Today, India is becoming the key growth engine of the global economy: PM Modi

December 06th, 08:14 pm

In his address at the Hindustan Times Leadership Summit, PM Modi highlighted India’s Quarter-2 GDP growth of over 8%, noting that today’s India is not only transforming itself but also transforming tomorrow. Criticising the use of the term “Hindu rate of growth,” he said India is now striving to shed its colonial mindset and reclaim pride across every sector. The PM appealed to all 140 crore Indians to work together to rid the country fully of the colonial mindset.

Prime Minister Shri Narendra Modi addresses the Hindustan Times Leadership Summit 2025 in New Delhi

December 06th, 08:13 pm

In his address at the Hindustan Times Leadership Summit, PM Modi highlighted India’s Quarter-2 GDP growth of over 8%, noting that today’s India is not only transforming itself but also transforming tomorrow. Criticising the use of the term “Hindu rate of growth,” he said India is now striving to shed its colonial mindset and reclaim pride across every sector. The PM appealed to all 140 crore Indians to work together to rid the country fully of the colonial mindset.

ভিডিঅ কনফাৰেন্সনিঙৰ জৰিয়তে হায়দৰাবাদৰ ছাফ্ৰান এয়াৰক্ৰাফ্ট ইঞ্জিন চাৰ্ভিচেছ ইণ্ডিয়াৰ প্ৰকল্প উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দিযা ভাষণৰ অসমীয়া

November 26th, 10:10 am

মোৰ সময় অলপ কম আছে , কাৰণ মই সংসদত উপস্থিত হ’ব লাগিব; মাননীয় ৰাষ্ট্ৰপতিৰ সৈতে এটা কাৰ্যসূচী আছে। সেয়ে দীঘলীয়াকৈ কথা নোকোৱাকৈয়ে ক্ষন্তেকতে কেইটামান কথা শ্বেয়াৰ কৰি মোৰ মন্তব্যৰ সামৰণি মাৰিম। আজিৰ পৰা ভাৰতৰ বিমান পৰিবহণ খণ্ডই নতুনকৈ এক গতি লাভ কৰিছে। ছাফ্ৰানৰ এই নতুন প্ৰকল্পই ভাৰতক বিশ্বব্যাপী এম আৰ অ’ হাব হিচাপে প্ৰতিষ্ঠা কৰাত সহায় কৰিব। এই এম আৰ অ’ সুবিধাই উচ্চ প্ৰযুক্তিৰ মহাকাশ জগতখনত যুৱক-যুৱতীসকলৰ বাবেও নতুন সুযোগৰ সৃষ্টি কৰিব। শেহতীয়াকৈ ২৪ নৱেম্বৰত ছাফ্ৰান ব’ৰ্ড আৰু মেনেজমেণ্টক লগ পাইছো, ইয়াৰ আগতেও লগ পাইছো। প্ৰতিটো আলোচনাতে ভাৰত সন্দৰ্ভত তেওঁলোকৰ আস্থা আৰু আশা দেখিছোঁ। মোৰ বিশ্বাস যে ভাৰতত ছাফ্ৰানৰ বিনিয়োগ একে গতিৰে চলি থাকিব৷ আজি এই প্ৰকল্পৰ বাবে টিম ছাফ্ৰানলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে হায়দৰাবাদত ছাফ্ৰান এয়াৰক্ৰাফ্ট ইঞ্জিন চাৰ্ভিচেছ ইণ্ডিয়া (এছ এ ই এছ আই) উদ্বোধন কৰে

