২০২৬ চনৰ কমনৱেলথ গেমছত ভাৰতীয় দলৰ প্ৰদৰ্শনত গৌৰৱ প্ৰকাশ প্ৰধানমন্ত্ৰীৰ

August 03rd, 09:55 am

গ্লাছগোত অনুষ্ঠিত ২০২৬ চনৰ কমনৱেলথ গেমছত ভাৰতীয় দলৰ প্ৰদৰ্শনত গৌৰৱ প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

প্ৰধানমন্ত্ৰীয়ে কমনৱেলথ গেমছ গ্লাছগো ২০২৬ৰ বাবে ভাৰতীয় দলটোক শুভেচ্ছা জনাইছে

July 24th, 12:00 pm

কমনৱেলথ গেমছ গ্লাছগো ২০২৬ আৰম্ভ হোৱাৰ পিছতে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় দলটোক শুভেচ্ছা জ্ঞাপন কৰে। শ্ৰী মোদীয়ে আস্থা প্ৰকাশ কৰে যে খেলুৱৈসকলে আবেগ, দৃঢ়তা, আৰু উৎকৃষ্টতাৰ মনোভাৱেৰে এই গেমছত অংশগ্ৰহণ কৰিব।প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে খেলুৱৈসকলৰ দক্ষতা আৰু নিষ্ঠাই সদায় অগণন ভাৰতীয়ক অনুপ্ৰাণিত কৰে।

২০২৬ চনৰ ৫৬সংখ্যক আন্তঃৰাষ্ট্ৰীয় পদাৰ্থ বিজ্ঞান অলিম্পিয়াডত (আই পি এইচ অ') স্বৰ্ণ বিজয়ী ভাৰতীয় দলটোক প্ৰধানমন্ত্ৰীৰ অভিনন্দন

July 13th, 01:13 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কলম্বিয়াৰ বুকাৰামঙ্গাত অনুষ্ঠিত ২০২৬ চনৰ ৫৬ সংখ্যক আন্তঃৰাষ্ট্ৰীয় পদাৰ্থ বিজ্ঞান অলিম্পিয়াডত সোণৰ পদক লাভ কৰাৰ বাবে কনিষ্ক জৈন, ৰিদ্ধেশ অনন্ত বেণ্ডালে, ঋষিত গাৰ্গ, শ্ৰেষ্ঠ সুৰাইয়া আৰু স্বৰিত যোশীৰ ভাৰতীয় দলটোক অভিনন্দন জনাইছে।

বিশ্ব পেৰা-এথলেটিকছ চেম্পিয়নশ্বিপ ২০২৫ত ঐতিহাসিক প্ৰদৰ্শনৰ বাবে ভাৰতীয় দলটোক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

October 06th, 04:28 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত অনুষ্ঠিত বিশ্ব পেৰা-এথলেটিকছ চেম্পিয়নশ্বিপ ২০২৫ত ঐতিহাসিক প্ৰদৰ্শনৰ বাবে ভাৰতীয় পেৰা-এথলীট দলটোক প্ৰশংসা কৰে। দেশৰ পেৰা-ক্ৰীড়া যাত্ৰাত এক নতুন মাইলৰ খুঁটি হিচাপে চিহ্নিত কৰি ৬ টা স্বৰ্ণপদককে ধৰি ২২ টা পদক লাভ কৰি ভাৰত এই প্ৰতিযোগিতাত সৰ্বশ্ৰেষ্ঠ পদক তালিকাত অন্তৰ্ভুক্ত হয়। শ্ৰী মোদীয়ে লগতে প্ৰথমবাৰৰ বাবে ভাৰতে এই সন্মানীয় আন্তৰ্জাতিক অনুষ্ঠানৰ আয়োজন কৰাত গৌৰৱ প্ৰকাশ কৰে।

২০২৫ চনৰ এছিয়ান এথলেটিকছ চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰা ভাৰতীয় দলক তেওঁলোকৰ অসাধাৰণ প্ৰদৰ্শনৰ বাবে অভিনন্দন জনালে প্ৰধানমন্ত্ৰীয়ে

June 02nd, 03:01 pm

শেহতীয়াকৈ দক্ষিণ কোৰিয়াত অনুষ্ঠিত হোৱা ২০২৫ চনৰ এছিয়ান এথলেটিকছ চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰা ভাৰতীয় দলটোক প্ৰশংসা কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।সমগ্ৰ প্ৰতিযোগিতাখনত প্ৰতিগৰাকী খেলুৱৈৰ কঠোৰ পৰিশ্ৰম আৰু দৃঢ়তা স্পষ্টভাৱে প্ৰতিফলিত হৈছিল, শ্ৰী মোদীয়ে কয়।

প্ৰধানমন্ত্ৰীয়ে ছেপাক টাক্ৰ বিশ্ব কাপ, ২০২৫-ত ভাৰতৰ প্ৰথমটো স্বৰ্ণ জয়ৰ বাবে পুৰুষৰ ৰেগু টীমক অভিনন্দন জনায়

March 26th, 03:59 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছেপাক টাক্ৰ বিশ্ব কাপ, ২০২৫-ত অসাধাৰণ প্ৰদৰ্শনৰ বাবে ভাৰতীয় ছেপাক টাক্ৰ টীমটোক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। তেখেতে লগতে এই ক্ৰীড়াত ভাৰতলৈ প্ৰথমটো সোণৰ পদক কঢ়িয়াই অনাৰ বাবেও টীমটোক প্ৰশংসা কৰে।

বিশেষ অলিম্পিক বিশ্ব শীতকালীন ক্ৰীড়াত ৩৩ টা পদক জয়ী ভাৰতীয় দলক প্ৰধানমন্ত্ৰীৰ অভিনন্দন

March 18th, 02:40 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইটালীৰ টুৰিনত অনুষ্ঠিত বিশেষ অলিম্পিক বিশ্ব শীতকালীন ক্ৰীড়া ২০২৫ত ভাৰতীয় খেলুৱৈসকলৰ অসাধাৰণ প্ৰদৰ্শনক প্ৰশংসা কৰে। ভাৰতীয় দলটোৱে ৩৩ টা পদক লাভ কৰি বিশ্ব পৰ্যায়ত দেশক গৌৰৱান্বিত কৰিছে।

২০২৪ চনৰ দশম এছিয়া পেচিফিক ডীফ গেমছত ভাৰতীয় দলটোক ঐতিহাসিক প্ৰদৰ্শনৰ বাবে প্ৰধানমন্ত্ৰীৰ অভিনন্দন

December 10th, 08:19 pm

আজি কুৱালালামপুৰত অনুষ্ঠিত হোৱা দশম এছিয়া পেচিফিক ডীফ গেমছ ২০২৪ত ভাৰতীয় দলটোক ঐতিহাসিক প্ৰদৰ্শনৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জ্ঞাপন কৰে।