'মন কী বাত' জনসাধাৰণৰ সামূহিক প্ৰচেষ্টাক জনসাধাৰণৰ মাজলৈ আগবঢ়াই নিয়াৰ এক উৎকৃষ্ট মঞ্চঃ প্ৰধানমন্ত্ৰী মোদী

November 30th, 11:30 am

চলিত মাহৰ মন কী বাতত প্ৰধানমন্ত্ৰী মোদীয়ে নৱেম্বৰৰ গুৰুত্বপূৰ্ণ অনুষ্ঠানসমূহৰ ওপৰত আলোকপাত কৰে, য’ত সংবিধান দিৱস উদযাপন, বন্দে মাতৰমৰ ১৫০ বছৰীয়া জয়ন্তী, অযোধ্যাত ধৰ্মধ্বজ উত্তোলন, আইএনএছ ‘মাহে’ প্ৰৱৰ্তন আৰু কুৰুক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় গীতা মহোৎসৱ আদিৰ ওপৰত আলোকপাত কৰে। তেওঁ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়বস্তু যেনে অভিলেখ খাদ্য শস্য আৰু মৌ উৎপাদন, ভাৰতৰ ক্ৰীড়া সফলতা, সংগ্ৰহালয় আৰু প্ৰাকৃতিক কৃষি আদি দিশবোৰো সামৰি লয়। প্ৰধানমন্ত্ৰীয়ে সকলোকে কাশী-তামিল সংগমমত অংশ গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

ভিচিৰ জৰিয়তে স্কাইৰুটৰ ইনফিনিটি কেম্পাছৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

November 27th, 11:01 am

কেবিনেটত মোৰ সতীৰ্থ শ্ৰী জি. কিষাণ ৰেড্ডী জী; অন্ধ্ৰ প্ৰদেশৰ উদ্যোগ মন্ত্ৰী শ্ৰী টি. জি. ভাৰত জী; ইন-স্পেচৰ অধ্যক্ষ শ্ৰী পৱন গোৱেংকা জী; স্কাইৰুট টীম; আন-আন গণ্যমান্য ব্যক্তি; ভদ্ৰলোক আৰু মহিলাসকল!

ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে হায়দৰাবাদত স্কাইৰুটৰ ইনফিনিটি কেম্পাছ উদ্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

November 27th, 11:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে তেলেংগানাৰ হায়দৰাবাদত স্কাইৰুটৰ ইনফিনিটি কেম্পাছ উদ্বোধন কৰে। এই উপলক্ষে সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে আজি ৰাষ্ট্ৰই মহাকাশ খণ্ডত এক অভূতপূৰ্ব সুযোগ প্ৰত্যক্ষ কৰিছে আৰু ব্যক্তিগত খণ্ডই উৰা মৰাৰ লগে লগে ভাৰতৰ মহাকাশ পৰিবেশতন্ত্ৰই এক বৃহৎ অগ্ৰগতি লাভ কৰিছে। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে স্কাইৰুটৰ ইনফিনিটি কেম্পাছে ভাৰতৰ নতুন চিন্তাধাৰা, উদ্ভাৱন আৰু যুৱ শক্তিক প্ৰতিফলিত কৰে আৰু দেশৰ যুৱক-যুৱতীসকলৰ উদ্ভাৱন, বিপদাশংকা গ্ৰহণৰ ক্ষমতা আৰু উদ্যমিতাই নতুন শিখৰত উপনীত হৈছে। শ্ৰী মোদীয়ে কয় যে আজিৰ কাৰ্যসূচীয়ে আগন্তুক সময়ত বিশ্বৰ উপগ্ৰহ উৎক্ষেপণ পৰিস্থিতিতন্ত্ৰত ভাৰত কেনেদৰে অগ্ৰণী হৈ উঠিব তাৰ প্ৰতিফলন। তেওঁ শ্ৰী পৱন কুমাৰ চন্দনা আৰু শ্ৰী নাগা ভাৰত ডাকাক শুভেচ্ছা জ্ঞাপন কৰি উল্লেখ কৰে যে দুয়োজন যুৱ উদ্যমীয়ে সমগ্ৰ দেশৰ অগণন যুৱ মহাকাশ উদ্যমীৰ বাবে অনুপ্ৰেৰণা। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে দুয়োজনে নিজকে বিশ্বাস কৰিছিল, বিপদাশংকা গ্ৰহণ কৰিবলৈ সংকোচ কৰা নাছিল আৰু ইয়াৰ ফলস্বৰূপে সমগ্ৰ ৰাষ্ট্ৰই আজি তেওঁলোকৰ সফলতা প্ৰত্যক্ষ কৰিছে, দেশখনে তেওঁলোকক লৈ গৌৰৱ অনুভৱ কৰিছে।

আইচিচি মহিলা বিশ্ব কাপ চেম্পিয়ন দলৰে প্ৰধানমন্ত্ৰীৰ মত বিনিময়ৰ অসমীয়া অনুবাদ

November 06th, 10:15 am

–মাননীয় প্ৰধানমন্ত্ৰী মহোদয়, আপোনাক বহুত বহুত ধন্যবাদ। আমি ইয়াত উপস্থিত হৈ নিজকে সন্মান আৰু সৌভাগ্যৱান অনুভৱ কৰিছো। মই মাত্ৰ এটা অভিযানৰ কথা ক’ম, এই ছোৱালীবোৰে এটা আচৰিত কাম কৰিলে, দেশৰ কন্যাসকলে এটা আচৰিত কাম কৰিলে, তেওঁলোকে দুবছৰ ধৰি এই লক্ষ্যত কাম কৰি আহিছে। ছাৰ, তেওঁলোকে ইমান কষ্ট কৰিছে, আচৰিত ধৰণে কষ্ট কৰিছে, প্ৰতিটো অনুশীলনত একে তীব্ৰতাৰে খেলিছে, প্ৰতিটো অনুশীলনত একে শক্তিৰে খেলপথাৰত প্ৰৱেশ কৰিছে, মই মাত্ৰ ক’ব পাৰো যে তেওঁলোকে তেওঁলোকৰ কষ্টৰ ফল পাইছে।

আইচিচি মহিলা বিশ্বকাপ ২০২৫ চেম্পিয়নৰ সৈতে মত বিনিময় প্ৰধানমন্ত্ৰীৰ

November 06th, 10:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কালি নতুন দিল্লীৰ ৭, লোক কল্যাণ মাৰ্গত আইচিচি মহিলা বিশ্বকাপ ২০২৫ৰ চেম্পিয়নসকলৰ সৈতে বাৰ্তালাপ কৰে। ভাৰতীয় দলটোৱে ২০২৫ চনৰ ২ নৱেম্বৰ দেওবাৰে অনুষ্ঠিত ফাইনেলত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে জয়লাভ কৰে। প্ৰধানমন্ত্ৰীয়ে দেৱ দীপাৱলী আৰু গুৰপুৰবৰ উপলক্ষৰ প্ৰসংগৰে এয়া এটা অতি গুৰুত্বপূৰ্ণ দিন বুলি মন্তব্য কৰি উপস্থিত সকলোকে তেওঁৰ শুভেচ্ছা জ্ঞাপন কৰে।

উদীয়মান বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱন সন্মিলন ২০২৫ ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

November 03rd, 11:00 am

দেশৰ বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিং জী, ভাৰত চৰকাৰৰ প্ৰধান বৈজ্ঞানিক উপদেষ্টা অজয় কুমাৰ সুদ, ন'বেল বঁটা বিজয়ী ছাৰ আন্দ্ৰে গেইম, আমাৰ মাজত উপস্থিত সকলো বিজ্ঞানী, উদ্ভাৱক, শিক্ষাবিদ, দেশ-বিদেশৰ বিশিষ্ট ব্যক্তিসকল, ভদ্ৰ পুৰুষ-মহিলাসকল!

