মন কি বাতৰ ১৩৫ সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ (২৮.০৬.২০২৬)
June 28th, 11:30 am
'মন কি বাত'ত আকৌ এবাৰ আপোনালোকৰ লগত যোগদান কৰি আনন্দিত হৈছোঁ। ২০২৬ চনৰ অৰ্ধেক সময় পাৰ হ’বলৈ ওলাইছে। এই ছমাহত আমি ‘মন কি বাত’ৰ ওপৰত আমাৰ দেশবাসীৰ বহু কৃতিত্বৰ বিষয়ে আলোচনা কৰিছো। জুন মাহতো দেশখনে এনে কিছুমান মাইলৰ খুঁটি অৰ্জন কৰিছিল যিয়ে প্ৰতিজন নাগৰিকক গৌৰৱেৰে ভৰাই তোলে। এই সফলতাসমূহ দেশখনৰ নিৰাপত্তা আৰু আত্মনিৰ্ভৰশীলতাৰ সৈতে জড়িত। শেহতীয়াকৈ কলকাতাত নৌসেনাৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাইছিলোঁ। আই এন এছ দুনাগিৰি, আই এন এছ সংশোধক আৰু আই এন এছ অগ্ৰেক ভাৰতীয় নৌসেনাৰ জাহাজ হিচাপে অন্তৰ্ভুক্ত কৰা হয়। এই জাহাজবোৰৰ আৰ্হি প্ৰস্তুত আৰু নিৰ্মাণৰ পৰা আৰম্ভ কৰি সকলোখিনি থলুৱা।যোগৰ ৰূপান্তৰকাৰী প্ৰভাৱৰ ওপৰত আলোকপাত কৰি সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ
June 22nd, 08:13 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ উল্লেখযোগ্য সাফল্যই প্ৰমাণ কৰে যে যোগে কেৱল সমগ্ৰ বিশ্বৰ লাখ লাখ লোকক শাৰীৰিক সুস্থতা অৰ্জনত সহায় কৰাই নহয়, তেওঁলোকক আত্মবিশ্বাসৰ সৈতে ইতিবাচক জীৱন যাপন কৰিবলৈও অনুপ্ৰাণিত কৰিছে।আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ২০২৬ক গোলকীয় উদযাপন কৰি তোলাৰ বাবে কৃতজ্ঞতা প্ৰকাশ প্ৰধানমন্ত্ৰীৰ
June 21st, 10:00 pm
আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ২০২৬ ক প্ৰকৃতাৰ্থত গোলকীয় উদযাপন হিচাপে গঢ়ি তোলাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ বিশ্বৰ জনসাধাৰণক কৃতজ্ঞতা জ্ঞাপন কৰিছে।আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে সেৱা তীৰ্থত যোগ অধিৱ্শেন অনুষ্ঠিত
June 21st, 03:51 pm
আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে আজি নতুন দিল্লীৰ সেৱা তীৰ্থত এক যোগ অধিৱেশনৰ আয়োজন কৰা হয়।কলকাতাত আই এন এছ অগ্ৰে, আই এন এছ দুনাগিৰি আৰু আই এন এছ সংশোধকৰ ত্ৰি-অন্তৰ্ভুক্তিকৰণ অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূল পাঠ
June 21st, 12:51 pm
