ছুইডেনৰ প্ৰধানমন্ত্ৰীৰ সৈতে দ্বিপাক্ষিক আলোচনা প্ৰধানমন্ত্ৰীৰ
May 18th, 12:10 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ছুইডেনৰ গোথেনবাৰ্গত দেশখনৰ প্ৰধানমন্ত্ৰী উল্ফ ক্ৰিষ্টাৰছনৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। বৈঠকত ছুইডেনৰ ৰাজকুমাৰী ভিক্টোৰিয়াইও অংশগ্ৰহণ কৰে আৰু দেশখনৰ ৰজা কাৰ্ল ষষ্ঠদশ গুস্তাফ আৰু ৰাণী চিলভিয়াৰ শুভেচ্ছা জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে দেশখনৰ ৰজাৰ ৮০ সংখ্যক জন্মদিন উপলক্ষে তেওঁলৈ শুভেচ্ছা জ্ঞাপন কৰে।ছুইডেনত ৰয়েল অৰ্ডাৰ অৱ দ্য প'লাৰ ষ্টাৰ, ডিগ্ৰী কমাণ্ডাৰ গ্ৰেণ্ড ক্ৰছ গ্ৰহণ প্ৰধানমন্ত্ৰীৰ
May 17th, 11:13 pm
গোথেনবাৰ্গত আয়োজিত এক বিশেষ অনুষ্ঠানত ছুইডেনৰ ৰাজকুমাৰী ভিক্টোৰিয়াই প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক অষ্টাদশ শতিকাত প্ৰতিষ্ঠা কৰা ছুইডেনৰ আটাইতকৈ প্ৰাচীন আৰু বিশিষ্ট সন্মানসমূহৰ ভিতৰত অন্যতম 'ৰয়েল অৰ্ডাৰ অৱ দ্য প'লাৰ ষ্টাৰ, ডিগ্ৰী কমাণ্ডাৰ গ্ৰেণ্ড ক্ৰছ' প্ৰদান কৰে। এই বঁটা হৈছে ছুইডেনৰ সৈতে সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত ব্যতিক্ৰমী ৰাজহুৱা সেৱা আৰু অৱদানৰ স্বীকৃতি স্বৰূপে বিদেশৰ চৰকাৰৰ মুৰব্বীসকলক প্ৰদান কৰা ছুইডেনৰ সৰ্বোচ্চ সন্মান।