হিন্দুস্তান টাইমছ লীডাৰ্ছ ছামিটত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
December 06th, 08:14 pm
হিন্দুস্তান টাইমছ সন্মিলনত ভাৰত আৰু বিদেশৰ ভালে কেইগৰাকী বিশিষ্ট অতিথিয়ে অংশগ্ৰহণ কৰিছে। মই আয়োজকবৃন্দ আৰু মতামত আগবঢ়োৱা সকলো সতীৰ্থকে অভিনন্দন জনাইছো। শোভানা জীয়ে দুটা কথা উল্লেখ কৰিছে, এয়া মই শুনিলো। প্ৰথমে তেওঁ কৈছে যে যোৱাবাৰ মোদী জীয়ে ভ্ৰমণ কৰোতে তেওঁ এই পৰামৰ্শ প্ৰদান কৰিছিল। এই দেশৰ কোনেও মিডিয়া হাউচক নিজৰ কাম কৰিবলৈ ক’বলৈ সাহস নকৰে। কিন্তু মই কৈছিলো আৰু মই সুখী যে শোভানা জী আৰু তেওঁৰ টীমটোৱে এই কামটো অতিশয় উৎসাহেৰে কৰিলে। আৰু মই ক্ষন্তেক পূৰ্বে প্ৰদৰ্শনীখন চালো, সেয়ে মই সকলোকে প্ৰদৰ্শনীখন চাবলৈ আহ্বান জনাইছো। এই ফটোগ্ৰাফাৰ বন্ধুসকলে এই মুহূৰ্তটোক এনেদৰে বন্দী কৰিছে যে মুহূৰ্ততো স্মৰণীয় হৈ উঠিছে। দ্বিতীয়তে তেওঁ কৈছিল আৰু মই মাত্ৰ কথাটো বুজিবলৈ চেষ্টা কৰিছো, তেওঁ ক'ব পাৰিলেহেঁতেন, আপুনি দেশৰ সেৱা কৰি যাওক। কিন্তু ইয়াৰ পৰিৱৰ্তে হিন্দুস্তান টাইমছে কৈছিল, আপুনি দেশৰ সেৱা কৰি যাওক। ইয়াৰ বাবেও মই মোৰ বিশেষ কৃতজ্ঞতা প্ৰকাশ কৰিছো।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত হিন্দুস্তান টাইমছ লীডাৰ্ছ ছামিট, ২০২৫ সম্বোধন কৰে
December 06th, 08:13 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত হিন্দুস্তান টাইমছ লীডাৰ্ছ ছামিট, ২০২৫ সম্বোধন কৰে। ইয়াত ভাষণ প্ৰদানেৰে তেওঁ এই সন্মিলনত ভাৰত আৰু বিদেশৰ ভালেসংখ্য বিশিষ্ট অতিথিয়ে অংশগ্ৰহণ কৰাৰ কথা উল্লেখেৰে আয়োজক আৰু চিন্তাধাৰা ব্যক্ত কৰা সকলোকে শুভেচ্ছা জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয় যে শোভানা জীয়ে দুটা কথা উল্লেখ কৰিছে, যি কথা তেওঁ মনোযোগেৰে শুনিছে। প্ৰথমটো আছিল তেওঁৰ পূৰ্বৰ ভ্ৰমণ সম্পৰ্কীয়। তেওঁ এটা পৰামৰ্শ প্ৰদান কৰিছিল। মিডিয়া হাউছৰ ক্ষেত্ৰত এয়া বিৰল যদিও তেওঁ পৰামৰ্শ দিছিল। শোভানা জী আৰু টীমটোৱে উৎসাহেৰে সম্পন্ন কৰাত তেওঁ সন্তোষ প্ৰকাশ কৰে। তেওঁ কয় যে প্ৰদৰ্শনীখন দৰ্শনৰ সময়ত তেওঁ প্ৰত্য়ক্ষ কৰিছিল যে ফটোগ্ৰাফাৰসকলে এনেদৰে মুহূৰ্তসমূহ বন্দী কৰিছিল যে সেই মুহূৰ্তসমূহ স্মৰণীয় হৈ পৰিছিল আৰু তেওঁ সকলোকে এয়া চাবলৈ আহ্বান জনায়। শ্ৰী মোদীয়ে শোভানা জীৰ দ্বিতীয়টো কথা সন্দৰ্ভত মন্তব্য প্ৰদানেৰে কেৱল তেৱেঁই নহয়, বৰঞ্চ হিন্দুস্তান টাইমছেও একেদৰেই ৰাষ্ট্ৰক সেৱা কৰি যাব লাগে বুলি কোৱা বুলি ব্যাখ্যা কৰে, ইয়াৰ বাবে তেওঁ বিশেষ কৃতজ্ঞতা প্ৰকাশ কৰে।জি-২০ সন্মিলনৰ দ্বিতীয় পৰ্বত প্ৰধানমন্ত্ৰীৰ বিবৃতি
November 22nd, 09:57 pm