November 26th, 10:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ জি এম আৰ এৰ’স্পেচ এণ্ড ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক-এছ ই জেডত অৱস্থিত ছাফ্ৰান এয়াৰক্ৰাফ্ট ইঞ্জিন চাৰ্ভিচেছ ইণ্ডিয়া (এছ এ ই এছ আই) উদ্বোধন কৰে। অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে, ‘ভাৰতৰ বিমান পৰিবহণ খণ্ডই আজিৰে পৰা এক নতুন উৰণ আৰম্ভ কৰিছে। ছাফ্ৰানৰ নতুন সুবিধাই ভাৰতক গোলকীয় ৰক্ষণাবেক্ষণ, মেৰামতি আৰু সম্পূৰ্ণভাৱে ৰূপান্তৰিত (এম আৰ অ’) কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰাত সহায় কৰিব।’ প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰি কয় যে এই এম আৰ অ’ সুবিধাই উচ্চ-প্ৰযুক্তিৰ এৰ’স্পেচ খণ্ডত যুৱক-যুৱতীসকলৰ বাবেও নতুন সুযোগ সৃষ্টি কৰিব। শ্ৰী মোদীয়ে স্মৰণ কৰে যে তেওঁ ২৪ নৱেম্বৰত ছাফ্ৰান ব’ৰ্ড এণ্ড মেনেজমেণ্টক সাক্ষাৎ কৰিছিল আৰু উল্লেখ কৰিছিল যে ইয়াৰ পূৰ্বেও তেওঁলোকৰ সৈতে হোৱা প্ৰতিটো আলোচনাত তেওঁ ভাৰতৰ প্ৰতি তেওঁলোকৰ আস্থা আৰু আশা প্ৰত্যক্ষ কৰিছিল। তেওঁ আশা প্ৰকাশ কৰে যে ভাৰতত ছাফ্ৰানৰ বিনিয়োগ একেই গতি অব্যাহত থাকিব। শুভেচ্ছা জনাই প্ৰধানমন্ত্ৰীয়ে এই নতুন সুবিধাৰ বাবে টিম ছাফ্ৰানক অভিনন্দন জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে ২৯ অক্টোবৰত মুম্বাই ভ্ৰমণ কৰিব

October 27th, 10:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৫-ৰ ২৯ অক্টোবৰত মুম্বাই ভ্ৰমণ কৰিব আৰু সেইদিনা বিয়লি প্ৰায় ৪:০০ বজাত তেখেতে মুম্বাইৰ নেস্কো প্ৰদৰ্শনী কেন্দ্ৰত অনুষ্ঠিত ইণ্ডিয়া মেৰিটাইম উইক, ২০২৫-ত মেৰিটাইম লীডাৰ্ছ কনক্লেভ সম্বোধন তথা গ্ল’বেল মেৰিটাইম চিইঅ’ ফ’ৰামৰ অধ্যক্ষতা কৰিব।

নতুন দিল্লীৰ ভাৰত মণ্ডপমত বিশ্ব খাদ্য ভাৰত ২০২৫ত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ

September 25th, 06:16 pm

ৰাছিয়াৰ উপ-প্ৰধানমন্ত্ৰী দিমিত্ৰী পাত্ৰুশ্বেভ, মোৰ কেন্দ্ৰীয় কেবিনেটৰ সহযোগী চিৰাগ পাছোৱান, ৰৱনীত জী, প্ৰতাপৰাও যাধৱ জী, বিভিন্ন দেশৰ সকলো মন্ত্ৰী, অন্যান্য প্ৰতিনিধি, অতিথি, ভদ্ৰমহিলাসকল !

বিশ্ব খাদ্য ভাৰত ২০২৫ ৰ ভাষণ প্ৰদান কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে

September 25th, 06:15 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত বিশ্ব খাদ্য ভাৰত ২০২৫ অনুষ্ঠানত ভাষণ দিয়ে। এই উপলক্ষে ভাষণ আগবঢ়াই প্ৰধানমন্ত্ৰীয়ে কয় যে কৃষক, উদ্যোগী, বিনিয়োগকাৰী, উদ্ভাৱক, আৰু গ্ৰাহক সকলোৱে একেলগে একেস্থানত উপস্থিত হৈ বিশ্ব খাদ্য ভাৰতক নতুন যোগাযোগ, নতুন সংযোগ, আৰু সৃষ্টিশীলতাৰ মঞ্চ কৰি তুলিছে। তেওঁ কয় যে তেওঁ অলপ আগতে প্ৰদৰ্শনীসমূহ ভ্ৰমণ কৰিছে । তেওঁ সেয়া দৰ্শন কৰি সুখ প্ৰকাশ কৰে যে তাত প্ৰাথমিক গুৰুত্ব পুষ্টি, তেলৰ ব্যৱহাৰ হ্ৰাস কৰা আৰু পেকেটত ভৰোৱা সামগ্ৰীৰ স্বাস্থ্যসন্মততা বৃদ্ধি কৰাৰ বিষয়ত গুৰুত্ব আৰোপ কৰা হৈছে । প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানত অংশগ্ৰহণ কৰা সকলোকে অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে।

