ভাৰত-কানাডাৰ নেতাসকলৰ যুটীয়া বিবৃতি
March 02nd, 05:05 pm
ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণমৰ্মে কানাডাৰ প্ৰধানমন্ত্ৰী সন্মানীয় মাৰ্ক কাৰ্নীয়ে ২০২৬ চনৰ ২৭ ফেব্ৰুৱাৰীৰ পৰা ২ মাৰ্চলৈকে ভাৰত ভ্ৰমণ কৰে।কানাডাৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত প্ৰধানমন্ত্ৰী কাৰ্নীয়ে ভাৰত ভ্ৰমণৰ প্ৰথমটো আছিল আৰু ২০১৮ চনৰ পিছত কানাডাৰ প্ৰধানমন্ত্ৰীৰ প্ৰথম দ্বিপাক্ষিক ভাৰত ভ্ৰমণ।প্ৰধানমন্ত্ৰী কাৰ্নীৰ সৈতে আছিল কানাডাৰ উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দল , য’ত আছিল জ্যেষ্ঠ মন্ত্ৰী, প্ৰাদেশিক নেতা আৰু আগশাৰীৰ মুখ্য কাৰ্যবাহী বিষয়াসকল।ফলাফলৰ তালিকাঃ কানাডাৰ প্ৰধানমন্ত্ৰীৰ ভাৰত ভ্ৰমণ
March 02nd, 05:04 pm
ফলাফলৰ তালিকাঃ কানাডাৰ প্ৰধানমন্ত্ৰীৰ ভাৰত ভ্ৰমণইজৰাইলৰ সংসদ নেচেটত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণ
February 25th, 08:20 pm
এই বিশিষ্ট সদনৰ সন্মুখত থিয় দিয়াটো মোৰ বাবে এক সৌভাগ্য আৰু সন্মানৰ বিষয় । মই ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে আৰু আন এটা প্ৰাচীন সভ্যতাক সম্বোধন কৰা প্ৰতিনিধি হিচাপেও সেয়াই অনুভৱ কৰিছো। মই মোৰ লগত লৈ আহিছো ১.৪ বিলিয়ন ভাৰতীয়ৰ শুভেচ্ছা আৰু বন্ধুত্ব, সন্মান তথা অংশীদাৰিত্বৰ বাৰ্তা।ইজৰাইলৰ সংসদ নেচেটত ভাষণ দিলে প্ৰধানমন্ত্ৰী মোদীয়ে
February 25th, 08:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জেৰুজালেমত ইজৰাইলৰ সংসদ নেচেটৰ বিশেষ পূৰ্ণাংগ সভাত ভাষণ দিয়ে। প্ৰধানমন্ত্ৰী মোদীয়েই হৈছে ইজৰাইলৰ সংসদত ভাষণ দিয়া ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী।ৰাষ্ট্ৰ আৰু মানৱতাৰ সেৱাত সম্পূৰ্ণ নিষ্ঠাৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীৰ সংস্কৃত সুভাশিতম শ্বেয়াৰ
February 11th, 10:31 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰ আৰু মানৱতাৰ সেৱাত সম্পূৰ্ণ নিষ্ঠাৰ ওপৰত আলোকপাত কৰি এটা সংস্কৃত সুভাশিতম শ্বেয়াৰ কৰে।বৰ্ধিত সংযোগৰ জৰিয়তে বহনক্ষমতা, অৰ্থনৈতিক বৃদ্ধি আৰু সুৰক্ষাৰ বাবে ভাৰত – ছিচেলছৰ যৌথ দৃষ্টিভংগী