প্ৰাকৃতিক দুৰ্যোগ মানৱতাৰ বাবে এক বৃহৎ প্ৰত্যাহ্বান হৈ আহিছে। এই বছৰো প্ৰাকৃতিক দুৰ্যোগে বিশ্বৰ বৃহৎ সংখ্যক লোকক প্ৰভাৱিত কৰিছে। এই কথা স্পষ্ট যে প্ৰাকৃতিক দুৰ্যোগৰ মোকাবিলাৰ বাবে আমি বৈশ্বিক সহযোগিতা শক্তিশালী কৰিব লাগিব।জোহান্সবাৰ্গত জি-২০ সন্মিলনত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ
November 22nd, 09:35 pm
প্ৰধানমন্ত্ৰীয়ে আজি জোহান্সবাৰ্গত দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি চিৰিল ৰামাফোছাৰ আতিথ্যত অনুষ্ঠিত জি-২০ নেতৃবৃন্দৰ সন্মিলনত অংশগ্ৰহণ কৰে। এয়া আছিল জি-২০ সন্মিলনত প্ৰধানমন্ত্ৰীৰ দ্বাদশ বাৰ্ষিক অংশগ্ৰহণ। প্ৰধানমন্ত্ৰীয়ে সন্মিলনৰ উদ্বোধনী অনুষ্ঠানৰ দুয়োটা পৰ্বত ভাষণ প্ৰদান কৰে। তেওঁ উষ্ণ আতিথ্য আৰু সন্মিলনখন সফলতাৰে আয়োজন কৰাৰ বাবে ৰাষ্ট্ৰপতি ৰামাফোছাক ধন্যবাদ জ্ঞাপন কৰে।দেশবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ
September 21st, 06:09 pm
কাইলৈৰ পৰা আৰম্ভ হ'ব শক্তি পূজাৰ উৎসৱ নৱৰাত্ৰি। আপোনালোক সকলোলৈ শুভেচ্ছা থাকিল! নৱৰাত্ৰিৰ প্ৰথম দিনাৰ পৰাই দেশে আত্মনিৰ্ভৰ ভাৰত অভিযানৰ দিশত আন এক গুৰুত্বপূৰ্ণ আৰু বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। কাইলৈ ২২ ছেপ্টেম্বৰ, নৱৰাত্ৰিৰ প্ৰথম দিনা সূৰ্য্য উদয় হোৱাৰ লগে লগে পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰ কাৰ্যকৰী হ’ব। এক প্ৰকাৰে কাইলৈৰ পৰা দেশত জি এছ টি ৰাহি উৎসৱ আৰম্ভ হ’বলৈ গৈ আছে। এই জিএছটি ৰাহি উৎসৱে আপোনাৰ সঞ্চয় বৃদ্ধি কৰিব আৰু আপুনি বিচৰা বস্তুবোৰ অতি সহজে ক্ৰয় কৰিব পাৰিব। আমাৰ দেশৰ দুখীয়া, মধ্যবিত্ত শ্ৰেণীৰ মানুহ, নব্য মধ্যবিত্ত শ্ৰেণী, যুৱক-যুৱতী, কৃষক, মহিলা, দোকানী, ব্যৱসায়ী, উদ্যোগী সকলোৱে এই ৰাহি উৎসৱৰ পৰা বহু উপকৃত হ’ব। অৰ্থাৎ এই উৎসৱৰ বতৰত সকলোৱে মিঠাই খাব, আৰু দেশৰ প্ৰতিটো পৰিয়াল ধন্য হ’ব। পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰ আৰু এই ৰাহি উৎসৱ উপলক্ষে দেশৰ কোটি কোটি পৰিয়াললৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এই সংস্কাৰসমূহে ভাৰতৰ বৃদ্ধিৰ কাহিনী ত্বৰান্বিত কৰিব, ব্যৱসায় কৰাটো সহজ কৰি তুলিব, বিনিয়োগক অধিক আকৰ্ষণীয় কৰি তুলিব আৰু প্ৰতিখন ৰাজ্যক উন্নয়নৰ দৌৰত সমান অংশীদাৰ কৰি তুলিব।দেশবাসীক সম্বোধন কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
September 21st, 05:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে দেশবাসীক সম্বোধন কৰে। শক্তি পূজাৰ উৎসৱ নৱৰাত্ৰিৰ আৰম্ভণিতে দেশৰ সকলো নাগৰিকলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি তেওঁ মন্তব্য কৰে যে নৱৰাত্ৰিৰ প্ৰথম দিনাৰ পৰাই দেশখনে আত্মনিৰ্ভৰ ভাৰত অভিযানত এক উল্লেখযোগ্য পদক্ষেপ আগবঢ়াব। ২২ ছেপ্টেম্বৰৰ সূৰ্য্য উদয়ৰ পৰা আৰম্ভ কৰি দেশত পৰৱৰ্তী প্ৰকল্পৰ জি এছ টি সংস্কাৰ ৰূপায়ণ কৰা হ’ব। প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে ইয়াৰ দ্বাৰা সমগ্ৰ ভাৰততে জি এছ টি ৰাহি উৎসৱ(সঞ্চয় মহোৎসৱ) আৰম্ভ হৈছে। তেওঁ কয় যে এই উৎসৱে সঞ্চয় বৃদ্ধি কৰিব আৰু মানুহে নিজৰ পছন্দৰ সামগ্ৰী ক্ৰয় কৰাত সহজ হ’ব। শ্ৰী মোদীয়ে উল্লেখ কৰে যে এই সঞ্চয় উৎসৱৰ সুফল দৰিদ্ৰ, মধ্যবিত্ত শ্ৰেণী, নব্য মধ্যবিত্ত শ্ৰেণী, যুৱক-যুৱতী, কৃষক, মহিলা, দোকানী, ব্যৱসায়ী আৰু উদ্যোগীসকলৰ মাজত একেদৰেই পৰিলক্ষিত হ'ব । তেওঁ মন্তব্য কৰে যে এই উৎসৱৰ বতৰত প্ৰতিখন ঘৰতে সুখ আৰু মধুৰতা বৃদ্ধি পাব। সকলোকে অভিনন্দন জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীয়ে দেশৰ কোটি কোটি পৰিয়াললৈ পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰ আৰু জি এছ টি সঞ্চয় মহোৎসৱৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ এই কথাত গুৰুত্ব আৰোপ কৰে যে এই সংস্কাৰে ভাৰতৰ বিকাশৰ কাহিনীক ত্বৰান্বিত কৰিব, ব্যৱসায়িক কাৰ্য্যকলাপ সৰল কৰিব, বিনিয়োগক অধিক আকৰ্ষণীয় কৰি তুলিব আৰু প্ৰতিখন ৰাজ্য উন্নয়নৰ দৌৰত সমান অংশীদাৰ হোৱাটো নিশ্চিত কৰিব।মিজোৰামত আধাৰশিলা স্থাপন আৰু উন্নয়নমূলক কামৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ
September 13th, 10:30 am
নীলা পৰ্বতৰ এই সুন্দৰ ভূমিক চোৱাচিতা কৰা পৰম ঈশ্বৰ পাথিয়ানক মই প্ৰণাম জনাইছো। মই মিজোৰামৰ লেংপুই বিমানবন্দৰত আছো। দুৰ্ভাগ্যবশতঃ বেয়া বতৰৰ বাবে আপোনালোকৰ লগত আইজলত যোগদান কৰিব নোৱাৰাৰ বাবে মই দুঃখিত। কিন্তু এই মাধ্যমৰ পৰাও আপোনালোকৰ মৰম অনুভৱ কৰিব পাৰিছো।মিজোৰামৰ আইজলত ৯০০০কোটিৰো অধিক টকা মূল্যৰ উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন, শুভাৰম্ভ কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
September 13th, 10:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মিজোৰামৰ আইজলত ৯০০০ কোটিৰো অধিক টকা মূল্যৰ উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন, উদ্বোধন কৰে। এই প্ৰকল্পসমূহে ৰে’লৱে, পথ, শক্তি, ক্ৰীড়া আদিকে ধৰি একাধিক খণ্ডক সামৰি ল’ব। ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে জনসভাক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে নীলা পৰ্বতে আগুৰি ৰখা মনোমোহা ভূমি চোৱাচিতা কৰা পৰম ঈশ্বৰ পাথিয়ানক প্ৰণিপাত জনায় । দুখ প্ৰকাশ কৰি তেওঁ উল্লেখ কৰে যে তেওঁ মিজোৰামৰ লেংপুই বিমানবন্দৰত উপস্থিত আছিল কিন্তু বেয়া বতৰৰ বাবে আইজলত তেওঁ ৰাইজৰ সৈতে যোগ দিব পৰা নাই । এনে পৰিস্থিতিৰ মাজতে প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে ভিডিঅ’ কনফাৰেন্সিঙৰ মাধ্যমেৰেও তেওঁ ৰাইজৰ মৰম অনুভৱ কৰিব পাৰিছে।‘২০৪৭ চনৰ ভিতৰত সকলোৰে বাবে বীমা’ৰ বিষয়ত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰতিজন নাগৰিকৰ বাবে আৰ্থিক সুৰক্ষা আৰু স্বাস্থ্যসেৱাৰ সুবিধা সন্দৰ্ভত আলোকপাত কৰে