মেক ইন ইণ্ডিয়া পদক্ষেপৰ ১১ বছৰ সম্পূৰ্ণ হোৱাত আনন্দিত প্ৰধানমন্ত্ৰী

September 25th, 01:01 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মেক ইন ইণ্ডিয়া পদক্ষেপৰ একাদশ বৰ্ষপূৰ্তি উপলক্ষে ভাৰতৰ অৰ্থনৈতিক পৰিৱেশ আৰু ঔদ্যোগীকৰণৰ পৰিস্থিতিতন্ত্ৰত ইয়াৰ পৰিৱৰ্তনশীল প্ৰভাৱক লৈ আনন্দ প্ৰকাশ কৰে। শ্ৰী মোদীয়ে ভাৰতীয় উদ্যোগীসকলক মেক ইন ইণ্ডিয়াই প্ৰদান কৰা প্ৰেৰণা আৰু ইয়াৰ বৈশ্বিক প্ৰভাৱৰ প্ৰশংসা কৰে।

জাহাজ নিৰ্মাণ, সামুদ্ৰিক বিত্ত যোগান আৰু ঘৰুৱা সামৰ্থ্য শক্তিশালী কৰাৰ বাবে ব্যাপক ৪-স্তম্ভৰ দৃষ্টিভংগী

September 24th, 03:08 pm

সামুদ্ৰিক খণ্ডৰ কৌশলগত আৰু অৰ্থনৈতিক গুৰুত্ব স্বীকাৰ কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে আজি ভাৰতৰ জাহাজ নিৰ্মাণ আৰু সামুদ্ৰিক পৰিৱেশ তন্ত্ৰক পুনৰুজ্জীৱিত কৰাৰ বাবে ৬৯,৭২৫কোটি টকাৰ এক ব্যাপক পেকেজত অনুমোদন জনাইছে। এই পেকেজৰ জৰিয়তে ঘৰুৱা ক্ষমতা শক্তিশালী কৰা, দীৰ্ঘম্যাদী বিত্তীয় উন্নয়ন, গ্ৰীণফিল্ড আৰু ব্ৰাউনফিল্ড শ্বিপয়াৰ্ড উন্নয়নৰ সংবৰ্ধন, কাৰিকৰী ক্ষমতা তথা দক্ষতা বৃদ্ধি আৰু এক শক্তিশালী সামুদ্ৰিক আন্তঃগাঁথনি সৃষ্টিৰ বাবে আইনী, কৰ আৰু নীতিগত সংস্কাৰ ৰূপায়ণৰ উদ্দেশ্যে প্ৰস্তুত কৰা চাৰিটা স্তম্ভৰ দৃষ্টিভংগীৰ সূচনা কৰা হৈছে।

ভাৰতৰ জনস্বাস্থ্য আৰু পুষ্টি পৰিৱেশ তন্ত্ৰ শক্তিশালী কৰাৰ ক্ষেত্ৰত নেক্সটজেন জি এছ টি সংস্কাৰৰ পৰিৱৰ্তনশীল প্ৰভাৱৰ বিষয়ত প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে

September 04th, 09:01 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতৰ জনস্বাস্থ্য আৰু পুষ্টিৰ পৰিৱেশ তন্ত্ৰক শক্তিশালী কৰাৰ ক্ষেত্ৰত #নেক্সটজেন জি এছ টি সংস্কাৰৰ পৰিৱৰ্তনশীল প্ৰভাৱৰ বিষয়ত আলোকপাত কৰে। অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী, ৰন্ধা-বঢ়াৰ প্ৰয়োজনীয় সামগ্ৰী আৰু প্ৰ'টিন সমৃদ্ধ সামগ্ৰীৰ ওপৰত কৰ হাৰ হ্ৰাস কৰা সংস্কাৰে সমগ্ৰ দেশৰ পৰিয়ালসমূহৰ বাবে সুলভ মূল্য তথা খাদ্যৰ সুবিধা উন্নত কৰাত প্ৰত্যক্ষভাৱে অৰিহণা যোগাব।

