পশ্চিম এছিয়াত চলি থকা সংঘাত সন্দৰ্ভত ৰাজ্যসভাত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ মূলপাঠ

March 24th, 02:05 pm

পশ্চিম এছিয়াত চলি থকা যুদ্ধ আৰু ইয়াৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ বিষয়ে আমি সকলোৱে অৱগত। এই ভয়ংকৰ পৰিস্থিতিত চৰকাৰৰ স্থিতি ভাগ বাটোৱাৰা কৰিবলৈ মই আজি সংসদৰ উচ্চ সদনৰ সন্মুখত আৰু দেশবাসীসকলৰ সন্মুখত উপস্থিত হৈছো। পশ্চিম এছিয়াত এই যুদ্ধ তিনি সপ্তাহতকৈও অধিক সময় ধৰি চলি আছে। এই যুদ্ধই বিশ্বজুৰি এক গুৰুতৰ শক্তি সংকটৰ সৃষ্টি কৰিছে। এই পৰিস্থিতি ভাৰতৰ বাবেও উদ্বেগজনক। এই যুদ্ধই আমাৰ বাণিজ্য পথসমূহক প্ৰভাৱিত কৰিছে। ইয়াৰ ফলত পেট্ৰ’ল, ডিজেল, গেছ আৰু সাৰৰ দৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ নিয়মীয়া যোগানত প্ৰভাৱ পৰিছে। উপসাগৰীয় দেশসমূহত প্ৰায় ১ কোটি ভাৰতীয় বাস কৰে আৰু কাম কৰে। তেওঁলোকৰ জীৱন আৰু জীৱিকাৰ সুৰক্ষা ভাৰতৰ বাবে এক গুৰুত্বপূৰ্ণ চিন্তাৰ বিষয়। সমগ্ৰ বিশ্বৰ পৰা অহা বহুতো জাহাজ বৃহৎ সংখ্যক ভাৰতীয় কৰ্মচাৰীক লৈ হৰমুজ জলপ্ৰণালীত আবদ্ধ হৈ আছে। এইটো ভাৰতৰ বাবেও এক বৃহৎ উদ্বেগৰ বিষয়। এনে এক ভয়ংকৰ পৰিস্থিতিত ভাৰতীয় সংসদৰ এই উচ্চ সদনৰ পৰা সমগ্ৰ বিশ্বতে শান্তি আৰু আলোচনাৰ বাবে এক ঐক্যবদ্ধ কণ্ঠ শুনাটো জৰুৰী।

পশ্চিম এছিয়াত চলি থকা সংঘাতক লৈ ৰাজ্যসভাত ভাষণ দিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে

March 24th, 02:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজ্যসভাত ভাষণ দি পশ্চিম এছিয়াত চলি থকা সংঘাতৰ পৰা উদ্ভৱ হোৱা পৰিস্থিতিৰ বিষয়ত চৰকাৰৰ স্থিতি স্পষ্ট কৰে। তিনি সপ্তাহতকৈও অধিক সময় ধৰি চলি থকা যুদ্ধই ভাৰতত বাবে গভীৰভাৱে উদ্বেগজনক প্ৰভাৱ পেলোৱাৰ লগতে বিশ্বত এক ভয়াৱহ শক্তি সংকটৰ সৃষ্টি কৰা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে আঙুলিয়াই দিয়ে যে এই সংঘাতে ভাৰতৰ বাণিজ্যিক পথত ব্যাঘাত জন্মাইছে আৰু পেট্ৰ’ল, ডিজেল, গেছ, সাৰ আদি অত্যাৱশ্যকীয় সামগ্ৰীৰ নিয়মীয়া যোগানত প্ৰভাৱ পেলাইছে। উপসাগৰীয় দেশসমূহত প্ৰায় এক কোটি ভাৰতীয়ই বাস কৰাৰ লগতে কাম কৰি থকাৰ বাবে তেওঁলোকৰ সুৰক্ষা আৰু জীৱিকাৰ বিষয় হৈয়েই আছে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ লগতে হৰমুজ জলদ্বীপত জাহাজত আবদ্ধ হৈ থকা বৃহৎ সংখ্যক ভাৰতীয় নাৱিকৰ বিষয়টোও উল্লেখ কৰে।