উদীয়মান বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱন সন্মিলন ২০২৫ত ভাষণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

November 03rd, 10:30 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত উদীয়মান বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱন সন্মিলন (এছটিআইচি) ২০২৫ত ভাষণ প্ৰদান কৰে। এই উপলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে দেশ-বিদেশৰ বিজ্ঞানী, উদ্ভাৱক, শিক্ষাবিদ আৰু অন্যান্য বিশিষ্ট অতিথিসকলক আদৰণি জনায়। আইচিচি মহিলা বিশ্বকাপ ২০২৫ত ভাৰতৰ উল্লেখনীয় বিজয়ৰ কথা উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে ভাৰতীয় ক্ৰিকেট দলৰ সফলতাত সমগ্ৰ দেশবাসী উৎফুল্লিত হৈছে। তেওঁ ভাৰতৰ প্ৰথম মহিলা বিশ্বকাপ বিজয়ৰ কথা উল্লেখ কৰি মহিলা ক্ৰিকেট দলটোক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে দেশবাসী তেওঁলোকৰ বাবে গৌৰৱান্বিত আৰু তেওঁলোকৰ সাফল্যই দেশৰ লাখ লাখ যুৱক-যুৱতীক অনুপ্ৰাণিত কৰিব বুলি তেওঁ আশা ব্যক্ত কৰে।

প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ সকলোতকৈ গধুৰ যোগাযোগ উপগ্ৰহ চিএমএছ-০৩ ৰ সফল উৎক্ষেপণৰ বাবে ইছৰ’ক অভিনন্দন জনায়

November 02nd, 07:22 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ সকলোতকৈ গধুৰ যোগাযোগ উপগ্ৰহ চিএমএছ-০৩ ৰ সফল উৎক্ষেপণৰ বাবে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO)-ক অভিনন্দন জ্ঞাপন কৰিছে।

প্ৰধানমন্ত্ৰীয়ে ৪ অক্টোবৰত ৬২,০০০ কোটি টকাতকৈ অধিক মূল্যৰ বিভিন্ন যুৱকেন্দ্ৰিক পদক্ষেপ মুকলি কৰিব

October 03rd, 03:54 pm

যুৱ বিকাশৰ এক ঐতিহাসিক পদক্ষেপ হিচাপে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীৰ বিজ্ঞান ভৱনত দিনৰ ১১ বজাত ৬২,০০০ কোটিৰো অধিক মূল্যৰ বিভিন্ন যুৱকেন্দ্ৰিক পদক্ষেপ মুকলি কৰিব, যাৰ ফলত সমগ্ৰ দেশতে শিক্ষা, দক্ষতা আৰু উদ্যোগীকৰণৰ ক্ষেত্ৰত এক নিৰ্ণায়ক উত্থান ঘটিব। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগী অনুসৰি আয়োজন কৰা ৰাষ্ট্ৰীয় দক্ষতা সমাৰোহৰ চতুৰ্থ সংস্কৰণ কৌশল দীক্ষান্ত সমাৰোহৰো অনুষ্ঠিত হ’ব, য’ত দক্ষতা বিকাশ আৰু উদ্যোগ মন্ত্ৰালয়ৰ অধীনস্থ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ ৪৬ গৰাকী সৰ্বভাৰতীয় শীৰ্ষ স্থানপ্ৰাপকক সম্বৰ্ধনা জনোৱা হ’ব।

জাপানৰ প্ৰধানমন্ত্ৰীৰ সৈতে যুটীয়া প্ৰেছ বিবৃতিৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিজ্ঞপ্তিৰ অসমীয়া অনুবাদ

August 29th, 03:59 pm

আজি আমি আমাৰ বিশেষ কৌশলগত আৰু বৈশ্বিক অংশীদাৰিত্বৰ এক নতুন আৰু সোণালী অধ্যায়ৰ বাবে এটি শক্তিশালী ভেটি স্থাপন কৰিছোঁ। আমি আগন্তুক দশকৰ বাবে ৰোডমেপ নিৰ্ধাৰণ কৰিছোঁ। আমাৰ দৃষ্টিভংগীয়ে বিনিয়োগ, উদ্ভাৱন, অৰ্থনৈতিক সুৰক্ষা, পৰিবেশ, প্ৰযুক্তি, স্বাস্থ্য, গতিশীলতা, জনসাধাৰণৰ মাজৰ সম্পৰ্কত গুৰুত্ব আৰোপ কৰে। আমি আগন্তুক দহ বছৰত ভাৰতত জাপানৰ ১০ ট্ৰিলিয়ন য়েন বিনিয়োগৰ লক্ষ্য নিৰ্ধাৰণ কৰিছোঁ। দুয়োখন দেশৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ তথা ষ্টাৰ্ট-আপক সংযোগ কৰাৰ ক্ষেত্ৰতো আমি বিশেষ গুৰুত্ব প্ৰদান কৰিম।

