ৰাষ্ট্ৰীয় মহাকাশ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ বাৰ্তাৰ অসমীয়া অনুবাদ
August 23rd, 11:00 am
ৰাষ্ট্ৰীয় মহাকাশ দিৱসত আপোনালোক সকলোকে মোৰ আন্তৰিক শুভেচ্ছা জনালোঁ। এইবাৰ মহাকাশ দিৱসৰ বিষয়বস্তু হৈছে ‘আৰ্য্যভট্টৰ পৰা গগনযানলৈ: প্ৰাচীন প্ৰজ্ঞাৰ পৰা অসীম সম্ভাৱনালৈ’। ইয়াত অতীতৰ আত্মবিশ্বাসৰ লগতে ভৱিষ্যতৰ সংকল্পও সন্নিৱিষ্ট কৰা হৈছে। আজি আমি প্ৰত্যক্ষ কৰিছোঁ যে কেনেকৈ ইমান কম সময়ৰ ভিতৰতে ৰাষ্ট্ৰীয় মহাকাশ দিৱস আমাৰ যুৱক-যুৱতীসকলৰ বাবে উৎসাহ আৰু প্ৰেৰণাৰ অনুষ্ঠানত পৰিণত হৈছে। এইটো সঁচাকৈয়ে দেশৰ বাবে অপৰিসীম গৌৰৱৰ বিষয়। মহাকাশ খণ্ডৰ সৈতে জড়িত আমাৰ সকলো বিজ্ঞানী আৰু যুৱক-যুৱতীলৈ ৰাষ্ট্ৰীয় মহাকাশ দিৱসত মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। শেহতীয়াকৈ ভাৰতে ‘জ্যোতিৰ্বিজ্ঞান আৰু জ্যোতিৰ্পদাৰ্থবিজ্ঞানৰ আন্তঃৰাষ্ট্ৰীয় অলিম্পিয়াড’ আয়োজন কৰিছিল। এই প্ৰতিযোগিতাত সমগ্ৰ বিশ্বৰ ৬০ খনতকৈও অধিক দেশৰ প্ৰায় ৩০০ যুৱ অংশগ্ৰহণকাৰীয়ে অংশগ্ৰহণ কৰে। আমাৰ ভাৰতীয় যুৱক-যুৱতীসকলেও পদক লাভ কৰে। এই অলিম্পিয়াড মহাকাশ খণ্ডত ভাৰতৰ উদীয়মান নেতৃত্বৰ প্ৰতীক।২০২৫ চনৰ ৰাষ্ট্ৰীয় মহাকাশ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ
August 23rd, 10:30 am
আজি ৰাষ্ট্ৰীয় মহাকাশ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ বাৰ্তাৰ জৰিয়তে দেশবাসীক সম্বোধন কৰে।এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে সকলোকে শুভেচ্ছা জ্ঞাপন কৰি এইবাৰৰ বিষয়বস্তু “আৰ্য্যভটৰ পৰা গগনযানলৈ” ভাৰতৰ অতীতৰ আত্মবিশ্বাস আৰু ভৱিষ্যতৰ সংকল্প দুয়োটাকে প্ৰতিফলিত কৰে বুলি আলোকপাত কৰে। তেওঁ মন্তব্য কৰে যে কম সময়ৰ ভিতৰতে ৰাষ্ট্ৰীয় মহাকাশ দিৱস ভাৰতৰ যুৱক-যুৱতীসকলৰ বাবে এক উৎসাহ আৰু আকৰ্ষণৰ অনুষ্ঠানত পৰিণত হৈছে, যিটো জাতীয় গৌৰৱৰ বিষয়। তেওঁ মহাকাশ খণ্ডৰ সৈতে জড়িত সকলো ব্যক্তিকে ধৰি বিজ্ঞানী আৰু যুৱক-যুৱতীলৈ তেওঁৰ শুভেচ্ছা জ্ঞাপন কৰে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে ভাৰতে বৰ্তমান জ্যোতিৰ্বিজ্ঞান আৰু জ্যোতিৰ্পদাৰ্থ বিজ্ঞানৰ আন্তঃৰাষ্ট্ৰীয় অলিম্পিয়াড আয়োজন কৰি আছে, য’ত ষাঠিখনতকৈও অধিক দেশৰ প্ৰায় ৩০০ যুৱকে অংশগ্ৰহণ কৰিছে। শ্ৰী মোদীয়ে এই অনুষ্ঠানত বহু ভাৰতীয় অংশগ্ৰহণকাৰীয়ে পদক লাভ কৰাত সুখ প্ৰকাশ কৰে। তেওঁ কয় যে এই অলিম্পিয়াড মহাকাশ খণ্ডত