নৰৱে’ৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ দ্বিপাক্ষিক আলোচনা

May 18th, 08:21 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অছলোত নৰৱে’ৰ প্ৰধানমন্ত্ৰী মাননীয় জোনাছ গহৰ ষ্ট’ৰেৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। আজি পুৱা অছলো বিমানবন্দৰত উপস্থিত হোৱাৰ সময়ত ভাৰত আৰু নৰৱেৰ মাজৰ ঘনিষ্ঠ সম্পৰ্কৰ বিশেষ চিহ্ন হিচাপে প্ৰধানমন্ত্ৰী ষ্ট’ৰে তেওঁক উষ্ম আদৰণি জনায়।

নৰ'ৱেৰ মহামহিম ৰজা পঞ্চম হেৰাল্ডৰ সৈতে বিশেষ অনুষ্ঠানত ভাগ ল'লে প্ৰধানমন্ত্ৰী মোদীয়ে

May 18th, 07:36 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অছলোৰ ৰয়েল পেলেচত নৰৱেৰ মহামহিম ৰজা পঞ্চম হাৰাল্ডৰ সৈতে এক অনুষ্ঠানত অংশগ্ৰহণ কৰে।

প্ৰধানমন্ত্ৰীয়ে গ্ৰহণ কৰিলে ৰয়েল নৰৱেজিয়ান অৰ্ডাৰ অৱ মেৰিটৰ গ্ৰেণ্ড ক্ৰছ

May 18th, 07:35 pm

অছলোত আয়োজিত এক বিশেষ অনুষ্ঠানত নৰ'ৱেৰ মহামহিম ৰজা পঞ্চম হেৰাল্ডে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক ‘ৰয়েল নৰৱেজিয়ান অৰ্ডাৰ অৱ মেৰিটৰ গ্ৰেণ্ড ক্ৰছ’ প্ৰদান কৰে। এই সন্মান নৰ'ৱেই বিদেশৰ চৰকাৰৰ মুৰব্বীসকলক প্ৰদান কৰা সৰ্বোচ্চ সন্মান। নৰ'ৱে তথা মানৱ জাতিৰ স্বাৰ্থত কৰা অসাধাৰণ সেৱাৰ স্বীকৃতি স্বৰূপে এই সন্মান প্ৰদান কৰা হয়।