February 09th, 03:28 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণমৰ্মে ছিচেলছ গণৰাজ্যৰ ৰাষ্ট্ৰপতি ড° পেট্ৰিক হাৰ্মিনিয়ে ৫ ফেব্ৰুৱাৰীৰ পৰা ১০ ফেব্ৰুৱাৰীলৈ ভাৰত ভ্ৰমণ কৰিছে ।ৰাষ্ট্ৰপতি হাৰ্মিনিৰ কাৰ্যভাৰ গ্ৰহণৰ প্ৰায় ১০০ দিনৰ পাছত কৰা এই ভ্ৰমণে দীৰ্ঘদিনীয়া আৰু বহুমুখী দ্বিপাক্ষিক অংশীদাৰিত্বক শক্তিশালী, সম্প্ৰসাৰিত আৰু গভীৰ কৰিব বুলি ভাৰত আৰু ছিচেলছৰ প্ৰতিশ্ৰুতিৰ সংকেত বহন কৰিছে। ছিচেলছৰ স্বাধীনতাৰ ৫০ বথছৰ সম্পূৰ্ণ হোৱা আৰু দুয়োখন দেশৰ মাজত কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৫০ বছৰীয়া বৰ্ষপূৰ্তিৰ সৈতে সংগতি ৰাখি কৰা ৰাষ্ট্ৰপতিগৰাকীৰ এই ভ্ৰমণে বিশেষ তাৎপৰ্য্য বহন কৰিছে। ২০২৬ চনৰ ৯ ফেব্ৰুৱাৰীত অনুষ্ঠিত হোৱা বৈঠকৰ সময়ত প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি হাৰ্মিনিয়ে দ্বিপাক্ষিক সম্পৰ্কৰ সমগ্ৰ বিষয়ক সামৰি লৈ বিস্তৃত আৰু ইতিবাচক আলোচনা কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে ২০২৫ চনৰ অক্টোবৰ মাহত অনুষ্ঠিত হোৱা নিৰ্বাচনত ৰাষ্ট্ৰপতি হাৰ্মিনীয়ে লাভ কৰা সফলতাৰ বাবে অভিনন্দন জনায়।দুয়োগৰাকী নেতাই দৃঢ়তাৰে কয় যে ভাৰত আৰু ছিচেলছ, ঘনিষ্ঠ সামুদ্ৰিক প্ৰতিবেশী হিচাপে ঐতিহাসিক সম্পৰ্কৰে বান্ধ খাই আছে। দুয়োখন দেশে গণতন্ত্ৰ আৰু বহুত্ববাদৰ ভাগ-বতৰা কৰা মূল্যবোধৰ দ্বাৰা লালিত-পালিত এক বিশেষ তথা সময়-পৰীক্ষিত অংশীদাৰিত্ব লাভ কৰিছে। নেতাদ্বয়ে স্বীকাৰ কৰে যে ছিচেলছ-ভাৰতৰ মাজৰ সম্পৰ্ক জনকেন্দ্ৰিক আৰু ই পশ্চিম ভাৰত মহাসাগৰ অঞ্চলৰ নিৰাপত্তা তথা স্থিতিশীলতাক অধিক শক্তিশালী কৰিছে। ভাৰতৰ ভিজন মহাসাগৰ (মিউচুৱেল এণ্ড হোলিষ্টিক এডভান্সমেণ্ট ফৰ ছিকিউৰিটি এণ্ড গ্ৰ’থ এক্ৰছ ৰিজিঅ’নছ)ৰ গুৰুত্বপূৰ্ণ স্তম্ভ হিচাপে ছিচেলছৰ ভূমিকাকো নেতাদ্বয়ে স্বীকাৰ কৰে।ছিচেলছৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা যৌথ প্ৰেছ বিবৃতিৰ অসমীয়া অনুবাদ
February 09th, 01:00 pm
ৰাষ্ট্ৰপতি হাৰ্মিনী আৰু তেওঁৰ প্ৰতিনিধি দলক ভাৰতলৈ আদৰণি জৱৃনাবলৈ পাই মই অপৰিসীম আনন্দ লাভ কৰিছো।আই এন এছ বিক্ৰান্তত সশস্ত্ৰ বাহিনীৰ সৈতে দীপাৱলী উদযাপনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পূৰ্ণপাঠ
October 20th, 10:30 am
