
মালদ্বীপৰ ৰাষ্ট্ৰপতিৰে প্ৰধানমন্ত্ৰীৰ বৈঠক
July 25th, 08:48 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আজি মালেস্থিত ৰাষ্ট্ৰপতি কাৰ্য্যালয়ত মালদ্বীপ গণৰাজ্যৰ ৰাষ্ট্ৰপতি মহামহিম ডঃ মুহম্মদ মুইজ্জুৰ সৈতে এখনি বৈঠকত মিলিত হয়। বৈঠকৰ পূৰ্বে ৰিপাব্লিক স্কোৱাৰত প্ৰধানমন্ত্ৰীক ৰাষ্ট্ৰপতি মুইজ্জুৱে সম্ভাষণ আৰু আনুষ্ঠানিকভাৱে আদৰণি জনায়। উক্ত বৈঠকত দুয়োখন ৰাষ্ট্ৰৰ মাজৰ বদ্ধমূল সম্পৰ্ক আৰু বন্ধুত্বৰ কথা দোহৰা হয়।
গ্ৰেট ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ সৈতে যুটীয়া সংবাদমেলত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ অসমীয়া অনুবাদ
July 24th, 04:20 pm
প্ৰথমে প্ৰধানমন্ত্ৰী ষ্টাৰমাৰক তেওঁৰ উষ্ম আদৰণিৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। আজি আমাৰ সম্পৰ্কৰ এক ঐতিহাসিক দিন। বহু বছৰৰ কঠোৰ পৰিশ্ৰমৰ অন্তত আজি দুয়োখন দেশৰ মাজত সৰ্বাংগীন অৰ্থনৈতিক আৰু বাণিজ্য চুক্তি সম্পাদিত হোৱাত মই সুখী অনুভৱ কৰিছোঁ।
পশ্চিমবংগৰ দুৰ্গাপুৰত একাধিক উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণপাঠ
July 18th, 02:35 pm
আমাৰ দুৰ্গাপুৰ ষ্টীল চিটি হোৱাৰ উপৰিও ভাৰতৰ শ্ৰমিক শক্তিৰো এক প্ৰধান কেন্দ্ৰ। ভাৰতৰ উন্নয়নত দুৰ্গাপুৰে এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। আজি আমি এই ভূমিকাক অধিক সুদৃঢ়কৰণৰ সুযোগ লাভ কৰিছোঁ। কিছু সময় পূৰ্বে ইয়াৰ পৰাই ৫,৪০০ কোটি টকা মূল্যৰ প্ৰকল্পৰাজিৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰিছোঁ। এই সকলোবোৰ প্ৰকল্পই ইয়াৰ যোগাযোগ ব্যৱস্থাৰ বৰ্ধন ঘটাব। গেছ-ভিত্তিক পৰিবহণ আৰু গেছ-ভিত্তিক অৰ্থনীতিয়ে উদ্দীপনা লাভ কৰিব। আজিৰ প্ৰকল্পসমূহে ষ্টীল চিটিৰ পৰিচয়ক অধিক সুদৃঢ় কৰিব। অৰ্থাৎ এই প্ৰকল্পসমূহে মেক ইন ইণ্ডিয়া, মেক ফৰ দ্য ৱৰ্ল্ড মন্ত্ৰৰে পশ্চিম বংগক আগুৱাই যোৱাত সহায় কৰিব। ইয়াৰ ফলশ্ৰুতিত অঞ্চলটোৰ যুৱক-যুৱতীসকলৰ বাবে একাধিক কৰ্মসংস্থাপনৰো সুযোগ সৃষ্টি হ’ব। এই প্ৰকল্পসমূহৰ বাবে আপোনালোক সকলোকে অভিনন্দন জনাইছোঁ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিম বংগৰ দুৰ্গাপুৰত ৫,৪০০ কোটি টকাৰো অধিক মূল্যৰ উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন, উদ্বোধন কৰে
July 18th, 02:32 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পশ্চিমবংগৰ দুৰ্গাপুৰত ৫,৪০০ কোটি টকাৰো অধিক মূল্যৰ উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে। ইয়াত সমবেতসকলক সম্বোধনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ষ্টীল চিটি হিচাপে পৰিচিত দুৰ্গাপুৰ ভাৰতৰ শ্ৰমিক শক্তিৰো এক প্ৰধান কেন্দ্ৰ। তেখেতে ভাৰতৰ উন্নয়নৰ ক্ষেত্ৰত ইয়াৰ উল্লেখযোগ্য অৱদানক স্বীকাৰেৰে কয় যে আজি সেই ভূমিকাক অধিক সুদৃঢ়কৰণৰ অৰ্থে সুযোগৰ উন্মেষ ঘটিছে। শ্ৰী মোদীয়ে কয় যে আজি শুভাৰম্ভ কৰা প্ৰকল্পসমূহে অঞ্চলটোৰ যোগাযোগ ব্যৱস্থাৰ বৰ্ধন ঘটাব, গেছ-ভিত্তিক পৰিবহণ আৰু গেছ-ভিত্তিক অৰ্থনীতিক উদ্দীপনা যোগাব আৰু ষ্টীল চিটি হিচাপে দুৰ্গাপুৰৰ পৰিচয়ক সমৃদ্ধ কৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয় যে এই প্ৰকল্পসমূহ “মেক ইন ইণ্ডিয়া, মেক ফৰ দ্য ৱৰ্ল্ড” দৃষ্টিভংগীৰে সংগতিপূৰ্ণ আৰু ই পশ্চিম বংগক আগুৱাই যোৱাত সহায় কৰিব। তেখেতে দৃঢ়তাৰে কয় যে ইয়াৰ জৰিয়তে অঞ্চলটোৰ যুৱক-যুৱতীসকলৰ বাবে অসীম নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হ’ব। এই উন্নয়নমূলক প্ৰকল্পসমূহৰ বাবে তেখেতে সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰে।বিহাৰৰ মোতিহাৰীত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ মূল পাঠ
July 18th, 11:50 am
বিহাৰৰ ৰাজ্যপাল শ্ৰী আৰিফ মহম্মদ খান জী, ৰাজ্যখনৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী নীতিশ কুমাৰ জী, কেন্দ্ৰীয় মন্ত্ৰীসভাত মোৰ সহকৰ্মী জীতন ৰাম মাঝি জী, গিৰিৰাজ সিং জী, ললন সিং জী, চিৰাগ পাছোৱান জী, ৰামনাথ ঠাকুৰ জী, নিত্যানন্দ ৰায় জী, সতীশ চন্দ্ৰ ডুবে জী, ৰাজভূষণ চৌধুৰী জী, বিহাৰৰ উপ- মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰী জী, বিজয় সিনহা জী, সংসদত মোৰ সহকৰ্মীসকল, বিহাৰৰ জ্যেষ্ঠ নেতা উপেন্দ্ৰ কুশৱাহা জী, বিহাৰ ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি দিলীপ জয়ছোৱাল জী, উপস্থিত মন্ত্ৰীসকল, জন প্ৰতিনিধি আৰু বিহাৰৰ মোৰ ভাই-ভনীসকল!প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰৰ মোতিহাৰীত ৭,০০০ কোটি টকাৰো অধিক মূল্যৰ উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰে
July 18th, 11:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ মোতিহাৰীত ৭,০০০ কোটি টকাতকৈও অধিক মূল্যৰ ৰাষ্ট্ৰ উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু উৎসৰ্গা কৰে। পবিত্ৰ শাওন মাহত বাবা সোমেশ্বৰনাথৰ ওচৰত সেৱা জনাই প্ৰধানমন্ত্ৰীয়ে আশীৰ্বাদ বিচাৰে আৰু বিহাৰৰ জনসাধাৰণৰ জীৱনত সুখ আৰু সমৃদ্ধিৰ কামনা কৰে। সমাৱেশত ভাষণ দি শ্ৰী মোদীয়ে কয় যে এইখন হৈছে চম্পাৰণৰ ভূমি, যিয়ে ইতিহাস গঢ় দিছে। স্বাধীনতা আন্দোলনৰ সময়ত এই ভূমিয়ে মহাত্মা গান্ধীক এক নতুন দিশ প্ৰদান কৰিছিল। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে এই ভূমিৰ পৰা পোৱা অনুপ্ৰেৰণাই এতিয়া বিহাৰৰ নতুন ভৱিষ্যতক গঢ় দিব। এই উন্নয়নমূলক পদক্ষেপৰ বাবে তেওঁ উপস্থিত সকলোকে আৰু বিহাৰৰ জনসাধাৰণক অভিনন্দন জ্ঞাপন কৰে।নবীকৰণযোগ্য শক্তি ক্ষমতা স্থাপনৰ বাবে এনটিপিচি নবীকৰণযোগ্য শক্তি লিমিটেড আৰু ইয়াৰ অন্যান্য জেভি/ সহযোগী কোম্পানীসমূহত বিনিয়োগ কৰাৰ বাবে এনটিপিচি লিমিটেডক ক্ষমতা বৰ্ধিত প্ৰদানত অনুমোদন কেবিনেটৰ
