ছেচেলছৰ ৰাষ্ট্ৰীয় সদনত প্ৰধানমন্ত্ৰীৰ ভাষণ

June 28th, 05:00 pm

প্ৰধানমন্ত্ৰী হিচাপে ভাৰত মহাসাগৰ অঞ্চললৈ মোৰ প্ৰথমটো ভ্ৰমণ আছিল ২০১৫ চনত ছেচেলছলৈ।প্ৰধানমন্ত্ৰী হিচাপেও মই প্ৰথমবাৰৰ বাবে আফ্ৰিকা ভ্ৰমণ কৰিছিলো। মই ইয়ালৈ আহিছোঁ কাৰণ মই বিশ্বাস কৰোঁ যে ভাৰত মহাসাগৰৰ প্ৰতি ভাৰতৰ দৃষ্টিভংগীত ছেচেলছৰ এক বিশেষ স্থান আছে। আজি এটা দশকৰ পাছত ইয়ালৈ উভতি অহাৰ লগে লগে মোৰ বিশ্বাস আগতকৈ অধিক সুদৃঢ় হৈ পৰিছে।

প্ৰধানমন্ত্ৰীক ‘গাৰ্ডিয়ান অব দ্য ব্লু হৰাইজন’ ৰাষ্ট্ৰপতিৰ সন্মানেৰে সন্মানিত

June 28th, 03:07 pm

এটা বিশেষ অনুষ্ঠানত আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক ৰাষ্ট্ৰপতিৰ সন্মান- ‘গাৰ্ডিয়ান অব দ্য ব্লু হৰাইজন’ প্ৰদান কৰে ছেচেলছৰ ৰাষ্ট্ৰপতি মহামান্য ডাঃ পেট্ৰিক হাৰ্মিনীয়ে। প্ৰধানমন্ত্ৰীগৰাকীক সেউজ নেতৃত্ব আৰু উন্নয়নশীল দেশসমূহৰ স্বাৰ্থ আগুৱাই নিয়াৰ দিশত কৰা প্ৰচেষ্টা আৰু নীলা অৰ্থনীতি, জলবায়ু কাৰ্যসূচী, সাগৰীয় সম্পদৰ বহনক্ষম ব্যৱস্থাপনা আৰু ক্ষুদ্ৰ দ্বীপ উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ উন্নয়নমূলক আকাংক্ষাৰ প্ৰসাৰৰ দিশত তেওঁৰ দীৰ্ঘদিনীয়া দায়বদ্ধতাৰ বাবে এই সন্মান প্ৰদান কৰা হয়। প্ৰথমবাৰৰ বাবে এই বিশিষ্ট সন্মান প্ৰদান কৰা হৈছে।

ছেচেলছৰ ৰাষ্ট্ৰপতিৰ সৈতে যৌথ প্ৰেছ বিবৃতিৰ সময়ত প্ৰধানমন্ত্ৰীৰ বক্তব্য

June 28th, 02:02 pm

তেখেতৰ দ্বাৰা গাৰ্ডিয়ান অব দ্য ব্লু হৰিজন উপাধিৰে সন্মানিত হোৱাটো মোৰ লগতে ১৪০ কোটি ভাৰতীয়ৰ বাবে অপৰিসীম আনন্দৰ বিষয়। মই এই সন্মান কৃতজ্ঞতা সহকাৰে গ্ৰহণ কৰিছোঁ আৰু জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যাহ্বানৰ সৈতে যুঁজি অব্যাহত ৰখা আৰু পৰিৱেশ সংৰক্ষণক নিজৰ দায়িত্ব বুলি গণ্য কৰা সেই সকলো দেশৰ বাবে উৎসৰ্গা কৰিছোঁ।

ছিচেলছলৈ প্ৰধানমন্ত্ৰীৰ চৰকাৰী ভ্ৰমণ (২৭-২৯ জুন, ২০২৬)

June 25th, 06:05 pm

ছিচেলছৰ ৰাষ্ট্ৰপতি পেট্ৰিক হাৰ্মিনীৰ আমন্ত্ৰণক্ৰমে ২০২৬ চনৰ ২৭ৰ পৰা ২৯ জুনলৈকে প্ৰধানমন্ত্ৰী মোদীয়ে ছিচেলছ ভ্ৰমণ কৰি ভাৰতৰ ‘মহাসাগৰ’ দৃষ্টিভংগী আগুৱাই নিব। এই ভ্ৰমণৰ সময়ছোৱাত তেওঁ ছিচেলছৰ ৰাষ্ট্ৰীয় দিৱস-ৰ সোণালী জয়ন্তী উদযাপনত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰিব আৰু ৰাষ্ট্ৰপতি হাৰ্মিনিৰ সৈতে এলানি আলোচনাত মিলিত হ’ব। তেওঁ ছিচেলছৰ ৰাষ্ট্ৰীয় বিধানসভাত ভাষণ দিয়াৰ লগতে প্ৰবাসী ভাৰতীয়সমাজৰ সদস্যসকলৰ সৈতেও মত বিনিময় কৰিব।