আজি এটা আচৰিত দিন, এই মুহূৰ্তটো স্মৰণীয়, এই দৃশ্য আচৰিত। আজি মোৰ এফালে বিশাল মহাসাগৰ আৰু আনফালে ভাৰত মাতাৰ বীৰ সৈনিকৰ অপৰিসীম শক্তি। আজি মোৰ এফালে অসীম দিগন্ত, অন্তহীন আকাশ আৰু আনফালে অসীম শক্তিক মূৰ্ত কৰি তোলা এই বিশাল আই এন এছ বিক্ৰান্ত। সাগৰৰ পানীৰ ওপৰত সূৰ্য্যৰ ৰশ্মিৰ এই জিলিকনি এক প্ৰকাৰে সাহসী সৈনিকে জ্বলোৱা দীপাৱলীৰ প্ৰতিফলন। এইবোৰ আমাৰ ঐশ্বৰিক প্ৰদীপৰ মালা। আপোনালোক সকলো নৌসেনাৰ বীৰ জোৱানৰ মাজত এই পবিত্ৰ দীপাৱলী উৎসৱ উদযাপন কৰিবলৈ পাই মই সৌভাগ্যৱান।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দীপাৱলী উদযাপন কৰিলে আই এন এছ বিক্ৰান্তত
October 20th, 10:00 am
আজি আই এন এছ বিক্ৰান্তত দীপাৱলী উদযাপনৰ সময়ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সশস্ত্ৰ বাহিনীৰ বিষয়া-জোৱানক সম্বোধন কৰে। আজি এটা উল্লেখযোগ্য দিন, এটা উল্লেখযোগ্য মুহূৰ্ত আৰু এটা উল্লেখযোগ্য পৰিঘটনা বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে এফালে বিশাল মহাসাগৰ আৰু আনফালে ভাৰত মাতৃৰ বীৰ সৈনিকৰ অপৰিসীম শক্তি। তেওঁ কয় যে এটা পক্ষই অসীম দিগন্ত আৰু সীমাহীন আকাশক উপস্থাপন কৰিলেও আনটো পক্ষই অসীম শক্তিক মূৰ্ত কৰি আই এন এছ বিক্ৰান্তৰ বিশাল শক্তিক প্ৰদৰ্শন কৰিছে। প্ৰধানমন্ত্ৰীয়ে পৰ্যবেক্ষণ কৰে যে সাগৰৰ ওপৰত পৰা সূৰ্যৰ পোহৰৰ জিলিকনিয়ে দীপাৱলীৰ সময়ত বীৰ সৈনিকে জ্বলোৱা দীপৰ দৰে হৈ পোহৰৰ এক ঐশ্বৰিক মালাৰ সৃষ্টি কৰিছে। ভাৰতীয় নৌসেনাৰ সাহসী জোৱানসকলৰ মাজত এই দীপাৱলী উদযাপন কৰিবলৈ পোৱাৰ সৌভাগ্যৰ কথাও তেওঁ প্রকাশ কৰে৷ছিচেলছৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভ কৰাৰ বাবে ড° পেট্ৰিক হাৰ্মিনীক অভিনন্দন জনালে প্ৰধানমন্ত্ৰীয়ে
October 12th, 09:13 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ছিচেলছৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভ কৰাৰ বাবে ড° পেট্ৰিক হাৰ্মিনীক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে।নতুন দিল্লীত জ্ঞান ভাৰতম আন্তঃৰাষ্ট্ৰীয় সন্মিলনত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
September 12th, 04:54 pm