আজিৰ দিনটো বহুকেইটা দিশত বিশেষ দিন। আজি সমগ্ৰ বিশ্বই আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰিছে। এই উপলক্ষে বংগৰ এই মহান ভূমি উপস্থিত থকাৰ সুযোগ পাই মই নথৈ আনন্দিত হৈছোঁ। এইখনেই সেই ভূমি, যি ভাৰতক নতুন দিশ দিছে, ভাৰতৰ নৱজাগৰণক ইন্ধন যোগাইছে আৰু যুগ যুগ ধৰি ভাৰতক সাগৰৰ মাজেৰে বিশ্বৰ সৈতে সংযোগ কৰি ৰাখিছে। আজি ঠিক এই ভূমিতে আত্মনিৰ্ভৰ ভাৰত, সুৰক্ষিত ভাৰত আৰু বিকশিত ভাৰতৰ সৈতে জড়িত এক গুৰুত্বপূৰ্ণ ঘটনা সংঘটিত হৈছে। কিছু সময়ৰ আগতে আই এন এছ অগ্ৰে, আই এন এছ দুনাগিৰি আৰু আই এন এছ সংশোধকক ভাৰতীয় নৌসেনাত অন্তৰ্ভুক্ত কৰা হৈছিল। ক'বলৈ গ'লে আজি ২১ জুন তাৰিখটো বিশ্ব জলৰাশি বিজ্ঞান দিৱস হিচাপেও পালন কৰা হয়। আৰু এইটো এটা আচৰিত কাকতালীয় সংযোগ যে আজিৰ দিনটোতে আমি ভাৰতৰ আটাইতকৈ উন্নত হাইড্ৰ'গ্ৰাফী জাহাজ আই এন এছ সংশোধক ভাৰতীয় নৌসেনাত অন্তৰ্ভুক্ত কৰিলোঁ। ভাৰতীয় নৌসেনালৈ, এই প্ৰকল্পসমূহৰ সৈতে জড়িত সকলো বিজ্ঞানী, অভিযন্তা, কৰ্মচাৰী আৰু মোৰ মৰমৰ দেশবাসীলৈ মোৰ শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিমবংগৰ কলকাতাৰ শ্যামাপ্ৰসাদ মুখাৰ্জী বন্দৰত তিনিখন থলুৱা আৰ্হিৰে নিৰ্মাণ কৰা নৌসেনাৰ জাহাজ– আই এন এছ দুনাগিৰি, আই এন এছ সংশোধক আৰু আই এন এছ অগ্ৰে মুকলি কৰে
June 21st, 12:50 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পশ্চিমবংগৰ কলকাতাৰ শ্যামাপ্ৰসাদ মুখাৰ্জী বন্দৰত তিনিখন থলুৱা আৰ্হিৰে নিৰ্মিত নৌসেনাৰ জাহাজ– এডভান্সড ষ্টেলথ ফ্ৰিগেট ‘আইএনএছ দুনাগিৰি’, বৃহৎ জৰীপ জাহাজ ‘আইএনএছ সংশোধক’ আৰু এখন এণ্টি ছাবমেৰিন ৱাৰফেয়াৰ শ্ব’ল’ ৱাটাৰ ক্ৰাফ্ট ‘আইএনএছ অগ্ৰে’ ভাৰতীয় নৌসেনালৈ উছৰ্গা কৰে। এই জাহাজসমূহৰ প্ৰৱেশে দেশৰ কাৰ্যকৰী ক্ষমতা যথেষ্ট বৃদ্ধি কৰিব, সামুদ্ৰিক আধিপত্যত নিৰীক্ষণৰ উন্নতি সাধন কৰিব আৰু ভূ-ৰাজনৈতিক ভাবুকিৰ বিৰুদ্ধে আমাৰ উপকূলীয় জলসীমাৰ নিৰাপত্তা শক্তিশালী কৰিব। ভাৰতীয় নৌসেনাৰ যুদ্ধজাহাজ ডিজাইন ব্যুৰোৰ আৰ্হি আৰু কলকাতাৰ গাৰ্ডেন ৰিচ শ্বিপবিল্ডাৰ্ছ এণ্ড ইঞ্জিনিয়াৰ (জি আৰ এছ ই)ৰ দ্বাৰা নিৰ্মাণ কৰা হৈছে এই তিনিখন জাহাজ। ২০০ৰো অধিক এমএছএমইকে ধৰি ভাৰতীয় উদ্যোগসমূহে এই নিৰ্মাণত অংশগ্ৰহণ কৰে। ৭৫ শতাংশতকৈ অধিক থলুৱা সামগ্ৰীৰে পৰিপূৰ্ণ এই জাহাজসমূহো ভাৰতৰ আত্মনিৰ্ভৰশীলতাৰ প্ৰতি থকা দায়বদ্ধতাৰ প্ৰমাণ।দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস: কলকাতাৰ পৰা কিছু আভাস
June 21st, 06:46 am
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কলকাতাৰ প্ৰসিদ্ধ ৰে’ড ৰোডত ‘আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস’ উপলক্ষে সমাজৰ সকলো শ্ৰেণীৰ হাজাৰ হাজাৰ অংশগ্ৰহণকাৰীৰ সৈতে অংশগ্ৰহণ কৰি মানৱতাৰ প্ৰতি ভাৰতৰ কালজয়ী উপহাৰ উদযাপন কৰে। এই উপলক্ষে অনুষ্ঠিত সভাত ভাষণ দি তেওঁ যোগ-ক সমতুলতা, মংগল আৰু মানৱ ঐক্যৰ পথ হিচাপে আলোকপাত কৰাৰ লগতে এইবাৰৰ বিষয়বস্তু “সুস্থ বাৰ্দ্ধক্যৰ বাবে যোগ”ত গুৰুত্ব আৰোপ কৰে।পশ্চিমবংগৰ কলকাতাত উদযাপন কৰা দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূল পাঠ