July 16th, 02:46 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অর্থনৈতিক পৰিক্ৰমাৰ কেবিনেট কমিটীয়ে এন টি পি চি লিমিটেডক অধিক ক্ষমতা প্রদানৰ বাবে অনুমোদন প্রদান কৰিছে৷ এই পদক্ষেপৰ জৰিয়তে এন টি পি চি গ্ৰীণ এনাৰ্জি লিমিটেড (এন জি ই এল) আৰু এন জি ই এলত বিনিয়োগে ৫০ লাখ টকা পৰ্যন্ত বিনিয়োগ কৰিব পাৰিব। পূৰ্বতে অনুমোদিত সীমা ৭৫০০ হাজাৰ টকাৰ বিপৰীতে নবীকৰণযোগ্য শক্তি (আৰ ই) ক্ষমতা সংযোজনৰ বাবে ২০,০০০ কোটি টকা বিনিয়োগত অনুমোদন জনায়। এন টি পি চি ৰিনিউৱেবল এনাৰ্জি লিমিটেড (এন আৰ ই এল) আৰু ইয়াৰ অন্যান্য যৌথ উদ্যোগ/সহযোগী কোম্পানীসমূহত ২০৩২ চনৰ ভিতৰত ৬০ জি ডব্লিউ নবীকৰণযোগ্য শক্তি ক্ষমতা অৰ্জনৰ লক্ষ্য হাতত লৈছে।ব্ৰাজিলৰ ৰাষ্ট্ৰপতিক প্ৰধানমন্ত্ৰীৰ সাক্ষাৎ
July 09th, 06:02 am
প্ৰধানমন্ত্ৰী তথা ৰাষ্ট্ৰপতি লুলাই সীমিত আৰু প্ৰতিনিধি পৰ্যায়ত আলোচনা কৰে তথা ভাৰত আৰু ব্ৰাজিলৰ মাজত বহুমুখী কৌশলগত অংশীদাৰিত্বৰ সকলো দিশত আলোকপাত কৰে। তেওঁলোকে ভাৰত-ব্ৰাজিলৰ উষ্ম আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ আধাৰৰ লেখীয়া উমৈহতীয়া প্ৰমূল্যসমূহ পুনৰ নিশ্চিত কৰে। নেতাদ্বয়ে বাণিজ্য আৰু বিনিয়োগ, প্ৰতিৰক্ষা আৰু নিৰাপত্তা, স্বাস্থ্য আৰু ভেষজ, মহাকাশ, নৱীকৰণযোগ্য শক্তি, কৃষি আৰু খাদ্য সংসাধন, শক্তি সুৰক্ষা, আন্তঃগাঁথনি উন্নয়ন, ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি আৰু ইউপিআই, পৰম্পৰাগত ঔষধ, যোগ, ক্ৰীড়া সংযোগ, সংস্কৃতি আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্কৰ ক্ষেত্ৰত সহযোগিতাৰ বিষয়ে আলোচনা কৰে। তেওঁলোকে গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থ, নতুন আৰু উদীয়মান প্ৰযুক্তি, কৃত্ৰিম বুদ্ধিমত্তা আৰু ছুপাৰ কম্পিউটাৰ, ডিজিটেল সহযোগিতা আৰু গতিশীলতাৰ দৰে সহযোগিতাৰ নতুন ক্ষেত্ৰত উমৈহতীয়াভাৱে কাম কৰাৰ পথ অন্বেষণ কৰে।ৰিঅ’ ডি জেনেৰিঅ’ত অনুষ্ঠিত ব্ৰিকছ সন্মিলনৰ আঁৰত বলিভিয়াৰ ৰাষ্ট্ৰপতিৰে মিলিত প্ৰধানমন্ত্ৰী
July 07th, 09:19 pm
ব্ৰাজিলৰ ৰিঅ’ ডি জেনেৰিঅ’ত অনুষ্ঠিত হোৱা ব্ৰিকছ সন্মিলনৰ আঁৰত আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী বলিভিয়াৰ ৰাষ্ট্ৰপতি মহামহিম লুইছ আৰ্চে কাটাকোৰাৰ সৈতে মিলিত হয়।Cabinet approves construction of 4-Lane Paramakudi - Ramanathapuram Section (NH-87) in Tamilnadu worth Rs.1853 crore
July 01st, 03:13 pm
The Union Cabinet has approved the construction of 4-Lane Paramakudi - Ramanathapuram Section (46.7 km) in Tamilnadu. The project worth Rs.1,853 crore will decongest the existing corridor, improve safety, and cater to the mobility needs of the surrounding towns. It will play a pivotal role in regional economic growth, strengthening connectivity and boosting tourism.প্ৰধানমন্ত্ৰীয়ে ৪৮ সংখ্যক প্ৰগতি বৈঠকত অধ্যক্ষতা কৰে