বিজ্ঞান ভৱন আজি ভাৰতৰ সোণালী অতীতৰ পুনৰ উত্থানৰ সাক্ষী হৈ পৰিছে। মই মাত্ৰ কেইদিনমান পূৰ্বে জ্ঞান ভাৰতম অভিযানৰ কথা ঘোষণা কৰিছিলোঁ আৰু ইমান কম সময়ৰ ভিতৰতে এইদৰে জ্ঞান ভাৰতম আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজন কৰা হৈছে। আজি এই মিছনৰে জড়িত পৰ্টেলটোও মুকলি কৰা হৈছে। এয়া কোনো চৰকাৰী বা শৈক্ষিক অনুষ্ঠান নহয়। বৰঞ্চ জ্ঞান ভাৰতম অভিযান ভাৰতৰ সংস্কৃতি, সাহিত্য, চেতনাৰ মূৰ্ত প্ৰকাশ হিচাপে পৰিগণিত হ’ব। আমাৰ হাজাৰ-হাজাৰ প্ৰজন্মৰ চিন্তাশীল উত্তৰাধিকাৰ, ভাৰতৰ জ্ঞান, পৰম্পৰা আৰু বৈজ্ঞানিক ঐতিহ্য, ভাৰতৰ মহান ঋষি, আচাৰ্য্য, পণ্ডিতসকলৰ প্ৰজ্ঞা আৰু গৱেষণাৰাজি - জ্ঞান ভাৰতম অভিযানৰ জৰিয়তে এই উত্তৰাধিকাৰসমূহ ডিজিটাইজ কৰা হৈছে। এই অভিযানৰ বাবে মই সকলো নাগৰিককে অভিনন্দন জ্ঞাপনৰ লগতে সমগ্ৰ জ্ঞান ভাৰতম টীম আৰু সাংস্কৃতিক মন্ত্ৰালয়লৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত জ্ঞান ভাৰতম আন্তঃৰাষ্ট্ৰীয় সন্মিলন সম্বোধন কৰে
September 12th, 04:45 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত জ্ঞান ভাৰতম আন্তঃৰাষ্ট্ৰীয় সন্মিলন সম্বোধন কৰে। এই উপলক্ষে সমবেতসকলক সম্বোধনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে বিজ্ঞান ভৱন আজি ভাৰতৰ সোণালী অতীতৰ পুনৰ উত্থানৰ সাক্ষী হৈ পৰিছে। তেখেতে কয় যে মাত্ৰ কেইদিনমান পূৰ্বে তেখেতে জ্ঞান ভাৰতম অভিযানৰ কথা ঘোষণা কৰিছিল আৰু ইমান কম সময়ৰ ভিতৰতে এইদৰে জ্ঞান ভাৰতম আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজন কৰা হৈছে। শ্ৰী মোদীয়ে অৱগত কৰে যে আজি এই মিছনৰে জড়িত পৰ্টেলটোও মুকলি কৰা হৈছে। এয়া কোনো চৰকাৰী বা শৈক্ষিক অনুষ্ঠান নহয় বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে জ্ঞান ভাৰতম অভিযান ভাৰতৰ সংস্কৃতি, সাহিত্য, চেতনাৰ মূৰ্ত প্ৰকাশ হিচাপে পৰিগণিত হ’ব। তেখেতে হাজাৰ-হাজাৰ প্ৰজন্মৰ চিন্তাশীল উত্তৰাধিকাৰ সন্দৰ্ভত চিন্তা-চৰ্চা কৰে। ভাৰতৰ জ্ঞান, পৰম্পৰা আৰু বৈজ্ঞানিক ঐতিহ্যত আলোকপাতেৰে তেখেতে ভাৰতৰ মহান ঋষি, আচাৰ্য্য, পণ্ডিতসকলৰ প্ৰজ্ঞা আৰু গৱেষণাৰাজিৰ কথা স্মৰণ কৰে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে জ্ঞান ভাৰতম অভিযানৰ জৰিয়তে এই উত্তৰাধিকাৰসমূহ ডিজিটাইজ কৰা হৈছে। এই অভিযানৰ বাবে তেখেতে সকলো নাগৰিককে অভিনন্দন জ্ঞাপনৰ লগতে সমগ্ৰ জ্ঞান ভাৰতম টীম আৰু সাংস্কৃতিক মন্ত্ৰালয়লৈ শুভেচ্ছা জ্ঞাপন কৰে।ফলাফলৰ তালিকাঃ মৰিচাছৰ প্ৰধানমন্ত্ৰীৰ ভাৰত ভ্ৰমণ