June 21st, 06:45 am
মঞ্চত উপৱিষ্ট ৰাজ্যপাল শ্ৰী আৰ. এন. ৰবিজী, উদ্যমী মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীজী, কেন্দ্ৰত মোৰ সহযোগী প্ৰতাপ ৰাও যাদৱজী, আন সকলো গণ্যমান্য ব্যক্তি, ইয়াত কলকাতাত সমবেত হোৱা সকলো অংশগ্ৰহণকাৰী, দেশ-বিদেশত অনুষ্ঠিত যোগ দিৱসত যোগদান কৰা বন্ধুকল আৰু মোৰ মৰমৰ দেশবাসী!প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিমবংগৰ কলকাতাৰ ৰেড ৰোডৰ পৰা দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ ৰাষ্ট্ৰীয় কাৰ্যসূচীৰ নেতৃত্ব দিয়ে
June 21st, 06:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কলকাতাৰ ৰেড ৰোডৰ পৰা দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ ৰাষ্ট্ৰীয় কাৰ্যসূচীৰ নেতৃত্ব দিয়ে। শ্ৰী মোদীয়ে সহস্ৰাধিক যোগ সাধকৰ সৈতে ‘কমন যোগ প্ৰট’কল’ অধিবেশনত অংশগ্ৰহণ কৰে। আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে বিশ্বৰ জনগণক অভিনন্দন জনাই শ্ৰী মোদীয়ে কয় যে ২১ জুন তাৰিখটো বিশ্বৰ বহু ঠাইত বছৰৰ আটাইতকৈ দীঘলীয়া দিন আৰু ই যোগৰ জৰিয়তে মানৱতাৰ অন্যতম বৃহৎ সামূহিক উদযাপন হিচাপেও আত্মপ্ৰকাশ কৰিছে।পশ্চিমবংগৰ তাৰকেশ্বৰত পশ্চিমবংগ দিৱস উদযাপনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
June 20th, 05:13 pm
এই মঞ্চত উপবিষ্ট ৰাজ্যপাল আৰ এন ৰবি জী, জনপ্ৰিয় আৰু শক্তিশালী মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰী জী, অন্যান্য বিশিষ্ট বিশিষ্ট ব্যক্তিসকল আৰু বংগৰ মোৰ ভাই-ভনী - বাবা তাৰকনাথৰ এই পবিত্ৰ ভূমি, ঐতিহাসিক পশ্চিম বংগ দিৱসত ইমান বৃহৎ সমাৱেশৰ উপস্থিতিত, নিৰ্বাচনৰ পিছত আৰু শপতগ্ৰহণ কৰাৰ পিছত প্ৰথমবাৰৰ বাবে আপোনালোকৰ মাজত থাকিবলৈ পাই মই সন্মানিত অনুভৱ কৰিছো । বংগৰ বতাহে এতিয়া এক নতুন সতেজতা কঢ়িয়াই লৈ ফুৰে, প্ৰতিটো কণাই যেন এক নতুন সুগন্ধি বিয়পাই দিয়ে। এনে লাগে যেন বংগ শিকলিৰ পৰা মুক্ত হৈছে, যেন বংগৰ গৌৰৱ ঘূৰি আহিবলৈ আৰম্ভ কৰিছে।পশ্চিমবংগৰ হুগলীত পশ্চিমবংগ দিৱস উদযাপনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
June 20th, 05:00 pm
