সংসদৰ ২০২৫ চনৰ বৰ্ষাকালীন অধিৱেশনৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ

July 21st, 10:30 am

বৰ্ষাকাল হৈছে সতেজতা আৰু সৃষ্টিৰ প্ৰতীক। এতিয়ালৈকে পোৱা খবৰ অনুসৰি, সমগ্ৰ দেশতে বতৰ অনুকূলভাৱে আগবাঢ়িছে, কৃষিৰ বাবে উপযোগী বতৰৰ বাতৰিও পোৱা গৈছে । বৰষুণে কেৱল আমাৰ কৃষকসকলৰ অৰ্থনীতিতে নহয়, দেশৰ অৰ্থনীতি, গ্ৰাম্য অৰ্থনীতি আৰু প্ৰতিটো পৰিয়ালৰ অৰ্থনীতিত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। মই লাভ কৰা তথ্য অনুসৰি, যোৱা দহ বছৰৰ তুলনাত এই বছৰ পানীৰ সংৰক্ষণ প্ৰায় তিনিগুণ অধিক হৈছে, যাৰ ফলত অনাগত দিনবোৰত দেশৰ অৰ্থনীতি যথেষ্ট লাভান্বিত হ’ব।

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ শুভাৰম্ভণি উপলক্ষে প্ৰধানমন্ত্ৰী মোদীৰ ভাষণ

July 21st, 09:54 am

সংসদৰ বৰ্ষাকালীন অধিৱেশন আৰম্ভ হোৱাৰ সময়ত সংবাদ মাধ্যমক সম্বোধন কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। তেওঁৰ ভাষণত তেওঁ ভয়াবহ পেহেলগাম হত্যাকাণ্ডৰ কথা স্পৰ্শ কৰি পাকিস্তানৰ ভূমিকা উদঙাই দিয়াৰ ক্ষেত্ৰত ভাৰতৰ ৰাজনৈতিক নেতৃত্বৰ ঐক্যবদ্ধ কণ্ঠক প্ৰশংসা কৰে। ডিজিটেল ইণ্ডিয়া বিশেষকৈ ইউপিআইৰ বিশ্বজোৰা স্বীকৃতিৰ কথাও উল্লেখ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। তেওঁ নক্সালবাদ আৰু মাওবাদৰ অৱনতি ঘটিছে বুলি দৃঢ়তাৰে কয় আৰু অপাৰেচন সিন্দূৰৰ সফলতাকো প্ৰশংসা কৰে।

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০তকৈ অধিক প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

July 12th, 11:30 am

কেন্দ্ৰীয় চৰকাৰৰ যুৱক-যুৱতীসকলক স্থায়ী চাকৰি প্ৰদানৰ বাবে আমাৰ অভিযান অব্যাহত আছে। আৰু আমাৰ পৰিচয়, কাৰো পৰামৰ্শ অবিহনে বা ব্যয় নোহোৱাকৈ কৰা। আজি ৫১ হাজাৰৰো অধিক যুৱক-যুৱতীক নিযুক্তি পত্ৰ দিয়া হৈছে। এনে নিয়োগ মেলাৰ জৰিয়তে এতিয়ালৈকে লাখ লাখ যুৱকে ভাৰত চৰকাৰত স্থায়ী চাকৰি লাভ কৰিছে। এতিয়া এই যুৱক-যুৱতীসকলে ৰাষ্ট্ৰ নিৰ্মাণত ডাঙৰ ভূমিকা পালন কৰিছে। আজিও আপোনালোকৰ বহুতেই ভাৰতীয় ৰে’লৱেত নিজৰ কৰ্তব্য আৰম্ভ কৰিছে, বহু বন্ধু এতিয়া দেশৰ নিৰাপত্তাৰক্ষী হ'ব, ডাক বিভাগত নিযুক্ত বন্ধুৱে প্ৰতিখন গাওঁলৈ চৰকাৰৰ সা-সুবিধাসমূহ যোগান ধৰিব, কিছুমান বন্ধু হ'ব হেল্থ ফৰ অল মিছনৰ যোদ্ধা, বহু যুৱকে আৰ্থিক অন্তৰ্ভুক্তিৰ ইঞ্জিন আৰু অধিক দ্ৰুত কৰিব আৰু বহু বন্ধুৱে ভাৰতৰ ঔদ্যোগিক উন্নয়নত নতুন গতি দিব। আপোনাৰ বিভাগবোৰ বেলেগ বেলেগ, কিন্তু লক্ষ্য এটা আৰু সেই লক্ষ্য কি, আমি বাৰে বাৰে মনত ৰাখিব লাগিব, আমাৰ লক্ষ্য এটাই। বিভাগ যিয়েই নহওক, কাম যিয়েই নহওক কিয়, পদ যিয়েই নহওক কিয়, অঞ্চল যিয়েই নহওক কিয়, লক্ষ্য এটাই-ৰাষ্ট্ৰীয় সেৱা। সূত্ৰটো এটা-নাগৰিক প্ৰথম। দেশৰ জনসাধাৰণৰ সেৱা কৰিবলৈ আপুনি বহুত ডাঙৰ মঞ্চ পাইছে। জীৱনৰ এই গুৰুত্বপূৰ্ণ পৰ্যায়ত ইমান ডাঙৰ সফলতা লাভ কৰাৰ বাবে আপোনালোক সকলো যুৱক-যুৱতীলৈ অভিনন্দন জনাইছো। এই নতুন যাত্ৰাৰ বাবে আন্তৰিক শুভেচ্ছা জনালোঁ।