September 11th, 02:10 pm
১) ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগ আৰু মৰিচাছৰ উচ্চ শিক্ষা, বিজ্ঞান আৰু গৱেষণা মন্ত্ৰালয়ৰ মাজত বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত সহযোগিতাৰ বুজাবুজি চুক্তি।মৰিচাছৰ প্ৰধানমন্ত্ৰীৰ সৈতে যুটীয়া সংবাদ মেলৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ অসমীয়া অনুবাদ
September 11th, 12:30 pm
আৰু আজি যেতিয়া আমি কাশীত মৰিচাছৰ পৰা অহা বন্ধু-বান্ধৱীক আদৰণি জনাইছো, তেতিয়া ই কেৱল আনুষ্ঠানিকতা নহয়, আধ্যাত্মিক মিলনহে। সেইবাবেই মই গৌৰৱেৰে কওঁ যে ভাৰত আৰু মৰিচাছ কেৱল অংশীদাৰ নহয় বৰঞ্চ এটা পৰিয়াল।ফিজিৰ প্ৰধানমন্ত্ৰীৰ সৈতে যুটীয়া প্ৰেছ বিবৃতিৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিজ্ঞপ্তিৰ পূৰ্ণপাঠ
August 25th, 12:30 pm
তেতিয়া আমি ভাৰত-প্ৰশান্ত মহাসাগৰীয় দ্বীপপুঞ্জ সহযোগিতাৰ বাবে কাৰ্য্য-মুখী মঞ্চ অৰ্থাৎ ‘FIPIC’ আৰম্ভ কৰিছিলোঁ। এই পদক্ষেপে কেৱল ভাৰত-ফিজিৰ সম্পৰ্ককে নহয়, বৰঞ্চ সমগ্ৰ প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ সৈতে আমাৰ সংযোগকো এক নতুন শক্তি প্ৰদান কৰিছে। আৰু আজি প্ৰধানমন্ত্ৰী ৰাবুকাজীৰ এই ভ্ৰমণৰ জৰিয়তে আমি আমাৰ পাৰস্পৰিক সম্পৰ্কত এক নতুন অধ্যায়ৰ সংযোজন কৰিছোঁ।ফিলিপাইনছৰ ৰাষ্ট্ৰপতিৰ সৈতে যুটীয়া প্ৰেছ বিবৃতিৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিজ্ঞপ্তি
August 05th, 11:06 am
পোন-প্ৰথমে ৰাষ্ট্ৰপতি ডাঙৰীয়া আৰু তেওঁৰ প্ৰতিনিধি দলটোক ভাৰতলৈ আন্তৰিক আদৰণি জনাইছোঁ। এই বৰ্ষত ভাৰত আৰু ফিলিপাইনছৰ কূটনৈতিক সম্পৰ্কৰ ৭৫ বছৰ সম্পূৰ্ণ হৈছে। আৰু এনে প্ৰেক্ষাপটত তেওঁৰ এই ভ্ৰমণে বিশেষ তাৎপৰ্য্য বহন কৰিছে। আমাৰ কূটনৈতিক সম্পৰ্ক নতুন হ’ব পাৰে, কিন্তু আমাৰ সভ্যতাৰ যোগাযোগ প্ৰাচীন কালৰ পৰাই আছিল। ফিলিপাইনছৰ ৰামায়ণ - মহাৰদিয়া লাৱানা-ই আমাৰ শতিকা পুৰণি সাংস্কৃতিক সম্পৰ্কৰ সাক্ষ্য বহন কৰে। এইমাত্ৰ মুকলি কৰা ডাক টিকটত দুয়োখন দেশৰ ৰাষ্ট্ৰীয় ফুলৰ প্ৰতিচ্ছবিয়ে আমাৰ বন্ধুত্বৰ গভীৰতাকে প্ৰতিফলিত কৰে।ভাৰত-মালদ্বীপৰ কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৬০ বছৰীয়া জয়ন্তী উপলক্ষে স্মাৰক ডাকটিকট মুকলি