প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে আজি পশ্চিমবংগ দিৱস উদযাপনৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে। ড০ শ্যামা প্ৰসাদ মুখাৰ্জীৰ সৈতে জড়িত ঐতিহাসিক তাৎপৰ্যপূৰ্ণ স্থান হুগলীৰ তাৰকেশ্বৰত ৰাজ্যিক পৰ্যায়ৰ উদযাপন কাৰ্যসূচী অনুষ্ঠিত কৰা হয় । এইবাৰৰ পশ্চিমবংগ দিৱসৰ বিষয়বস্তু: “পশ্চিম বংগ: ঐতিহ্য, সমন্বয় আৰু উন্নয়ন,”-এ ৰাজ্যখনৰ সাংস্কৃতিক সমৃদ্ধি, সামাজিক সংহতি আৰু উন্নয়নমূলক আকাংক্ষাক প্ৰতিফলিত কৰিছে । এই কাৰ্যসূচীত প্ৰধানমন্ত্ৰীয়ে একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে উদ্বোধন আৰু দেশৰ বাবে উৎসৰ্গা কৰে। ৰে’লৱে, কৃষি, গ্ৰাম্য উন্নয়ন, মীন আৰু পশুপালনৰ খণ্ডসমূহক সামৰি লোৱা এই পদক্ষেপসমূহে আন্তঃগাঁথনি শক্তিশালী কৰিব, জীৱিকাৰ উন্নতি সাধন কৰিব, কৃষকৰ কল্যাণ বৃদ্ধি কৰিব আৰু সমগ্ৰ ৰাজ্যতে আৰ্থ-সামাজিক উন্নয়ন ত্বৰান্বিত কৰিব।ওড়িশা চৰকাৰৰ দুবছৰ সম্পূৰ্ণ হোৱা উপলক্ষ্যে প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
June 20th, 01:10 pm
সন্মানীয় ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু জী, ৰাজ্যপাল শ্ৰীযুত হৰি বাবু জী, জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰীযুত মোহন চৰণ মাঝি জী, উপ-মুখ্যমন্ত্ৰী শ্ৰী কনক বৰ্ধন সিং দেও জী, শ্ৰীমতী প্ৰৱতী পৰিদা জী, ওড়িশাৰ মন্ত্ৰী শ্ৰী গণেশ সিং খুন্তিয়া জী, শ্ৰী কৃষ্ণ চন্দ্ৰ মহাপাত্ৰ জী, সংসদ সদস্য শ্ৰী নৱ চৰণ মাঝি জী, শ্ৰী মনমোহন সমল জী, শ্ৰী বৈজয়ন্ত পাণ্ডা জী, অন্যান্য বিশিষ্ট ব্যক্তিসকল, ভাই-ভনীসকল।ওড়িশা চৰকাৰৰ দুবছৰ সম্পূৰ্ণ হোৱা উপলক্ষে ময়ূৰভঞ্জ জিলাৰ ৰায়ৰংগপুৰত ৪৭,৬০০ কোটি টকাৰো অধিক ব্যয়ৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
June 20th, 01:00 pm
ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ময়ূৰভঞ্জ জিলাৰ পাহাড়পুৰ গাঁও ভ্ৰমণ কৰে। ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে পবিত্ৰ উপবন চাওতালী জাহেৰা আৰু হো জাহেৰা, দক্ষতা কেন্দ্ৰ আৰু পাহাড়পুৰ বিদ্যালয়ত প্ৰাৰ্থনা জনায়। ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে ওড়িশা চৰকাৰৰ দুবছৰ সম্পূৰ্ণ হোৱা উপলক্ষে ময়ূৰভঞ্জ জিলাৰ ৰায়ৰংগপুৰত অনুষ্ঠিত এক কাৰ্যসূচীত অংশগ্ৰহণ কৰে। কাৰ্যসূচীৰ বিষয় হৈছে ‘বিকাশ ৰা ধাৰা, ওড়িশা সাৰা’। শ্ৰী মোদীয়ে ৪৭,৬০০ কোটি টকাৰো অধিক ব্যয়ৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে।পশ্চিমবংগৰ হুগলীত পশ্চিমবংগ দিৱস উদযাপনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
June 19th, 11:54 am
