গুজৰাটৰ আহমেদাবাদত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
August 25th, 06:42 pm
আজি আপোনালোক সকলোৱে এটা পৰিৱেশৰ সৃষ্টি কৰিছে। বহু সময়ত মই ভাবোঁ যে কি সৌভাগ্য, এই লাখ লাখ মানুহৰ মৰম আৰু তেওঁলোকৰ আশীৰ্বাদ, মই আপোনালোক সকলোকে যিমানেই ধন্যবাদ নকৰোঁ কিয়, সিমানেই কম। চাওক, সেইফালে সৰু নৰেন্দ্ৰ এজন থিয় হৈছে।গুজৰাটৰ আহমেদাবাদত ৫৪০০ কোটি টকাৰ উন্নয়নমূলক কামৰ শুভাৰম্ভ, আধাৰশিলা স্থাপন আৰু উৎসৰ্গা কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
August 25th, 06:15 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ আহমেদাবাদত ৫৪০০ কোটি টকা মূল্যৰ প্ৰকল্প উদ্বোধন, আধাৰশিলা স্থাপন আৰু দেশৰ উন্নয়নৰ নামত উৎসৰ্গা কৰে। এই উপলক্ষ্যে আয়োজিত সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে সমগ্ৰ দেশ বৰ্তমান গণেসোৎসৱৰ আনন্দত নিমগ্ন হৈ আছে। তেওঁ এই বিষয়ত আলোকপাত কৰে যে গণপতি বাপ্পাৰ আশীৰ্বাদত আজি গুজৰাটৰ অগ্ৰগতিৰ সৈতে জড়িত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ শুভ আৰম্ভণি কৰা হৈছে। তেওঁ ৰাইজৰ চৰণত একাধিক প্ৰকল্প উচৰ্গা কৰাৰ সৌভাগ্য লাভ কৰা বুলি উল্লেখ কৰি এই উন্নয়নমূলক পদক্ষেপসমূহৰ বাবে সকলো নাগৰিককে আন্তৰিক অভিনন্দন জ্ঞাপন কৰে।জ্যোতিৰ্বিজ্ঞান আৰু জ্যোতিৰ্পদাৰ্থ বিজ্ঞানৰ অষ্টাদশ আন্তঃৰাষ্ট্ৰীয় অলিম্পিয়াডৰ বাবে প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ বাৰ্তাৰ অসমীয়া অনুবাদ
August 12th, 04:34 pm
৬৪খন দেশৰ তিনি শতাধিক উজ্জ্বল নক্ষত্ৰৰ সৈতে সংযোগ স্থাপন কৰাটো আনন্দৰ কথা। জ্যোতিৰ্বিজ্ঞান আৰু জ্যোতিৰ্পদাৰ্থ বিজ্ঞানৰ অষ্টাদশ আন্তঃৰাষ্ট্ৰীয় অলিম্পিয়াডৰ বাবে মই আপোনালোকক ভাৰতলৈ উষ্ম আদৰণি জনাইছো। ভাৰতত পৰম্পৰাই উদ্ভাৱনক, আধ্যাত্মিকতাই বিজ্ঞান আৰু কৌতুহলে সৃষ্টিশীলতাৰ সৈতে সমাযোজন ঘটায়। যুগ যুগ ধৰি ভাৰতীয়সকলে আকাশ পৰ্যবেক্ষণ কৰি ডাঙৰ ডাঙৰ প্ৰশ্ন কৰি আহিছে। উদাহৰণস্বৰূপে, পঞ্চম শতিকাত আৰ্যভট্টই শূন্য আৱিষ্কাৰ কৰিছিল। তেওঁ প্ৰথমে কৈছিল যে পৃথিৱীখন নিজৰ অক্ষত ঘূৰি থাকে। আক্ষৰিক অৰ্থত তেওঁ শূন্যৰ পৰা আৰম্ভ কৰি ইতিহাস ৰচনা কৰিছিল!জ্যোতিৰ্বিজ্ঞান আৰু জ্যোতিৰ্পদাৰ্থ বিজ্ঞানৰ অষ্টাদশ আন্তঃৰাষ্ট্ৰীয় অলিম্পিয়াডত ভাষণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
