"ভাৰত বিশ্বজুৰি শীৰ্ষ তিনিখন এআই মহাশক্তিৰ ভিতৰত থাকিব লাগে": ২০৪৭ৰ দৃষ্টিভংগী নিৰ্ধাৰণ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে

February 17th, 06:02 pm

এআইৰ ওপৰত দিয়া এক সাক্ষাৎকাৰত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এআই ইমপেক্ট ছামিটৰ বিষয়বস্তু, সকলোৰে বাবে কল্যাণ, সকলোৰে বাবে সুখ, ভাৰতৰ সভ্যতাবাদী দৰ্শনক প্ৰতিফলিত কৰে। তেওঁ উল্লেখ কৰে যে এআইক মনযোগেৰে লাভৱান কৰিলে সম্পূৰ্ণ নতুন অৰ্থনৈতিক সুযোগ সৃষ্টি কৰাৰ লগতে গভীৰ উন্নয়নমূলক প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিব পাৰি, সৰ্বাংগীন বৃদ্ধি সক্ষম হ’ব পাৰে, নগৰ–গ্ৰাম্য বিভাজন দূৰ কৰিব পাৰি, আৰু সুযোগৰ সুবিধা সম্প্ৰসাৰণ কৰিব পাৰি। তেওঁ আলোকপাত কৰে যে এআইত আত্মনিৰ্ভৰ ভাৰতৰ অৰ্থ হ’ল ভাৰতে ডিজিটেল শতিকাৰ বাবে নিজাকৈ ক’ড লিখা।

প্ৰেছ ট্ৰাষ্ট অব ইণ্ডিয়া-ৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ সাক্ষাৎকাৰ

February 15th, 07:24 pm

পিটিআই-ৰ সৈতে হোৱা এক আচুতীয়া সাক্ষাৎকাৰত প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতৰ শেহতীয়া বাণিজ্যিক চুক্তি, এমএছএমই-ৰ প্ৰতি অধিক শক্তিশালী সমৰ্থন, উৎপাদন বৃদ্ধি সন্দৰ্ভত দিয়া গুৰুত্ব আৰু অন্যান্য বিষয়সমূহত মন্তব্য কৰে। তেওঁ কেন্দ্ৰীয় বাজেটৰ আন্তঃগাঁথনি আৰু মূলধনী ব্যয়ৰ বাবে গ্ৰহণ কৰা পদক্ষেপ সম্পৰ্কতো আলোকপাত কৰি ইয়াক বিকাশিত ভাৰত ২০৪৭-ৰ বাবে দীৰ্ঘম্যাদী কাৰ্য-পৰিকল্পনা বুলি অভিহিত কৰে, যাৰ লক্ষ্য হৈছে নিয়োগৰ সম্ভাৱনা সৃষ্টি, বিশ্বৰ প্ৰতিযোগিতামূলক সামৰ্থ্য বৃদ্ধি আৰু অৰ্থনৈতিক বৃদ্ধি বৰ্তাই ৰখা।

PM Modi's interview with Nikkei Asia

August 29th, 04:14 pm

The BRICS grouping has an important role to play in shaping the multipolar world, PM Modi told Nikkei in an exclusive interview, adding that this is especially so at a time when the world order is under pressure and institutions of global governance lack effectiveness or credibility to deliver. He added, India and Japan are two vibrant democracies and two of the world's leading economies. Our relations are anchored in trust, friendship and mutual goodwill.

দ্য য়মিউৰি শ্বিমবুনৰে সাক্ষাৎকাৰ প্ৰধানমন্ত্ৰী মোদীৰ

August 29th, 10:23 am

দ্য য়মিউৰি শ্বিমবুনৰ সৈতে হোৱা এক সাক্ষাৎকাৰত প্ৰধানমন্ত্ৰী মোদীয়ে জাপানলৈ আমন্ত্ৰণ জনোৱাৰ বাবে জাপানৰ প্ৰধানমন্ত্ৰী ইছিবাক ধন্যবাদ জনায়। তেওঁ কয় যে ভাৰত আৰু জাপান, প্ৰাচীন সভ্যতা, সজীৱ গণতন্ত্ৰ আৰু আগশাৰীৰ অৰ্থনীতি হিচাপে এক উমৈহতীয়া কৌশলগত দৃষ্টিভংগী আছে। লুপেক্স অভিযানত সহযোগিতাৰ ওপৰত আলোকপাত কৰি তেওঁ সাৰ্বভৌমত্ব আৰু ভূখণ্ডৰ অখণ্ডতাক সন্মান কৰা শান্তিপূৰ্ণ, সমৃদ্ধিশালী আৰু সুস্থিৰ ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ প্ৰতি দুয়োখন দেশৰ দায়বদ্ধতাক দৃঢ় কৰে।