মৰিচাছৰ প্ৰধানমন্ত্ৰীৰ সৈতে টেলিফোনক কথা পাতিলে প্ৰধানমন্ত্ৰী মোদীয়ে

February 09th, 09:04 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মৰিচাছ গণৰাজ্যৰ প্ৰধানমন্ত্ৰী মহামহিম নবীনচন্দ্ৰ ৰামগুলমৰ সৈতে টেলিফোনত কথা পাতে।

ফলাফলৰ তালিকাঃ ফিলিপাইনছ গণৰাজ্যৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণ

August 05th, 04:31 pm

ভাৰত গণৰাজ্য আৰু ফিলিপাইনছ গণৰাজ্যৰ মাজত কৌশলগত অংশীদাৰিত্ব স্থাপনৰ কথা ঘোষণা

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু মৰিচাছৰ প্ৰধানমন্ত্ৰী নবীনচন্দ্ৰ ৰামগুলামে যৌথভাৱে মৰিচাছত অটল বিহাৰী বাজপেয়ী ইনষ্টিটিউট অৱ পাব্লিক চাৰ্ভিচ এণ্ড ইনোভেচন উদ্বোধন কৰে

March 12th, 03:13 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু মৰিচাছৰ প্ৰধানমন্ত্ৰী নবীনচন্দ্ৰ ৰামগুলামে আজি যৌথভাৱে মৰিচাছৰ ৰেডুইটত অটল বিহাৰী বাজপেয়ী ইনষ্টিটিউট অব পাব্লিক ছাৰ্ভিচ এণ্ড ইনোভেচন উদ্বোধন কৰে। ভাৰত-মৰিচাছ উন্নয়ন অংশীদাৰিত্বৰ অধীনত ৰূপায়ণ কৰা এই গুৰুত্বপূৰ্ণ প্ৰকল্পটোৱে মৰিচাছত সামৰ্থ্য বিকাশৰ প্ৰতি ভাৰতৰ দায়বদ্ধতাক প্ৰতিফলিত কৰিছে।

আইএনএছ চুৰাট, আইএনএছ নীলগিৰি আৰু আইএনএছ বঘশ্বীৰৰ কমিচনিং অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

January 15th, 11:08 am

১৫ জানুৱাৰীৰ দিনটো সেনা দিৱস হিচাপে পালন কৰা হয়। মই দেশখনক ৰক্ষাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰা প্ৰতিগৰাকী বীৰ জোৱানক প্ৰণাম জনাইছোঁ, ভাৰত মাতাক ৰক্ষাৰ কামত নিয়োজিত প্ৰতিগৰাকী বীৰ পুৰুষ-মহিলাক আজিৰ দিনটোত অভিনন্দন জনাইছোঁ।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ফ্ৰন্টলাইন নেভেলকম্বাটেন্টআইএনএছচুৰাট, আইএনএছনীলগিৰিআৰুআইএনএছবঘশ্বীৰৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে

January 15th, 10:30 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুম্বাইৰ নেভেল ডকয়াৰ্ডত তিনি ফ্ৰন্টলাইন নেভেলকম্বাটেন্ট আইএনএছ চুৰাট, আইএনএছ নীলগিৰি আৰু আইএনএছ বঘশ্বীৰ ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে। ইয়াত সমবেতসকলক সম্বোধনেৰে শ্ৰী মোদীয়ে কয় যে ১৫ জানুৱাৰীৰ দিনটো সেনা দিৱস হিচাপে পালন কৰা হয় আৰু ৰাষ্ট্ৰৰ সুৰক্ষা তথা নিৰাপত্তাৰ বাবে প্ৰাণ আহুতি দিয়া প্ৰতিগৰাকী সাহসী যোদ্ধালৈ প্ৰণাম জনোৱা হয়। এই উপলক্ষে তেখেতে সকলো বীৰ যোদ্ধাকে অভিনন্দন জ্ঞাপন কৰে।

ভাৰত আৰু মালদ্বীপ : ব্যাপক অৰ্থনৈতিক আৰু সামুদ্ৰিক সুৰক্ষা অংশীদাৰিত্বৰ বাবে এক দৃষ্টিভংগী