August 12th, 04:33 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ বাৰ্তাৰ জৰিয়তে জ্যোতিৰ্বিজ্ঞান আৰু জ্যোতিৰ্পদাৰ্থ বিজ্ঞানৰ অষ্টাদশ আন্তঃৰাষ্ট্ৰীয় অলিম্পিয়াডত ভাষণ প্ৰদান কৰে। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে ৬৪খন দেশৰ ৩০০ৰো অধিক অংশগ্ৰহণকাৰীৰ সৈতে সংযোগ স্থাপন কৰি আনন্দ প্ৰকাশ কৰে আৰু আন্তঃৰাষ্ট্ৰীয় অলিম্পিয়াডৰ বাবে ভাৰতলৈ তেওঁলোকক উষ্ম আদৰণি জনায়। “ভাৰতত পৰম্পৰাই উদ্ভাৱনক লগ পায়, আধ্যাত্মিকতাই বিজ্ঞানক লগ পায় আৰু কৌতুহলে সৃষ্টিশীলতাক লগ পায়। যুগ যুগ ধৰি ভাৰতীয়সকলে আকাশ নিৰীক্ষণ কৰি আহিছে আৰু ডাঙৰ ডাঙৰ প্ৰশ্ন সুধি আহিছে”, শ্ৰী মোদীয়ে কয়। পঞ্চম শতিকাত শূন্য আৱিষ্কাৰ কৰা আৰ্যভট্টৰ উদাহৰণ দি তেওঁ প্ৰথমে কৈছিল যে পৃথিৱীখন নিজৰ অক্ষত ঘূৰি থাকে। “আক্ষৰিক অৰ্থত তেওঁ শূন্যৰ পৰা আৰম্ভ কৰি ইতিহাস ৰচনা কৰিছিল!” প্ৰধানমন্ত্ৰীয়ে লক্ষ্য কৰিলে।সংসদৰ ২০২৫ চনৰ বৰ্ষাকালীন অধিৱেশনৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ
July 21st, 10:30 am
বৰ্ষাকাল হৈছে সতেজতা আৰু সৃষ্টিৰ প্ৰতীক। এতিয়ালৈকে পোৱা খবৰ অনুসৰি, সমগ্ৰ দেশতে বতৰ অনুকূলভাৱে আগবাঢ়িছে, কৃষিৰ বাবে উপযোগী বতৰৰ বাতৰিও পোৱা গৈছে । বৰষুণে কেৱল আমাৰ কৃষকসকলৰ অৰ্থনীতিতে নহয়, দেশৰ অৰ্থনীতি, গ্ৰাম্য অৰ্থনীতি আৰু প্ৰতিটো পৰিয়ালৰ অৰ্থনীতিত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। মই লাভ কৰা তথ্য অনুসৰি, যোৱা দহ বছৰৰ তুলনাত এই বছৰ পানীৰ সংৰক্ষণ প্ৰায় তিনিগুণ অধিক হৈছে, যাৰ ফলত অনাগত দিনবোৰত দেশৰ অৰ্থনীতি যথেষ্ট লাভান্বিত হ’ব।সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ শুভাৰম্ভণি উপলক্ষে প্ৰধানমন্ত্ৰী মোদীৰ ভাষণ
July 21st, 09:54 am
সংসদৰ বৰ্ষাকালীন অধিৱেশন আৰম্ভ হোৱাৰ সময়ত সংবাদ মাধ্যমক সম্বোধন কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। তেওঁৰ ভাষণত তেওঁ ভয়াবহ পেহেলগাম হত্যাকাণ্ডৰ কথা স্পৰ্শ কৰি পাকিস্তানৰ ভূমিকা উদঙাই দিয়াৰ ক্ষেত্ৰত ভাৰতৰ ৰাজনৈতিক নেতৃত্বৰ ঐক্যবদ্ধ কণ্ঠক প্ৰশংসা কৰে। ডিজিটেল ইণ্ডিয়া বিশেষকৈ ইউপিআইৰ বিশ্বজোৰা স্বীকৃতিৰ কথাও উল্লেখ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। তেওঁ নক্সালবাদ আৰু মাওবাদৰ অৱনতি ঘটিছে বুলি দৃঢ়তাৰে কয় আৰু অপাৰেচন সিন্দূৰৰ সফলতাকো প্ৰশংসা কৰে।ঐতিহাসিক মহাকাশ অভিযানৰ পৰা পৃথিৱীলৈ উভতি অহাৰ সময়ত গ্ৰুপ কেপ্তেইন শুভাংশু শুক্লাক আদৰণি প্ৰধানমন্ত্ৰীৰ