পশ্চিম এছিয়াত চলি থকা সংঘৰ্ষ সন্দৰ্ভত লোকসভাত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূলপাঠ

March 23rd, 02:15 pm

মই পশ্চিম এছিয়াত চলি থকা সংঘৰ্ষ আৰু ইয়াৰ ফলত ভাৰতে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ বিষয়ে আলোচনা কৰিবলৈ সন্মানীয় সদনত উপস্থিত হৈছো। এই মুহূৰ্তত পশ্চিম এছিয়াৰ অৱস্থা উদ্বেগজনক। যোৱা দুসপ্তাহৰ ভিতৰত জয়শংকৰজী আৰু হৰদ্বীপ পুৰীয়ে সদনক এই বিষয়ত প্ৰয়োজনীয় তথ্য প্ৰদান কৰিছে। এই সংকট ৩ সপ্তাহৰো অধিক সময় ধৰি চলি আছে। সমগ্ৰ বিশ্বৰ অৰ্থনীতি, জনসাধাৰণৰ জীৱনৰ ওপৰত ইয়াৰ যথেষ্ট প্ৰতিকূল প্ৰভাৱ পৰিছে আৰু সেয়েহে সমগ্ৰ বিশ্বই সকলো পক্ষকে যিমান শীঘ্ৰে সম্ভৱ এই সংঘৰ্ষ অৱসানৰ বাবে আহ্বান জনাইছে।

পশ্চিম এছিয়াত চলি থকা সংঘাত সন্দৰ্ভত লোকসভাত ভাষণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

March 23rd, 02:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লোকসভাত পশ্চিম এছিয়াত চলি থকা সংঘাত আৰু ভাৰতৰ সন্মুখত দেখা দিয়া ইয়াৰ ব্যাপক প্ৰত্যাহ্বানৰ সন্দৰ্ভত ভাষণ প্ৰদান কৰে। এই সংকট তিনি সপ্তাহতকৈও অধিক সময় ধৰি চলি আছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ইয়াৰ সমাধানৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। পৰিস্থিতিৰ গুৰুত্ব সম্পৰ্কে উল্লেখ কৰি শ্ৰী মোদীয়ে কয়, সমগ্ৰ বিশ্বই এই সংকটৰ শীঘ্ৰে সমাধানৰ বাবে সকলো পক্ষকে আহ্বান জনাইছে।

ইৰাণৰ ৰাষ্ট্ৰপতিৰ সৈতে বাৰ্তালাপ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে

March 21st, 04:26 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইৰাণৰ ইছলামিক ৰিপাব্লিকৰ ৰাষ্ট্ৰপতি মহামহিম ড° মাছুদ পেজেছকিয়ানৰ সৈতে আজি আঞ্চলিক উন্নয়নৰ বিষয়ত আলোচনা কৰি দ্বিপাক্ষিক সহযোগিতা শক্তিশালী কৰিবলৈ দৃঢ়তা প্ৰকাশ কৰে।

ইৰানৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ বাৰ্তালাপ

March 12th, 11:38 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইছলামিক গণৰাজ্য ইৰানৰ ৰাষ্ট্ৰপতি ড০ মাছোদ পেজেস্কিয়ানৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰে।

LDF and UDF have deprived Keralam of its youth power: PM Modi in Ernakulam

March 11th, 03:00 pm

Amid a massive gathering in Ernakulam today, Prime Minister Narendra Modi said the enthusiasm and confidence of the people reflected a strong aspiration for Keralam’s development and a new political direction in the state. He emphasised that the aspirations of the people clearly indicate a desire for faster growth and new opportunities.

PM Modi addresses a mega public meeting in Ernakulam, Keralam

March 11th, 02:20 pm

Amid a massive gathering in Ernakulam today, Prime Minister Narendra Modi said the enthusiasm and confidence of the people reflected a strong aspiration for Keralam’s development and a new political direction in the state. He emphasised that the aspirations of the people clearly indicate a desire for faster growth and new opportunities.