June 25th, 09:11 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আগবেলা ছাউথ ব্লকত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহৰ প্ৰচেষ্টাৰাজিক নিৰৱচ্ছিন্নভাৱে একত্ৰিতকৰণেৰে সক্ৰিয় শাসন আৰু সময়োপযোগী ৰূপায়ণ কাৰ্য্য নিশ্চিতকৰণৰ লক্ষ্যৰে আইচিটি-আধাৰিত, মাল্টি-মডেল প্লেটফৰ্ম প্ৰগতিৰ ৪৮ সংখ্যক বৈঠকত পৌৰহিত্য কৰে।Cabinet approves Pune Metro Rail Project Phase-2
June 25th, 03:08 pm
The Union Cabinet chaired by PM Modi has approved the Pune Metro Rail Project Phase-2 project worth Rs.3626.24 crore. This project will serve key IT hubs, commercial areas, educational institutions, and residential pockets, increasing the share of public transport and ridership across the network. It is poised to unlock Pune’s economic potential.২০ - ২১ জুনত বিহাৰ, ওড়িশা আৰু অন্ধ্ৰ প্ৰদেশ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
June 19th, 05:48 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০ - ২১ জুনত বিহাৰ, ওড়িশা আৰু অন্ধ্ৰ প্ৰদেশ ভ্ৰমণ কৰিব। অহা ২০ জুনত তেওঁ বিহাৰৰ ছিৱান ভ্ৰমণ কৰি দুপৰীয়া প্ৰায় ১২ বজাত আধাৰশিলা স্থাপনৰ লগতে একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰিব। লগতে এই উপলক্ষে সভাত ভাষণ দিব।ক্ৰ'ৱেচিয়াৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ
June 18th, 11:40 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জাগ্ৰেবতত ক্ৰ’ৱেচিয়াৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত আন্দ্ৰেজ প্লেনকভিচক সাক্ষা কৰে। প্ৰধানমন্ত্ৰীৰ এয়া প্ৰথম ক্ৰ’ৱেচিয়া ভ্ৰমণৰ এয়া আছিল আৰু সেয়েহে ভাৰত-ক্ৰ’ৱেচিয়া সম্পৰ্কৰ এক ঐতিহাসিক মাইলৰ খুঁটি। ঐতিহাসিক বানস্কি ডভ’ৰি ৰাজপ্ৰসাদত উপস্থিত হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰী মোদীক প্ৰধানমন্ত্ৰী প্লেংকভিচে আগবঢ়ায় নিয়াৰ লগতে আনুষ্ঠানিকভাৱে আদৰণি জনায়। ইয়াৰ পূৰ্বে বিশেষ ভংগীমাৰে প্ৰধানমন্ত্ৰীক জাগ্ৰেবৰ বিমানবন্দৰত উপস্থিত হোৱাৰ সময়ত প্ৰধানমন্ত্ৰী প্লেংকভিচে আদৰণি জনায়।শক্তি সুৰক্ষা সম্পৰ্কীয় জি-৭ আউটৰিচ অধিৱেশনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ (১৭ জুন, ২০২৫)
June 18th, 11:15 am
জি-৭ শীৰ্ষ সন্মিলনলৈ আমাক আমন্ত্ৰণ জনোৱাৰ বাবে আৰু আমাক জনোৱা অনন্য আদৰণিৰ বাবে প্ৰধানমন্ত্ৰী কাৰ্নীক মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। জি-৭ গোটৰ ৫০ বছৰ সম্পূৰ্ণ হোৱাৰ ঐতিহাসিক ক্ষণত মই আমাৰ সকলো বন্ধু-বান্ধৱী অভিনন্দন জনাইছো।Prime Minister Narendra Modi addresses the G7 Outreach Session
June 18th, 11:13 am