September 04th, 08:55 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সাৰ্বজনীন আৰ্থিক সুৰক্ষা আৰু স্বাস্থ্যসেৱাৰ সুবিধাৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতাৰ এক বৃহৎ অগ্ৰগতিৰ ওপৰত আলোকপাত কৰে। #নেক্সটজেনজিএছটি সংস্কাৰৰ শেহতীয়া পৰ্যায়ত জীৱন আৰু স্বাস্থ্য বীমা সামগ্ৰীৰ ক্ষেত্ৰত যথেষ্ট কৰ ৰেহাইৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে, যাৰ ফলত প্ৰতিজন নাগৰিকৰ বাবে ইয়াক অধিক সুলভ কৰি তোলা হৈছে।While building a healthy planet, let us ensure that no one is left behind: PM Modi at World Health Assembly
May 20th, 04:42 pm
PM Modi addressed the 78th World Health Assembly, aligning India’s vision with One World for Health. He showcased India’s scalable health models like Ayushman Bharat, tech-driven solutions, and affordable access initiatives. Encouraging inclusion, collaboration and holistic well-being, he called for united global action to ensure no one is left behind.প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জেনেভাত বিশ্ব স্বাস্থ্য সন্মিলনৰ ৭৮ সংখ্যক অধিৱেশন সম্বোধন কৰে
May 20th, 04:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জেনেভাত বিশ্ব স্বাস্থ্য সন্মিলনৰ ৭৮ সংখ্যক অধিৱেশনত ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে ভাষণ দিয়ে। সমাৱেশত সম্বোধন কৰি তেওঁ এই বছৰৰ মূল বিষয় 'স্বাস্থ্যৰ বাবে এখন বিশ্ব'ৰ ওপৰত আলোকপাত কৰি অংশগ্ৰহণকাৰীসকলক উষ্ম অভিনন্দন জ্ঞাপন কৰে আৰু বিশ্ব স্বাস্থ্যৰ সৈতে ভাৰতৰ দৃষ্টিভংগীৰ সংগতি থকা বুলি গুৰুত্ব আৰোপ কৰে। ২০২৩ চনৰ বিশ্ব স্বাস্থ্য সমাবেশত তেওঁ দিয়া ভাষণৰ কথা মনত পেলাই তেওঁ ‘এখন পৃথিৱী, এটা স্বাস্থ্য’ৰ বিষয়ে কয়। তেওঁ মন্তব্য কৰে যে অন্তৰ্ভুক্তি, সংহত দৃষ্টিভংগী আৰু সহযোগিতাৰ ওপৰত এখন সুস্থ পৃথিৱীৰ ভৱিষ্যত নিৰ্ভৰশীল।প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বই মেলেৰিয়াৰ বিৰুদ্ধে চমকপ্ৰদ বিজয় সাব্যস্ত কৰাৰ লগতে স্বাস্থ্যসেৱাত বিপ্লৱ আনিছেঃ জে পি নাড্ডা
December 16th, 10:06 am
ভাৰতে মেলেৰিয়া ৰোগীৰ সংখ্যা ২০১৭ চনত ৬৪ লাখৰ পৰা ২০২৩ চনত মাত্ৰ ২০ লাখলৈ উল্লেখযোগ্যভাৱে ৬৯% হ্ৰাস পাইছে-যিটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কেন্দ্ৰীভূত নীতি আৰু নেতৃত্বৰ চমকপ্ৰদ সফলতাৰ কাৰণ। ২০১৫ চনৰ ইষ্ট এছিয়া সন্মিলনত ২০৩০ চনৰ ভিতৰত মেলেৰিয়া নিৰ্মূল কৰাৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে দিয়া প্ৰতিশ্ৰুতিৰ বৃহত্তৰ লক্ষ্যৰ এয়া মাইলৰ খুঁটিৰ অংশ।India's journey over the past decade has been one of scale, speed and sustainability: PM Modi in Guyana