২০৩০ চনৰ দিশত: ভাৰত-ইউৰোপীয় সংঘ-ৰ যুটীয়া ব্যাপক কৌশলগত কাৰ্যসূচী

January 27th, 06:48 pm

২০২৬ চনৰ ২৭ জানুৱাৰীত নতুন দিল্লীত অনুষ্ঠিত ‘১৬ সংখ্যক ভাৰত-ইউৰোপীয় সংঘৰ শীৰ্ষ সন্মিলন’ত স্বাক্ষৰিত ভাৰত-ইউৰোপীয় সংঘৰ যুটীয়া ব্যাপক কৌশলগত কাৰ্যসূচীৰ লক্ষ্য হৈছে ইউৰোপীয় সংঘ-ভাৰতৰ সহযোগিতাক বিস্তৃত, গভীৰ আৰু উন্নত সমন্বয়ৰ দ্বাৰা কৌশলগত অংশীদাৰিত্বক আৰু অধিক শক্তিশালী কৰি তোলা যাতে উভয় অংশীদাৰৰ লগতে সামগ্ৰিক বিশ্বৰ বাবে পাৰস্পৰিকভাৱে লাভজনক, সুনিৰ্দিষ্ট আৰু পৰিৱৰ্তনশীল ফলাফল প্ৰদান কৰিব পৰা হয়।

ভাৰত - ইউৰোপীয় পৰিষদ-ৰ সভাপতি আৰু ইউৰোপীয় আয়োগ-ৰ সভাপতিৰ ভাৰতলৈ আনুষ্ঠানিক ভ্ৰমণ আৰু ১৬ সংখ্যক ভাৰত-ইউৰোপীয় সংঘ-ৰ শীৰ্ষ সন্মিলন সম্পৰ্কে ইউৰোপীয় সংঘ-ৰ যুটীয়া বিবৃতি

January 27th, 06:15 pm

প্ৰধানমন্ত্ৰী মোদীৰ আমন্ত্ৰণত ইউৰোপীয় পৰিষদ-ৰ সভাপতি এণ্টনিঅ’ কোষ্টা আৰু ইউৰোপীয় আয়োগ-ৰ সভাপতি উৰ্চুলা ভন ডেৰ লেয়েনে ভাৰতৰ ৭৭ সংখ্যক গণৰাজ্য দিৱসত মুখ্য অতিথি হিচাপে ভাৰতলৈ আনুষ্ঠানিক ভ্ৰমণ কৰে। এই ভ্ৰমণৰ সময়ত নেতাসকলে ভাৰত–ইউৰোপীয় সংঘ-ৰ ঐতিহাসিক এফটিএ সম্পৰ্কীয় আলোচনাৰ সফল সমাপ্তিৰ প্ৰশংসা কৰে আৰু “২০৩০ চনৰ দিশত: ভাৰত–ইউৰোপীয় সংঘ-ৰ যুটীয়া ব্যাপক কৌশলগত কাৰ্যসূচী” গ্ৰহণ কৰে।

২৫ ছেপ্টেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত ৱৰ্ল্ড ফুড ইণ্ডিয়া ২০২৫ত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে

September 24th, 06:33 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৫ ছেপ্টেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত সন্ধিয়া প্ৰায় ৬:১৫ বজাত বিশ্ব খাদ্য ভাৰত ২০২৫ত অংশগ্ৰহণ কৰিব। লগতে এই উপলক্ষে তেওঁ ৰাজহুৱা সভাত ভাষণ আগবঢ়াব।

ইৰাণৰ ৰাষ্ট্ৰপতিৰে টেলিফোনিক বাৰ্তালাপ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

June 22nd, 05:27 pm

ইৰাণৰ ৰাষ্ট্ৰপতি মহামহিম মাছুদ পেজেছকিয়ানে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰে।

