ইউৰোপিয়ান ৰাউণ্ড টেবুল ফৰ ইণ্ডাষ্ট্ৰীত প্ৰধানমন্ত্ৰীৰ ভাষণ
May 18th, 05:00 am
মই আপোনালোকৰ কিছুসংখ্যকক আগতে লগ পাইছো। কিছু সংখ্যকক মই আজি প্ৰথমবাৰৰ বাবে লগ পাইছো। কিন্তু এটা কথা নিশ্চিত যে আপোনালোক সকলোৱে কিবা নহয় কিবা ধৰণে ভাৰতৰ সৈতে সম্পৰ্কিত হৈ আছে।উদ্যোগৰ বাবে ইউৰোপিয়ান ৰাউণ্ড টেবুল ফৰ ইণ্ড্ৰাষ্টী (ই আৰ টি)ক সম্বোধন প্ৰধানমন্ত্ৰীৰ
May 17th, 12:12 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গোথেনবাৰ্গত ইউৰোপিয়ান ৰাউণ্ড টেবুল ফৰ ইণ্ড্ৰাষ্টী(ই আৰ টি)ক সম্বোধন কৰে। ছুইডেনৰ প্ৰধানমন্ত্ৰী উল্ফ ক্ৰিষ্টাৰছন, ইউৰোপীয় আয়োগৰ সভাপতি শ্ৰীমতী উৰছুলা ভন ডেৰ লেয়েন, ইউৰোপীয় উদ্যোগৰ জ্যেষ্ঠ নেতৃবৃন্দ তথা আগশাৰীৰ ইউৰোপীয় আৰু ভাৰতীয় কোম্পানীসমূহৰ প্ৰতিনিধিসকলে ভলভো গ্ৰুপে আয়োজন কৰা মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ফ্ৰান্স ভ্ৰমণ সন্দৰ্ভত ভাৰত-ফ্ৰান্সৰ যুটীয়া বিবৃতি
February 12th, 03:22 pm
ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মহামহিম ইমানুৱেল মেক্ৰ’ৰ আমন্ত্ৰণত ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৫ চনৰ ১০ ফেব্ৰুৱাৰীৰ পৰা ১২ ফেব্ৰুৱাৰীলৈ ফ্ৰান্স ভ্ৰমণ কৰে। ২০২৫ চনৰ ১০ আৰু ১১ ফেব্ৰুৱাৰীত ফ্ৰান্স আৰু ভাৰতে ব্লেচলি পাৰ্ক (২০২৩ চনৰ নৱেম্বৰ) আৰু ছিউল (২০২৪ চনৰ মে’) সন্মিলনৰ সময়ত লাভ কৰা গুৰুত্বপূৰ্ণ কৃতিত্বক গঢ়ি তুলিবলৈ কৃত্ৰিম বুদ্ধিমত্তা কাৰ্য সন্মিলনৰ সহ-অধ্যক্ষতা হিচাপে কাম কৰে। এই সন্মিলনত ৰাষ্ট্ৰ আৰু চৰকাৰৰ মুৰব্বী, আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ নেতা, ক্ষুদ্ৰ আৰু বৃহৎ উদ্যোগৰ মুৰব্বী, শিক্ষাবিদ, বেচৰকাৰী সংস্থা, শিল্পী আৰু নাগৰিক সমাজৰ সদস্যসকল উপস্থিত থাকে। তেওঁলোকে বিশ্বজুৰি এআই খণ্ডই যাতে জনস্বাৰ্থত লাভজনক সামাজিক, অৰ্থনৈতিক আৰু পৰিৱেশগত ফলাফল লাভ কৰে তাৰ বাবে সুনিৰ্দিষ্ট ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতিৰ ওপৰত আলোকপাত কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে ফ্ৰান্সত অনুষ্ঠিত এআই কাৰ্য সন্মিলনৰ সফল আয়োজনৰ বাবে ৰাষ্ট্ৰপতি মেক্ৰ’ক অভিনন্দন জনায়। পৰৱৰ্তী এআই সন্মিলন আয়োজন কৰাৰ বাবে ফ্ৰান্সে ভাৰতক অভিনন্দন জনায়।