July 25th, 09:08 pm
ভাৰত-মালদ্বীপৰ কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৬০ বছৰীয়া জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু মালদ্বীপ গণৰাজ্যৰ মহামহিম ৰাষ্ট্ৰপতি ড° মহম্মদ মুইজ্জুৱে স্মাৰক ডাকটিকট মুকলি কৰে।প্ৰধানমন্ত্ৰী আৰু মালদ্বীপৰ ৰাষ্ট্ৰপতিয়ে যৌথভাৱে উদ্বোধন কৰিলে মালদ্বীপৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ ভৱন
July 25th, 08:43 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু মালদ্বীপৰ মহামহিম ৰাষ্ট্ৰপতি ড° মহম্মদ মুইজ্জুৱে যৌথভাৱে আজি মালেত মালদ্বীপৰ অত্যাধুনিক প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ ভৱন উদ্বোধন কৰে।চিলিৰ ৰাষ্ট্ৰপতিৰ সৈতে যৌথ সংবাদমেলৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ অনুবাদ
April 01st, 12:31 pm
ৰাষ্ট্ৰপতি বৰিকৰ এয়া প্ৰথম ভাৰত ভ্ৰমণ। ভাৰতৰ প্ৰতি তেওঁৰ দৃঢ় বন্ধুত্ববোধ আৰু আমাৰ সম্পৰ্ক সুদৃঢ় কৰাৰ প্ৰতি তেওঁৰ দায়বদ্ধতা সঁচাকৈয়ে আচৰিত। ইয়াৰ বাবে মই তেওঁক আন্তৰিক অভিনন্দন জনাইছো, আৰু তেওঁক আৰু তেওঁৰ বিশিষ্ট প্ৰতিনিধি দলটোক উষ্ম আদৰণি জনাইছো।এই সপ্তাহত ভাৰতৰ ওপৰত বিশ্বৰ দৃষ্টি
March 20th, 12:22 pm
আকাশৰ পৰা সাগৰলৈকে, এআইৰ পৰা প্ৰাচীন শিল্পকৰ্মলৈকে এই সপ্তাহত ভাৰতে সম্প্ৰসাৰণ, অগ্ৰগতি আৰু সাহসী পদক্ষেপ গ্ৰহণ কৰিছে। এক দ্ৰুত উত্থানশীল বিমান উদ্যোগ, ভাৰত মহাসাগৰত এক বৈজ্ঞানিক ৰহস্য উদঘাটন, ঐতিহাসিক উপগ্ৰহ উৎক্ষেপণ আৰু এআই চাকৰিৰ উত্থান ইত্যাদিৰে ভাৰতে আত্মবিশ্বাসেৰে ভৱিষ্যতৰ দিশত অগ্ৰসৰ হৈছে। ইয়াৰ মাজতে আৰ্মেনিয়াৰ সৈতে সম্পৰ্ক গভীৰ হৈছে, এটা ডাঙৰ মহাকাশ প্ৰতিষ্ঠানে ভাৰতৰ উপকূলৰ ওপৰত চকু ৰাখিছে আৰু শিল্পীসকলে ঐতিহ্যমণ্ডিত খেলনা নিৰ্মাণত নতুন জীৱন প্ৰদান কৰিছে। ভাৰতৰ অদম্য উত্থানক সংজ্ঞায়িত কৰা কাহিনীবোৰৰ মাজত ডুব যাওঁ আহক৷