মালয়েছিয়াৰ প্ৰধানমন্ত্ৰীৰ সৈতে যুটীয়া প্ৰেছ বিবৃতিৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতি

February 08th, 08:35 am

পোনপ্ৰথমে মই মোৰ ঘনিষ্ঠ বন্ধু প্ৰধানমন্ত্ৰী আনৱাৰ ইব্ৰাহিমক উষ্ম আদৰণি জনোৱাৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। যোৱা বছৰ আছিয়ান সন্মিলনৰ বাবে মালয়েছিয়ালৈ যাব পৰা নাছিলো। কিন্তু মই মোৰ প্ৰিয় বন্ধুক প্ৰতিশ্ৰুতি দিছিলোঁ যে মই অতি সোনকালে মালয়েছিয়া ভ্ৰমণ কৰিম। আৰু আজি ২০২৬ চনৰ প্ৰথম বিদেশ ভ্ৰমণতে মই মালয়েছিয়াত উপস্থিত হ’লোঁ।

ভাৰতৰ প্ৰধানমন্ত্ৰীৰ মালয়েছিয়া ভ্ৰমণ উপলক্ষে ভাৰত-মালয়েছিয়াৰ যুটীয়া বিবৃতি

February 08th, 08:30 am

মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী মহামহিম দাটো’ ছেৰী আনৱাৰ ইব্ৰাহিমৰ আমন্ত্ৰণত ভাৰত গণৰাজ্যৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ৭ ফেব্ৰুৱাৰীৰ পৰা ৮ ফেব্ৰুৱাৰীলৈ মালয়েছিয়া ভ্ৰমণ কৰে। এই ভ্ৰমণে দুয়োখন দেশৰ মাজত সভ্যতাৰ সম্পৰ্কৰ ওপৰত আধাৰিত গভীৰ বন্ধুত্ব আৰু স্থায়ী জনসাধাৰণৰ মাজৰ সম্পৰ্কক প্ৰতিফলিত কৰিছিল। ই ভাৰত-মালয়েছিয়াৰ সৰ্বাংগীণ কৌশলগত অংশীদাৰিত্বক অধিক শক্তিশালী আৰু সম্প্ৰসাৰণৰ বাবে দুয়োগৰাকী নেতাৰ দায়বদ্ধতাক পুনৰ নিশ্চিত কৰে।

প্ৰধানমন্ত্ৰীয়ে মালয়েছিয়াত ভাৰতীয় সমাজক সম্বোধন কৰে

February 07th, 03:59 pm

সৰ্বপ্ৰথমে মোৰ প্ৰিয় বন্ধু, প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিমক এই সামূহিক উদযাপনত যোগদান কৰাৰ বাবে ধন্যবাদ জনাইছো। ভাৰত – মালয়েছিয়াৰ বন্ধুত্বৰ পৰিসৰ আৰু ভৱিষ্যতৰ সম্ভাৱনা সন্দৰ্ভত তেওঁৰ অতিশয় সাৱলীল বক্তব্যৰ বাবেও তেওঁক ধন্যবাদ জনাইছো।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মালয়েছিয়াৰ কুৱালালামপুৰত এক সামূহিক কাৰ্য্যসূচী সম্বোধন কৰে

February 07th, 03:15 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মালয়েছিয়াৰ কুৱালালামপুৰত এক সামূহিক কাৰ্য্যসূচী সম্বোধন কৰে। ইয়াত প্ৰধানমন্ত্ৰীয়ে কয় যে শুভেচ্ছাৰ উষ্মতাই উমৈহতীয়া সংস্কৃতিৰ সুন্দৰ বৈচিত্ৰ্যক প্ৰতিফলিত কৰিছে। তেওঁ তেওঁৰ প্ৰিয় বন্ধু, প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিমক এই সামূহিক উদযাপনত যোগদান কৰাৰ বাবে ধন্যবাদ জনায়। তেওঁ উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিমে তেওঁক আদৰিবলৈ বিমানবন্দৰলৈ গৈছিল আৰু নিজৰ গাড়ীৰে এই কাৰ্য্যসূচীলৈ আনিছে। “এই বিশেষ ইংগিতে ভাৰতৰ প্ৰতি আৰু আপোনালোক সকলোৰে প্ৰতি তেওঁৰ মৰম আৰু শ্ৰদ্ধাৰ মনোভাৱকে প্ৰতিফলিত কৰে”, শ্ৰী মোদীয়ে লগতে কয়।