ঐতিহাসিক মহাকাশ অভিযানৰ পৰা পৃথিৱীলৈ উভতি অহাৰ সময়ত গ্ৰুপ কেপ্তেইন শুভাংশু শুক্লাক আদৰণি প্ৰধানমন্ত্ৰীৰ

July 15th, 03:36 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গ্ৰুপ কেপ্তেইন শুভাংশু শুক্লাক আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ ঐতিহাসিক অভিযানৰ পৰা পৃথিৱীলৈ উভতি অহাৰ সময়ত আদৰণি জনায়। তেওঁ কয় যে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)লৈ যাত্ৰা কৰা ভাৰতৰ প্ৰথম মহাকাশচাৰী হিচাপে গ্ৰুপ কেপ্তেইন শুক্লাৰ এই কৃতিত্ব দেশৰ মহাকাশ অন্বেষণ যাত্ৰাৰ এক নিৰ্ণায়ক মুহূৰ্ত।

এবিপি নেটৱৰ্কৰ ইণ্ডিয়া@২০৪৭ সন্মিলনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

May 07th, 12:00 pm

ভাৰত মণ্ডপমৰ এই মঞ্চ আজি পুৱাৰে পৰা প্ৰাণৱন্ত ৰূপ পাইছে। কেইদিনমানৰ পূৰ্বে আপোনাৰ দলটোক অলপ সময়ৰ বাবে লগ পোৱাৰ সুযোগ পাইছিলোঁ। এই সন্মিলন বৈচিত্ৰ্যপূৰ্ণ। বহু মহান ব্যক্তিয়ে এই সন্মিলক সমৃদ্ধ কৰিছে। মই নিশ্চিত যে আপোনালোক সকলোৱেও এটা ডাঙৰ অভিজ্ঞতা লাভ কৰিছে। এই সন্মিলনত বৃহৎ সংখ্যক যুৱক-যুৱতী আৰু মহিলাৰ উপস্থিতি থকাটো ব্যতিক্ৰমী হিচাপে পৰিগণিত হৈছে। বিশেষকৈ আমাৰ ড্ৰোণ দিদি আৰু লাখপতি দিদিসকলে তেওঁলোকৰ অভিজ্ঞতা শ্বেয়াৰ কৰিলে। এই সকলোবোৰ এংকৰক যেতিয়া মই এতিয়াই লগ পাইছিলো, তেতিয়া মই দেখি আছিলো যে তেওঁলোকে ইমান উৎসাহেৰে নিজৰ অভিজ্ঞতাবোৰ শ্বেয়াৰ কৰিছে। প্ৰতিটো সংলাপ মনত পৰিল। অৰ্থাৎ এইটো সঁচাকৈয়ে এক অতি প্ৰেৰণাদায়ক সুযোগ হিচাপে পৰিগণিত হৈছে।

PM Modi addresses the Global Conference on Space Exploration (GLEX) 2025

May 07th, 11:30 am

PM Modi addressed GLEX 2025 via videoconferencing, showcasing India’s stellar rise from a humble 1963 rocket launch to becoming the first to land near the Moon’s South Pole. He celebrated India's Mars triumph, space tech breakthroughs, and future missions like Gaganyaan and Bharatiya Antariksha Station.