November 22nd, 03:02 am
PM Modi addressed the Indian community in Georgetown, Guyana, thanking President Dr. Irfaan Ali for the warm welcome and hospitality. He highlighted planting a tree as part of the Ek Ped Maa ke Naam initiative and received Guyana's highest national honor, dedicating it to 1.4 billion Indians and the Indo-Guyanese community. Reflecting on his earlier visit, he praised the enduring bond between India and Guyana.প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গায়ানাৰ ভাৰতীয় সম্প্ৰদায়ক সম্বোধন কৰে
November 22nd, 03:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গায়ানাৰ জৰ্জটাউনত আয়োজিত এটা অনুষ্ঠানত ভাৰতীয় সম্প্ৰদায়ক সম্বোধন কৰে। অনুষ্ঠানত গায়ানাৰ ৰাষ্ট্ৰপতি ড০ ইৰফান আলী, প্ৰধানমন্ত্ৰী মাৰ্ক ফিলিপছ, উপ-ৰাষ্ট্ৰপতি ভৰত জগদেও, প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ৰামোটাও উপস্থিত আছিল। সমবেত লোকসকলক সম্বোধন কৰি শ্ৰী মোদীয়ে দেশখনৰ ৰাষ্ট্ৰপতিগৰাকীক ধন্যবাদ জ্ঞাপন কৰে আৰু দেশখনত উপস্থিত হোৱাৰ সময়ত তেওঁক বিশেষভাৱে আদৰণি জনোৱাৰ বাবে আনন্দ প্ৰকাশ কৰে। আতিথ্যৰ মনোভাৱ আমাৰ সংস্কৃতিৰ কেন্দ্ৰবিন্দু বুলি শ্ৰীমোদীয়ে কয়। প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে ভাৰত চৰকাৰৰ এজোপা গছ মাৰ নামত উদ্যমৰ অংশ হিচাপে তেওঁ ৰাষ্ট্ৰপতি আৰু আইতাকৰ সৈতে গছ ৰোপণ কৰে। এই মুহূৰ্তক আৱেগিক বুলি অভিহি কৰি শ্ৰীমোদীয়ে কয় যে এয়া তেওঁৰ বাবে চিৰস্মৰণীয় হৈ ৰব।"সামাজিক অন্তৰ্ভুক্তি আৰু ক্ষুধা তথা দৰিদ্ৰতাৰ বিৰুদ্ধে যুঁজ" শীৰ্ষক জি-২০ অধিবেশনত প্ৰধানমন্ত্ৰীৰ বক্তব্য
November 18th, 08:00 pm
আৰম্ভণিতে মই ৰাষ্ট্ৰপতি লুলাক জি-২০ সন্মিলন আয়োজনৰ বাবে আৰু জি-২০ৰ সফল অধ্যক্ষতাৰ বাবে অভিনন্দন জনাইছোঁ।‘সামাজিক অন্তৰ্ভুক্তি আৰু ক্ষুধা আৰু দৰিদ্ৰতা’ৰ বিৰুদ্ধে যুঁজ সন্দৰ্ভত ‘জি-২০’ অধিৱেশনত ভাষণ দিয়ে প্ৰধানমন্ত্ৰীয়ে
November 18th, 07:55 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি 'সামাজিক অন্তৰ্ভুক্তি আৰু ক্ষুধা আৰু দৰিদ্ৰতাৰ বিৰুদ্ধে যুঁজ' সন্দৰ্ভত জি-২০ সন্মিলনৰ উদ্বোধনী অধিৱেশনত ভাষণ দিয়ে। ব্ৰাজিলৰ ৰাষ্ট্ৰপতি মহামহিম শ্ৰীযুত লুইছ ইনাচিও লুলা দা ছিলভাক সন্মিলনখন আয়োজন কৰাৰ বাবে আৰু তেওঁৰ আন্তৰিকতাপূৰ্ণ আতিথ্যৰ বাবে প্ৰধানমন্ত্ৰীয়ে ধন্যবাদ জ্ঞাপন কৰে। বহনক্ষম উন্নয়ন লক্ষ্যত গুৰুত্ব দিয়া ব্ৰাজিলিয়ান জি-২০ কাৰ্যসূচীৰ প্ৰশংসা কৰি তেওঁ কয় যে এই পদ্ধতিয়ে ‘গোলকীয় দক্ষিণ’ৰ উদ্বেগৰ প্ৰসংগত আলোকপাত কৰিছে আৰু নতুন দিল্লী জি-২০ সন্মিলনৰ জনকেন্দ্ৰিক সিদ্ধান্তসমূহক আগুৱাই নিছে। তেওঁ লগতে উল্লেখ কৰে যে ভাৰতীয় জি-২০ প্ৰেচিডেন্সিৰ এক পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যতৰ আহ্বান ৰিঅ'ৰ আলোচনাত প্ৰতিধ্বনিত হৈছে।নতুন দিল্লীৰ কাৰিয়াপ্পা পেৰেড গ্ৰাউণ্ডত অনুষ্ঠিত এনচিচি কেডেট ৰেলীত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