প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে আজি পশ্চিমবংগ দিৱস উদযাপনৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে। ড০ শ্যামা প্ৰসাদ মুখাৰ্জীৰ সৈতে জড়িত ঐতিহাসিক তাৎপৰ্যপূৰ্ণ স্থান হুগলীৰ তাৰকেশ্বৰত ৰাজ্যিক পৰ্যায়ৰ উদযাপন কাৰ্যসূচী অনুষ্ঠিত কৰা হয় । এইবাৰৰ পশ্চিমবংগ দিৱসৰ বিষয়বস্তু: “পশ্চিম বংগ: ঐতিহ্য, সমন্বয় আৰু উন্নয়ন,”-এ ৰাজ্যখনৰ সাংস্কৃতিক সমৃদ্ধি, সামাজিক সংহতি আৰু উন্নয়নমূলক আকাংক্ষাক প্ৰতিফলিত কৰিছে । এই কাৰ্যসূচীত প্ৰধানমন্ত্ৰীয়ে একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে উদ্বোধন আৰু দেশৰ বাবে উৎসৰ্গা কৰে। ৰে’লৱে, কৃষি, গ্ৰাম্য উন্নয়ন, মীন আৰু পশুপালনৰ খণ্ডসমূহক সামৰি লোৱা এই পদক্ষেপসমূহে আন্তঃগাঁথনি শক্তিশালী কৰিব, জীৱিকাৰ উন্নতি সাধন কৰিব, কৃষকৰ কল্যাণ বৃদ্ধি কৰিব আৰু সমগ্ৰ ৰাজ্যতে আৰ্থ-সামাজিক উন্নয়ন ত্বৰান্বিত কৰিব।পেৰিছত অনুষ্ঠিত ভাৰতীয় সম্প্ৰদায়ৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ
June 18th, 11:41 pm
১৪ জুনত যেতিয়া মই নাইচত উপস্থিত হৈছিলো, তেতিয়া মই অংশগ্ৰহণ কৰা প্ৰথমটো অনুষ্ঠান আছিল ‘ইণ্ডিয়া ইনোভেটছ’। আজি ফ্ৰান্সৰ পৰা উভতি যাবলৈ সাজু হৈ থাকোঁতে এনে লাগে যেন মই ‘ইণ্ডিয়া কানেক্টছ’ৰ কোনো অনুষ্ঠানত উপস্থিত হৈছো।পেৰিছত ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলক সম্বোধন কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে
June 18th, 09:30 pm
প্ৰধানমন্ত্ৰীয়ে শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ১৮ জুনত পেৰিছত থকা ভাৰতীয় সম্প্ৰদায়ৰ লোকৰ এক বৃহৎ সমাৱেশত ভাষণ আগবঢ়ায়। প্ৰধানমন্ত্ৰীয়ে সভাস্থলীত উপস্থিত হোৱাৰ লগে লগে তেওঁক উষ্ম আদৰণি জনোৱা হয়, যিয়ে ভাৰতীয়মূলৰ বিদেশত থকা লোকসকলৰ মাতৃভূমিৰ প্ৰতি থকা গভীৰ মৰমক প্ৰতিফলিত কৰে।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক একেৰাহে দীৰ্ঘতম কাৰ্যকালৰ বাবে নিৰ্বাচিত প্ৰধানমন্ত্ৰী হোৱাৰ বাবে প্ৰশংসা কৰি মন্ত্ৰীসভাৰ এটা প্ৰস্তাৱ গৃহীত
June 10th, 01:50 pm
কেন্দ্ৰীয় কেবিনেটে আজি দেশৰ দীৰ্ঘতম কাৰ্যনিৰ্বাহ কৰা নিৰ্বাচিত প্ৰধানমন্ত্ৰী হোৱাৰ বাবে শ্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসা কৰি ভাৰতীয় গণতন্ত্ৰৰ যাত্ৰাৰ এক ঐতিহাসিক মাইলৰ খুঁটি হিচাপে চিহ্নিত কৰি এটা প্ৰস্তাৱ গৃহীত কৰে। নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে ৪,৩৯৯ দিনৰ অবিৰত সেৱাৰ অভিলেখ স্থাপন কৰি তেওঁ ১৯৫২ চনৰ পৰা ১৯৬৪ চনলৈকে একেৰাহে ৪,৩৯৮ দিন কাৰ্যনিৰ্বাহ কৰা শ্ৰী জৱাহৰলাল নেহৰুৰ পূৰ্বৰ অভিলেখ অতিক্ৰম কৰে। প্ৰস্তাৱটোত কোৱা হৈছে যে এই উপলক্ষ্যটো ভাৰতৰ গণতান্ত্ৰিক চেতনা, জনসাধাৰণৰ বিশ্বাস আৰু জনসাধাৰণৰ অংশগ্ৰহণৰ শক্তিৰ প্ৰতীক হিচাপে থিয় দিছে, যি 'ৰাষ্ট্ৰ প্ৰথম' সংকল্পৰ দ্বাৰা পৰিচালিত এগৰাকী নেতাক জনসাধাৰণে প্ৰদান কৰা অভূতপূৰ্ব সমৰ্থনক প্ৰতিফলিত কৰে।