জম্মু আৰু কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা বিশ্ববাসীৰ

April 24th, 03:29 pm

২০২৫ চনৰ ২২ এপ্ৰিলত জম্মু আৰু কাশ্মীৰৰ পেহেলগামত নিৰীহ লোকৰ প্ৰাণ কাঢ়ি লোৱা ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ বিৰুদ্ধে বিশ্বৰ নেতাসকল ঐক্যবদ্ধ হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে বিশ্বজুৰি আগবঢ়োৱা সমৰ্থনৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি প্ৰতিশ্ৰুতি দিয়ে যে “ভাৰতে সন্ত্ৰাসবাদী আৰু তেওঁলোকৰ সমৰ্থকসকলক পৃথিৱীৰ পৰাই নিৰ্মূল কৰিব।”

দিল্লীত 'জাহাঁ-ই-খুশ্ৰো ২০২৫' কাৰ্যক্ৰমত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

February 28th, 07:31 pm

অনুষ্ঠানত উপস্থিত থকা ড০ কৰণ সিং জী, মুজাফ্ফৰ আলী জী, মীৰা আলী জী, অন্যান্য গণ্যমান্য ব্যক্তি, মহিলা আৰু ভদ্ৰলোকসকল!

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চুফী সংগীত মহোৎসৱ ‘জাহাঁ-ই-খুশ্ৰো ২০২৫’ত অংশগ্ৰহণ কৰে

February 28th, 07:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ‘সুন্দৰ নাৰ্চাৰী’ত অনুষ্ঠিত চুফী সংগীত মহোৎসৱ ‘জাহাঁ-ই-খুশ্ৰো ২০২৫’ত অংশগ্ৰহণ কৰে।

Prime Minister meets with the President of the Islamic Republic of Iran

October 22nd, 09:24 pm

PM Modi met Iran's President Dr. Masoud Pezeshkian on the sidelines of the 16th BRICS Summit in Kazan. PM Modi congratulated Pezeshkian on his election and welcomed Iran to BRICS. They discussed strengthening bilateral ties, emphasizing the Chabahar Port's importance for trade and regional stability. The leaders also addressed the situation in West Asia, with PM Modi urging de-escalation and protection of civilians through diplomacy.

ইৰানৰ ৰাষ্ট্ৰপতিৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

November 06th, 06:14 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইৰানৰ ৰাষ্ট্ৰপতি ড০ ছেইদ ইব্ৰাহিম ৰাইছীৰ সৈতে টেলিফোনিক বাৰ্তালাপত মিলিত হয়।

ব্ৰিকছ সম্প্ৰসাৰণ সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ বক্তব্য

August 24th, 01:32 pm

প্ৰথমতে, এই ব্ৰিকছ সন্মিলনৰ সফল আয়োজনৰ বাবে মই ৰাষ্ট্ৰপতি, মোৰ বন্ধু ৰামাফোচাজীক অভিনন্দন জনাইছো।

PM Modi speaks to President Raisi of Iran

August 18th, 06:07 pm

PM Modi had a telephone conversation with H.E. Dr Seyyed Ebrahim Raisi, President of the Islamic Republic of Iran. The two leaders discussed matters of bilateral and regional importance. The two leaders reiterated their commitment to further strengthen bilateral cooperation including to realize the full potential of Chabahar Port as a connectivity hub.

২৩ তম এছচিঅ’ সন্মিলনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

July 04th, 12:30 pm

আজি ২৩ সংখ্যক এছচিঅ' সন্মিলনত আপোনাক উষ্ম আদৰণি জনাইছো। বিগত দুটা দশকত, এছচিঅ'ই সমগ্ৰ এছিয়া অঞ্চলত শান্তি, সমৃদ্ধি আৰু উন্নয়নৰ বাবে এক গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে আত্মপ্ৰকাশ কৰিছে। এই এলেকাৰ সৈতে ভাৰতৰ হাজাৰ হাজাৰ বছৰ পুৰণি সাংস্কৃতিক আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্কই আমাৰ অংশীদাৰী ঐতিহ্যৰ জীৱন্ত প্ৰমাণ। আমি এই অঞ্চলটোক কেৱল সম্প্ৰসাৰিত চুবুৰীয়া হিচাপেই নহয়, কিন্তু এক সম্প্ৰসাৰিত পৰিয়াল হিচাপে বিবেচনা কৰো।