July 15th, 03:36 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গ্ৰুপ কেপ্তেইন শুভাংশু শুক্লাক আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ ঐতিহাসিক অভিযানৰ পৰা পৃথিৱীলৈ উভতি অহাৰ সময়ত আদৰণি জনায়। তেওঁ কয় যে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)লৈ যাত্ৰা কৰা ভাৰতৰ প্ৰথম মহাকাশচাৰী হিচাপে গ্ৰুপ কেপ্তেইন শুক্লাৰ এই কৃতিত্ব দেশৰ মহাকাশ অন্বেষণ যাত্ৰাৰ এক নিৰ্ণায়ক মুহূৰ্ত।২৯.০৬.২০২৫ত ‘মন কী বাত’ৰ ১২৩সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
June 29th, 11:30 am
নমস্কাৰ। 'মন কী বাত'লৈ আপোনালোকক স্বাগতম। সকলোকে অভিনন্দন জনাইছো। বৰ্তমান আপোনালোক সকলোৱেই যোগৰ শক্তি আৰু ‘আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস’ৰ স্মৃতিৰে পৰিপূৰ্ণ হৈ আছে। এইবাৰো ২১ জুনত দেশৰ লগতে বিশ্বৰ কোটি কোটি লোকে ‘আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস’ত অংশগ্ৰহণ কৰিলে। আপোনালোকৰ নিশ্চয় মনত আছে ১০ বছৰ আগতে যোগ দিৱস আৰম্ভ হৈছিল। এতিয়া ১০ বছৰৰ পাছত এই ধাৰাটো প্ৰতি বছৰে অধিক বিশাল হৈ পৰিছে। ইয়াৰ দ্বাৰাও দৈনন্দিন জীৱনত অধিক সংখ্যক লোকে যোগাসনক গ্ৰহণ কৰাৰ ইংগিত পোৱা যায়। আমি এইবাৰ 'যোগ দিৱস'ৰ ইমানবোৰ আকৰ্ষণীয় ছবি দেখিছো। তিনি লাখ লোকে বিশাখাপট্টনমৰ উপকূলত একেলগে যোগাসন কৰিলে। আন এক আচৰিত দৃশ্য আহিল বিশাখাপট্টনমৰ পৰাই, দুহাজাৰৰো অধিক জনজাতীয় ছাত্ৰ-ছাত্ৰীয়ে ১০৮ মিনিটত ১০৮ বাৰ সূৰ্য্য নমস্কাৰ কৰিলে। কল্পনা কৰকচোন, তেওঁলোকৰ কিমান অনুশাসন, কিমান সমৰ্পণ আছিল। আমাৰ নৌসেনাৰ জাহাজবোৰতো যোগৰ এক ভব্য আভাস দেখা গ’ল৷ তিনি হাজাৰ দিব্যাংগ বন্ধুৱে একেলগে তেলেংগানাত যোগ শিবিৰত অংশ লৈছিল। তেওঁলোকে দেখুৱাইছিল যে যোগাসনে কেনেকৈ সবলীকৰণৰো মাধ্যম হৈ পৰিছে। দিল্লীৰ মানুহে পৰিস্কাৰ যমুনাৰ সংকল্পৰ সৈতে যোগক সংযোগ কৰি যমুনাৰ পাৰলৈ গৈ যোগাসন কৰিলে। বিশ্বৰ সৰ্বোচ্চ ৰে’ল দলং জম্মু-কাশ্মীৰৰ চেনাব দলঙতো মানুহে যোগাসন কৰিলে। হিমালয়ৰ বৰফৰ শৃংগ আৰু আইটিবিপিৰ জোৱানেও যোগ অনুশীলন কৰা দেখা গ’ল। সাহস আৰু সাধনা একেলগে দেখিবলৈ পালো। গুজৰাটৰ মানুহেও সৃষ্টি কৰিলে এক নতুন ইতিহাস। বাদনগৰত ২,১২১ জন লোকে একেলগে ভুজংগাসন