প্ৰধানমন্ত্ৰীয়ে নতুন দিল্লীত আয়োজিত আন্তঃৰাষ্ট্ৰীয় আৰ্য্য মহাসন্মিলন, ২০২৫-ৰ কাৰ্য্যসূচী সম্বোধন কৰে
October 31st, 06:08 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ৰোহিনীত আয়োজিত আন্তঃৰাষ্ট্ৰীয় আৰ্য্য মহাসন্মিলন, ২০২৫-ৰ কাৰ্য্যসূচী সম্বোধন কৰে। এই উপলক্ষে শ্ৰী মোদীয়ে কয় যে ক্ষন্তেক পূৰ্বে শুনা মন্ত্ৰধ্বনিসমূহৰ শক্তি এতিয়াও সকলোৱে অনুভৱ কৰি আছে। তেওঁ কয় যে যেতিয়াই তেওঁ এনে সমাৱেশৰ মাজলৈ আহে, তেতিয়াই ঐশ্বৰিক আৰু অসাধাৰণ অভিজ্ঞতা লাভ কৰে। এই অনুভূতিৰ কাৰণ তেওঁ স্বামী দয়ানন্দ জীৰ আশীৰ্বাদ বুলি কয়। প্ৰধানমন্ত্ৰীয়ে স্বামী দয়ানন্দ জীৰ আদৰ্শৰ প্ৰতি গভীৰ শ্ৰদ্ধা প্ৰকাশ কৰে। উপস্থিত সকলো চিন্তকৰ সৈতে তেওঁৰ দশক-দশক পুৰণি আত্মীয়তাৰ বান্ধোনৰ কথা উল্লেখেৰে কয় যে তেওঁলোকে তেওঁক বাৰে-বাৰে তেওঁলোকৰ মাজত থকাৰ সুযোগ দিছে। তেওঁ উল্লেখ কৰে যে যেতিয়াই তেওঁলোকক লগ পায় আৰু তেওঁলোকৰ সৈতে যোগাযোগ কৰে, তেতিয়াই তেওঁৰ মন এক সুকীয়া শক্তি আৰু এক অনন্য প্ৰেৰণাৰে ভৰি পৰে।৩১ অক্টোবৰত নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় আৰ্য সন্মিলন ২০২৫ত প্ৰধানমন্ত্ৰীয়ে অংশগ্ৰহণ কৰিব
October 29th, 10:57 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৩১ অক্টোবৰত নতুন দিল্লীৰ ৰোহিনীত দুপৰীয়া ২.৫৫ বজাত অনুষ্ঠিত হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় আৰ্য সন্মিলন ২০২৫ত অংশগ্ৰহণ কৰিব। এই কাৰ্যসূচী মহৰ্ষি দয়ানন্দ সৰস্বতী জীৰ ২০০ সংখ্যক জয়ন্তী আৰু সমাজৰ প্ৰতি আৰ্য সমাজে আগবঢ়োৱা সেৱাৰ ১৫০ বছৰ উদযাপন কৰা জ্ঞান জ্যোতি উৎসৱৰ এক গুৰুত্বপূৰ্ণ অংশ। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে এটা সমাৱেশত ভাষণ দিব।