ভাৰত-ফিজিৰ যৌথ বিবৃতিঃ ঘনিষ্ঠ বন্ধুত্বৰ মনোভাৱেৰে অংশীদাৰিত্ব

August 25th, 01:52 pm

মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণমৰ্মে ফিজি গণৰাজ্যৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী চিটিবেনী ৰাবুকাই ২০২৫-ৰ ২৪ আগষ্টৰ পৰা ২৬ আগষ্টলৈ চৰকাৰী কাৰ্য্যসূচীৰে ভাৰত ভ্ৰমণ কৰে। প্ৰধানমন্ত্ৰী হিচাপে পোন-প্ৰথমবাৰৰ বাবে ভাৰত ভ্ৰমণ কৰা ৰাবুকাৰ সৈতে তেওঁৰ পত্নী; স্বাস্থ্য আৰু চিকিৎসা সেৱা দপ্তৰৰ মন্ত্ৰী মাননীয় এন্টনিঅ’ লালাবালাভু আৰু ফিজি গণৰাজ্য চৰকাৰৰ উচ্চপদস্থ বিষয়াসকলৰ এটা প্ৰতিনিধি দল নতুন দিল্লীত উপস্থিত হয়।