PM Modi participated in the Outreach Session of the G7 Summit in Kananaskis and addressed a Session on 'Energy Security.' The PM highlighted that energy security was among the leading challenges facing future generations. While elaborating on India's commitment to inclusive growth, he noted that availability, accessibility, affordability and acceptability were the principles that underpinned India's approach to energy security.Cabinet approves two multitracking projects across Indian Railways covering various states
June 11th, 03:05 pm
The Cabinet Committee on Economic Affairs, chaired by PM Modi, has approved Koderma – Barkakana Doubling and Ballari – Chikjajur Doubling projects of Ministry of Railways with total cost of Rs. 6,405 crore. These initiatives will improve travel convenience, reduce logistic cost, decrease oil imports and contribute to lower CO2 emissions, supporting sustainable and efficient rail operations and generate employment.ভাৰতৰ ১১ বছৰীয়া আন্তঃগাঁথনি বিপ্লৱৰ ওপৰত আলোকপাত প্ৰধানমন্ত্ৰীৰ
June 11th, 10:17 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ বিকাশৰ যাত্ৰাত আন্তঃগাঁথনি বিপ্লৱৰ ১১ বছৰ উদযাপন এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে চিহ্নিত কৰে, যি এটা দশকৰো অধিক কাল পৰিৱৰ্তনশীল আন্তঃগাঁথনিগত উন্নয়নে দেশখনক আগুৱাই লৈ গৈছে। শ্ৰী মোদীয়ে ৰে’লপথ, ঘাইপথ, বন্দৰ আৰু বিমানবন্দৰসমূহক সামৰি আন্তঃগাঁথনিৰ ক্ষেত্ৰত ভাৰতৰ অসাধাৰণ অগ্ৰগতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে, যাৰ ফলত যোগাযোগ, অৰ্থনৈতিক সম্প্ৰসাৰণ, জীৱন ধাৰণৰ সুচলতাৰ উন্নতি আৰু নাগৰিকসকলৰ বাবে সমৃদ্ধি বৃদ্ধি পায়।চেনাব ৰে’ল সেতু নিৰ্মাণৰ সৈতে জড়িত লোকৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত বিনিময়
June 06th, 03:01 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চেনাব ৰে’ল সেতু নিৰ্মাণৰ সৈতে জড়িত কেইবাজনো লোকৰ সৈতে মত বিনিময় কৰে। শ্ৰী মোদীয়ে দেশৰ বাবে আধুনিক আন্তঃগাঁথনি নিৰ্মাণৰ ক্ষেত্ৰত তেওঁলোকৰ অতুলনীয় দায়বদ্ধতাক প্ৰশংসা কৰে।গৰীব কল্যাণৰ প্ৰতি সমৰ্পিত এখন সহানুভূতিশীল চৰকাৰ ঃ প্ৰধানমন্ত্ৰী
June 05th, 09:45 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশখনে পৰিৱৰ্তনশীল আৰু সামগ্ৰিক প্ৰশাসনৰ ১১ বছৰ উদযাপন কৰাৰ সময়ত গৰিব কল্যাণৰ প্ৰতি এন. ডি. এ. চৰকাৰৰ অটল দায়িত্ববদ্ধতা পুনৰ উল্লেখ কৰে। তেওঁ কয় যে সবলীকৰণ, আন্তঃগাঁথনি আৰু অন্তৰ্ভুক্তিৰ ওপৰত গুৰুত্ব দিয়া এখন সহানুভূতিশীল চৰকাৰে ২৫ কোটিৰো অধিক লোকক দৰিদ্ৰতাৰ পৰা উন্নীত কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।