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

April 27th, 11:30 am

নমস্কাৰ। আজি 'মন কী বাত'ত আপোনালোকৰ লগত কথা পাতি আছো যদিও মোৰ অন্তৰত এক গভীৰ দুখ অনুভৱ হৈ আছে। ২২ এপ্ৰিলত পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণে দেশৰ প্ৰতিজন নাগৰিকৰ মনত আঘাত দিছে। মৃতকৰ পৰিয়ালৰ প্ৰতি সমগ্ৰ ভাৰতীবাসীয়ে গভীৰ সমবেদনা জ্ঞাপন কৰিছে। তেওঁ যি ৰাজ্যৰেই নহওক বা যি ভাষা নকওক কিয়, এই আক্ৰমণত নিজৰ আপোনজনক হেৰুওৱা সেই লোকসকলৰ যন্ত্ৰণা ভুক্তভোগী লোকসকলেহে অনুভৱ কৰে। সন্ত্ৰাসবাদী আক্ৰমণৰ ছবি দেখি প্ৰতিজন ভাৰতীয়ৰ তেজ উতলি থকা যেন অনুভৱ হৈছে। পেহেলগামত এই আক্ৰমণে সন্ত্ৰাসবাদক পৃষ্ঠপোষকতা কৰা সকলৰ হতাশাৰ লগতে, তেওঁলোকৰ কাপুৰুষালি প্ৰদৰ্শন কৰিছে। কাশ্মীৰত শান্তি ঘূৰি আহিছিল, বিদ্যালয়-মহাবিদ্যালয়ত জীপাল হৈ উঠিছিল, নিৰ্মাণ কাৰ্য্যই অভূতপূৰ্ব গতি লাভ কৰিছিল, গণতন্ত্ৰ শক্তিশালী হৈ আহিছিল, পৰ্যটকৰ সংখ্যা অভিলেখ পৰিমাণৰ বৃদ্ধি পাইছিল, মানুহৰ আয় বাঢ়িছিল, যুৱক-যুৱতীসকলৰ বাবে নতুন সুযোগৰ সৃষ্টি হৈছিল। কিন্তু দেশ তথা জম্মু-কাশ্মীৰৰ শত্ৰুবোৰে এই কথাবোৰ ভাল নাপালে। সন্ত্ৰাসবাদী আৰু তেওঁলোকৰ পৃষ্ঠপোষকসকলে কাশ্মীৰ পুনৰ ধ্বংস হোৱাটো বিচাৰে আৰু সেয়েহে তেওঁলোকে ইমান ডাঙৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল। দেশৰ ঐক্য, ১৪০ কোটি ভাৰতীয়ৰ একতা, সন্ত্ৰাসবাদৰ বিৰুদ্ধে এই যুদ্ধত আমাৰ সৰ্ববৃহৎ শক্তি। এই ঐক্যই সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমাৰ নিৰ্ণায়ক যুঁজৰ আধাৰ। দেশৰ সন্মুখত দেখা দিয়া এই প্ৰত্যাহ্বান মোকাবিলা কৰিবলৈ আমি আমাৰ সংকল্প শক্তিশালী কৰিব লাগিব। দেশ হিচাপে আমি দৃঢ় ইচ্ছাশক্তি প্ৰদৰ্শন কৰিব লাগিব। এই ক্ষেত্ৰত আজি বিশ্বই দৃষ্টি ৰাখিছে আৰু সন্ত্ৰাসবাদী এই নৃশংস আক্ৰমণৰ পিছত সমগ্ৰ দেশে সমস্বৰে মাত মাতিছে।

ডঃ কে. কস্তুৰীৰংগনৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক

April 25th, 02:34 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতৰ বৈজ্ঞানিক আৰু শৈক্ষিক যাত্ৰাৰ এগৰাকী আগশাৰীৰ ব্যক্তি ডঃ কে. কস্তুৰীৰংগনৰ দেহাৱসানত শোক প্ৰকাশ কৰে। শ্ৰী মোদীয়ে কয় যে ডঃ কে. কস্তুৰীৰংগনে ভাৰতৰ মহাকাশ কাৰ্য্যসূচীক নতুন শিখৰলৈ নি ইছৰোত নিৰলসভাৱে সেৱা আগবঢ়াইছিল। ভাৰতৰ শিক্ষা ব্যৱস্থাক অধিক সামগ্ৰিক আৰু ভৱিষ্যতমুখী কৰি তুলিবলৈ ৰাষ্ট্ৰীয় শিক্ষা নীতি (NEP)-ৰ খচৰা প্ৰস্তুতৰ সময়ত গ্ৰহণ কৰা প্ৰয়াসৰ বাবে ডঃ কস্তুৰীৰংগনৰ ওচৰত ভাৰত সদায় কৃতজ্ঞ হৈ থাকিব। একাধিক যুৱ বিজ্ঞানী আৰু গৱেষকৰ বাবেও তেওঁ এগৰাকী অসামান্য পথ-প্ৰদৰ্শক আছিল, শ্ৰী মোদীয়ে লগতে কয়।

