোৰ সহকৰ্মী সৰ্বানন্দ সোণোৱাল জী, ৰামেশ্বৰ তেলী জী, অসম চৰকাৰৰ মন্ত্ৰী, সাংসদ আৰু বিধায়কসকল, বিভিন্ন পৰিষদৰ মুৰব্বী আৰু মোৰ মৰমৰ ভাই-ভনীসকল!অসমৰ গুৱাহাটীত ১১,০০০ কোটি টকা ব্যয় সাপেক্ষ উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ
February 04th, 11:30 am
এইউপলক্ষেসভাত আগবঢ়োৱাভাষণত প্ৰধানমন্ত্ৰীয়ে আজি মা কামাখ্যাৰ আশীৰ্বাদত ১১,০০০ কোটি টকাৰ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপনৰ বাবে অসমত উপস্থিত থাকিবলৈপাই কৃতজ্ঞতা প্ৰকাশ কৰে। তেওঁ কয় যে আজিৰ উন্নয়নমূলক প্ৰকল্পসমূহে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ লগতে দক্ষিণ-পূব এছিয়াৰ চুবুৰীয়া দেশসমূহৰ সৈতে অসমৰ সংযোগ বৃদ্ধি কৰাৰ লগতে পৰ্যটন খণ্ডত কৰ্মসংস্থাপন বৃদ্ধি কৰিব আৰুৰাজ্যখনৰ ক্ৰীড়া প্ৰতিভাৰ বাবে নতুন সুযোগ সৃষ্টি কৰিব। আজিৰ উন্নয়নমূলক প্ৰকল্পসমূহে ৰাজ্যখনৰ চিকিৎসা শিক্ষা আৰু স্বাস্থ্যসেৱা খণ্ডৰ সম্প্ৰসাৰণকৰিববুলিও তেওঁ উল্লেখ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে আজিৰ উন্নয়নমূলক প্ৰকল্পসমূহৰৰ বাবে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণক অভিনন্দন জ্ঞাপন কৰাৰ লগতে কালি সন্ধিয়া উপস্থিত হোৱাৰ সময়ত গুৱাহাটীবাসীয়েজনোৱা উষ্ম আদৰণিৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।প্ৰধানমন্ত্ৰীয়ে তেওঁৰ শেহতীয়া বিমানবন্দৰ সম্পৰ্কীয় কাৰ্যসূচীৰ কিছুমান মুহূৰ্ত শ্বেয়াৰ কৰে
April 12th, 07:24 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ শেহতীয়া বিমানবন্দৰ সম্পৰ্কীয় কাৰ্যসূচীৰ কিছুমান মুহূৰ্ত শ্বেয়াৰ কৰিছে।প্ৰযুক্তিয়ে জীৱনক ইতিবাচক ৰূপত প্ৰভাৱিত কৰি আছে আৰু নাগৰিকক সবল কৰি আছে: প্ৰধানমন্ত্ৰী
March 06th, 09:07 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে প্ৰযুক্তিয়ে জীৱনক ইতিবাচক ৰূপত প্ৰভাৱিত কৰি আছে আৰু নাগৰিকসকলক সবল কৰি আছে। শ্ৰী মোদীয়ে ৰাজ্যসভাৰ সদস্য শ্ৰী নাবাম ৰেবিয়াৰ সেই টুইটৰ উত্তৰ দিয়ে, য'ত শ্ৰী ৰেবিয়াই কৈছিল যে অৰুণাচল প্ৰদেশৰ শেৰগাঁও গাঁৱত ডিজিটেল ইণ্ডিয়াৰ আৰম্ভণিৰ আগতে কেৱল এটা মোবাইল সেৱা প্ৰদাতা আছিল। তেওঁ লগতে কয় যে এতিয়া ইয়াত ৩টা মোবাইল সেৱা প্ৰদাতা আছে।১৯ নৱেম্বৰত অৰুণাচল প্ৰদেশ আৰু উত্তৰ প্ৰদেশ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
November 17th, 03:36 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৯ নৱেম্বৰ, ২০২২ ত অৰুণাচল প্ৰদেশ আৰু উত্তৰ প্ৰদেশ ভ্ৰমণ কৰিব। সেইদিনা পুৱা প্ৰায় ৯:৩০ বজাত প্ৰধানমন্ত্ৰীয়ে ইটানগৰৰ ডনি প’ল’ বিমানবন্দৰ উদ্বোধন কৰিব আৰু ৬০০ মেগাৱাটৰ কামেং জলবিদ্যুৎ প্ৰকল্প ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব। ইয়াৰ পিছতেই তেখেত উত্তৰ প্ৰদেশৰ বাৰাণসীত উপস্থিত হ’বগৈ, তাত তেখেতে দিনৰ প্ৰায় ২ বজাত ‘কাশী-তামিল সংগম’ উদ্বোধন কৰিব।Arunachal Pradesh is India's pride: PM Narendra Modi in Itanagar
