জোহান্সবাৰ্গত জি-২০ শীৰ্ষ সন্মিলনৰ সময়তে দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে
November 23rd, 02:18 pm
মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি জি-২০ শীৰ্ষ সন্মিলনৰ সময়তে জোহান্সবাৰ্গত দক্ষিণ আফ্ৰিকা গণৰাজ্যৰ ৰাষ্ট্ৰপতি মহামহিম চিৰিল ৰামাফোছা ডাঙৰীয়াক সাক্ষাৎ কৰে। উষ্ম আতিথ্য আৰু শীৰ্ষ সন্মিলনৰ সফল পৰিচালনাৰ বাবে প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি ৰামাফোছাক ধন্যবাদ জ্ঞাপন কৰে। নতুন দিল্লী জি-২০ শীৰ্ষ সন্মিলনৰ সময়ত গ্ৰহণ কৰা সিদ্ধান্তসমূহ আগুৱাই নিবলৈ দক্ষিণ আফ্ৰিকাই গ্ৰহণ কৰা জি-২০ৰ প্ৰচেষ্টাৰ তেওঁ শলাগ লয়।