নেক্সটজেন জিএছটি সংস্কাৰে দুগ্ধ উৎপাদকসকলক সবলীকৰণ কৰাৰ লগতে গ্ৰাম্য অৰ্থনীতিক শক্তিশালী কৰিব: প্ৰধানমন্ত্ৰী

September 04th, 08:43 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতৰ দুগ্ধ উৎপাদক আৰু গ্ৰাম্য অৰ্থনীতিৰ প্ৰতি চৰকাৰৰ অটল দায়বদ্ধতাৰ কথা পুনৰ দৃঢ়তাৰে কয়। প্ৰধানমন্ত্ৰীয়ে পুষ্টি সুৰক্ষা নিশ্চিত কৰা আৰু সৰ্বাংগীন বৃদ্ধিৰ ক্ষেত্ৰত তেওঁলোকৰ গুৰুত্বপূৰ্ণ ভূমিকাক স্বীকৃতি দিয়ে।

জাপানৰ প্ৰিফেকচাৰৰ গৱৰ্ণৰসকলৰ সৈতে মত বিনিময় অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীৰ বক্তব্য

August 30th, 08:00 am

আজি আপোনালোক সকলোৰে সৈতে মিলিত হৈ আনন্দিত হৈছো। আপোনালোক সকলোৱে জাপানৰ বৈচিত্ৰ্য আৰু শক্তিৰ এক জীৱন্ত উদাহৰণ।

পৰৱৰ্তী দশকৰ বাবে ভাৰত - জাপানৰ যৌথ দৃষ্টিভংগী: বিশেষ কৌশলগত আৰু বিশ্বজোৰা অংশীদাৰিত্ব পৰিচালনাৰ বাবে আঠটা দিশ

August 29th, 07:11 pm

ভাৰত আৰু জাপানৰ মাজত আইনগত প্ৰশাসনৰ ভেটিত থকা মুক্ত, স্বতন্ত্ৰ, শান্তিপূৰ্ণ আৰু সমৃদ্ধিশালী ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ এক উমৈহতীয়া দৃষ্টিভংগী আছে। সম্পদ, প্ৰযুক্তি, আৰু প্ৰতিযোগিতামূলক ক্ষমতাৰ পৰিপূৰক শক্তি, আৰু বন্ধুত্ব তথা সদিচ্ছাৰ সুদীৰ্ঘ পৰম্পৰাৰে সৈতে, দুয়োখন ৰাষ্ট্ৰই অনাগত দশকত বিশ্বজোৰা উপলব্ধ পৰিৱৰ্তন আৰু সুযোগসমূহ যৌথভাৱে ব্যৱহাৰ কৰিবলৈ বিচাৰে। এই অংশীদাৰিত্বৰ লক্ষ্য হৈছে প্ৰতিখন দেশৰ ঘৰুৱা লক্ষ্যক সমৰ্থন কৰাৰ লগতে তেওঁলোকৰ জনগোষ্ঠী আৰু ভৱিষ্যত প্ৰজন্মক পূৰ্বতকৈ অধিক ওচৰ চপাই অনা।

পিএম ষ্ট্ৰীট ভেণ্ডৰ আত্মনিৰ্ভৰ নিধি (পিএম স্বনিধি) আঁচনিৰ পুনৰ গঠন আৰু ২০২৪ চনৰ ৩১ ডিচেম্বৰৰ পিছত ঋণৰ কাৰ্যকাল বৃদ্ধিত অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ

August 27th, 02:49 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে ‘প্ৰধানমন্ত্ৰী ষ্ট্ৰীট ভেণ্ডৰ আত্মনিৰ্ভৰ নিধি (পিএম স্বনিধি) আঁচনি’ৰ পুনৰ গঠন আৰু ২০২৪ চনৰ ৩১ ডিচেম্বৰৰ পিছত ঋণৰ সময়সীমা বৃদ্ধিৰ বাবে অনুমোদন জনাইছে।এই ঋণৰ সময়সীমা এতিয়া ২০৩০ চনৰ ৩১ মাৰ্চলৈ বৃদ্ধি কৰা হৈছে।এই আঁচনিৰ মুঠ ব্যয় হৈছে ৭,৩৩২ টকা কোটি টকা। পুনৰ গঠিত আঁচনিখনৰ জৰিয়তে ৫০ লাখ নতুন হিতাধিকাৰীকে ধৰি ১.১৫ কোটি হিতাধিকাৰীক উপকৃত কৰাৰ লক্ষ্য লোৱা হৈছে।