কৰি এক নতুন অভিলেখ গঢ়িলে। যোগৰ ছবি নিউয়ৰ্ক, লণ্ডন, টকিঅ’, পেৰিছকে ধৰি পৃথিৱীৰ প্ৰতিখন ডাঙৰ চহৰৰ পৰা আহিছিল আৰু প্ৰতিখন ছবিতে এটা বস্তু বিশেষ আছিল, শান্তি, ধৈৰ্য আৰু ভাৰসাম্য। এইবাৰ থিমটোও আছিল অতি বিশেষ, ‘এক বিশ্ব, এক স্বাস্থ্যৰ বাবে যোগ’। এয়া কেৱল শ্লোগান নহয়, ই এক দিশ যিয়ে আমাক ‘বসুধৈৱ কুটুম্বকম’ অনুভৱ কৰাইছে। মই নিশ্চিত যে এইবাৰৰ যোগ দিৱসৰ বিশালতাই নিশ্চিতভাৱে অধিক সংখ্যক লোকক যোগ গ্ৰহণৰ বাবে অনুপ্ৰাণিত কৰিব।India is going to open doors of new possibilities of space for the world: PM Modi
June 28th, 08:24 pm
PM Modi interacted with the astronaut Shubhanshu Shukla from the International Space Station. The PM stated that their conversation embodied the emotions and enthusiasm of 140 crore Indians. The PM said that Shubhanshu now had the rare honour of performing parikrama of Mother Earth herself. Shubhanshu Shukla wholeheartedly agreed with the PM's reflection that ‘science and spirituality are twin pillars of India’s strength’.Prime Minister Shri Narendra Modi interacts with Group Captain Shubhanshu Shukla aboard the International Space Station
June 28th, 08:22 pm
PM Modi interacted with the astronaut Shubhanshu Shukla from the International Space Station. The PM stated that their conversation embodied the emotions and enthusiasm of 140 crore Indians. The PM said that Shubhanshu now had the rare honour of performing parikrama of Mother Earth herself. Shubhanshu Shukla wholeheartedly agreed with the PM's reflection that ‘science and spirituality are twin pillars of India’s strength’.ভাৰত, হাংগেৰী, পোলেণ্ড আৰু আমেৰিকাৰ মহাকাশচাৰীক লৈ মহাকাশ অভিযানৰ সফল উৎক্ষেপণক আদৰণি প্ৰধানমন্ত্ৰীৰ
June 25th, 01:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰত, হাংগেৰী, পোলেণ্ড আৰু আমেৰিকাৰ মহাকাশচাৰীক লৈ মহাকাশ অভিযানৰ সফল উৎক্ষেপণক আদৰণি জনায়। আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ যোৱা প্ৰথম ভাৰতীয় হোৱাৰ দিশত অগ্ৰসৰ হোৱা ভাৰতীয় মহাকাশচাৰী, গ্ৰুপ কেপ্তেইন শুভাংশু শুক্লাকো শ্ৰী মোদীয়ে শুভেচ্ছা জনায়।