তামিলনাডুৰ তিৰুচিৰাপল্লীত একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণ পাঠ

March 11th, 05:45 pm

আজিৰ এই কাৰ্য্যসূচী তামিলনাডুৰ ভৱিষ্যতৰ বাবে এক গুৰুত্বপূৰ্ণ অনুষ্ঠান। ইয়াৰ সৈতে পাঁচ হাজাৰ ছশ কোটি টকাৰ প্ৰকল্প জড়িত হৈ আছে। এই প্ৰকল্পসমূহ হৈছে স্বচ্ছ শক্তিৰ বাবে আন্তঃগাঁথনি, পেট্ৰলিয়াম সম্পৰ্কীয় উৎপাদন, ঘাইপথ, ৰেলপথ আৰু গ্ৰামীণ পথেৰে সম্পৰ্কীয়। ইয়াৰ দ্বাৰা শক্তিৰ সুবিধা, যোগাযোগ ব্যৱস্থাৰ বৰ্ধনৰ লগতে তামিলনাডুৰ যুৱক-যুৱতীসকলৰ বাবে হাজাৰ-হাজাৰ চাকৰিৰ সৃষ্টি হ’ব।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তামিলনাডুৰ তিৰুচিৰাপল্লীত প্ৰায় ৫,৬৫০ কোটি টকা মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন, ৰাষ্ট্ৰলৈ উৎসৰ্গা, আধাৰশিলা স্থাপন আৰু ফ্লেগ অফ কৰে

March 11th, 05:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ঐতিহাসিক চহৰ ত্ৰিচি ভ্ৰমণ কৰি তামিলনাডুৰ আন্তঃগাঁথনি আৰু অৰ্থনীতিক শক্তিশালী কৰাৰ লক্ষ্যৰে এলানি ৰূপান্তৰশীল উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰে। মুঠ পাঁচ হাজাৰ ছশ কোটি টকা বিনিয়োগ সাপেক্ষে এই পদক্ষেপসমূহে স্বচ্ছ শক্তি, পেট্ৰলিয়াম-সম্পৰ্কীয় উৎপাদন আৰু ঘাইপথ, ৰেলপথ তথা গ্ৰামীণ পথৰ জৰিয়তে মাল্টি-মডেল সংযোগ বৃদ্ধিক সামৰি লৈছে। ইয়াত সমবেতসকলক সম্বোধনেৰে প্ৰধানমন্ত্ৰীয়ে কয়, “এই প্ৰকল্পসমূহে শক্তি লাভ, যোগাযোগ ব্যৱস্থাৰ বৰ্ধন ঘটাব আৰু তামিলনাডুৰ যুৱক-যুৱতীসকলৰ বাবে হাজাৰ-হাজাৰ নিয়োগ সৃষ্টি কৰিব।”

১১ মাৰ্চত কেৰালা আৰু তামিলনাডু ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে

March 09th, 09:54 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ১১ মাৰ্চত কেৰালা আৰু তামিলনাডু ভ্ৰমণ কৰিব।দুপৰীয়া প্ৰায় ১:৩০ বজাত প্ৰধানমন্ত্ৰীয়ে কেৰেলাৰ এৰ্নাকুলুমত প্ৰায় ১০,৮০০ কোটি টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন, দেশলৈ উৎসৰ্গা, আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰিব। এই কাৰ্যসূচী উপলক্ষ্যে প্ৰধানমন্ত্ৰীয়ে ভাষণ প্ৰদান কৰিব। ইয়াৰ পিছত প্ৰায় ৫:৪৫ বজাত প্ৰধানমন্ত্ৰীয়ে তামিলনাডুৰ তিৰুচিৰাপল্লীত দেশৰ বাবে প্ৰায় ৫,৬৫০ কোটি টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন তথা আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰীয়ে এই উপলক্ষ্যে আয়োজিত সভাত ভাষণ দিব।

ফলাফলৰ তালিকাঃ আবুধাবিৰ যুৱৰাজ মহামহিম শ্বেখ খালিদ বিন মহম্মদ বিন জায়েদ আল নাহিয়ানৰ চৰকাৰী কাৰ্য্যসূচীৰে ভাৰত ভ্ৰমণ

September 09th, 07:03 pm

বৰাকাহ পাৰমাণৱিক শক্তি প্ৰকল্প পৰিচালনা আৰু ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত আমিৰাত পাৰমাণৱিক শক্তি কোম্পানী (ENEC) আৰু ভাৰতৰ পাৰমাণৱিক শক্তি নিগম লিমিটেড (NPCIL)ৰ মাজত বুজাবুজিৰ চুক্তি (MoU)।

আবুধাবিৰ ক্ৰাউন প্ৰিন্স শ্বেইখ খালেদ বিন মহম্মদ বিন জায়েদ আল নাহিয়ানৰ ভাৰত ভ্ৰমণ (৯-১০ ছেপ্টেম্বৰ, ২০২৪)

September 09th, 07:03 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণত ৯-১০ ছেপ্টেম্বৰ, ২০২৪ত দুদিনীয়া কাৰ্যসূচীৰে ভাৰত ভ্ৰমণলৈ আহিছে আবুধাবিৰ ক্ৰাউন প্ৰিন্স মহামহিম শ্বেইখ খালেদ বিন মহম্মদ বিন জায়েদ আল নাহিয়ান। এয়া ক্ৰাউন প্ৰিন্সৰ প্ৰথম ভাৰত ভ্ৰমণ। কালি তেওঁৰ আগমনৰ সময়ত নতুন দিল্লীত বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেলে তেওঁক আদৰণি জনোৱাৰ লগতে সেনাই আনুষ্ঠানিকভাৱে গাৰ্ড অৱ অনাৰ প্ৰদান কৰে। তেওঁৰ লগত মন্ত্ৰী, জ্যেষ্ঠ বিষয়া আৰু এটা বৃহৎ ব্যৱসায়িক প্ৰতিনিধি দল আহিছে।