নৱৰাত্ৰিৰ সময়ত দেৱী দুৰ্গাক পূজা কৰিলে মনলৈ অপৰিসীম শান্তি আহে: প্ৰধানমন্ত্ৰী

April 01st, 10:02 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে নৱৰাত্ৰিৰ সময়ত দেৱী মাক পূজা কৰিলে মনলৈ অপৰিসীম শান্তি আহে। তেওঁ লগতে পণ্ডিত ভীমসেন যোশীৰ এটা ভজনো শ্বেয়াৰ কৰে।

২৩.০২.২০২৫ত ‘মন কী বাত’ৰ ১১৯সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

February 23rd, 11:30 am

মন কী বাতলৈ সকলোকে স্বাগতম জনাইছো। বৰ্তমান চেম্পিয়নছ ট্ৰফী চলি আছে আৰু সকলোতে ক্ৰিকেটৰ এক পৰিৱেশ বিৰাজ কৰিছে। ক্ৰিকেটত এটা শতকৰ ৰোমাঞ্চৰ কথা আমি সকলোৱে কম বেছি পৰিমাণে জানো, কিন্তু আজি আমি ক্ৰিকেটৰ কথা নকওঁ, মহাকাশত ভাৰতে যি অসাধাৰণ শতক অৰ্জন কৰিছে, সেই অসাধাৰণ শতকৰ কথাহে আলোচনা কৰিম। যোৱা মাহত ইছৰোৰ ১০০সংখ্যক ৰকেট উৎক্ষেপণৰ সাক্ষী হৈছিল দেশবাসী। এয়া কেৱল এক সংখ্যা নহয়, ই মহাকাশ বিজ্ঞানত দৈনিক নতুন উচ্চতাত উপনীত হোৱাৰ আমাৰ সংকল্পক প্ৰতিফলিত কৰিছে। আমাৰ মহাকাশ যাত্ৰা অতি সহজভাৱে আৰম্ভ হৈছিল। প্ৰতিটো খোজতে প্ৰত্যাহ্বান আহিছিল যদিও আমাৰ বিজ্ঞানীসকলে সেই সকলোবোৰ বাধা অতিক্ৰম কৰি আগবাঢ়ি গ’ল। সময়ৰ লগে লগে এই মহাকাশ অভিযানসমূহত আমাৰ সফলতাৰ তালিকাখন দীঘলীয়া হৈ আহিল। উৎক্ষেপণ বাহনৰ নিৰ্মাণেই হওক, চন্দ্ৰযান, মংগল অৰ্বিটাৰ, আদিত্য এল-১ৰ সফলতাই হওক বা এটা ৰকেট ব্যৱহাৰ কৰি একে সময়তে ১০৪টা উপগ্ৰহ মহাকাশলৈ প্ৰেৰণৰ অভূতপূৰ্ব অভিযানেই হওক– ইছৰোৰ সাফল্য দিনক দিনে বাঢ়িছে। কেৱল যোৱা দহ বছৰত আন দেশৰ বহু উপগ্ৰহকে ধৰি প্ৰায় ৪৬০টা উপগ্ৰহ উৎক্ষেপণ কৰা হৈছে। শেহতীয়া সময়ৰ আন এটা বৈশিষ্ট্য হ’ল আমাৰ মহাকাশ বিজ্ঞানীৰ দলত মহিলাৰ অংশগ্ৰহণ অহৰহ বৃদ্ধি পাইছে। মহাকাশৰ ক্ষেত্ৰখন আজি আমাৰ যুৱক-যুৱতীসকলৰ বাবে অতি আকৰ্ষণীয় হৈ পৰা দেখি মই অতিশয় আনন্দিত হৈছো।