February 09th, 12:21 pm
Launching multiple development initiatives in Arunachal Pradesh, PM Modi said, “Arunachal Pradesh is India's pride. It is India's gateway and I assure the people of the region that the NDA Government will not only ensure its safety and security but also fast-track development in the region.” Stating ‘Sabka Saath, Sabka Vikas’ to be the Government’s guiding mantra, PM Modi said that in the last four and half years, no stone was left unturned for development of the Northeast region.প্ৰধানমন্ত্ৰীৰ ইটানগৰ ভ্ৰমণ
February 09th, 12:16 pm
প্ৰধানমন্ত্ৰীয়ে অৰুণাচল প্ৰদেশ, অসম আৰু ত্ৰিপুৰা ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত ইটানগৰ ভ্ৰমণ কৰে৷ তাতে তেওঁ গ্ৰীণফিল্ড বিমানবন্দৰ আৰু ছেলা টানেলৰ আধাৰশিলা স্থাপন কৰে৷ তেওঁ ডিডি অৰুণ প্ৰভা চেনেল মুকলি কৰে৷ তাৰোপৰি তেওঁ ইটানগৰৰ আইজি পাৰ্কৰ পৰা বিভিন্ন উন্নয়নমূলক প্ৰকল্পও মুকলি কৰে৷ প্ৰধানমন্ত্ৰীয়ে তাতে লইন লুমৰ সঞ্চালনো প্ৰত্যক্ষ কৰে৷কাইলৈ প্ৰধানমন্ত্ৰীৰ গুৱাহাটী, ইটানগৰ আৰু আগৰতলা ভ্ৰমণ
February 08th, 11:51 am
প্ৰধানমন্ত্ৰীয়ে কাইলৈ গুৱাহাটী, ইটানগৰ আৰু আগৰতলা ভ্ৰমণ কৰিব৷ কাইলৈ তেওঁ ইটানগৰত গ্ৰীণফিল্ড বিমানবন্দৰ, ছেলা টানেল আৰু উত্তৰ পূব গেছ গ্ৰীডৰ আধাৰশিলা স্থাপন কৰিব৷ ইয়াৰ পিছত তেওঁ ডিডি অৰুণ প্ৰভা চেনেল আৰু গাৰ্জী-বেল’নিয়া ৰে’লৱে পথ মুকলি কৰিব৷ ইয়াৰোপৰি প্ৰধানমন্ত্ৰীয়ে তিনিখন ৰাজ্যত বিভিন্ন উন্নয়নমূলক প্ৰকল্পও মুকলি কৰিব৷Development works in Arunachal Pradesh will shine across the nation: PM Modi
February 15th, 12:38 pm
Prime Minister Narendra Modi today inaugurated various projects including Dorjee Khandu State Convention Centre in Itanagar, Arunachal Pradesh.PM Modi dedicates several development projects to the nation in Itanagar, Arunachal Pradesh
February 15th, 12:30 pm
Prime Minister Narendra Modi today inaugurated various projects including Dorjee Khandu State Convention Centre in Itanagar, Arunachal Pradesh.কাইলৈ অৰুণাচল প্ৰদেশ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
February 14th, 06:52 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ অৰুণাচল প্ৰদেশ ভ্ৰমণ কৰিব৷ ইটানগৰত এক অনুষ্ঠানত তেওঁ দৰ্জী খাণ্ডু ৰাজ্যিক সন্মিলন কেন্দ্ৰ উদ্বোধন কৰিব৷ এই সন্মিলন কেন্দ্ৰটোত এটা প্ৰেক্ষাগৃহ, সভা গৃহ আৰু এটা প্ৰদৰ্শনী গৃহ আছে৷ ইটানগৰৰ বাবে ই এক উল্লেখনীয় লেণ্ডমাৰ্ক হিচাপে পৰিগণিত হ’ব৷