মুম্বাইত সামূদ্ৰিক নেতা সন্মিলনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
October 29th, 04:09 pm
বিশ্ব সামুদ্ৰিক নেতা সন্মিলনলৈ আপোনালোক সকলোকে আদৰণি জনাইছো। এই অনুষ্ঠানটো ২০১৬ চনত মুম্বাইত আৰম্ভ কৰা হৈছিল আৰু আজি এই সন্মিলন বিশ্বজনীন অনুষ্ঠানত পৰিণত হোৱাটো আমাৰ সকলোৰে বাবে এক অতি আনন্দৰ বিষয়। আজি এই অনুষ্ঠানত ৮৫ খনতকৈও অধিক দেশৰ অংশগ্ৰহণে এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিছে। বৃহৎ জাহাজ নিৰ্মাণ প্ৰতিষ্ঠান আৰু সেইবোৰৰ চিইঅ’ৰ পৰা আৰম্ভ কৰি ষ্টাৰ্টআপলৈকে, নীতি নিৰ্ধাৰকৰ পৰা বিনিয়োগকাৰীলৈকে সকলোৱে ইয়াত উপস্থিত আছে। সৰু সৰু দ্বীপ ৰাষ্ট্ৰৰ প্ৰতিনিধিও উপস্থিত থাকে। আপোনাৰ দৃষ্টিভংগীয়ে এই শীৰ্ষ সন্মিলনৰ সহযোগিতা আৰু শক্তি দুয়োটাকে বৃদ্ধি কৰিছে।মুম্বাইত অনুষ্ঠিত ভাৰত সামুদ্ৰিক সপ্তাহ ২০২৫ৰ সামুদ্ৰিক নেতা সন্মিলনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ
October 29th, 04:08 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ মুম্বাইত অনুষ্ঠিত ভাৰত সামুদ্ৰিক সপ্তাহ ২০২৫ৰ সামুদ্ৰিক নেতা সন্মিলনত ভাষণ দিয়াৰ লগতে বিশ্ব সামুদ্ৰিক চিইঅ’ ফ’ৰামৰ অধ্যক্ষতা কৰে। এই উপলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে বিশ্ব সামুদ্ৰিক নেতা সন্মিলনত অংশগ্ৰহণ কৰা সকলোকে আদৰণি জনায়। ২০১৬ চনত মুম্বাইত আৰম্ভ হোৱা এই অনুষ্ঠানটো এতিয়া বিশ্বৰ শীৰ্ষ সন্মিলনলৈ উন্নীত হোৱাত তেওঁ আনন্দ প্ৰকাশ কৰে। শ্ৰী মোদীয়ে আলোকপাত কৰে যে এই সন্মিলনত ৮৫খনতকৈও অধিক দেশৰ অংশগ্ৰহণে এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰে। অনুষ্ঠানত তেওঁ সমবেত হোৱা প্ৰধান জাহাজ চলোৱা কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়া, ষ্টাৰ্টআপ, নীতি নিৰ্ধাৰক আৰু উদ্ভাৱকসকলৰ উপস্থিতিৰ কথা উল্লেখ কৰে। তেওঁ লগতে ক্ষুদ্ৰ দ্বীপ ৰাষ্ট্ৰৰ প্ৰতিনিধিৰ উপস্থিতি স্বীকাৰ কৰি কয় যে তেওঁলোকৰ সামূহিক দৃষ্টিভংগীয়ে সন্মিলনৰ সহযোগিতা আৰু শক্তি যথেষ্ট বৃদ্ধি কৰিছে।সংসদৰ বিশেষ অধিৱেশনত প্ৰদান কৰা প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
September 18th, 11:52 am