বিশিষ্ট নেপথ্য গায়ক শ্ৰী পি জয়চন্দ্ৰনৰ মৃত্যুত প্ৰধানমন্ত্ৰীয়ে শোক প্ৰকাশ কৰে

January 10th, 09:39 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিশিষ্ট নেপথ্য গায়ক শ্ৰী পি জয়চন্দ্ৰনৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি কয় যে বিভিন্ন ভাষাত তেওঁৰ প্ৰাণৱন্ত উপস্থাপনে অনাগত প্ৰজন্মসমূহৰো হৃদয় স্পৰ্শ কৰি থাকিব।

সংবিধান আমাৰ পথ প্ৰদৰ্শকঃ মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

December 29th, 11:30 am

‘মন কী বাত’ৰ এইটো খণ্ডত প্ৰধানমন্ত্ৰী মোদীয়ে ‘সংবিধানৰ ৭৫ সংখ্য বাৰ্ষিকী’ আৰু প্ৰয়াগৰাজত অনুষ্ঠিতব্য ‘মহাকুম্ভ’ৰ প্ৰস্তুতিকে ধৰি ভাৰতৰ সাফল্যসমূহৰ বিষয়ে উল্লেখ কৰে। তেওঁ ‘বস্তৰ অলিম্পিক’ৰ সফলতাৰ প্ৰশংসা কৰে আৰু ‘আয়ুষ্মান ভাৰত আঁচনি’ৰ অধীনত মেলেৰিয়া নিৰ্মূল আৰু কৰ্কট ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত হোৱা অগ্ৰগতিৰ দৰে গুৰুত্বপূৰ্ণ স্বাস্থ্য সফলতাৰ কথাও উল্লেখ কৰে। তদুপৰি, তেওঁ উৰিষ্যাৰ কালাহাণ্ডিত সম্পাদিত হোৱা কৃষি বিপ্লৱৰো প্ৰশংসা কৰে।

কিংবদন্তি তবলা বাদক ওস্তাদ জাকিৰ হুছেইনৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক

December 16th, 12:08 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কিংবদন্তি তবলা বাদক ওস্তাদ জাকিৰ হুছেইনৰ মৃত্যুত শোক প্ৰকাশ কৰে।

মন কী বাত: 'মোৰ প্ৰথম ভোট-দেশৰ বাবে'...নতুন ভোটদাতাসকলক তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

February 25th, 11:00 am

মোৰ প্ৰিয় দেশবাসী, আজি আমাৰ জীৱনত প্ৰযুক্তিৰ গুৰুত্ব বাঢ়িছে। মোবাইল ফোন আৰু ডিজিটেল গেজেট আমাৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ অংগ হৈ পৰিছে। কিন্তু আপোনালোকে জানেনে যে ডিজিটেল গেজেটৰ সহায়ত আমি এতিয়া বন্যপ্ৰাণীৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ সক্ষম হৈছো? কিছুদিন পিছত ৩ মাৰ্চত বিশ্ব বন্যপ্ৰাণী দিৱস পালন কৰা হ’ব। বন্যপ্ৰাণী সংৰক্ষণ সম্পৰ্কে সজাগতা প্ৰসাৰৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয়। এইবাৰ বিশ্ব বন্যপ্ৰাণী দিৱসৰ বিষয়বস্তুৱে ডিজিটেল উদ্ভাৱনক আগস্থানত ৰাখিছে। আপোনালোকে জানি আনন্দিত হ’ব যে আমাৰ দেশৰ বিভিন্ন প্ৰান্তত বন্যপ্ৰাণী সংৰক্ষণৰ বাবে প্ৰযুক্তিৰ ব্যাপক ব্যৱহাৰ হৈছে। চৰকাৰৰ প্ৰচেষ্টাৰ বাবেই যোৱা কেইবছৰমানৰ পৰা দেশত বাঘৰ সংখ্যা বৃদ্ধি পাইছে। মহাৰাষ্ট্ৰৰ চন্দ্ৰপুৰ বাঘ সংৰক্ষিত বনাঞ্চলত বাঘৰ সংখ্যা দুশ পঞ্চাশটাতকৈও অধিক হৈছে। চন্দ্ৰপুৰ জিলাত মানুহ-বাঘৰ সংঘাত হ্ৰাস কৰিবলৈ কৃত্ৰিম বুদ্ধিমত্তা গ্ৰহণ কৰা হৈছে। তাতে গাঁও আৰু বনাঞ্চলৰ সীমাত কেমেৰা স্থাপন কৰা হয়। যেতিয়াই গাঁৱৰ ওচৰলৈ বাঘ আহে, কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত স্থানীয় ৰাইজৰ মোবাইল ফোনলৈ সতৰ্কবাণী প্ৰেৰণ কৰা হয়। আজি এই বাঘ সংৰক্ষিত বনাঞ্চলৰ চাৰিওফালে থকা তেৰখন গাঁৱত এই ব্যৱস্থাই জনসাধাৰণৰ বাবে বহু উপকাৰ সাধন কৰিছে আৰু বাঘৰ সুৰক্ষা নিশ্চিত কৰিছে।

