প্ৰবাসী ভাৰতীয়ৰ বিশিষ্ট সদস্যেৰ মত বিনিময় প্ৰধানমন্ত্ৰীৰ
February 08th, 02:48 pm
প্ৰধানমন্ত্ৰীয়ে আজি মালয়েছিয়াত প্ৰৱাসী ভাৰতীয়সকলৰ নিৰ্বাচিত নেতৃত্বৰে মত বিনিময় কৰে। এই গণ্য-মান্য ব্যক্তিসকলৰ ভিতৰত আছিল মন্ত্ৰী, চিনেটৰ, সংসদৰ সদস্য আৰু আজাদ হিন্দ ফৌজ (ভাৰতীয় ৰাষ্ট্ৰীয় সেনা- আই এন এ)ৰ প্ৰবীণ সৈনিক। এই উপলক্ষে উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত আছিল ডিজিটেল মন্ত্ৰী টুয়ান গোবিন্দ সিং দেও, মানৱ সম্পদ মন্ত্ৰী দাতো’ শ্ৰী ৰমন ৰামকৃষ্ণন, প্ৰধানমন্ত্ৰী বিভাগৰ উপমন্ত্ৰী টুয়ান এম কুলাছেগৰণ, ৰাষ্ট্ৰীয় ঐক্যৰ উপ-মন্ত্ৰী টুয়ান আৰ ইউনেশ্বৰন আদি।মালয়েছিয়াৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ আনুষ্ঠানিক বাৰ্তালাপ
February 08th, 11:19 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী মহামহিম দাতো' ছেৰী আনৱাৰ ইব্ৰাহিমৰ পৰা পেৰদানা পুত্ৰ কমপ্লেক্সত উষ্ম আদৰণিৰ লগতে আনুষ্ঠানিকভাৱে গাৰ্ড অব্ অনাৰ লাভ কৰে। ইয়াৰ পিছতে দুয়োগৰাকী নেতাই প্ৰধানমন্ত্ৰী আনৱাৰ ইব্ৰাহিমৰ চৰকাৰী বাসগৃহ চেৰী পেৰদানাত ৰুদ্ধদ্বাৰ প্ৰতিনিধি পৰ্যায়ৰ বৈঠকত মিলিত হয়।ফলাফলৰ তালিকা : প্ৰধানমন্ত্ৰীৰ মালয়েছিয়া ভ্ৰমণ
February 08th, 11:05 am
ভাৰত গণৰাজ্য চৰকাৰ আৰু মালয়েছিয়া চৰকাৰৰ মাজত দৃশ্য-শ্ৰব্য সহ-উৎপাদন চুক্তিমালয়েছিয়াৰ প্ৰধানমন্ত্ৰীৰ সৈতে যুটীয়া প্ৰেছ বিবৃতিৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতি
February 08th, 08:35 am
পোনপ্ৰথমে মই মোৰ ঘনিষ্ঠ বন্ধু প্ৰধানমন্ত্ৰী আনৱাৰ ইব্ৰাহিমক উষ্ম আদৰণি জনোৱাৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। যোৱা বছৰ আছিয়ান সন্মিলনৰ বাবে মালয়েছিয়ালৈ যাব পৰা নাছিলো। কিন্তু মই মোৰ প্ৰিয় বন্ধুক প্ৰতিশ্ৰুতি দিছিলোঁ যে মই অতি সোনকালে মালয়েছিয়া ভ্ৰমণ কৰিম। আৰু আজি ২০২৬ চনৰ প্ৰথম বিদেশ ভ্ৰমণতে মই মালয়েছিয়াত উপস্থিত হ’লোঁ।ভাৰতৰ প্ৰধানমন্ত্ৰীৰ মালয়েছিয়া ভ্ৰমণ উপলক্ষে ভাৰত-মালয়েছিয়াৰ যুটীয়া বিবৃতি
February 08th, 08:30 am
মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী মহামহিম দাটো’ ছেৰী আনৱাৰ ইব্ৰাহিমৰ আমন্ত্ৰণত ভাৰত গণৰাজ্যৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ৭ ফেব্ৰুৱাৰীৰ পৰা ৮ ফেব্ৰুৱাৰীলৈ মালয়েছিয়া ভ্ৰমণ কৰে। এই ভ্ৰমণে দুয়োখন দেশৰ মাজত সভ্যতাৰ সম্পৰ্কৰ ওপৰত আধাৰিত গভীৰ বন্ধুত্ব আৰু স্থায়ী জনসাধাৰণৰ মাজৰ সম্পৰ্কক প্ৰতিফলিত কৰিছিল। ই ভাৰত-মালয়েছিয়াৰ সৰ্বাংগীণ কৌশলগত অংশীদাৰিত্বক অধিক শক্তিশালী আৰু সম্প্ৰসাৰণৰ বাবে দুয়োগৰাকী নেতাৰ দায়বদ্ধতাক পুনৰ নিশ্চিত কৰে।মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী আনৱাৰ ইব্ৰাহিমৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ আলোচনাৰ সময়ত প্ৰধানমন্ত্ৰীৰ মন্তব্যৰ পাঠ
February 08th, 08:20 am
মোৰ বন্ধু প্ৰধানমন্ত্ৰী, আপোনাৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মোক আৰু মোৰ প্ৰতিনিধিসকলক যিদৰে আদৰণি জনোৱা হ’ল, আৰু আপুনি মাত্ৰ কেইঘণ্টামানৰ ভিতৰতে মালয়েছিয়াৰ জীৱনধাৰাক যিদৰে ইমান উজ্জ্বলভাৱে উপস্থাপন কৰিলে, আৰু আপুনি যিদৰে কামবোৰ ইমান ভালদৰে সংগঠিত কৰিলে, সেইবোৰ চিৰদিনৰ বাবে মনত ৰখা হ’ব, আৰু তাৰ বাবে মই মোৰ অন্তৰৰ পৰা মোৰ বিশেষ কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। বন্ধুত্ব কি, বন্ধুত্বৰ উচ্চতা আৰু গভীৰতা কি সেয়া মই সম্পূৰ্ণৰূপে অনুভৱ কৰিছোঁ আৰু তাৰ বাবে মই আপোনাৰ ওচৰত অতিশয় কৃতজ্ঞ।প্ৰধানমন্ত্ৰীয়ে মালয়েছিয়াত ভাৰতীয় সমাজক সম্বোধন কৰে
February 07th, 03:59 pm
সৰ্বপ্ৰথমে মোৰ প্ৰিয় বন্ধু, প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিমক এই সামূহিক উদযাপনত যোগদান কৰাৰ বাবে ধন্যবাদ জনাইছো। ভাৰত – মালয়েছিয়াৰ বন্ধুত্বৰ পৰিসৰ আৰু ভৱিষ্যতৰ সম্ভাৱনা সন্দৰ্ভত তেওঁৰ অতিশয় সাৱলীল বক্তব্যৰ বাবেও তেওঁক ধন্যবাদ জনাইছো।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মালয়েছিয়াৰ কুৱালালামপুৰত এক সামূহিক কাৰ্য্যসূচী সম্বোধন কৰে
February 07th, 03:15 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মালয়েছিয়াৰ কুৱালালামপুৰত এক সামূহিক কাৰ্য্যসূচী সম্বোধন কৰে। ইয়াত প্ৰধানমন্ত্ৰীয়ে কয় যে শুভেচ্ছাৰ উষ্মতাই উমৈহতীয়া সংস্কৃতিৰ সুন্দৰ বৈচিত্ৰ্যক প্ৰতিফলিত কৰিছে। তেওঁ তেওঁৰ প্ৰিয় বন্ধু, প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিমক এই সামূহিক উদযাপনত যোগদান কৰাৰ বাবে ধন্যবাদ জনায়। তেওঁ উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিমে তেওঁক আদৰিবলৈ বিমানবন্দৰলৈ গৈছিল আৰু নিজৰ গাড়ীৰে এই কাৰ্য্যসূচীলৈ আনিছে। “এই বিশেষ ইংগিতে ভাৰতৰ প্ৰতি আৰু আপোনালোক সকলোৰে প্ৰতি তেওঁৰ মৰম আৰু শ্ৰদ্ধাৰ মনোভাৱকে প্ৰতিফলিত কৰে”, শ্ৰী মোদীয়ে লগতে কয়।