October 07th, 02:39 pm

ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু মালদ্বীপৰ ৰাষ্ট্ৰপতি মহামহিম ড০ মহম্মদ মুইজ্জুৱে ২০২৪ চনৰ ৭ অক্টোবৰত মিলিত হয়। দুয়োগৰাকী নেতাই দেশ দুখনৰ ঐতিহাসিক ঘনিষ্ঠতা আৰু বিশেষ সম্পৰ্ক গভীৰ কৰাৰ ক্ষেত্ৰত অগ্ৰগতিৰ কথা উল্লেখ কৰি দ্বিপাক্ষিক সম্পৰ্কৰ পৰিসৰৰ বিষয়ে ব্যাপক পৰ্যালোচনা কৰে। এই সম্পৰ্কই দুয়োখন দেশৰ জনসাধাৰণৰ উন্নতিত যথেষ্ট অৰিহণা যোগাব বুলি আশা কৰা হৈছে।

মৰিচাছৰ প্ৰধানমন্ত্ৰী মহামান্য প্ৰবীন্দ জগনাথৰ সৈতে আগালেগা দ্বীপপুঞ্জত এয়াৰষ্ট্ৰিপ আৰু জেটিৰ যুটীয়া উদ্বোধনৰ সময়ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণৰ অসমীয়া অনুবাদ

February 29th, 01:15 pm

মহামান্য প্ৰধানমন্ত্ৰী প্ৰবীন্দ জগনাথজী, মৰিচাছ কেবিনেটৰ উপস্থিত সদস্যগণ, ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ জয়শংকৰ, আজি এই অনুষ্ঠানত অংশগ্ৰহণ কৰা আগালেগাৰ জনসাধাৰণ আৰু সকলো সহকৰ্মী,

মৰিচাছৰ আগালেগা দ্বীপত মৰিচাছৰ প্ৰধানমন্ত্ৰীৰ সৈতে যৌথভাৱে নতুন এয়াৰষ্ট্ৰিপ আৰু এখন জেটি উদ্বোধন প্ৰধানমন্ত্ৰীৰ

February 29th, 01:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডী আৰু মৰিচাছৰ প্ৰধানমন্ত্ৰী মহামহিম প্ৰবিন্দ জুগনৌথে যৌথভাৱে মৰিচাছৰ আগালেগা দ্বীপত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে নতুন এয়াৰষ্ট্ৰিপ আৰু ছেইণ্ট জেমছ জেটীৰ লগতে ছটা সামূহিক উন্নয়ন প্ৰকল্পৰ শুভাৰম্ভ কৰে। এই প্ৰকল্পসমূহৰ উদ্বোধন ভাৰত আৰু মৰিচাছৰ মাজত দশক দশক পুৰণি উন্নয়নমূলক অংশীদাৰিত্বৰ সাক্ষী আৰু ই মূল ভূখণ্ড মৰিচাছ আৰু আগলেগাৰ মাজত উন্নত সংযোগৰ দীৰ্ঘদিনীয়া প্ৰয়োজন পূৰণ কৰিব। তদুপৰি, সামুদ্ৰিক সুৰক্ষা শক্তিশালী কৰিব আৰু আৰ্থ-সামাজিক উন্নয়নকো তৰান্বিত কৰিব। শেহতীয়াকৈ ২০২৪ চনৰ ১২ ফেব্ৰুৱাৰীত দুয়োগৰাকী নেতাই মৰিচাছত ইউপিআই আৰু ৰুপে’ কাৰ্ড সেৱা আৰম্ভ কৰাৰ পিছতে এই প্ৰকল্পসমূহৰ উদ্বোধনে তাৎপৰ্য বহন কৰিছে।

মালদ্বীপৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণৰ সময়ত ভাৰত-মালদ্বীপে প্ৰকাশ কৰা যুটীয়া বিবৃতি

August 02nd, 10:18 pm

ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণ মৰ্মে মালদ্বীপ গণৰাজ্যৰ ৰাষ্ট্ৰপতি ইব্ৰাহীম মহম্মেদ সলিহে এক আনুষ্ঠানিক ভ্ৰমণসূচী লৈ ভাৰতত উপস্থিত হয়হি।

ভিয়েটনামৰ প্ৰধানমন্ত্ৰী মহামহিম ফাম মিন চিনৰ সৈতে টেলিফোনৰে বাৰ্তালাপ কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে

July 10th, 01:08 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিয়েটনামৰ প্ৰধানমন্ত্ৰী মহামহিম ফাম মিন চিনৰ সৈতে টেলিফোনৰে বাৰ্তালাপ কৰে।