ৰিপাব্লিক প্লেনেৰী ছামিট ২০২৫ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

March 06th, 08:05 pm

আপোনালোক সকলো নিশ্চয় ভাগৰি পৰিছে, অৰ্ণবৰ উচ্চ স্বৰত আপোনালোকৰ কাণ দুখন নিশ্চয় ভাগৰি পৰিছে, বহক অৰ্ণব, এতিয়াও নিৰ্বাচনৰ বতৰ হোৱা নাই। প্ৰথমে ৰিপাব্লিক টিভিক এই অভিনৱ অভিজ্ঞতাৰ বাবে অভিনন্দন জনাইছো। আপোনালোকে যুৱক-যুৱতীসকলক তৃণমূল পৰ্যায়ত জড়িত কৰি ইমান ডাঙৰ প্ৰতিযোগিতা আয়োজন কৰি ইয়ালৈ আনিছে। দেশৰ যুৱক-যুৱতীসকল যেতিয়া জাতীয় বক্তৃতাৰ লগত জড়িত হৈ পৰে তেতিয়া চিন্তাত নতুনত্বৰ সৃষ্টি হয়, ই সমগ্ৰ পৰিৱেশকে নতুন শক্তিৰে ভৰাই তোলে আৰু এই সময়ত আমিও ইয়াত একে শক্তি অনুভৱ কৰি আছো। এক প্ৰকাৰে যুৱক-যুৱতীসকলৰ জড়িততাৰে আমি প্ৰতিটো বান্ধোন ভাঙিবলৈ সক্ষম হৈছো, সীমাৰ ঊৰ্ধ্বলৈ যাব পাৰিছো, তথাপিও এনে কোনো লক্ষ্য নাই যিটো অসম্ভৱ। কোনো গন্তব্যস্থান নাই যিটোত উপনীত হ’ব নোৱাৰি। এই সন্মিলনৰ বাবে ৰিপাব্লিক টিভিয়ে নতুন ধাৰণা এটাৰ ওপৰত কাম কৰিছে। এই সন্মিলনৰ সফলতাৰ বাবে আপোনালোক সকলোকে অভিনন্দন জনাইছো আৰু সম্বৰ্ধনা জনাইছো। বাৰু, মোৰো এই বিষয়ে অলপ ন্যস্ত স্বাৰ্থ আছে প্ৰথমতে, মই যোৱা কেইদিনমানৰ পৰা ভাবি আহিছো যে মই এক লাখ যুৱকক ৰাজনীতিত আনিব লাগিব আৰু সেই এক লাখ যুৱক-যুৱতী এনে হ’ব লাগে যি পৰিয়ালৰ প্ৰথম ভোটাৰ, এক প্ৰকাৰে এনেধৰণৰ অনুষ্ঠানে মোৰ এই লক্ষ্যৰ বাবে আধাৰ সাজু কৰি তুলিছে। দ্বিতীয়তে, মোৰ ব্যক্তিগত লাভ আছে, সেয়া হৈছে ২০২৯ চনত ভোট দিবলৈ যাবলগীয়া সকলে নাজানে ২০১৪ চনৰ আগতে বাতৰি কাকতৰ শিৰোনাম কি আছিল, তেওঁলোকে নাজানে, আগতে ১০-১০, ১২-১২ লাখ কোটি টকাৰ কেলেংকাৰী হৈছিল, তেওঁলোকে নাজানে আৰু ২০২৯ চনত কেতিয়া ভোট দিবলৈ যাব, তুলনাৰ বাবে তেওঁলোকৰ আগত একো নাথাকিব আৰু গতিকে সেই পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগিব আৰু মই নিশ্চিত যে যিখন আধাৰ নিৰ্মাণ কৰা হৈছে সেইখনে সেই কামক শক্তিশালী কৰি তুলিব।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰিপাব্লিক প্লেনেৰী ছামিট, ২০২৫ সম্বোধন কৰে