মাননীয় অধ্যক্ষ মহদয়, আমি দেশৰ ৭৫ বছৰ জোৰা সংসদীয় যাত্ৰাৰ লগতে নতুন সদনলৈ যোৱাৰ আগতে ইতিহাসৰ সেই অনুপ্ৰেৰণাদায়ক মুহূৰ্তসমূহ স্মৰণ কৰি আগবাঢ়ি যোৱাৰ বাবে সকলোৱে এই ঐতিহাসিক ভৱনটোৰ পৰা বিদায় লবলৈ সাজু হৈছো। স্বাধীনতাৰ আগতে, এই ভৱনটো ‘ইম্পেৰিয়েল লেজিলটিভ কাউন্সিল’ৰ স্থান আছিল। স্বাধীনতাৰ পিছত ই ‘সংসদ ভৱন’ হিচাপে স্বীকৃতি লাভ কৰে। এইটো কথা সঁচা যে এই ভৱনটো নিৰ্মাণৰ সিদ্ধান্ত বিদেশী সাংসদসকলে লৈছিল, কিন্তু আমি এইটো কথাও কেতিয়াও পাহৰিব নোৱাৰো, আৰু আমি গৌৰৱেৰে ক'ব পাৰোঁ যে এই ভৱনটো নিৰ্মাণত মোৰ দেশবাসীৰ দেহৰ ঘাম সৰিছিল, মোৰ দেশবাসীৰ কঠোৰ পৰিশ্ৰম আৰু ইয়াত বিনিয়োজিত ধন মোৰ দেশৰ জনসাধাৰণৰ আছিল।লোকসভাত সংসদৰ বিশেষ অধিৱেশনত প্ৰধানমন্ত্ৰীৰ ভাষণ
September 18th, 11:10 am
সদনক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰি কয় যে পুৰণি সংসদ ভৱনৰ পৰা নতুন সংসদ ভৱনলৈ কাৰ্যভাৰ যোৱাৰ আগতে আজি হৈছে এক বিশেষ দিন যি দিনটোত আমি ভাৰতৰ ৭৫ বছৰীয়া সংসদীয়া যাত্ৰাৰ কথা ৰোমন্থন কৰিব লাগে। পুৰণি সংসদ ভৱন সম্পৰ্কত মন্তব্য কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এই ভৱন ভাৰতৰ স্বাধীনতাৰ পূৰ্বে ইমপেৰিয়েল লেজিছলেটিভ কাউন্সিলৰ কাৰ্যক্ৰমণিকা চলিছিল আৰু ভাৰতৰ স্বাধীনতাৰ পাছত এয়া দেশৰ সংসদ ভৱন হিচাপে পৰিচয় লাভ কৰিছিল। তেওঁ আঙুলিয়াই দিয়ে যে যদিওবা সংসদ ভৱনটো নিৰ্মাণৰ সিদ্ধান্ত বিদেশী শাসকে গ্ৰহণ কৰিছিল কিন্তু সেইটো নিৰ্মাণৰ আঁৰত ভাৰতীয় মানুহৰ শ্ৰম, ত্যাগ আৰু ধন বিনিয়োগ হৈছিল। শ্ৰী মোদীয়ে কয় যে ৭৫বছৰীয়া যাত্ৰাত এই সংসদ ভৱনে কেতবোৰ ধাৰা আৰু পৰম্পৰা সৃষ্টি কৰিছে যিবোৰে দেশৰ বিকাশত অৰিহনা যোগাইছে আৰু সেয়া সকলোৱে প্ৰত্যক্ষ কৰিছে।তেওঁ কয়, “আমি যদিওবা নতুন ভৱনলৈ স্থানান্তৰিত হম তথাপি এই ভৱনে আগন্তুক প্ৰজন্মক প্ৰেৰণা দি যাব। ভাৰতীয় গণতন্ত্ৰৰ সোণালী অধ্যায় হিচাপে সেই প্ৰেৰণা সদায় থাকিব।”সংসদৰ বিশেষ অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে দিয়া বিবৃতি
September 18th, 10:15 am
চন্দ্ৰ অভিযানৰ সফলতা, চন্দ্ৰযান-৩য়ে আমাৰ তিনিৰঙী পতাকাক উৰুৱাইছে। শিৱশক্তি পইন্ট নতুন প্ৰেৰণাৰ কেন্দ্ৰস্থল হৈ পৰিছে, ত্ৰিৰঙ্গা পইন্ট আমাৰ গৌৰৱৰ কেন্দ্ৰ হৈ পৰিছে। সমগ্ৰ বিশ্বত যেতিয়া এইধৰণৰ সফলতা পোৱা যায় তেতিয়া সেয়া আধুনিকতাৰে, বিজ্ঞানৰে তথা প্ৰযুক্তিৰে সংযুক্ত কৰি চোৱা হয়। আৰু যেতিয়া এই সামৰ্থ সমগ্ৰ বিশ্বৰ সম্মুখত উপস্থাপিত হয় তেতিয়া দেশৰ সম্মুখত অনেক সম্ভাৱনা, অনেক সুবিধা আমাৰ দুৱাৰমুখত আহি