ভাৰতৰ উদীয়মান বিশ্ব নেতৃত্বৰ প্ৰতীক। প্ৰধানমন্ত্ৰীয়ে আনন্দ প্ৰকাশ কৰে যে যুৱক-যুৱতীসকলৰ মাজত মহাকাশৰ প্ৰতি অধিক আগ্ৰহ জগাই তুলিবলৈ ইছৰোৱে ইণ্ডিয়ান স্পেচ হেকাথন আৰু ৰবটিক্স চেলেঞ্জৰ দৰে পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ এই প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰা সকলো ছাত্ৰ-ছাত্ৰী আৰু বিজয়ীসকলক অভিনন্দন জ্ঞাপন কৰে।জ্যোতিৰ্বিজ্ঞান আৰু জ্যোতিৰ্পদাৰ্থ বিজ্ঞানৰ অষ্টাদশ আন্তঃৰাষ্ট্ৰীয় অলিম্পিয়াডৰ বাবে প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ বাৰ্তাৰ অসমীয়া অনুবাদ
August 12th, 04:34 pm
৬৪খন দেশৰ তিনি শতাধিক উজ্জ্বল নক্ষত্ৰৰ সৈতে সংযোগ স্থাপন কৰাটো আনন্দৰ কথা। জ্যোতিৰ্বিজ্ঞান আৰু জ্যোতিৰ্পদাৰ্থ বিজ্ঞানৰ অষ্টাদশ আন্তঃৰাষ্ট্ৰীয় অলিম্পিয়াডৰ বাবে মই আপোনালোকক ভাৰতলৈ উষ্ম আদৰণি জনাইছো। ভাৰতত পৰম্পৰাই উদ্ভাৱনক, আধ্যাত্মিকতাই বিজ্ঞান আৰু কৌতুহলে সৃষ্টিশীলতাৰ সৈতে সমাযোজন ঘটায়। যুগ যুগ ধৰি ভাৰতীয়সকলে আকাশ পৰ্যবেক্ষণ কৰি ডাঙৰ ডাঙৰ প্ৰশ্ন কৰি আহিছে। উদাহৰণস্বৰূপে, পঞ্চম শতিকাত আৰ্যভট্টই শূন্য আৱিষ্কাৰ কৰিছিল। তেওঁ প্ৰথমে কৈছিল যে পৃথিৱীখন নিজৰ অক্ষত ঘূৰি থাকে। আক্ষৰিক অৰ্থত তেওঁ শূন্যৰ পৰা আৰম্ভ কৰি ইতিহাস ৰচনা কৰিছিল!জ্যোতিৰ্বিজ্ঞান আৰু জ্যোতিৰ্পদাৰ্থ বিজ্ঞানৰ অষ্টাদশ আন্তঃৰাষ্ট্ৰীয় অলিম্পিয়াডত ভাষণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
August 12th, 04:33 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ বাৰ্তাৰ জৰিয়তে জ্যোতিৰ্বিজ্ঞান আৰু জ্যোতিৰ্পদাৰ্থ বিজ্ঞানৰ অষ্টাদশ আন্তঃৰাষ্ট্ৰীয় অলিম্পিয়াডত ভাষণ প্ৰদান কৰে। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে ৬৪খন দেশৰ ৩০০ৰো অধিক অংশগ্ৰহণকাৰীৰ সৈতে সংযোগ স্থাপন কৰি আনন্দ প্ৰকাশ কৰে আৰু আন্তঃৰাষ্ট্ৰীয় অলিম্পিয়াডৰ বাবে ভাৰতলৈ তেওঁলোকক উষ্ম আদৰণি জনায়। “ভাৰতত পৰম্পৰাই উদ্ভাৱনক লগ পায়, আধ্যাত্মিকতাই বিজ্ঞানক লগ পায় আৰু কৌতুহলে সৃষ্টিশীলতাক লগ পায়। যুগ যুগ ধৰি ভাৰতীয়সকলে আকাশ নিৰীক্ষণ কৰি আহিছে আৰু ডাঙৰ ডাঙৰ প্ৰশ্ন সুধি আহিছে”, শ্ৰী মোদীয়ে কয়। পঞ্চম শতিকাত শূন্য আৱিষ্কাৰ কৰা আৰ্যভট্টৰ উদাহৰণ দি তেওঁ প্ৰথমে কৈছিল যে পৃথিৱীখন নিজৰ অক্ষত ঘূৰি থাকে। “আক্ষৰিক অৰ্থত তেওঁ শূন্যৰ পৰা আৰম্ভ কৰি ইতিহাস ৰচনা কৰিছিল!” প্ৰধানমন্ত্ৰীয়ে লক্ষ্য কৰিলে।