March 06th, 08:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত ৰিপাব্লিক প্লেনেৰী ছামিট, ২০২৫ত অংশগ্ৰহণ কৰে। ইয়াত সমবেতসকলক সম্বোধনেৰে তেখেতে ৰিপাব্লিক টিভিক তৃণমূল পৰ্য্যায়ত যুৱক-যুৱতীসকলক জড়িতকৰণৰ বাবে আৰু এক উল্লেখযোগ্য হেকাথন প্ৰতিযোগিতা আয়োজনৰ উদ্ভাৱনী পদ্ধতি অৱলম্বনৰ বাবে অভিনন্দন জনায়। তেখেতে কয় যে এখন ৰাষ্ট্ৰৰ যুৱক-যুৱতীসকল ৰাষ্ট্ৰীয় বিষয়ৰে জড়িত হৈ পৰা মাত্ৰেকে চিন্তা-ধাৰাৰ ক্ষেত্ৰত নতুনত্বৰ সঞ্চাৰ হয় আৰু সমগ্ৰ পৰিবেশকে তেওঁলোকৰ শক্তিৰে ভৰাই তোলে। তেখেতে কয় যে এই শক্তি আজিৰ সন্মিলনত অনুভূত হৈছে। তেখেতে আৰু কয় যে যুৱক-যুৱতীসকলৰ অংশগ্ৰহণে সকলো বাধা নেওচি সীমনালৈ যোৱাত সহায় কৰে, যাৰ ফলশ্ৰুতিত প্ৰতিটো লক্ষ্য সাধনযোগ্য আৰু প্ৰতিটো গন্তব্যস্থানত উপনীত হ’ব পৰা যায়। এই সন্মিলনৰ বাবে নতুন ধাৰণা এটাৰ ওপৰত কাম কৰাৰ বাবে তেখেতে ৰিপাব্লিক টিভিৰ শলাগ লয় আৰু ইয়াৰ সফলতাৰ বাবে শুভেচ্ছা জনায়। শ্ৰী মোদীয়ে কোনো ৰাজনৈতিক বেকগ্ৰাউণ্ড নথকা এক লাখ যুৱক-যুৱতীক ভাৰতৰ ৰাজনীতিলৈ অনাৰ ধাৰণাটোৰ কথা পুনৰ উল্লেখ কৰে।

২৩.০২.২০২৫ত ‘মন কী বাত’ৰ ১১৯সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

February 23rd, 11:30 am

মন কী বাতলৈ সকলোকে স্বাগতম জনাইছো। বৰ্তমান চেম্পিয়নছ ট্ৰফী চলি আছে আৰু সকলোতে ক্ৰিকেটৰ এক পৰিৱেশ বিৰাজ কৰিছে। ক্ৰিকেটত এটা শতকৰ ৰোমাঞ্চৰ কথা আমি সকলোৱে কম বেছি পৰিমাণে জানো, কিন্তু আজি আমি ক্ৰিকেটৰ কথা নকওঁ, মহাকাশত ভাৰতে যি অসাধাৰণ শতক অৰ্জন কৰিছে, সেই অসাধাৰণ শতকৰ কথাহে আলোচনা কৰিম। যোৱা মাহত ইছৰোৰ ১০০সংখ্যক ৰকেট উৎক্ষেপণৰ সাক্ষী হৈছিল দেশবাসী। এয়া কেৱল এক সংখ্যা নহয়, ই মহাকাশ বিজ্ঞানত দৈনিক নতুন উচ্চতাত উপনীত হোৱাৰ আমাৰ সংকল্পক প্ৰতিফলিত কৰিছে। আমাৰ মহাকাশ যাত্ৰা অতি সহজভাৱে আৰম্ভ হৈছিল। প্ৰতিটো খোজতে প্ৰত্যাহ্বান আহিছিল যদিও আমাৰ বিজ্ঞানীসকলে সেই সকলোবোৰ বাধা অতিক্ৰম কৰি আগবাঢ়ি গ’ল। সময়ৰ লগে লগে এই মহাকাশ অভিযানসমূহত আমাৰ সফলতাৰ তালিকাখন দীঘলীয়া হৈ আহিল। উৎক্ষেপণ বাহনৰ নিৰ্মাণেই হওক, চন্দ্ৰযান, মংগল অৰ্বিটাৰ, আদিত্য এল-১ৰ সফলতাই হওক বা এটা ৰকেট ব্যৱহাৰ কৰি একে সময়তে ১০৪টা উপগ্ৰহ মহাকাশলৈ প্ৰেৰণৰ অভূতপূৰ্ব অভিযানেই হওক– ইছৰোৰ সাফল্য দিনক দিনে বাঢ়িছে। কেৱল যোৱা দহ বছৰত আন দেশৰ বহু উপগ্ৰহকে ধৰি প্ৰায় ৪৬০টা উপগ্ৰহ উৎক্ষেপণ কৰা হৈছে। শেহতীয়া সময়ৰ আন এটা বৈশিষ্ট্য হ’ল আমাৰ মহাকাশ বিজ্ঞানীৰ দলত মহিলাৰ অংশগ্ৰহণ অহৰহ বৃদ্ধি পাইছে। মহাকাশৰ ক্ষেত্ৰখন আজি আমাৰ যুৱক-যুৱতীসকলৰ বাবে অতি আকৰ্ষণীয় হৈ পৰা দেখি মই অতিশয় আনন্দিত হৈছো।

