ভাৰত আৰু গ্ৰেট ব্ৰিটেইনৰ ব্যৱসায়িক মুৰব্বীসকলৰ সৈতে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক
July 24th, 07:38 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু গ্ৰেট ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ছাৰ কেইৰ ষ্টাৰমাৰে ঐতিহাসিক ভাৰত– ব্ৰিটেইনৰ ব্যাপক অৰ্থনৈতিক আৰু বাণিজ্য চুক্তি [চিইটিএ] স্বাক্ষৰ কৰাৰ পিছত আজি ভাৰত আৰু ব্ৰিটেইনৰ ব্যৱসায়িক মুৰব্বীসকলক সাক্ষাৎ কৰে। বৈঠকত স্বাস্থ্য, ঔষধ, ৰত্ন আৰু গহনা, অ’টোমোবাইল, শক্তি, উৎপাদন, টেলিকম, প্ৰযুক্তি, আই টি, লজিষ্টিক, বস্ত্ৰশিল্প আৰু বিত্তীয় সেৱা খণ্ডৰ দুয়োপক্ষৰ অগ্ৰণী উদ্যোগৰ মুৰব্বীসকল উপস্থিত থাকে। এই খণ্ডসমূহে দুয়োখন দেশৰ নিয়োগ সৃষ্টি আৰু সৰ্বাংগীন অৰ্থনৈতিক উন্নয়নত যথেষ্ট অৰিহণা যোগায়।ভাৰত-ইউকে ভিজন ২০৩৫
July 24th, 07:12 pm
ভাৰত আৰু যুক্তৰাজ্যৰ প্ৰধানমন্ত্ৰীয়ে, ২০২৫ চনৰ ২৪ জুলাইত লণ্ডনত হোৱা তেওঁলোকৰ বৈঠকৰ সময়ত নতুন ভাৰত-ইউকে ভিজন ২০৩৫ৰ প্ৰতি সমৰ্থন আগবঢ়ায় যিয়ে এক পুনৰুজ্জীৱিত অংশীদাৰিত্বৰ সম্পূৰ্ণ সম্ভাৱনা মুকলি কৰাৰ বাবে তেওঁলোকৰ উমৈহতীয়া প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰে। এই উচ্চাকাংক্ষী আৰু ভৱিষ্যৎ-কেন্দ্ৰিক চুক্তিয়ে দুয়োখন দেশৰ পাৰস্পৰিক বৃদ্ধি, সমৃদ্ধিৰ বাবে একেলগে কাম কৰাৰ লগতে দ্ৰুত গোলকীয় পৰিৱৰ্তনৰ এই সময়ত এখন সমৃদ্ধিশালী, নিৰাপদ আৰু বহনক্ষম পৃথিৱী গঢ় দিয়াৰ সংকল্প আলোকপাত কৰে।গ্ৰেট ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ সৈতে যুটীয়া সংবাদমেলত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ অসমীয়া অনুবাদ
July 24th, 04:20 pm
প্ৰথমে প্ৰধানমন্ত্ৰী ষ্টাৰমাৰক তেওঁৰ উষ্ম আদৰণিৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। আজি আমাৰ সম্পৰ্কৰ এক ঐতিহাসিক দিন। বহু বছৰৰ কঠোৰ পৰিশ্ৰমৰ অন্তত আজি দুয়োখন দেশৰ মাজত সৰ্বাংগীন অৰ্থনৈতিক আৰু বাণিজ্য চুক্তি সম্পাদিত হোৱাত মই সুখী অনুভৱ কৰিছোঁ।ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰৰে সৈতে বৈঠকৰ সময়ত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ অসমীয়া অনুবাদ
July 24th, 04:00 pm
এই আদৰণিৰ বাবে, এই ভব্য সন্মানৰ বাবে আৰু আজি আমি চেকাৰ্ছত এক নতুন ইতিহাস সৃষ্টি কৰিবলৈ ওলাইছো আৰু ভাৰত আৰু ব্ৰিটেইনে একেলগে নতুন ইতিহাসৰ ভেটি গঢ়িছে।গ্ৰেট ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰে প্ৰধানমন্ত্ৰীৰ বৈঠক
July 24th, 03:59 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ২৩-২৪ জুলাই, ২০২৫লৈ গ্ৰেট ব্ৰিটেইন ভ্ৰমণৰ সময়ত গ্ৰেট ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ছাৰ কেইৰ ষ্টাৰমাৰৰ সৈতে বৈঠকত মিলিত হয়। বাকিংহামশ্বাৰৰ চেকাৰছত থকা ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ বাসগৃহত উপস্থিত হোৱাৰ লগে লগে তেওঁক প্ৰধানমন্ত্ৰী ষ্টাৰমাৰে উষ্ম আদৰণি জনায়। দুয়োগৰাকী নেতাই পাৰস্পৰিক বৈঠকৰ লগতে প্ৰতিনিধি পৰ্যায়ৰ আলোচনাতো মিলিত হয়।PM Modi arrives in London, United Kingdom
July 24th, 12:15 pm
Prime Minister Narendra Modi arrived in United Kingdom a short while ago. In United Kingdom, PM Modi will hold discussions with UK PM Starmer on India-UK bilateral relations and will also review the progress of the Comprehensive Strategic Partnership.প্ৰধানমন্ত্ৰীৰ গ্ৰেট ব্ৰিটেইন আৰু মালদ্বীপ ভ্ৰমণ (২৩ – ২৬ জুলাই, ২০২৫)
July 20th, 10:49 pm
২৩–২৬ জুলাইলৈ প্ৰধানমন্ত্ৰী মোদীয়ে ব্ৰিটেইন আৰু মালদ্বীপ ভ্ৰমণ কৰিব।প্ৰধানমন্ত্ৰী ষ্টাৰমাৰৰ সৈতে তেওঁ ব্যাপক আলোচনা কৰাৰ লগতে তেওঁলোকে চিএছপিৰ অগ্ৰগতিও পৰ্যালোচনা কৰিব। প্ৰধানমন্ত্ৰী মোদীয়ে ২৬ জুলাইত মালদ্বীপৰ স্বাধীনতাৰ ৬০বছৰীয়া জয়ন্তী উদযাপনত ‘সন্মানীয় অতিথি’ হিচাপে উপস্থিত থাকিব। মালদ্বীপৰ ৰাষ্ট্ৰপতি মুইজুক সাক্ষাৎ কৰি পাৰস্পৰিক স্বাৰ্থজড়িত বিষয়ত আলোচনা কৰিব।