ভাৰত-ওমানৰ যৌথ সংগীত পৰিবেশনক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

January 30th, 10:17 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ওমানত থকা ভাৰতীয় দূতাবাসত পৰিবেশন কৰা গণৰাজ্য দিৱসৰ যৌথ ভাৰত-ওমান সংগীত পৰিবেশনক প্ৰশংসা কৰে।

প্ৰধানমন্ত্ৰীয়ে ওস্তাদ ৰশ্বিদ খানৰ মৃত্যুত শোক প্ৰকাশ কৰিছে

January 09th, 10:37 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতীয় শাস্ত্ৰীয় সংগীত জগতৰ এগৰাকী কিংবদন্তি ওস্তাদ ৰশ্বিদ খানৰ মৃত্যুত শোক প্ৰকাশ কৰে।

মধ্য প্ৰদেশৰ চিত্ৰকোটত অনুষ্ঠিত তুলসী পীঠ কাৰ্যসূচীত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ লিখিত ৰূপ

October 27th, 03:55 pm

চিত্ৰকূটৰ পবিত্ৰ ভূমিক পুনৰবাৰ প্ৰণাম জনাইছো। মই সৌভাগ্যৱান যে আজি দিনটোৰ ভিতৰত ভগৱান শ্ৰীৰামক বিভিন্ন মন্দিৰত দেখাৰ সুযোগ পালোঁ আৰু লগতে সন্তসকলৰ আশীৰ্বাদো পালোঁ। বিশেষকৈ জগদগুৰু ৰামভদ্ৰাচাৰ্য জীৰ পৰা পোৱা মৰমে মোক অভিভূত কৰিছে। সকলো পূজনীয় সাধু, আজি এই পবিত্ৰ স্থানত জগদগুৰু জীৰ পুথি সমূহ মুকলি কৰাৰ সুযোগ পাই মই অত্যন্ত সুখী। অষ্টাধ্যায়ী ভাষ্য, ৰামানন্দাচাৰ্য চৰিতম, আৰু ভগৱান শ্ৰীকৃষ্ণৰ ৰাষ্ট্ৰলীলা, এই সকলোবোৰ গ্ৰন্থই ভাৰতৰ মহান জ্ঞান পৰম্পৰাক আৰু অধিক সমৃদ্ধ কৰিব। এই গ্ৰন্থবোৰক জগদগুৰু জীৰ আশীৰ্বাদৰ আন এক ৰূপ বুলি গণ্য কৰোঁ। এই গ্ৰন্থসমূহ উন্মোচন হোৱাৰ বাবে আপোনালোক সকলোকে অভিনন্দন জনাইছো।

PM addresses programme at Tulsi Peeth in Chitrakoot, Madhya Pradesh

October 27th, 03:53 pm

PM Modi visited Tulsi Peeth in Chitrakoot and performed pooja and darshan at Kanch Mandir. Addressing the gathering, the Prime Minister expressed gratitude for performing puja and darshan of Shri Ram in multiple shrines and being blessed by saints, especially Jagadguru Rambhadracharya. He also mentioned releasing the three books namely ‘Ashtadhyayi Bhashya’, ‘Rambhadracharya Charitam’ and ‘Bhagwan Shri Krishna ki Rashtraleela’ and said that it will further strengthen the knowledge traditions of India. “I consider these books as a form of Jagadguru’s blessings”, he emphasized.