When the United States and India work together, i.e. 'MAGA' plus 'MIGA', the 'MEGA' Partnership for prosperity is formed: PM Modi

February 14th, 04:57 am

During the joint press meet at the White House, PM Modi expressed his heartfelt gratitude to President Trump for his leadership in strengthening the India-US relationship. He highlighted their shared goals, including boosting trade, energy security, and defense cooperation. PM Modi emphasized the importance of collaboration in technology, space, and combating terrorism, while inviting Trump to visit India again.

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ফ্ৰান্স ভ্ৰমণ সন্দৰ্ভত ভাৰত-ফ্ৰান্সৰ যুটীয়া বিবৃতি

February 12th, 03:22 pm

ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মহামহিম ইমানুৱেল মেক্ৰ’ৰ আমন্ত্ৰণত ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৫ চনৰ ১০ ফেব্ৰুৱাৰীৰ পৰা ১২ ফেব্ৰুৱাৰীলৈ ফ্ৰান্স ভ্ৰমণ কৰে। ২০২৫ চনৰ ১০ আৰু ১১ ফেব্ৰুৱাৰীত ফ্ৰান্স আৰু ভাৰতে ব্লেচলি পাৰ্ক (২০২৩ চনৰ নৱেম্বৰ) আৰু ছিউল (২০২৪ চনৰ মে’) সন্মিলনৰ সময়ত লাভ কৰা গুৰুত্বপূৰ্ণ কৃতিত্বক গঢ়ি তুলিবলৈ কৃত্ৰিম বুদ্ধিমত্তা কাৰ্য সন্মিলনৰ সহ-অধ্যক্ষতা হিচাপে কাম কৰে। এই সন্মিলনত ৰাষ্ট্ৰ আৰু চৰকাৰৰ মুৰব্বী, আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ নেতা, ক্ষুদ্ৰ আৰু বৃহৎ উদ্যোগৰ মুৰব্বী, শিক্ষাবিদ, বেচৰকাৰী সংস্থা, শিল্পী আৰু নাগৰিক সমাজৰ সদস্যসকল উপস্থিত থাকে। তেওঁলোকে বিশ্বজুৰি এআই খণ্ডই যাতে জনস্বাৰ্থত লাভজনক সামাজিক, অৰ্থনৈতিক আৰু পৰিৱেশগত ফলাফল লাভ কৰে তাৰ বাবে সুনিৰ্দিষ্ট ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতিৰ ওপৰত আলোকপাত কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে ফ্ৰান্সত অনুষ্ঠিত এআই কাৰ্য সন্মিলনৰ সফল আয়োজনৰ বাবে ৰাষ্ট্ৰপতি মেক্ৰ’ক অভিনন্দন জনায়। পৰৱৰ্তী এআই সন্মিলন আয়োজন কৰাৰ বাবে ফ্ৰান্সে ভাৰতক অভিনন্দন জনায়।