Yoga is the best way to maintain a healthy lifestyle with minimal expense: PM Modi at World Yogasana Championship in Ahmedabad
June 04th, 06:41 pm
PM Modi inaugurated the first World Yogasana Championship in Ahmedabad, calling yoga India’s timeless gift to humanity and expressing confidence that Yogasana will gain recognition as a competitive sport in global multi-sport events, including the Olympics. Highlighting yoga’s role in health, wellness and healthy ageing, he urged participants to become ambassadors of the ‘Yoga 365’ campaign and spread yoga’s message worldwide.Prime Minister Inaugurates First World Yogasana Championship In Ahmedabad, Gujarat
June 04th, 06:40 pm
PM Modi inaugurated the first World Yogasana Championship in Ahmedabad, calling yoga India’s timeless gift to humanity and expressing confidence that Yogasana will gain recognition as a competitive sport in global multi-sport events, including the Olympics. Highlighting yoga’s role in health, wellness and healthy ageing, he urged participants to become ambassadors of the ‘Yoga 365’ campaign and spread yoga’s message worldwide.নতুন দিল্লীত পৰম্পৰাগত চিকিৎসা সম্পৰ্কীয় দ্বিতীয় ডব্লিউএইচঅ’ বিশ্ব সন্মিলনত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
December 19th, 08:11 pm
আজি পৰম্পৰাগত চিকিৎসা সম্পৰ্কীয় দ্বিতীয় ডব্লিউএইচঅ’ বিশ্ব সন্মিলনৰ সামৰণি দিৱস। বিগত তিনিদিনত বিশ্বৰ ভিন্ন প্ৰান্তৰ পৰম্পৰাগত চিকিৎসা ক্ষেত্ৰৰ বিশেষজ্ঞসকলে গুৰুত্বপূৰ্ণ আৰু অৰ্থপূৰ্ণ আলোচনাত মিলিত হৈছে। মই এই উদ্দেশ্যে ভাৰতে এখনি শক্তিশালী মঞ্চ হিচাপে কাম কৰি থকাত সন্তোষ পাইছো। এই প্ৰক্ৰিয়াত বিশ্ব স্বাস্থ্য সংস্থাই (WHO) সক্ৰিয় ভূমিকা পালন কৰিছে। এই সন্মিলনৰ সফল আয়োজনৰ বাবে মই ডব্লিউএইচঅ’, ভাৰত চৰকাৰৰ আয়ুষ মন্ত্ৰালয় আৰু উপস্থিত সকলো অংশগ্ৰহণকাৰীলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলো।