প্ৰধানমন্ত্ৰীয়ে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ শুভেচ্ছা জ্ঞাপনেৰে ভাৰতৰ প্ৰগতিৰ ক্ষেত্ৰত নাৰী শক্তিৰ ভূমিকাক প্ৰশংসা কৰে

March 08th, 10:17 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে ৰাষ্ট্ৰলৈ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে ভাৰতৰ নাৰী শক্তিৰ সামৰ্থ্য, দৃঢ়তা আৰু সাফল্যৰ শলাগ লয়।

দিল্লীৰ যশোভূমিত আয়োজিত ইণ্ডিয়া ম’বাইল কংগ্ৰেছ, ২০২৫-ত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

October 08th, 10:15 am

কেবিনেটত মোৰ সতীৰ্থ জ্যোতিৰাদিত্য সিন্ধিয়া ডাঙৰীয়া, ৰাজ্যিক মন্ত্ৰী চন্দ্ৰ শেখৰ পেম্মাছানি ডাঙৰীয়া, ভিন্ন ৰাজ্যৰ প্ৰতিনিধি, বহিঃৰাষ্ট্ৰৰ পৰা অহা আমাৰ অতিথি, টেলিকম খণ্ডৰ লগত জড়িত সকলো গণ্যমান্য ব্যক্তি, ইয়াত উপস্থিত থকা ভিন্ন মহাবিদ্যালয়ৰ মোৰ যুৱ বন্ধুসকল, ভদ্ৰলোক আৰু মহিলাসকল!

ইণ্ডিয়া ম’বাইল কংগ্ৰেছ ২০২৫ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সম্বোধন

October 08th, 10:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ যশোভূমিত এছিয়াৰ সৰ্ববৃহৎ টেলিকম, মিডিয়া আৰু প্ৰযুক্তি অনুষ্ঠান ইণ্ডিয়া ম’বাইল কংগ্ৰেছ (আই. এম. চি.) ২০২৫-ৰ নৱম সংস্কৰণ উদ্বোধন কৰে। ইণ্ডিয়া ম’বাইল কংগ্ৰেছৰ বিশেষ সংস্কৰণলৈ সকলো গণ্যমান্য ব্যক্তিক আদৰণি জনাই শ্ৰী মোদীয়ে উল্লেখ কৰে যে বিত্তীয় জালিয়াতি প্ৰতিৰোধ, কোৱাণ্টাম কমিউনিকেশ্যন, ৫জি, অপ্টিকেল কমিউনিকেশ্যন আৰু ছেমিকণ্ডাক্টৰকে ধৰি বহুতো গুৰুত্বপূৰ্ণ বিষয়বস্তুৰ ওপৰত ষ্টাৰ্টআপসমূহে কৌশল প্ৰদৰ্শন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে যে এনে গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত দাঙি ধৰা উপস্থাপনৰ সাক্ষী হোৱাটোৱে ভাৰতৰ প্ৰযুক্তিগত উজ্জ্বল ভৱিষ্যত প্ৰতিফলিত কৰে। তেওঁ এই অনুষ্ঠান আৰু নতুন পদক্ষেপসমূহৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।

২৬ ছেপ্টেম্বৰত বিহাৰৰ মুখ্যমন্ত্ৰী মহিলা ৰোজগাৰ যোজনা শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰীয়ে

September 25th, 06:44 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৬ ছেপ্টেম্বৰৰ দিনৰ ১১ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে বিহাৰৰ মুখ্যমন্ত্ৰী মহিলা ৰোজগাৰ যোজনা মুকলি কৰিব। এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে পোনপটীয়াকৈ সমগ্ৰ বিহাৰৰ ৭৫ লাখ মহিলাৰ বেংক একাউণ্টত ১০,০০০ টকাকৈ মুঠ ৭৫০০ কোটি টকা হস্তান্তৰ কৰিব ।

চৰকাৰী কাৰ্যসূচীৰ সময়চোৱাত লাভ কৰা উপহাৰৰ অনলাইন নিলামত অংশগ্ৰহণ কৰিবলৈ নাগৰিকসকললৈ প্ৰধানমন্ত্ৰীৰ আহ্বান

September 24th, 01:09 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিভিন্ন চৰকাৰী কাৰ্যসূচী তথা কাম-কাজৰ সময়চোৱাত লাভ কৰা উপহাৰৰ বিশেষ সংগ্ৰহৰ এক অনলাইন নিলাম আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে। এই উপাৰ্জনে গংগা নদীৰ সংৰক্ষণ আৰু পুনৰুজ্জীৱিত কৰণৰ বাবে গৃহীত নমামি গংগে শীৰ্ষক দেশৰ ধ্বজাবাহী কাৰ্যসূচীত অৰিহণা যোগাব বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে নাগৰিকসকলক নিলামত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰে।

ভাৰতৰ নেট-জিৰ’ দৃষ্টিভংগীক আগুৱাই নিয়া বহনক্ষম উদ্ভাৱনৰ শলাগ প্ৰধানমন্ত্ৰীৰ

August 03rd, 04:01 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বহনক্ষমতাক আগুৱাই নিয়া আৰু নেট-জিৰ’ নিৰ্গমনৰ লক্ষ্যত উপনীত হোৱা বাবে ভাৰতৰ দায়বদ্ধতাক শক্তিশালী কৰা এক উল্লেখযোগ্য পদক্ষেপৰ প্ৰশংসা কৰে।

১০ বছৰ পূৰ্তিত ডিজিটেল ইণ্ডিয়া পদক্ষেপক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

July 01st, 09:40 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সফলতাৰে ১০ বছৰ পূৰ্ণ কৰা ডিজিটেল ইণ্ডিয়া পদক্ষেপক প্ৰশংসা কৰিছে। তেখেতে কয় যে এটা দশকৰ পাছত আমি এনে এক যাত্ৰা প্ৰত্যক্ষ কৰিছোঁ, যিয়ে অগণন জীৱনক স্পৰ্শ আৰু সবলীকৰণৰ এক নতুন যুগৰ সূচনা কৰিছে। শ্ৰী মোদীয়ে কয়, “ভাৰতে ডিজিটেল পেমেন্টৰ ক্ষেত্ৰত বহু অগ্ৰগতি লাভ কৰিছে, ১৪০ কোটি ভাৰতীয়ৰ সামূহিক সংকল্পই ইয়াক চালিত কৰিছে।“

বিশ্ব পৰিবেশ দিৱসত এক পেড় মা কে নাম পদক্ষেপৰ অধীনত বিশেষ বৃক্ষৰোপণ অভিযানৰ নেতৃত্ব দিব প্ৰধানমন্ত্ৰীয়ে

June 04th, 01:20 pm

বিশ্ব পৰিবেশ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৫ জুন, ২০২৫ তাৰিখে পুৱা ১০:১৫ বজাত নতুন দিল্লীৰ ভগৱান মহাবীৰ বনস্থলী উদ্যানত এক বিশেষ বৃক্ষৰোপণৰ পদক্ষেপৰ নেতৃত্ব দিব, যাৰ জৰিয়তে পৰিৱেশ পৰিচালনা আৰু সেউজ গতিশীলতাৰ প্ৰতি ভাৰতৰ দায়বদ্ধতাক পুনৰ দৃঢ় কৰি তুলিব।

গুৱাহাটীত কাইলৈ অনুষ্ঠিত হ'ব পূব আৰু উত্তৰ-পূব অঞ্চলৰ যুটীয়া আঞ্চলিক ৰাজভাষা সন্মিলন

March 04th, 04:05 pm

ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ ৰাজভাষা বিভাগে আয়োজন কৰা পূব আৰু উত্তৰ-পূব অঞ্চলৰ যুটীয়া আঞ্চলিক ৰাজভাষা সন্মিলন আৰু বঁটা বিতৰণ অনুষ্ঠান কাইলৈ গুৱাহাটীত অনুষ্ঠিত হ'ব। এই সন্মিলনত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় গৃহ পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী নিত্যানন্দ ৰায়ে অংশ গ্ৰহণ কৰিব। সন্মিলনখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব সাংসদ শ্ৰী দিলীপ শইকীয়া আৰু শ্ৰীমতী বিজুলী কলিতা মেধি।

ৰাষ্ট্ৰীয় যুৱ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীয়ে অহা ১২ জানুৱাৰীত বিকশিত ভাৰত যুৱ নেতা আলোচনা ২০২৫ত অংশগ্ৰহণ কৰিব

January 10th, 09:21 pm

স্বামী বিবেকানন্দৰ জন্ম জয়ন্তী উপলক্ষে ৰাষ্ট্ৰীয় যুৱ দিৱসৰ সৈতে সংগতি ৰাখি অহা ১২ জানুৱাৰীৰ পুৱা প্ৰায় ১০ বজাত, নতুন দিল্লীৰ ভাৰত মণ্ডপামত অনুষ্ঠিত হ’বলগীয়া বিকশিত ভাৰত যুৱ নেতা সংলাপ ২০২৫ত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। এই অনুষ্ঠানৰ সময়ত তেওঁ সমগ্ৰ ভাৰতৰ ৩,০০০ গৰাকী যুৱ নেতাৰ সৈতে সংযোগ স্থাপন কৰিব আৰু সমাৱেশত ভাষণো প্ৰদান কৰিব।

এছিয়ান গেমছ ২০২২ ত ভাৰতক প্ৰতিনিধিত্ব কৰা খেলুৱৈসকলৰ সৈতে এক বাৰ্তালাপত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ

November 01st, 07:00 pm

মই আপোনালোক সকলোকে লগ পোৱাৰ সুযোগ বিচাৰি আছিলো আৰু লগতে অপেক্ষা কৰি আছো, কেতিয়া লগ পাম, কেতিয়া মই আপোনালোকৰ অভিজ্ঞতা শুনিবলৈ পাম। আৰু মই দেখিছোঁ যে যেতিয়াই আপোনালোক নতুন উৎসাহেৰে আহে, নিজেই এক বৃহৎ অনুপ্ৰেৰণা হৈ পৰে, দেশৰ বাবে দহৰ বাবে। গতিকে প্ৰথমে, মই আপোনালোক সকলোকে পোনপ্ৰথমেই এষাৰ কথাই ক’বলৈ বিচাৰিছো, সেয়া হৈছে আপোনালোক সকলোকে বহুত বহুত অভিনন্দন। আপোনালোক ভাৰতৰ বাহিৰত আছিল, চীনত খেলি আছিল, কিন্তু হয়তো আপোনালোকে হয়তো নাজানে, মইও আপোনালোকৰ সৈতেই আছিলো, মনে প্ৰাণে। মই আপোনালোকৰ প্ৰতিটো মুহূৰ্ত খবৰ ৰাখিছিলো, আপোনালোকৰ প্ৰচেষ্টা, আপোনালোকৰ আত্মবিশ্বাসৰ গাঁথা শুনি বিভোৰ হৈছিলো। আপোনালোক সকলোৱে দেশখনক যিদৰে গৌৰৱান্বিত কৰিছে, সেয়া সঁচাকৈয়ে অভূতপূৰ্ব। আৰু তাৰ বাবে, আপোনালোকক, আপোনালোকৰ প্ৰশিক্ষকসকলক, আপোনালোকৰ পৰিয়ালৰ সদস্যসকলক যিমানেই অভিনন্দন দিম সিমানে কমেই হ’ব। আৰু এই ঐতিহাসিক সফলতাৰ বাবে দেশবাসীৰ হৈ মই আপোনালোক সকলোকে পুনৰবাৰ অভিনন্দন জনাইছো।

এছিয়ান পেৰা গেমছ ২০২২ত অংশগ্ৰহণ কৰা ভাৰতীয় খেলুৱৈৰ দলটোক সম্বোধন কৰে প্ৰধানমন্ত্ৰীয়ে

November 01st, 04:55 pm

প্ৰধানমন্ত্ৰী, শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ মেজৰ ধ্যান চান্দ নেচনেল ষ্টেডিয়ামত ভাৰতৰ এছিয়ান পেৰা গেমছৰ দলটোৰ সৈতে মত বিনিময় কৰে আৰু সম্বোধন কৰে। এই কাৰ্যসূচীত প্ৰধানমন্ত্ৰীয়ে এছিয়ান পেৰা গেমছ ২০২২ত অংশগ্ৰহণ কৰা ক্ৰীড়াবিদসকলক অভিনন্দন জনোৱাৰ লগতে ভৱিষ্যতৰ প্ৰতিযোগিতাসমূহৰ বাবে তেওঁলোকক প্ৰেৰণা যোগোৱাৰ প্ৰয়াস কৰে।

PM’s speech at the Demonstration of Retrofit Electric Bus at Parliament House

December 21st, 02:43 pm



PM attends function for the Demonstration of Retrofit Electric Bus at Parliament House

December 21st, 02:42 pm



Gujarat's 5 Model Initiatives for Overall Development

October 14th, 01:06 pm

Gujarat's 5 Model Initiatives for Overall Development

Sabka Saath, Sabka Vikas: My 11 Years Journey in Gujarat

October 07th, 06:35 pm

Sabka Saath, Sabka Vikas: My 11 Years Journey in Gujarat