ৰোজগাৰ মেলাত ভাষণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

July 12th, 11:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰোজগাৰ মেলাত আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ভাষণ প্ৰদান কৰাৰ লগতে বিভিন্ন চৰকাৰী বিভাগ আৰু প্ৰতিষ্ঠানৰ নৱনিযুক্ত যুৱক-যুৱতীসকলক ৫১,০০০ৰো অধিক নিযুক্তি পত্ৰ বিতৰণ কৰে। সভাত আগবঢ়োৱা ভাষণত তেওঁ দৃঢ়তাৰে কয় যে আজি ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত নিযুক্তি পোৱা এই যুৱক-যুৱতীসকলৰ নতুন দায়িত্ব আৰম্ভ হৈছে। তেওঁ যুৱক-যুৱতীসকলক বিভিন্ন বিভাগত চাকৰি আৰম্ভ কৰাৰ বাবে অভিনন্দন জনাই এই কথাত গুৰুত্ব আৰোপ কৰে যে বিভিন্ন ভূমিকা সত্ত্বেও তেওঁলোকৰ উমৈহতীয়া লক্ষ্য হৈছে নাগৰিক প্ৰথম নীতিৰ দ্বাৰা পৰিচালিত ৰাষ্ট্ৰীয় সেৱা।

২৯.০৬.২০২৫ত ‘মন কী বাত’ৰ ১২৩সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

June 29th, 11:30 am

নমস্কাৰ। 'মন কী বাত'লৈ আপোনালোকক স্বাগতম। সকলোকে অভিনন্দন জনাইছো। বৰ্তমান আপোনালোক সকলোৱেই যোগৰ শক্তি আৰু ‘আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস’ৰ স্মৃতিৰে পৰিপূৰ্ণ হৈ আছে। এইবাৰো ২১ জুনত দেশৰ লগতে বিশ্বৰ কোটি কোটি লোকে ‘আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস’ত অংশগ্ৰহণ কৰিলে। আপোনালোকৰ নিশ্চয় মনত আছে ১০ বছৰ আগতে যোগ দিৱস আৰম্ভ হৈছিল। এতিয়া ১০ বছৰৰ পাছত এই ধাৰাটো প্ৰতি বছৰে অধিক বিশাল হৈ পৰিছে। ইয়াৰ দ্বাৰাও দৈনন্দিন জীৱনত অধিক সংখ্যক লোকে যোগাসনক গ্ৰহণ কৰাৰ ইংগিত পোৱা যায়। আমি এইবাৰ 'যোগ দিৱস'ৰ ইমানবোৰ আকৰ্ষণীয় ছবি দেখিছো। তিনি লাখ লোকে বিশাখাপট্টনমৰ উপকূলত একেলগে যোগাসন কৰিলে। আন এক আচৰিত দৃশ্য আহিল বিশাখাপট্টনমৰ পৰাই, দুহাজাৰৰো অধিক জনজাতীয় ছাত্ৰ-ছাত্ৰীয়ে ১০৮ মিনিটত ১০৮ বাৰ সূৰ্য্য নমস্কাৰ কৰিলে। কল্পনা কৰকচোন, তেওঁলোকৰ কিমান অনুশাসন, কিমান সমৰ্পণ আছিল। আমাৰ নৌসেনাৰ জাহাজবোৰতো যোগৰ এক ভব্য আভাস দেখা গ’ল৷ তিনি হাজাৰ দিব্যাংগ বন্ধুৱে একেলগে তেলেংগানাত যোগ শিবিৰত অংশ লৈছিল। তেওঁলোকে দেখুৱাইছিল যে যোগাসনে কেনেকৈ সবলীকৰণৰো মাধ্যম হৈ পৰিছে। দিল্লীৰ মানুহে পৰিস্কাৰ যমুনাৰ সংকল্পৰ সৈতে যোগক সংযোগ কৰি যমুনাৰ পাৰলৈ গৈ যোগাসন কৰিলে। বিশ্বৰ সৰ্বোচ্চ ৰে’ল দলং জম্মু-কাশ্মীৰৰ চেনাব দলঙতো মানুহে যোগাসন কৰিলে। হিমালয়ৰ বৰফৰ শৃংগ আৰু আইটিবিপিৰ জোৱানেও যোগ অনুশীলন কৰা দেখা গ’ল। সাহস আৰু সাধনা একেলগে দেখিবলৈ পালো। গুজৰাটৰ মানুহেও সৃষ্টি কৰিলে এক নতুন ইতিহাস। বাদনগৰত ২,১২১ জন লোকে একেলগে ভুজংগাসন কৰি এক নতুন অভিলেখ গঢ়িলে। যোগৰ ছবি নিউয়ৰ্ক, লণ্ডন, টকিঅ’, পেৰিছকে ধৰি পৃথিৱীৰ প্ৰতিখন ডাঙৰ চহৰৰ পৰা আহিছিল আৰু প্ৰতিখন ছবিতে এটা বস্তু বিশেষ আছিল, শান্তি, ধৈৰ্য আৰু ভাৰসাম্য। এইবাৰ থিমটোও আছিল অতি বিশেষ, ‘এক বিশ্ব, এক স্বাস্থ্যৰ বাবে যোগ’। এয়া কেৱল শ্লোগান নহয়, ই এক দিশ যিয়ে আমাক ‘বসুধৈৱ কুটুম্বকম’ অনুভৱ কৰাইছে। মই নিশ্চিত যে এইবাৰৰ যোগ দিৱসৰ বিশালতাই নিশ্চিতভাৱে অধিক সংখ্যক লোকক যোগ গ্ৰহণৰ বাবে অনুপ্ৰাণিত কৰিব।