৬ আগষ্টত প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব কৰ্তব্য ভৱন

August 04th, 05:44 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৬ আগষ্টৰ দিনা দিনৰ ১২:১৫ বজাত দিল্লীৰ কৰ্তব্য পথত কৰ্তব্য ভৱন পৰিদৰ্শন কৰিব আৰু ভৱনটো আনুষ্ঠানিকভাবে উদ্বোধন কৰিব। ইয়াৰ পিছত প্ৰধানমন্ত্ৰীয়ে সন্ধিয়া প্ৰায় ৬:৩০ বজাত কৰ্তব্য পথৰ ৰাজহুৱা কাৰ্যসূচীত ভাষণ আগবঢ়াব।

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০তকৈ অধিক প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

July 12th, 11:30 am

কেন্দ্ৰীয় চৰকাৰৰ যুৱক-যুৱতীসকলক স্থায়ী চাকৰি প্ৰদানৰ বাবে আমাৰ অভিযান অব্যাহত আছে। আৰু আমাৰ পৰিচয়, কাৰো পৰামৰ্শ অবিহনে বা ব্যয় নোহোৱাকৈ কৰা। আজি ৫১ হাজাৰৰো অধিক যুৱক-যুৱতীক নিযুক্তি পত্ৰ দিয়া হৈছে। এনে নিয়োগ মেলাৰ জৰিয়তে এতিয়ালৈকে লাখ লাখ যুৱকে ভাৰত চৰকাৰত স্থায়ী চাকৰি লাভ কৰিছে। এতিয়া এই যুৱক-যুৱতীসকলে ৰাষ্ট্ৰ নিৰ্মাণত ডাঙৰ ভূমিকা পালন কৰিছে। আজিও আপোনালোকৰ বহুতেই ভাৰতীয় ৰে’লৱেত নিজৰ কৰ্তব্য আৰম্ভ কৰিছে, বহু বন্ধু এতিয়া দেশৰ নিৰাপত্তাৰক্ষী হ'ব, ডাক বিভাগত নিযুক্ত বন্ধুৱে প্ৰতিখন গাওঁলৈ চৰকাৰৰ সা-সুবিধাসমূহ যোগান ধৰিব, কিছুমান বন্ধু হ'ব হেল্থ ফৰ অল মিছনৰ যোদ্ধা, বহু যুৱকে আৰ্থিক অন্তৰ্ভুক্তিৰ ইঞ্জিন আৰু অধিক দ্ৰুত কৰিব আৰু বহু বন্ধুৱে ভাৰতৰ ঔদ্যোগিক উন্নয়নত নতুন গতি দিব। আপোনাৰ বিভাগবোৰ বেলেগ বেলেগ, কিন্তু লক্ষ্য এটা আৰু সেই লক্ষ্য কি, আমি বাৰে বাৰে মনত ৰাখিব লাগিব, আমাৰ লক্ষ্য এটাই। বিভাগ যিয়েই নহওক, কাম যিয়েই নহওক কিয়, পদ যিয়েই নহওক কিয়, অঞ্চল যিয়েই নহওক কিয়, লক্ষ্য এটাই-ৰাষ্ট্ৰীয় সেৱা। সূত্ৰটো এটা-নাগৰিক প্ৰথম। দেশৰ জনসাধাৰণৰ সেৱা কৰিবলৈ আপুনি বহুত ডাঙৰ মঞ্চ পাইছে। জীৱনৰ এই গুৰুত্বপূৰ্ণ পৰ্যায়ত ইমান ডাঙৰ সফলতা লাভ কৰাৰ বাবে আপোনালোক সকলো যুৱক-যুৱতীলৈ অভিনন্দন জনাইছো। এই নতুন যাত্ৰাৰ বাবে আন্তৰিক শুভেচ্ছা জনালোঁ।