থিয় দিয়ে। জি-২০ৰ অভূতপূৰ্ব সফলতা তথা ৬০খনৰো অধিক স্থানত বিশ্বৰ শীৰ্ষস্থানীয় নেতাক আদৰণি, সম্ভাষণ তথা মন্থন আৰু প্ৰকৃত ভাৱনাৰে সংযুক্ত গাঁথনিৰ এক জীৱন্ত অনুভৱে ভাৰতৰ বিচিত্ৰতা, ভাৰতৰ বিশেষতাই জি-২০ক নিজৰ মাজতেই দেশৰ বৈচিত্ৰতাক উদযাপন কৰিছে। আৰু জি-২০ত ভাৰতে এই কথাটোক লৈ সদায় গৰ্ব কৰিব যে গ্লোবেল ছাউথৰ বাবে আমি স্বয়ং কণ্ঠ হৈ পৰিছোঁ। আফ্ৰিকান ইউনিয়নৰ স্থায়ী সদস্যপদ আৰু জি-২০ত সৰ্বসন্মতিৰে গ্ৰহণযোগ্যতাই ভাৰতৰ বাবে উজ্জ্বল ভৱিষ্যতৰ ইংগিত বহন কৰিছে।যশোভূমিক দেশৰ প্ৰতি উৎসৰ্গা আৰু পিএম বিশ্বকৰ্মা আঁচনি মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
September 17th, 06:08 pm
কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ বন্ধুসকল, দেশৰ চুক-কোণৰ পৰা এই ভব্য ভৱনত আহি উপস্থিত হোৱা মোৰ মৰমৰ ভাই-ভনীসকল, দেশৰ ৭০খনতকৈও অধিক চহৰৰ পৰা সংযুক্ত মোৰ সকলো বন্ধু, অন্যান্য মহানুভৱ, আৰু মোৰ পৰিয়ালৰ সদস্যসকল।নতুন দিল্লীত ভাৰত আন্তঃৰাষ্ট্ৰীয় সন্মিলন আৰু বাণিজ্য কেন্দ্ৰ- ‘যশোভূমি’ৰ প্ৰথম পৰ্যায় দেশবাসীৰ নামত উচৰ্গা প্ৰধানমন্ত্ৰীৰ
September 17th, 12:15 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ দ্বাৰকাত ভাৰত আন্তঃৰাষ্ট্ৰীয় সন্মিলন আৰু বাণিজ্য কেন্দ্ৰ-‘যশোভূমি’ৰ প্ৰথম পৰ্যায় দেশবাসীৰ নামত উচৰ্গা কৰে৷ ‘যশোভূমি’ত এটা বিশাল সন্মিলন কেন্দ্ৰ, একাধিক প্ৰদৰ্শনী হলৰ লগতে অন্যান্য সা-সুবিধা আছে। বিশ্বকৰ্মা জয়ন্তী উপলক্ষে পৰম্পৰাগত শিল্পী আৰু কাৰিকৰসকলৰ বাবে ‘পি এম বিশ্বকৰ্মা আঁচনি’ মুকলি কৰে। প্ৰধানমন্ত্ৰীয়ে পিএম বিশ্বকৰ্মাৰ ল’গ’, টেগলাইন আৰু পৰ্টেলো মুকলি কৰে। এই উপলক্ষে তেওঁ অলংকৃত ষ্টাম্প শ্বীট, সঁজুলিৰ ই-বুকলেট আৰু ভিডিঅ’ও মুকলি কৰে। প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানত ১৮গৰাকী হিতাধিকাৰীক বিশ্বকৰ্মা প্ৰমাণ পত্ৰ বিতৰণ কৰে।১৭ ছেপ্টেম্বৰত নতুন দিল্লীৰ দ্বাৰকাত ভাৰত আন্তঃৰাষ্ট্ৰীয় সন্মিলন আৰু এক্সপো কেন্দ্ৰ 'যশোভুমি'ৰ প্ৰথম পৰ্যায় ৰাষ্ট্ৰৰ উদ্দেশ্যে উৎসৰ্গা কৰিব প্ৰধানমন্ত্ৰীয়ে
September 15th, 04:37 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ ১৭ ছেপ্টেম্বৰত নতুন দিল্লীৰ দ্বাৰকাত ভাৰত আন্তঃৰাষ্ট্ৰীয় সন্মিলন আৰু এক্সপো কেন্দ্ৰ(আইআইচিচি) 'যশোভুমি'ৰ প্ৰথম পৰ্যায় ৰাষ্ট্ৰৰ উদ্দেশ্যে উৎসৰ্গা কৰিব।