কাশী সাংসদ সাংস্কৃতিক মহোৎসৱ, ২০২৩ৰ সামৰণি আৰু বাৰাণসীৰ অটল আৱাসিক বিদ্যালয়ৰ উৎসৰ্গা অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

September 23rd, 08:22 pm

উত্তৰ প্ৰদেশৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথ জী, মঞ্চত উপৱিষ্ট সন্মানীয় অতিথিসকল, কাশী সাংসদ সাংস্কৃতিক মহোৎসৱৰ সতীৰ্থ অংশগ্ৰহণকাৰী আৰু ৰুদ্ৰাক্ষ কেন্দ্ৰত উপস্থিত মোৰ মৰমৰ কাশীৰ সতীৰ্থসকল!

উত্তৰ প্ৰদেশৰ বাৰাণসীত ‘কাশী সাংসদ সংস্কৃতিক মহোৎসৱ ২০২৩’ৰ সামৰণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে ভাষণ প্ৰদান কৰে

September 23rd, 04:33 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ বাৰাণসীৰ ‘ৰুদ্ৰাক্ষ আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আৰু সন্মিলন কেন্দ্ৰ’ত ‘কাশী সাংসদ সংস্কৃতিক মহোৎসৱ ২০২৩’ৰ সামৰণি অনুষ্ঠানত ভাষণ প্ৰদান কৰে। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে প্ৰায় ১১১৫ কোটি টকা ব্যয়েৰে সমগ্ৰ উত্তৰ প্ৰদেশত নিৰ্মিত ১৬খন ‘অটল আৱাসিক বিদ্যালয়’ উদ্বোধন কৰে। শ্ৰী মোদীয়ে কাশী সাংসদ খেল প্ৰতিযোগিতাৰ পঞ্জীয়নৰ বাবে যুগুতোৱা ‘পৰ্টেল’টো মুকলি কৰে। তেওঁ ‘কাশী সাংসদ সংস্কৃতিক মহোৎসৱ’ৰ বিজয়ীসকলক পুৰস্কাৰসমূহো প্ৰদান কৰে। প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানটোৰ পূৰ্বে ‘অটল আৱাসিক বিদ্যালয়’ৰ শিক্ষাৰ্থীসকলৰ সৈতে বাৰ্তালাপো কৰে।

কণ্ঠশিল্পী মুকেশৰ ১০০ সংখ্যক জন্ম জয়ন্তীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

July 22nd, 07:53 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় সংগীত জগতলৈ গায়ক মুকেশৰ অতুলনীয় অৰিহণাক স্মৰণ কৰিছে। আজি সুৰ সংগীতৰ বিশেষজ্ঞ শিল্পী গৰাকীৰ ১০০ সংখ্যক জন্ম জয়ন্তী।

প্ৰসিদ্ধ সন্তুৰ বিশাৰদ পণ্ডিত শিৱকুমাৰ শৰ্মাৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক

May 10th, 01:25 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰসিদ্ধ সন্তুৰ বাদক পণ্ডিত শিৱকুমাৰ শৰ্মাৰ দেহাৱসানত গভীৰ শোক প্ৰকাশ কৰিছে।

গ্ৰেমী বিজেতা ৰিকী কেজে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে

April 14th, 08:57 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গ্ৰেমী বিজেতা ভাৰতীয় সংগীতজ্ঞ ৰিকী কেজৰ সৈতে নিজৰ সাক্ষাতত প্ৰসন্নতা ব্যক্ত কৰিছে। ভৱিষ্যতৰ বাবে তেওঁক শুভকামনা জনাই প্রধানমন্ত্রীয়ে কয়, 'সংগীতৰ প্ৰতি আপোনাৰ অনুৰাগ তথা উৎসাহ আৰু বাঢ়ি গৈ আছে।'

PM congratulates Indian music composer, Ricky Kej on winning Grammy Award for album Divine Tides

April 04th, 06:34 pm

Prime Minister Narendra Modi has congratulated Indian music composer, Ricky Kej on winning the Grammy Award for his album Divine Tides.