ৰোজগাৰ মেলাত ভাষণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

July 12th, 11:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰোজগাৰ মেলাত আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ভাষণ প্ৰদান কৰাৰ লগতে বিভিন্ন চৰকাৰী বিভাগ আৰু প্ৰতিষ্ঠানৰ নৱনিযুক্ত যুৱক-যুৱতীসকলক ৫১,০০০ৰো অধিক নিযুক্তি পত্ৰ বিতৰণ কৰে। সভাত আগবঢ়োৱা ভাষণত তেওঁ দৃঢ়তাৰে কয় যে আজি ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত নিযুক্তি পোৱা এই যুৱক-যুৱতীসকলৰ নতুন দায়িত্ব আৰম্ভ হৈছে। তেওঁ যুৱক-যুৱতীসকলক বিভিন্ন বিভাগত চাকৰি আৰম্ভ কৰাৰ বাবে অভিনন্দন জনাই এই কথাত গুৰুত্ব আৰোপ কৰে যে বিভিন্ন ভূমিকা সত্ত্বেও তেওঁলোকৰ উমৈহতীয়া লক্ষ্য হৈছে নাগৰিক প্ৰথম নীতিৰ দ্বাৰা পৰিচালিত ৰাষ্ট্ৰীয় সেৱা।

PM reaffirms commitment to furthering research and innovation ecosystems for the benefit of India’s youth

June 19th, 01:57 pm

Prime Minister Shri Narendra Modi today welcomed the QS World University Rankings 2026 as a testament to India’s growing stature in global education and research. He reaffirmed the government’s commitment to furthering research and innovation ecosystems for the benefit of India’s youth.

প্ৰধানমন্ত্ৰীয়ে প্ৰগতি বৈঠকৰ অধ্যক্ষতা কৰে

May 28th, 09:10 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সৈতে জড়িত প্ৰ’-এক্টিভ গভৰ্নেন্স আৰু সময়মতে ৰূপায়ণৰ বাবে আইচিটি ভিত্তিক বহুমৌলিক মঞ্চ PRAGATI বৈঠক অনুষ্ঠিত হয়। বৈঠকৰ সময়ত প্ৰধানমন্ত্ৰীয়ে বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত অৱস্থিত পথ পৰিবহণ, শক্তি, আৰু জলসম্পদ খণ্ডক সামৰি লোৱা ৬২ হাজাৰ কোটিতকৈ অধিক সঞ্চিত ব্যয়ৰ তিনিটা বৃহৎ আন্তঃগাঁথনি প্ৰকল্পৰ পৰ্যালোচনা কৰে। এই প্ৰকল্পসমূহৰ কৌশলগত গুৰুত্বৰ ওপৰত আলোকপাত কৰি তেওঁ ৰূপায়ণৰ প্ৰতিবন্ধকতাসমূহ দূৰ কৰি সময়মতে সম্পূৰ্ণ হোৱাটো নিশ্চিত কৰাৰ বাবে একত্ৰিত প্ৰচেষ্টাৰ আহ্বান জনায়।

২৯ এপ্ৰিলত YUGM Conclave ত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে

April 28th, 07:07 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৯ এপ্ৰিলৰ পুৱা প্ৰায় ১১ বজাত নতুন দিল্লীৰ ভাৰত মাণ্ডপামত YUGM Conclave ত অংশগ্ৰহণ কৰিব।তেওঁ লগতে এই উপলক্ষে সভাত ভাষণো দিব।YUGM (সংস্কৃতত ইয়াৰ অৰ্থ “সংগম”) হৈছে চৰকাৰ, শিক্ষা, উদ্যোগ, আৰু উদ্ভাৱন পৰিৱেশ তন্ত্ৰৰ নেতাসকলে অংশ ল’বলগীয়া প্ৰথম কৌশলগত সন্মিলন। ৱাধৱনী ফাউণ্ডেশ্যন আৰু চৰকাৰী প্ৰতিষ্ঠানৰ যৌথ বিনিয়োগেৰে প্ৰায় ১৪০০ কোটি টকাৰ সহযোগিতামূলক প্ৰকল্পৰ দ্বাৰা পৰিচালিত ভাৰতৰ উদ্ভাৱন যাত্ৰাত ই অৰিহণা যোগাব।