ফ্ৰান্স আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণলৈ ৰাওনা হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ বিবৃতি

February 10th, 12:00 pm

ৰাষ্ট্ৰপতি মেক্ৰ’ৰ আমন্ত্ৰণত মই ১০ ফেব্ৰুৱাৰীৰ পৰা ১২ ফেব্ৰুৱাৰীলৈ ফ্ৰান্স ভ্ৰমণ কৰিম। পেৰিছত মই বিশ্বৰ নেতা আৰু বিশ্ব প্ৰযুক্তি খণ্ডৰ চিইঅ’সকলৰ সমাৱেশ এআই একচন ছামিটৰ সহ-অধ্যক্ষতা কৰিবলৈ আগ্ৰহী, য’ত আমি উদ্ভাৱন আৰু বৃহত্তৰ জনসাধাৰণৰ মংগলৰ বাবে এআই প্ৰযুক্তিৰ সহযোগিতামূলক দৃষ্টিভংগীৰ ওপৰত সৰ্বাংগীন, সুৰক্ষিত আৰু বিশ্বাসযোগ্যভাৱে মতামত বিনিময় কৰিম।