আৰব নিউজৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ সাক্ষাৎকাৰ

April 22nd, 08:13 am

এই কৰিডৰৰ সফলতাত ভাৰত আৰু চৌদি আৰব দুয়োখন দেশৰ মূল ভূমিকা আছে। আমি মাল্টি-মডেল লজিষ্টিক সংযোগ, ডাটা সংযোগ আৰু বৈদ্যুতিক গ্ৰীড সংযোগকে ধৰি সংযোগৰ দৃষ্টিভংগী বাস্তৱায়িত কৰিবলৈ আমাৰ চৌদি অংশীদাৰসকলৰ সৈতে কাম কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। আমি এই পদক্ষেপৰ অধীনত স্বচ্ছ আৰু সেউজ হাইড্ৰজেন আৰু আনুষংগিক যোগান শৃংখলৰ ওপৰত কাম কৰি আছো।

ঋণ খণ্ডত মুদ্ৰা এনপিএৰ হাৰ বিশ্বৰ ভিতৰতে সৰ্বনিম্নঃ প্ৰধানমন্ত্ৰী মোদী

April 08th, 10:00 am

দ্য ইকনমিক টাইমছৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাতকাৰত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ঋণ খণ্ডত মুদ্ৰা আঁচনিৰ অধীনত নন-পাৰফৰ্মিং এছেট (এনপিএ)ৰ হাৰ বিশ্বৰ ভিতৰতে সৰ্বনিম্ন। তেওঁ ইয়াৰ কৃতিত্ব ক্ষুদ্ৰ ঋণ লোৱাসকলৰ বিশ্বাসযোগ্যতা আৰু ফলপ্ৰসূ নীতি ৰূপায়ণৰ বাবে বুলি কয়।

কুৱেইটত উপস্থিত প্ৰধানমন্ত্ৰী মোদী

December 21st, 09:55 pm

কুৱেইটত উপস্থিত হোৱাৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উষ্ম আদৰণি জনোৱা হয়। ৪৩ বছৰৰ পাছত ভাৰতীয় প্ৰধানমন্ত্ৰীৰ এয়া প্ৰথম ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে আমিৰ, ক্ৰাউন প্ৰিন্স আৰু কুৱেইটৰ প্ৰধানমন্ত্ৰীৰ সৈতে আলোচনাত মিলিত হ’ব। তেওঁ ভাৰতীয় সম্প্ৰদায়ৰ সৈতেও মত বিনিময় কৰিব আৰু উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিব...

হিন্দুস্তানৰে সাক্ষাৎকাৰ প্ৰধানমন্ত্ৰী মোদীৰ

May 31st, 08:00 am

‘হিন্দুস্তান’ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত প্ৰধানমন্ত্ৰী মোদীয়ে চলিত নিৰ্বাচনকে ধৰি বহু বিষয়ৰ ওপৰত আলোচনা কৰে। নেতিবাচক ৰাজনীতিত বিশ্বাসী দলসমূহক দেশৰ জনসাধাৰণে নাকচ কৰা বুলি তেওঁ গুৰুত্ব আৰোপ কৰে। আজি ভোটাৰে একবিংশ শতিকাৰ ৰাজনীতি চাব বিচাৰিছে। ‘এক দেশ, এক নিৰ্বাচন’ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে এই বিষয়ত ঐকমত্যৰে আগবাঢ়ি যোৱা উচিত।

অপেন মেগাজিনৰে প্ৰধানমন্ত্ৰী মোদীৰ সাক্ষাৎকাৰ

May 29th, 05:03 pm

অপেন মেগাজিনৰ সৈতে হোৱা এক সাক্ষাৎকাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত দহ বছৰত তেওঁৰ চৰকাৰৰ সাফল্য, ভাৰতৰ ভৱিষ্যতৰ বাবে তেওঁৰ দৃষ্টিভংগী কি, দেশখনক কিয় এখন সুস্থিৰ চৰকাৰৰ প্ৰয়োজন, ইত্যাদি বহু কথাৰ বিষয়ে কয়।

ৰিপাব্লিক বাংলাৰ ময়ূখ ৰঞ্জন ঘোষৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ সাক্ষাৎকাৰ

May 28th, 09:50 pm

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰিপাব্লিক বাংলাক দিয়া এক সাক্ষাৎকাৰত একাধিক বিষয়ৰ ওপৰত ভাষণ আগবঢ়ায়।

চিএনএন নিউজ১৮ৰ পল্লৱ ঘোষৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ সাক্ষাৎকাৰ

May 28th, 09:15 pm

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চিএনএন নিউজ১৮ক দিয়া এক সাক্ষাৎকাৰত একাধিক বিষয়ৰ ওপৰত ভাষণ আগবঢ়ায়।