January 27th, 05:00 pm
কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ শ্ৰী ৰাজনাথ সিং ডাঙৰীয়া, শ্ৰী অজয় ভট্ট ডাঙৰীয়া, চিডিএছ জেনেৰেল অনিল চৌহান ডাঙৰীয়া, তিনিওটা বাহিনীৰ মুৰব্বী, প্ৰতিৰক্ষা সচিব, এনচিচিৰ ডিজি, সকলো বিশিষ্ট অতিথি আৰু এনচিচিৰ মোৰ যুৱ সতীৰ্থসকল!দিল্লীৰ কাৰিয়াপ্পা পেৰেড গ্ৰাউণ্ডত এনচিচিৰ পিএম ৰেলীত ভাষণ প্ৰধানমন্ত্ৰীৰ
January 27th, 04:30 pm
এই উপলক্ষে সমাৱেশত আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে নিজে এজন প্ৰাক্তন এন চি চি কেডেট হিচাপে এন চি চি কেডেটৰ মাজত উপস্থিত থাকিলে স্মৃতিবোৰ স্বাভাৱিকতে মনত পৰে। “এনচিচিৰ কেডেটৰ মাজত উপস্থিত থকাটোৱে এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ ধাৰণাটোক উজ্জ্বল কৰি তোলে”, দেশৰ বিভিন্ন প্ৰান্তৰ কেডেটৰ উপস্থিতি পৰ্যবেক্ষণ কৰি প্ৰধানমন্ত্ৰীয়ে কয়। এন চি চিৰ ক্ষেত্ৰখন অহৰহ বৃদ্ধি পোৱাত তেওঁ সুখ প্ৰকাশ কৰি আজিৰ এই অনুষ্ঠানটোৱে এক নতুন আৰম্ভণি বুলি কয়। ভাইব্ৰেণ্ট ভিলেজ আঁচনিৰ অধীনত চৰকাৰে উন্নয়ন কৰি থকা সীমান্তৱৰ্তী অঞ্চলৰ পৰা ৪০০ৰো অধিক গাঁৱৰ চৰপঞ্চ আৰু সমগ্ৰ দেশৰ আত্মসহায়ক গোটৰ শতাধিক মহিলাৰ উপস্থিতিৰ কথাও তেওঁ উল্লেখ কৰে।Today's new India emphasizes on solving problems rather than avoiding them: PM Modi
December 12th, 10:43 am
Prime Minister Narendra Modi addressed a function on “Depositors First: Guaranteed Time-bound Deposit Insurance Payment up to Rs. 5 Lakh” in New Delhi. He said, Banks play a major role in the prosperity of the country. And for the prosperity of the banks, it is equally important for the depositors' money to be safe. If we want to save the bank, then depositors have to be protected.PM addresses depositors in a bank deposit insurance programme in Delhi
December 12th, 10:27 am
Prime Minister Narendra Modi addressed a function on “Depositors First: Guaranteed Time bound Deposit Insurance Payment up to Rs. 5 Lakh” in New Delhi. He said, Banks play a major role in the prosperity of the country. And for the prosperity of the banks, it is equally important for the depositors' money to be safe. If we want to save the bank, then depositors have to be protected.