নিঃস্বাৰ্থ ত্যাগৰ দীৰ্ঘস্থায়ী উত্তৰাধিকাৰৰ ওপৰত আলোকপাত কৰি সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ
July 06th, 12:41 pm
আনৰ কল্যাণৰ বাবে ত্যাগ কৰাসকলে অমৰত্ব লাভ কৰে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰিছেঃবংকিম চন্দ্ৰ চট্টোপাধ্যায়ৰ জন্ম বাৰ্ষিকীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
June 26th, 12:50 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহান পুৰুষ বংকিম চন্দ্ৰ চট্টোপাধ্যায়ৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। প্ৰাধানমন্ত্ৰীয়ে তেওঁক সাহিত্যৰ এগৰাকী সুবিশাল ব্যক্তিত্ব ৰূপে স্মৰণ কৰে, যাৰ লেখাই ভাৰতীয় প্ৰজন্মৰ মাজত দেশপ্ৰেম আৰু সাংস্কৃতিক গৌৰৱৰ মনোভাব জাগ্ৰত কৰিছিল।প্ৰধানমন্ত্ৰীয়ে হজৰত ইমাম হুছেইনলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে
June 26th, 12:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হজৰত ইমাম হুছেইন (আঃ)লৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেওঁৰ কালজয়ী ত্যাগ, সত্য আৰু ন্যায়ৰ প্ৰতি থকা অটল দায়বদ্ধতাক স্মৰণ কৰে। শ্ৰী মোদীয়ে কয় যে ইমাম হুছেইনৰ জীৱন আৰু তেওঁ শ্বহীদ হোৱাটো সাহস আৰু দৃঢ়তাৰ চিৰস্থায়ী নিদৰ্শন।সামূহিক উৎসাহ আৰু কাৰ্য্যই ৰাষ্ট্ৰক সমৃদ্ধ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীৰ সংস্কৃত সুভাশিতম্ শ্বেয়াৰ
June 24th, 03:34 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এটা সংস্কৃত সুভাশিতম শ্বেয়াৰ কৰি গুৰুত্ব আৰোপ কৰে যে সামূহিক সমৰ্পণ আৰু প্ৰচেষ্টাৰ জৰিয়তে ৰাষ্ট্ৰৰ সমৃদ্ধি অটল হৈ থাকে। এই মনোভাৱে সমাজক নতুন শক্তি প্ৰদান কৰে আৰু উন্নয়নৰ সংকল্পসমূহ পূৰণ কৰাৰ পথ প্ৰশস্ত কৰে। প্ৰধানমন্ত্ৰীয়ে এটা সংস্কৃত সুভাশিতম শ্বেয়াৰ কৰে -বলিদান দিৱসত ড° শ্যামা প্ৰসাদ মুখাৰ্জীলৈ শ্ৰদ্ধাঞ্জলি, সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ
June 23rd, 03:39 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ড° শ্যামা প্ৰসাদ মুখাৰ্জীক তেওঁৰ বলিদান দিৱসৰ দিনা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে তেওঁৰ অপৰিসীম অৱদানৰ কথা স্মৰণ কৰে।ওড়িশা চৰকাৰৰ দুবছৰ সম্পূৰ্ণ হোৱা উপলক্ষ্যে প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
June 20th, 01:10 pm
সন্মানীয় ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু জী, ৰাজ্যপাল শ্ৰীযুত হৰি বাবু জী, জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰীযুত মোহন চৰণ মাঝি জী, উপ-মুখ্যমন্ত্ৰী শ্ৰী কনক বৰ্ধন সিং দেও জী, শ্ৰীমতী প্ৰৱতী পৰিদা জী, ওড়িশাৰ মন্ত্ৰী শ্ৰী গণেশ সিং খুন্তিয়া জী, শ্ৰী কৃষ্ণ চন্দ্ৰ মহাপাত্ৰ জী, সংসদ সদস্য শ্ৰী নৱ চৰণ মাঝি জী, শ্ৰী মনমোহন সমল জী, শ্ৰী বৈজয়ন্ত পাণ্ডা জী, অন্যান্য বিশিষ্ট ব্যক্তিসকল, ভাই-ভনীসকল।ওড়িশা চৰকাৰৰ দুবছৰ সম্পূৰ্ণ হোৱা উপলক্ষে ময়ূৰভঞ্জ জিলাৰ ৰায়ৰংগপুৰত ৪৭,৬০০ কোটি টকাৰো অধিক ব্যয়ৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
June 20th, 01:00 pm
ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ময়ূৰভঞ্জ জিলাৰ পাহাড়পুৰ গাঁও ভ্ৰমণ কৰে। ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে পবিত্ৰ উপবন চাওতালী জাহেৰা আৰু হো জাহেৰা, দক্ষতা কেন্দ্ৰ আৰু পাহাড়পুৰ বিদ্যালয়ত প্ৰাৰ্থনা জনায়। ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে ওড়িশা চৰকাৰৰ দুবছৰ সম্পূৰ্ণ হোৱা উপলক্ষে ময়ূৰভঞ্জ জিলাৰ ৰায়ৰংগপুৰত অনুষ্ঠিত এক কাৰ্যসূচীত অংশগ্ৰহণ কৰে। কাৰ্যসূচীৰ বিষয় হৈছে ‘বিকাশ ৰা ধাৰা, ওড়িশা সাৰা’। শ্ৰী মোদীয়ে ৪৭,৬০০ কোটি টকাৰো অধিক ব্যয়ৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে।ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে
June 20th, 08:32 am
প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক জন্মদিনৰ উষ্ম শুভেচ্ছা জ্ঞাপন কৰিছে।পশ্চিমবংগ দিৱস উপলক্ষ্যে প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন, স্মৰণ কৰিলে ড° শ্যামা প্ৰসাদ মুখাৰ্জীৰ অৱদানৰ কথা
June 20th, 08:30 am
প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে পশ্চিমবংগৰ ৰাইজক পশ্চিমবংগ দিৱস উপলক্ষে উষ্ম শুভেচ্ছা জ্ঞাপন কৰিছে।সত্য, সেৱা, শিক্ষা আৰু কৰ্মৰ সদগুণৰ ওপৰত আলোকপাত কৰি সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ
June 18th, 09:23 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে সম্পদে সত্যক অনুসৰণ কৰে, খ্যাতিয়ে নিঃস্বাৰ্থ সেৱা অনুসৰণ কৰে, জ্ঞানে নিৰন্তৰ অনুশীলন অনুসৰণ কৰে আৰু প্ৰজ্ঞাই কৰ্ম অনুসৰণ কৰে। তেওঁ উল্লেখ কৰে যে এই মূল্যবোধবোৰে ব্যক্তিগত চৰিত্ৰ গঠন আৰু সামূহিক প্ৰগতিৰ ক্ষেত্ৰত অৰিহণা যোগোৱাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।সন্মান আৰু প্ৰশংসাৰ মূল্যৰ ওপৰত আলোকপাত কৰি সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ
June 17th, 09:05 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে স্নেহপূৰ্ণ সন্মান আৰু গ্ৰহণযোগ্যতাই এজন ব্যক্তিক গুৰুত্বপূৰ্ণ, গৌৰৱান্বিত আৰু সন্তুষ্টিৰ অনুভৱ দিয়ায়। তেওঁ উল্লেখ কৰে যে এনে স্বীকৃতিয়ে কেৱল আত্মবিশ্বাস বৃদ্ধি কৰাই নহয়, বৰঞ্চ এজন ব্যক্তিক নতুনকৈ শক্তি আৰু উৎসাহো প্ৰদান কৰে।বিচক্ষণতা আৰু চিন্তাশীল সিদ্ধান্ত গ্ৰহণৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ
June 16th, 08:53 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ধৈৰ্য্য, প্রজ্ঞা আৰু দূৰদৃষ্টিৰ দ্বাৰা পৰিচালিত কাৰ্য্যৰ জৰিয়তে সুখ আৰু সমৃদ্ধিৰ দুৱাৰ মুকলি হয়। তেওঁ উল্লেখ কৰে যে প্ৰতিটো সিদ্ধান্তৰ বাবে উপলব্ধিৰ প্ৰয়োজন, কিয়নো সফলতা সঠিক চিন্তা আৰু বিবেচনাৰে লোৱা পদক্ষেপৰ জৰিয়তে অৰ্জন হয়।ফ্ৰান্সত অনুষ্ঠিত ‘ভাৰত ইনোভেটছ্ ২০২৬’ অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
June 14th, 04:36 pm
এই সম্পৰ্কৰ ভেটিৰ ওপৰত ভিত্তি কৰিয়েই বিগত বৰ্ষবোৰত আমি যৌথভাৱে নতুন পদক্ষেপ গ্ৰহণ কৰিছোঁ, নতুন চিন্তাধাৰাক পথ প্ৰদৰ্শন কৰিছোঁ আৰু গোলকীয় প্ৰত্যাহ্বানসমূহৰ সমাধান বিচাৰি উলিয়াবলৈ সম্ভৱপৰ সকলো প্ৰচেষ্টা চলাইছোঁ।ভাৰত ইনোভেটছ ২০২৬ত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ
June 14th, 03:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মহামহিম ইমানুৱেল মেক্ৰনে আজি নাইচৰ পেলা ডে এক্সপ'জিচনছত যুটীয়াভাৱে ভাৰত ইনোভেটছ ২০২৬ উদ্বোধন কৰে। তিনিদিনীয়া এই অনুষ্ঠান 'ভাৰত ইনোভেটছ'-এ ভাৰতীয় ডিপ-টেক, ষ্টাৰ্ট-আপ, উদ্ভাৱক, গৱেষক আৰু বিনিয়োগকাৰীসকলক গোলকীয় উদ্ভাৱন পুঁজি আৰু প্ৰভাৱৰ সৈতে একত্ৰিত কৰিছে। ই বিশ্ব দৰবাৰত ভাৰতৰ আগশাৰীৰ গভীৰ প্ৰযুক্তি প্ৰদৰ্শন কৰে, য'ত গোলকীয় গুৰুত্বৰ ১৩টা গুৰুত্বপূৰ্ণ প্ৰযুক্তি স্তম্ভৰ বিপৰীতে ১২০টা যুগান্তকাৰী ষ্টাৰ্ট-আপ আৰু ২০টাতকৈও অধিক উৎকৰ্ষ প্ৰতিষ্ঠান উপস্থাপন কৰা হৈছে। সমগ্ৰ বিশ্বৰ ৩৫০জনতকৈও অধিক শীৰ্ষ বিনিয়োগকাৰী আৰু ভেঞ্চাৰ কেপিটেলিষ্টেও এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে।উপ-ৰাষ্ট্ৰপতি থিৰু চি পি ৰাধাকৃষ্ণনজীক তেওঁৰ আন্তৰিক শুভেচ্ছাৰ বাবে প্ৰধানমন্ত্ৰীৰ কৃতজ্ঞতা প্ৰকাশ
June 10th, 07:25 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উপ-ৰাষ্ট্ৰপতি থিৰু চি পি ৰাধাকৃষ্ণনজীক তেওঁৰ উষ্ম শুভেচ্ছাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ জনসাধাৰণৰ বিশ্বাস আৰু আশীৰ্বাদে তেওঁক ৰাষ্ট্ৰৰ সেৱাত কঠোৰ পৰিশ্ৰম কৰিবলৈ অনুপ্ৰাণিত কৰেৰাষ্ট্ৰপতি জীৰ আন্তৰিক শুভেচ্ছা আৰু মৰমৰ বাবে প্ৰধানমন্ত্ৰীৰ কৃতজ্ঞতা প্ৰকাশ
June 10th, 07:18 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰপতি জীৰ আন্তৰিক শুভেচ্ছা আৰু মৰমৰ বাবে তেওঁৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে বছৰ বছৰ ধৰি যি লাভ কৰা হৈছে সেয়া ভাৰতৰ জনসাধাৰণৰ সামূহিক প্ৰচেষ্টা আৰু আকাংক্ষাৰ ফলাফল।শ্বহীদ দিৱসত ধৰ্তি আবা ভগৱান বিৰচা মুণ্ডালৈ শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ
June 09th, 01:29 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্বহীদ দিৱস উপলক্ষে ধৰ্তি আবা ভগৱান বিৰচা মুণ্ডালৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে তেওঁ জল, অৰণ্য আৰু ভূমিৰ সুৰক্ষাৰ বাবে বিদেশী শাসনৰ বিৰুদ্ধে এক অদম্য সাহসেৰে যুঁজ দিছিল।বিশ্বাস, উন্নয়ন আৰু জনকল্যাণৰ বাবে উৎসৰ্গিত চৰকাৰৰ ১২ বছৰৰ কাৰ্যকালৰ ওপৰত আলোকপাত প্ৰধানমন্ত্ৰীৰ
June 09th, 10:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উল্লেখ কৰে যে চৰকাৰৰ বিগত ১২টা বছৰ বিশ্বাস, উন্নয়ন আৰু জনকল্যাণৰ বাবে সমৰ্পিত আছিল। প্ৰধানমন্ত্ৰীয়ে কয় যে ১৪০ কোটি দেশবাসীৰ আশীৰ্বাদ আৰু 'ৰাষ্ট্ৰ প্ৰথম' ভাৱনাৰে যুৱ প্ৰজন্ম, মহিলা আৰু কৃষক ভাই-ভনীসকলক সবলীকৰণ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ ত্ৰুটি কৰা হোৱা নাই।ৰাষ্ট্ৰসংঘৰ 'মিলিটেৰী জেণ্ডাৰ এডভোকেট অব্ দ্য ইয়েৰ' বঁটাৰে সন্মানিত হোৱা বাবে মেজৰ অভিলাষা বৰাকক প্ৰধানমন্ত্ৰীৰ অভিনন্দন
June 07th, 02:06 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মেজৰ অভিলাষা বৰাকক ৰাষ্ট্ৰসংঘৰ 'মিলিটেৰী জেণ্ডাৰ এডভোকেট অব্ দ্য ইয়েৰ' বঁটাৰে সন্মানিত হোৱা বাবে অভিনন্দন জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে মেজৰ বৰাকে লেবাননত থকা ৰাষ্ট্ৰসংঘৰ অন্তৱৰ্তীকালীন বাহিনীৰ (UNIFIL) অধীনত এগৰাকী এনগেজমেণ্ট টিম কমাণ্ডাৰ আৰু জেণ্ডাৰ ফ’কেল পইণ্ট হিচাপে সেৱা আগবঢ়াই আছে।"মন কি বাত’ত প্ৰধানমন্ত্ৰী মোদীয়ে গ্ৰীষ্মকালীন তাপপ্ৰবাহৰ সৈতে মোকাবিলাৰ পৰামৰ্শ শ্বেয়াৰ কৰি নাগৰিকসকলক শৰীৰত পানীৰ ভাৰসাম্য বজাই ৰাখিবলৈ আহ্বান জনাইছে
May 31st, 11:30 am
মোৰ প্ৰিয় দেশবাসী, 'মন কী বাত'ত আকৌ এবাৰ আপোনালোকৰ লগত যোগদান কৰি আনন্দিত হৈছোঁ। দেশৰ বিভিন্ন প্ৰান্তৰ লোকে ৰাষ্ট্ৰ আৰু সমাজৰ স্বাৰ্থত এনে কিছুমান আচৰিত কাম কৰি আছে, সেইবোৰৰ কথা শুনিলে আমি এক নতুন প্ৰেৰণা অনুভৱ কৰোঁ। আজি মই এই কাৰ্যসূচী আৰম্ভ কৰিম এথলেটিকছত দেশৰ এনে এক কৃতিত্বৰ প্ৰসংগৰে। কিছুদিন পূৰ্বে ঝাৰখণ্ডৰ ৰাঁচীত অনুষ্ঠিত হৈছিল নেচনেল ছিনিয়ৰ এথলেটিকছ ফেডাৰেচন প্ৰতিযোগিতা। সমগ্ৰ দেশৰ প্ৰায় ৮০০ খেলুৱৈয়ে ইয়াত অংশগ্ৰহণ কৰে। এই প্ৰতিযোগিতাৰ সময়ত চাৰিটা ভিন্ন ইভেণ্টত চাৰিটা ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰা হয়। গুৰিন্দৰ বীৰ সিং, বিশাল টি কে, তেজস্বীন শংকৰ, দেৱ মীনা আৰু কুলদীপ কুমাৰ আদিয়ে বিভিন্ন শিতানত নতুন অভিলেখ গঢ়িবলৈ সক্ষম হয়। পোনপ্ৰথমে সকলোকে অভিনন্দন জনাইছোঁ।