এবিপি নিউজৰে সাক্ষাৎকাৰ প্ৰধানমন্ত্ৰী মোদীৰ

May 28th, 09:03 pm

এবিপি নিউজৰ সৈতে হোৱা সাক্ষাৎকাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চলিত লোকসভা নিৰ্বাচনৰ বিষয়ে গভীৰভাৱে আলোচনা কৰি বিজেপি নেতৃত্বাধীন এনডিএৰ নীতিগত শাসন আৰু উন্নয়নৰ প্ৰতি দায়বদ্ধতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ বিৰোধীৰ সুবিধাবাদী আৰু তুষ্টিকৰণ ৰাজনীতিৰ ওপৰত আলোকপাত কৰে। ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰীয়ে তেওঁৰ জীৱন আৰু মূল্যবোধ গঢ় দিয়াত বংগ আৰু ৰামকৃষ্ণ মিছনে যি গভীৰ প্ৰভাৱ পেলাইছে, সেই বিষয়েও তেওঁৰ অন্তৰ্দৃষ্টি শ্বেয়াৰ কৰে।

নিউজ নেচনৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ সাক্ষাৎকাৰ

May 28th, 08:39 pm

নিউজ নেচনৰ সৈতে হোৱা এক সাক্ষাৎকাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিজেপি নেতৃত্বাধীন এন ডি এৰ উন্নয়নৰ প্ৰতি দায়বদ্ধতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি চলিত লোকসভা নিৰ্বাচনৰ বিষয়ে আলোচনা কৰে। তেওঁ ভাৰতীয় মিত্ৰজোঁটক সমালোচনা কৰি ইয়াক সাম্প্ৰদায়িক, জাতিবাদী, আৰু স্বজন তোষনেৰে ভৰা বুলি অভিহিত কৰে।

'অজিত সমাচাৰ'ৰে প্ৰধানমন্ত্ৰী মোদীৰ সাক্ষাৎকাৰ

May 28th, 11:59 am

‘অজিত সমাচাৰ’ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত প্ৰধানমন্ত্ৰী মোদীয়ে বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰে। তেওঁ কয় যে ৪ জুনত এনডিএ মিত্ৰজোঁটে ঐতিহাসিক কাৰ্যভাৰ অৰ্জন কৰিব। সমগ্ৰ দেশে তৃতীয়বাৰৰ বাবে এনডিএক ক্ষমতালৈ অনাৰ সিদ্ধান্ত লৈছে। পঞ্জাৱত দুৰ্নীতি আৰু ড্ৰাগছৰ বিষয়ক লৈ উদ্বেগ প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰৰ পৰৱৰ্তী কাৰ্যকালত পঞ্জাবক শক্তিশালী, সুৰক্ষিত, সেউজীয়া আৰু সামগ্ৰিকভাৱে উন্নত কৰাৰ প্ৰচেষ্টা চলোৱা হ’ব।

এএনআই নিউজৰে প্ৰধানমন্ত্ৰী মোদীৰ সাক্ষাৎকাৰ

May 28th, 10:00 am

এএনআইৰ সৈতে হোৱা এক সাক্ষাৎকাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চলিত লোকসভা নিৰ্বাচন সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰে। ধৰ্মভিত্তিক সংৰক্ষণৰ প্ৰসাৰৰ বাবে বিৰোধী দলক সমালোচনা কৰি তেওঁ জম্মু-কাশ্মীৰত কেইটামান প্ৰভাৱশালী পৰিয়ালে নিজৰ স্বাৰ্থৰ বাবে ৩৭০অনুচ্ছেদক কেনেদৰে শোষণ কৰিছিল সেই বিষয়ে আলোকপাত কৰে।তদুপৰি, প্ৰধানমন্ত্ৰীয়ে ওড়িশা আৰু পশ্চিমবংগৰ বাবে বিজেপিৰ উন্নয়নমূলক কাৰ্যসূচীৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

আইএনএছৰে প্ৰধানমন্ত্ৰীত মোদীৰ সাক্ষাৎকাৰ

May 27th, 02:51 pm

চলিত লোকসভা নিৰ্বাচন সন্দৰ্ভত আইএনএছৰ সৈতে হোৱা এক সাক্ষাৎকাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুৰ্নীতিৰ ক্ষেত্ৰত চৰকাৰৰ স্থিতি, নীতি-নিৰ্ধাৰিত শাসন ব্যৱস্থাৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতা আৰু অন্যান্য গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত আলোচনা কৰে। তেওঁ চৰকাৰী আঁচনিসমূহ সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰাৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে এই পদ্ধতিয়ে দুৰ্নীতিমুক্ত শাসন ব্যৱস্থা, সামাজিক ন্যায় আৰু ধৰ্মনিৰপেক্ষতা নিশ্চিত কৰে।

পঞ্জাৱ কেশৰী, জগবাণী, হিন্দ সমাচাৰ, আৰু নৱোদয় টাইমছৰ সৈতে সাক্ষাৎকাৰ প্ৰধানমন্ত্ৰী মোদীৰ

May 27th, 09:42 am

পঞ্জাৱ কেশৰী, জগ বাণী, হিন্দ সমাচাৰ, আৰু নৱোদয়া টাইমছৰ সৈতে হোৱা এক সাক্ষাৎকাৰত প্ৰধানমন্ত্ৰী মোদীয়ে লোকসভা নিৰ্বাচন আৰু দেশৰ উন্নয়নৰ বিষয়ে আলোচনা কৰে। কৃষকৰ বিষয়ত তেওঁ উল্লেখ কৰে যে কৃষকসকল আমাৰ ‘অন্নদাতা’। তেওঁ কয় যে তেওঁৰ চৰকাৰে কৃষি খণ্ডত এনে কাম হাতত লৈছে যিটো পূৰ্বৰ কোনো চৰকাৰে কৰা নাছিল। বিৰোধীৰ সন্দৰ্ভত তেওঁ মন্তব্য কৰে যে ভাৰতীয় মিত্ৰজোঁটৰ দেশৰ উন্নয়নৰ বাবে কোনো পৰিকল্পনা বা দৃষ্টিভংগীৰ অভাৱ আৰু সেয়েহে তেঁওলোকে অৰ্থহীন বাক্যবাণ নিক্ষেপ কৰি আহিছে।

দৈনিক জাগৰণৰে প্ৰধানমন্ত্রী মোদীৰ সাক্ষাৎকাৰ

May 27th, 08:09 am

দৈনিক জাগৰণৰ সৈতে হোৱা এক সাক্ষাৎকাৰত প্ৰধানমন্ত্ৰী মোদীয়ে বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰে। নিৰ্বাচনী প্ৰচাৰৰ সময়ত জনসাধাৰণৰ সঁহাৰি সন্দৰ্ভত উল্লেখ কৰি তেওঁ কয় যে ২০১৪ আৰু ২০১৯ দুয়োটা বৰ্ষতে জনসমৰ্থন লাভ কৰিছিল যদিও এইবাৰ জনসাধাৰণৰ উৎসাহ পূৰ্বতকৈ অধিক হৈছে। মানুহৰ আস্থা আছে যে কেৱল মোদী চৰকাৰেহে তেওঁলোকৰ আকাংক্ষা পূৰণ কৰিব পাৰিব। ‘বিকশিত ভাৰত’ গঢ়াৰ দায়বদ্ধতা কেৱল বিজেপিতহে আছে।

দ্য ট্ৰিবিউনৰে প্ৰধানমন্ত্ৰী মোদীৰ সাক্ষাৎকাৰ

May 27th, 07:43 am

‘দ্য ট্ৰিবিউন’ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত প্ৰধানমন্ত্ৰী মোদীয়ে চলিত নিৰ্বাচনকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত বিতংভাৱে আলোচনা কৰে। তেওঁ আস্থা প্ৰকাশ কৰে যে ছটা পৰ্যায়ৰ ভোটদানৰ অন্তত দেশৰ জনসাধাৰণে বিজেপি-এনডিএৰ মিত্ৰতাক ঐতিহাসিক আৰু অভিলেখপূৰ্ণ জনাদেশেৰে আশীৰ্বাদ দিছে। প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে তেওঁ দেশ আৰু জনসাধাৰণৰ কল্যাণৰ বাবে সম্পূৰ্ণ নিষ্ঠাৰে কাম কৰাত বিশ্বাস কৰে। ৰাইজৰ জীৱনলৈ ইতিবাচক পৰিৱৰ্তন অনাত তেওঁ গুৰুত্ত্ব আৰোপ কৰে।

ডিডি নিউজৰে প্ৰধানমন্ত্ৰী মোদীৰ সাক্ষাৎকাৰ

May 25th, 10:00 am

ডিডি নিউজৰ সৈতে হোৱা এক সাক্ষাৎকাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোকসভা নিৰ্বাচন ২০২৪ৰ বিষয়ে পুংখানুপুংখভাৱে কয়। তেওঁৰ সকলো শক্তি এক বিকশিত ভাৰতৰ দিশত নিৰ্দেশিত বুলি কয়। তেওঁ লগতে কয় যে বিগত দশকত ভাৰতৰ বঞ্চিতসকলক সৱলীকৰণৰ বাবেও অভূতপূৰ্ব বৃদ্ধি আৰু বিকাশ হৈছে।